নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিপথ ৩ হাজাৰ পদৰ বাবে বায়ুসেনাত তিনি দিনত ৫৭ হাজাৰৰ আবেদন

নিয়মীয়া বাৰ্তা, ২৮ জুন: অগ্নিপথ প্রকল্পক লৈ বিক্ষোভত দেশ উত্তাল হৈ থকাৰ সময়তে সেনাৰ অগ্নিবীৰ হোৱাৰ বাবে তৰুণসকলৰ একাংশৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে৷ ভাৰতীয় বায়ুসেনাত এই প্রকল্পৰ বাবে আবেদনকাৰীৰ সংখ্যা দেখি দেশজুৰি বিক্ষোভ অর্থহীন বুলি একাংশই ধাৰণা কৰিছে৷ বায়ুসেনাত অগ্নিপথ প্রকল্পৰ অধীনত নিযুক্তি দিয়া হ’ব তিনি হাজাৰ অগ্নিবীৰক৷ এই অগ্নিবীৰৰ বাবে চাকৰিৰ আবেদন গ্রহণৰ আৰম্ভণিৰ তিনি দিনতেই ৫৬,৯৬০ তৰুণ–তৰুণীয়ে আবেদন জনাইছে৷ ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়া টুইটাৰযোগে এই কথা সদৰী কৰা হৈছে৷ অগ্নিপথ প্রকল্পত বায়ুসেনাত নিয়োগৰ প্রক্রিয়া শেষ হ’ব আগন্তুক ৫ জুলাইত৷

স্মর্তব্য যে মোদী চৰকাৰৰ এই প্রকল্পক লৈ ইতিমধ্যে সমগ্র দেশত বিক্ষোভ সৃষ্টি হৈছে৷ বিক্ষোভকাৰীয়ে কেইবাখনো ৰে’লত অগ্ণিসংযোগো কৰিছে৷ হিংসাত্মক আন্দোলন প্রশমিত কৰিবলৈ নিয়ম শিথিল কৰিবলৈও বাধ্য হয় চৰকাৰ৷ কিন্তু ইয়াৰ মাজতো একাংশ তৰুণ–তৰুণীয়ে অগ্ণিবীৰ হোৱাৰ বাবে দুর্বাৰ হেঁপাহ পুহি ৰাখিছে যে বায়ুসেনাত আবেদনকাৰীৰ সংখ্যাই সেই কথা স্পষ্ট কৰিছে৷

You might also like