নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সুনীতা উইলিয়ামছলৈ প্রত্যাহ্বান

মহাকাশ অভিযান সদায়ে প্রত্যাহ্বানমূলক৷ এটা অভিযানৰ সামৰণিৰ পিছত আন এটা অভিযান মহাকাশ বিজ্ঞানীসকলে আৰম্ভ কৰে৷ প্রতিটো অভিযানেই মহাকাশ বিজ্ঞানীসকলৰ বাবে প্রত্যাহ্বান হিচাপে থিয় দিয়ে৷ মহাকাশৰ স্থিতিৰ বাবেই বিজ্ঞানীসকল প্রত্যাহ্বানৰ সন্মুখীন হৈ অহাটো স্বাভাৱিক৷ শেহতীয়াভাৱে ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ মহিলা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ লগত মহাকাশলৈ যোৱা বাটছ উইলমাৰৰ পৃথিৱীলৈ ওভতনি যাত্রা জটিল হৈ পৰিছে৷ এক কথাত পৃথিৱীলৈ উভতি অহাৰ ক্ষেত্রত মহাকাশচাৰী দুজনৰ বাবে প্রত্যাহ্বান হৈ উঠিছে৷ ব’য়িং ষ্টাৰলাইনাৰক প্রথম অভিযানত মহাকাশচাৰী হিচাপে যোৱা ৫ জুনত আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ যোৱা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী উইলমাৰ পৃথিৱীলৈ উভতি আহিব পাৰিবনে? মহাকাশৰ পৰা নিৰাপদে উভতি আহিব পাৰিবনে ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছ ব’য়িং ষ্টাৰলাইনাৰ কেপছুলেৰে যোৱা ৫ জুনত মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ যাত্রা জটিল হৈ পৰিছে৷ এনে এক সন্ধিক্ষণত উপনীত হৈছে মহাকাশচাৰী উইলিয়ামছ পৃথিৱীলৈ নিৰাপদে আহিব পাৰিবনে? বিশ্বজুৰি চর্চিত এই উদ্বিগ্ণ বিষয়টোক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাও ক্রমান্বয়ে জটিল পৰিস্থিতিৰ পিনে আগবাঢ়িছে৷ ব’য়িং ষ্টাৰলাইনাৰ মিছনৰ কাৰিকৰী বিসংগতিৰ বাবে দুবাৰকৈ স্থগিত ৰখাৰ পাছত তৃতীয়বাৰ নিজেই ব’য়িং কেপছুল চলাই মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ৷ যোৱা ৫ জুনত সতীর্থ বাটছ উইলমাৰৰ সৈতে আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ত প্রৱেশ কৰি সুনীতা উইলিয়ামছে নৃত্য কৰি আনন্দ প্রকাশ কৰিছিল৷
মহাকাশলৈ সফল উৎক্ষেপণৰ ফলত আনন্দ–উৎসাহ প্রকাশ কৰাৰ কিছুদিন পিছতে ব’য়িং ষ্টাৰলাইনাৰ বিসংগতি আৰম্ভ হোৱাত মহাকাশচাৰী দুজন পৃথিৱীলৈ উভতি অহাত জটিলতা আৰম্ভ হয়৷ ব’য়িং ষ্টাৰলাইনাৰ কেপছুল মহাকাশলৈ যাত্রা কৰাৰ পাছতে হিলিয়াম নির্গমন হ’বলৈ ধৰে, কেইবাটাও অংগ বিকল হৈ পৰে৷ প্র’পেলেণ্ট ভাল্ভৰ কার্যদক্ষতাও নিম্নগামী হ’বলৈ ধৰে৷ এনে পৰিপ্রেক্ষিতত এই কেপছুলটোৱে পৃথিৱীলৈ উভতি অহাটো মহাকাশচাৰীৰ বাবে জটিল হৈ উঠে৷ সম্প্রতি আইএছএছত বাহৰ পাতি থকা মহাকাশচাৰী সুনীতা উইলিয়ামছে আইএছএছত নিত্য–নৈমিত্তিক কার্য সম্পাদন কৰাৰ লগতে বৈজ্ঞানিক প্রয়োগত ব্যস্ত হৈ আছে৷ মহাকাশচাৰী সুনীতা উইলিয়ামছক পৃথিৱীলৈ ওভতাই অনাৰ ক্ষেত্রত নাছাই সর্বতোপ্রকাৰে প্রয়াস চলাই আছে৷ নাছাৰ বাণিজ্যিক কর্মসূচীৰ প্রবন্ধক ষ্টিভ ষ্টিছে প্রকাশ কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থাটোৱে ষ্টাৰলাইনাৰ মিছনৰ সময়সীমা সর্বোচ্চ ৪৫ দিনৰ পৰা ৯০ দিনলৈ সম্প্রসাৰণ কৰাৰ বিবেচনা কৰি আছে৷ এই সময়ছোৱাতে ব’য়িং ষ্টাৰলাইনাৰ কেপছুলত হোৱা বিসংগতি কিদৰে আঁতৰ কৰিব পাৰি সেই সন্দর্ভতো প্রয়াস চলাই আছে নাছাই৷ উইলিয়ামছ আৰু উইলমাৰৰ ওভতনি যাত্রাক লৈ বিভিন্ন সময়ত বিভিন্ন তথ্য প্রচাৰ হৈ আছে যদিও নাছাই এই সন্দর্ভত স্পষ্ট কৰি দি কৈছে যে আইএছএছত দুয়োগৰাকী মহাকাশচাৰী জিৰণি লৈ নিত্য–নৈমিত্তিক কার্যত জড়িত হৈ আছে৷ এই সময়ছোৱাত দুই মহাকাশচাৰীয়ে যোৱা ২৪ জুনত মহাকাশত খোজকঢ়াৰ পাছত ২ জুলাইতো খোজকাঢ়িছে৷ আইএছএছত মহাকাশচাৰীক সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াৰ ভিতৰত পর্যাপ্ত খাদ্যকে ধৰি প্রয়োজনীয় সামগ্রীসমূহ মজুত ৰখা হয়, যাতে কিবা কাৰণত মহাকাশচাৰীৰ ওভতনি যাত্রাত বিলম্ব হ’লে কোনো জটিলতাৰ সন্মুখীন নহয়৷ মন কৰিবলগীয়া যে আইএছএছৰ পৰা সুনীতা উইলিয়ামছসহ দুই মহাকাশচাৰীয়ে ১৩ জুনত উভতি অহাৰ কথা আছিল যদিও কাৰিকৰী বিসংগতিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই৷ দুই জুলাইৰ পাছত যিকোনো মুহূর্ততেই মহাকাশচাৰী দুজন পৃথিৱীলৈ উভতি আহিব৷ প্রশ্ণ উত্থাপন হৈছে– মহাকাশচাৰী কল্পনা চাওলাৰ দৰেই গতি হ’ব পাৰে নেকি সুনীতা উইলিয়ামছৰ? নাছাৰ মতে, নিৰাপদে উইলিয়ামছসহ দুই মহাকাশচাৰী উভতি আহিব৷ উল্লেখ্য যে সুনীতা উইলিয়ামছ হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন নৌ বিষয়া, মহাকাশত সর্বাধিক সময় খোজকঢ়াৰ অভিলেখকাৰী৷ ব’য়িং ষ্টাৰলাইনাৰ অভিযানৰ নেতৃত্ব দিয়া সুনীতা উইলিয়ামছৰ মহাকাশযানখন দুবাৰকৈ উৎক্ষেপণত বিফল হোৱাৰ পিছত তৃতীয়বাৰতহে সফলতাৰে মহাকাশলৈ যাত্রা কৰিবলৈ সক্ষম হৈছে৷ মহাকাশযানখনত বিসংগতি থকা বুলি ইতিপূর্বে চর্চা হৈ আছিল৷ মহাকাশ অভিযানত এনে কার্য কিমান সমর্থনযোগ্য, সময়ে সিদ্ধান্ত দিব৷

You might also like