নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত পাখি মিঞা গেঙৰ সদস্যৰ আক্ৰমণত আহত আৰক্ষী বিষয়া-কনিষ্টবল 

🔹 চোকা অস্ত্ৰ, লাঠী, ৰডেৰে আক্ৰমণ চলায় মহিলাৰ লগতে আন লোকে 
নিয়মীয়া বাৰ্তা, ১৪ মে’ : কাছাৰত দুৰ্ধৰ্ষ অপৰাধীক আটক কৰিবলৈ গৈ প্ৰাণঘাতী আক্ৰমণৰ সন্মুখীন হৈ চিকিৎসাধীন অসম আৰক্ষীৰ বিষয়া-কনিষ্টবল। কাছাৰৰ কাটিগড়াত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে গৰু-ম’হ সৰবৰাহকাৰী কুখ্যাত পাখি মিঞা গেঙৰ সদস্যই। কাটিগড়া অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা গৰু-ম’হ সৰবৰাহকাৰী পাখি মিঞা ওৰফে আব্দুল ৱাহিদ বৰভূঞাক গ্ৰেপ্তাৰ কৰাৰ সময়তে গুমৰা আৰক্ষীৰ এছ আই চন্দন পাটোৱাৰীৰ সৈতে মহিলা আৰক্ষী কনিষ্টবল কৰবী দাসৰ ওপৰত আক্ৰমণ চলায় দুৰ্বৃত্তই। কাছাৰৰ কাটিগড়া সমষ্টিৰ গুমৰা নাথানপুৰ গাঁৱত যোৱানিশা সংঘটিত হয় আৰক্ষীৰ ওপৰত আক্ৰমণৰ এই ঘটনা। গুমৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চপল্লৱ বৰা, এছ আই চন্দন পাটোৱাৰী, মহিলা কনিষ্টবল কৰবী দাসসহ বেটেলিয়নৰ প্ৰায় ১৫জনীয়া এটা দলে নিশা গুমৰা নাথানপুৰ গাঁৱত অভিযান চলায় গৰু-ম’হ বাংলাদেশলৈ যোগান ধৰা কুখ্যাত পাখি মিঞাৰ ঘৰত। পাখি মিঞাৰ ঘৰত অভিযানৰ সময়তে ঘৰৰ মহিলা আৰু আন লোকে চোকা অস্ত্ৰ, লাঠী, ৰড আদিৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ সময়তে পাখি মিঞাৰ পত্নী আবিদা বেগম লস্কৰে মহিলা কনিষ্টবল কৰবী দাসক ডেগাৰেৰে আক্ৰমণ কৰে। কৰবী দাসক বচাবলৈ এছ আই চন্দন পাটোৱাৰী আগবাঢ়ি অহাত মহিলাগৰাকীয়ে চন্দন পাটোৱাৰীৰ মূৰত দাৰে আঘাত কৰে। ইয়াৰ ফলত তেওঁ মূৰৰ পিছফালে আঘাত পায়। ইয়াৰ পিছতে আৰক্ষীয়ে গৰু সৰবৰাহকাৰী পাখি মিঞা আৰু তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। SI চন্দন পাটোৱাৰীয়ে মূৰত গুৰুতৰভাৱে আঘাত পোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পাখি মিঞাৰ পত্নী আবিদা বেগম লস্কৰ, কন্যা কুলছমা বেগম, পুত্ৰ ৰোহিত আহমদ বৰভূঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি সমগ্ৰ অঞ্চলটোত এই ঘটনাক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।

 

প্ৰেৰক গৌতম তালুকদাৰ

You might also like