নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ছিৰিয়াত ৰক্তস্নান

পুনৰ ছিৰিয়াত আৰম্ভ হৈছে নৰমেধ৷ গৃহযুদ্ধত বিধ্বস্ত দেশখনত যোৱা ডিচেম্বৰ মাহত ৰাষ্ট্রপতি বাছাৰ আল–আছাদক ক্ষমতাচ্যুত কৰি শাসনলৈ আহিছিল ইছলামিষ্ট বিদ্রোহী গোট৷ বিদ্রোহীৰ নেতৃত্বত দেশখনত অন্তর্ৱর্তী চৰকাৰ গঠন হৈছে৷ আছাদে পদত্যাগ কৰি ৰাছিয়ালৈ পলায়ন কৰিছে৷ এনে পৰিস্থিতিত আছাদপন্থী যোদ্ধাসকলক দেশখনৰ পৰা উৎখাত কৰাৰ নামত অন্তর্ৱর্তী চৰকাৰৰ নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰিছে নির্বিচাৰ হত্যাকাণ্ড৷ পশ্চিম এছিয়াৰ এই দেশখনত উপকূলৱর্তী অঞ্চলসমূহত জ্বলিছে প্রতিশোধৰ জুই৷ ইতিমধ্যে এই প্রতিশোধৰ যুদ্ধত প্রাণ হেৰুৱাইছে দুই সহস্রাধিক লোকে৷ ডিচেম্বৰ মাহত আছাদ চৰকাৰক উৎখাত কৰি ৰাজধানী ডামাস্কাছ দখল কৰিছিল বিদ্রোহী সংগঠন হায়াত তাহৰিৰ আল–ছাম (এইচটিএছ) আৰু তেওঁলোকৰ সহযোগী জইচ আল–ইজ্জাই৷ ছিৰিয়াৰ শেহতীয়া ৰক্তক্ষয়ী সংঘাতত ‘প্রতিশোধ হত্যা’ৰ বলি হৈছে মূলতঃ আলৱাইট নামৰ এক সংখ্যালঘু সম্প্রদায়৷ এই সংখ্যালঘু সম্প্রদায়ৰ মূল বসতি অঞ্চল হৈছে উপকূলৱর্তী লাতাকিয়া আৰু তাৰটুছ৷ বিগত এসপ্তাহতকৈ অধিক কাল ধৰি সংখ্যালঘু সম্প্রদায়ৰ এই লোকসকলৰ ওপৰত নির্বিচাৰ আক্রমণ চলিছে অন্তর্ৱর্তী চৰকাৰৰ নিৰাপত্তা বাহিনীৰ৷ অভিযোগ অনুসৰি পৰিচয় পত্র পৰীক্ষা কৰি বাছি বাছি হত্যা কৰা হৈছে সংখ্যালঘু আলৱাইট সম্প্রদায়ৰ নিৰীহ লোকসকলক৷ কাৰণ এই আলৱাইট সম্প্রদায়ৰ সদস্য আছিল প্রাক্তন ৰাষ্ট্রপতি বাছাৰ আল–আছাদ৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদন অনুসৰি এই সম্প্রদায়ৰ লোকসকলৰ বসতি অঞ্চলত প্রৱেশ কৰি নিৰাপত্তা বাহিনীয়ে নির্বিচাৰ হত্যালীলা চলাই আছে৷ আনকি নিৰীহ লোকসকলক হত্যা কৰি মৃতদেহ ৰাজপথত পেলাই ৰখা হৈছে৷ প্রত্যক্ষদর্শীয়ে অভিযোগ কৰা অনুসৰি আলৱাইট সম্প্রদায়ৰ লোকৰ মৃতদেহ নিবলৈ অহা মানুহৰ ওপৰতো চলোৱা হৈছে অকথ্য নির্যাতন৷ ছিৰিয়াৰ মুঠ জনসংখ্যাৰ মাত্র ১২ শতাংশ হৈছে আলৱাইট৷ কিন্তু ধর্মীয় সংখ্যালঘু এই সম্প্রদায়টো আছাদৰ আমোলত অতি ক্ষমতাৱান হৈ পৰে৷ আছাদ নিজে এই সম্প্রদায়ৰ সদস্য হোৱা বাবে প্রশাসন আৰু সামৰিক বিভাগৰ গুৰুত্বপূর্ণ পদত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰে আলৱাইটসকলে৷ আছাদ পৰিয়ালৰ আমোলত পাঁচ দশক ধৰি চলা এই পক্ষপাত সহ্য হোৱা নাছিল ইছলামপ্রধান দেশখনৰ চুন্নী সম্প্রদায়ৰ৷ আছাদবিহীন ছিৰিয়াত এতিয়া সেই বাবে চুন্নী সম্প্রদায়ৰ সমর্থনপুষ্ট ইছলামিষ্ট অন্তর্ৱর্তী চৰকাৰে আলৱাইটক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷
ইফালে, দেশখনত এই ৰক্তক্ষয়ী পৰিস্থিতি চলি থকাৰ সময়তে অন্তর্ৱর্তী চৰকাৰৰ সৈতে ছিৰিয়াৰ কুর্দ বিদ্রোহী সংগঠন এছডিএফৰ এক চুক্তি স্বাক্ষৰ হৈছে৷ এসময়ত আছাদৰ বিৰুদ্ধে আৰব্য বসন্তৰ আগমনৰ সুযোগ লৈ কুর্দসকলে আৰম্ভ কৰিছিল বিদ্রোহ৷ দেশখনৰ উত্তৰ–পশ্চিম প্রান্তৰ গুৰুত্বপূর্ণ অঞ্চল কুর্দসকলে নিজৰ নিয়ন্ত্রণত ৰাখিছে৷ অকল সেয়াই নহয়, ইছলামিক ষ্টেটৰ উত্থানৰ সময়ত কুর্দসকলে কুখ্যাত জেহাদী সংগঠনটোৰ বিৰুদ্ধে আৰম্ভ কৰিছিল যুদ্ধ৷ এই যুদ্ধত আমেৰিকাই সহায় কৰিছিল এছডিএফক৷ উত্তৰ–পশ্চিম ছিৰিয়াত এছডিএফে বন্দী কৰি ৰাখিছে নহাজাৰ ইছলামিক ষ্টেট জেহাদীক৷ শেহতীয়াকৈ অন্তর্ৱর্তী চৰকাৰে চুক্তি অনুসৰি কুর্দসকলৰ নিয়ন্ত্রিত অঞ্চল ছিৰিয়াৰ মূল চৰকাৰৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বিনিময়ত কুর্দসকলে ছিৰিয়াত সাংবিধানিক অধিকাৰ লাভ কৰিব৷ তেওঁলোকৰ নিজা ভাষাত শিক্ষা গ্রহণৰ সুযোগ থাকিব৷ ইয়াৰ বিনিময়ত বন্দী হৈ থকা নহাজাৰ ইছলামিক ষ্টেট জেহাদীক মুক্তি দিব এছডিএফে৷ এছডিএফৰ হাতৰ পৰা মুক্তি পাবলগা জেহাদীসকলক দেশখনৰ সামৰিক বাহিনীত নিয়োগ কৰা হ’ব বুলি চর্চা চলিছে৷ অর্থাৎ ছিৰিয়াৰ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছে৷ পূর্বৰ কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ যোদ্ধাসকলক যদি মূল সামৰিক বাহিনীত নিয়োগ কৰা হয় তেন্তে অধিক ৰক্তপাত সংঘটিত হ’ব দেশখনত৷ ইয়াৰ উপৰি আলৱাইটৰ দৰে বিভিন্ন সংখ্যালঘু সম্প্রদায়ক ছিৰিয়াৰ পৰা উৎখাত কৰাৰ বাবে পাইকাৰী হাৰত চলিব হত্যালীলা৷ এই বিষয়টোক লৈ আশংকা প্রকাশ কৰিছে ৰাষ্ট্রসংঘ তথা আন্তর্জাতিক বিভিন্ন সংগঠনে৷ ছিৰিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা ব্রিটিছ মানৱাধিকাৰ সংস্থা ছিৰিয়ান অবজাৰভেটৰি অব হিউমেন ৰাইটছে ইতিমধ্যে ছিৰিয়া অধিক ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্রসৰ হোৱা বুলি আন্তর্জাতিক সম্প্রদায়ক সতর্কবার্তা দিছে৷

You might also like