নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জলবায়ু পৰিৱর্তন

জলবায়ুৰ পৰিৱর্তন এটা স্বাভাৱিক পৰিঘটনা আৰু ই এটা চক্রৰ দৰে ঘূৰি থাকে৷ কিন্তু কেতিয়াবা এই চক্রৰ স্বাভাৱিক গতি অস্বাভাৱিক হৈ পৰে আৰু পৃথিৱীৰ বাবে এটা ভয়ৰ কাৰণ হৈ পৰে৷ জলবায়ু পৰিৱর্তনৰ এহ ভয়ংকৰ প্রভাৱসমূহে মানৱ জীৱনক চাৰিও দিশৰ পৰাই আক্রমণ কৰিছে৷ অস্বাভাৱিকভাৱে হোৱা প্রচণ্ড বৃষ্টিপাত আৰু বানপানীয়ে বহু মানুহৰ আশ্রয়স্থলী, কৃষিভূমি গ্রাস কৰিছে, লগে লগে গ্রাস কৰিছে জীৱিকাৰ সকলো সম্বল৷ কেৰালা, কাশ্মীৰৰ দৰে অঞ্চলত এনে বিনাশকাৰী বন্যাহ বহু প্রাণ হৰণ কৰিছে আৰু অসাধাৰণ ক্ষতিৰ সৃষ্টি কৰিছে৷ ঠিক তাৰ বিপৰীতে খৰাঙে খেতিৰ ডৎপাদনশীলতা হ্রাস কৰি আনিছে আৰু লাখ লাখ মানুহক অভাৱ–নাটনৰ মুখামুখি কৰি দিছে৷ বানপানী এটা প্রায় স্বাভাৱিক প্রক্রিয়া, কিন্তু তাৰ লগত সংযোগ হোৱা ভূমিস্খলন তুলনামূলকভাৱে নতুন আতংক৷ গৰম আৰু ঠাণ্ডা দুয়োটাই স্বাভাৱিক, কিন্তু অতিমাত্রা গৰম আৰু ঋতুচক্রৰ লগত খাপ নোখোৱাকৈ অহা তীব্র গৰম আৰু গৰম বতাহৰ ঢ়ৌ স্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ বাবে এটা ভয়াৱহ সমস্যা৷ জলবায়ু পৰিৱর্তনৰ সমস্যাবোৰৰ লগত সংযোজিত হোৱা আন এটা সমস্যা হ’ল গ্রীন হাউছ এফেক্ট৷ জলবায়ু পৰিৱর্তনৰ এহ বিধ্বংসী প্রভাৱসমূহে মানৱ সভ্যতা আৰু জীৱ জগতক বিভিন্ন ধৰণে বিনষ্ট কৰি আনিছে৷ বিগত কেইটামান বছৰত ভাৰতত জলবায়ু পৰিৱর্তনৰ প্রভাৱ সুস্পষ্টভাৱে দেখা গৈছে৷ প্রাকৃতিক দুর্যোগসমূহৰ পুনৰাবৃত্তি আৰু তীব্রতাৰ বৃদ্ধি, গ্রীষ্মকালীন তাপমাত্রাৰ বৃদ্ধি আৰু বৰষুণৰ ধৰণত দেখা দিয়া পৰিৱর্তন আদি হ’ল ইয়াৰ উদাহৰণ৷ কেৰালা আৰু কাশ্মীৰত ভয়ানক বানপানী, তামিলনাডু, ৰাজস্থান আৰু গুজৰাটত হোৱা দীর্ঘকালীন খৰাং, ডত্তৰাখণ্ডৰ দৰে অঞ্চলত হোৱা প্রলয়ংকৰী বানপানী, গোৱাত হোৱা সমুদ্র ডচ্চতা বৃদ্ধি আদি ঘটনাই জলবায়ু পৰিৱর্তনৰ প্রভাৱ স্পষ্ট কৰি দেখুৱাই দিছে৷
এখন বাসযোগ্য পৃথিৱীৰ বাবে পৰিৱেশৰ এই পৰিৱর্তনৰ সন্তুলন ৰক্ষা কৰিব লাগিব আৰু তাৰ বাবে পৃথিৱীৰ বিভিন্ন দেশে প্রয়োজনীয় পদক্ষেপসমূহ অৱলম্বন কৰিবলৈ আৰম্ভ কৰিছে৷ ভাৰত চৰকাৰে এহ সমস্যা সমাধানৰ বাবে কেহবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ জাতীয় গ্রীন ড্রিবিউনেলে জলবায়ু পৰিৱর্তন পৰিচালনা আহন প্রণয়ন আৰু জাৰি কৰি পৰিৱেশ সংৰক্ষণ কৰাত আগভাগ লৈছে৷ এহ আহনৰ লক্ষ্য হৈছে গ্রীন হাডছ গেছৰ নির্গমন নিয়ন্ত্রণ কৰা আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ হ্রাস কৰা৷ হয়াৰ অধীনত কেন্দ্রীয় চৰকাৰে জলবায়ু পৰিৱর্তন সম্পর্কীয় বিভিন্ন নীতি আৰু কার্যসূচী হাতত লৈছে৷ ডদাহৰণস্বৰূপে, জাতীয় পৰিৱেশ কর্মসূচী, ৰাষ্ট্রীয় স্বচ্ছ বায়ু কার্যসূচী, জাতীয় বনায়ন কার্যসূচী ইত্যাদি৷ বৃহৎ বিদ্যুৎ শক্তি নির্গমন প্লাণ্ট, হস্পাত আৰু ৰাসায়নিক কাৰখানাসমূহে গ্রীন হাডছ গেছৰ নির্গমন সীমিত কৰিবলৈ কঠোৰ নিয়ম পালন কৰিবলগীয়া হৈছে৷ বায়ু প্রদূষণ নিয়ন্ত্রণ কৰিবলৈ পৰিবহণ খণ্ডতো নতুন সচেতনতা আহিছে৷ ভাৰতে হটি’ পৰিষ্কাৰ বাহনৰ প্রযুক্তি আৰম্ভ কৰিছে আৰু বিদ্যুতত চলা বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰিছে৷ বনাঞ্চল সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি আৰু বনভূমি নষ্ট কৰা বন্ধ কৰিবলৈ চেষ্টা চলি আছে৷ চৰকাৰে বনাঞ্চল খণ্ড মেপিং কৰি গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে৷ ৰাষ্ট্রীয় বনায়ন অভিযানৰ অধীনত ৩৩ শতাংশ ভূমিখণ্ডক বনাঞ্চলেৰে আবৃত কৰাৰ লক্ষ্য লোৱা হৈছে৷ ভাৰতৰ জলবায়ু পৰিৱর্তন নীতিয়ে পৰম্পৰাগত আৰু নৱীকৰণযোগ্য শক্তিৰ সন্তুলিত সংমিশ্রণৰ ওপৰত গুৰুত্ব দিছে৷ সৌৰ আৰু বায়ুশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ডদ্দেশ্যে বিভিন্ন ডদ্যোগ গ্রহণ কৰা হৈছে৷ সৌৰশক্তি মিছন, ৰাষ্ট্রীয় বায়ুশক্তি মিছন আদিয়ে নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে৷ কিন্তু অকল চৰকাৰী আইন আৰু নীতি–নিয়মে সকলো কাম সম্পূর্ণ কৰিব নোৱাৰে৷ এহ বিষয়ত সকলো নাগৰিক সজাগ হৈ দায়বদ্ধ হৈ কাম কৰিলেহে ঈপ্সিত ফলৰ ওচৰ পাব পৰা যায়৷ বেচৰকাৰী সংস্থাসমূহেও এহ ক্ষেত্রত ভূমিকা পালন কৰিব লাগিব৷ নাগৰিকৰ দায়বদ্ধতা আৰু দৃঢ়তাহ পৃথিৱীখনৰ লগতে আমাৰ ভৱিষ্যতক ৰক্ষা কৰিব পাৰিব৷ জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে হাতত লোৱা আঁচনি আৰু কর্মপ্রণালীৰ দৰে অসম চৰকাৰেও ব্যৱস্থা গ্রহণ কৰা যুগুত, যিবোৰে জলবায়ু সংক্রান্তীয় অঞ্চলভিত্তিক সমস্যাবোৰৰ সহজ সমাধানত সহায় কৰিব৷

You might also like