সম্পাদকীয় : অসম সাহিত্য সভাত সংকট
শতবর্ষ গৰকা অসম সাহিত্য সভালৈ আহিছে গভীৰ সংকট৷ অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্রয়াসেৰে এচাম প্রসিদ্ধ সাহিত্যিক, বৰেণ্য পণ্ডিতে এশ বছৰ পূর্বেই আমাৰ মর্যাদাসম্পন্ন ভাষা–সাহিত্যৰ চর্চা কৰাৰ বাবে উমৈহতীয়া মঞ্চ এখনৰ কথা চিন্তা কৰিছিল৷ এই চিন্তাৰ ফচল হিচাপেই জন্ম হোৱা অসম সাহিত্য সভাই অসমৰ বৃহত্তম জাতীয় সংগঠন হিচাপে দেশৰ ভিতৰতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ভাৰত কিয় বিশ্বৰ কোনো দেশতে ভাষা–সাহিত্য চর্চাৰ বাবে আজিপর্যন্ত এনে বৃহৎ জাতীয় সংগঠন নাই৷ এসময়ত অসম সাহিত্য সভা প্রতিগৰাকী অসমীয়াৰ বাবে হৈ পৰিছিল এক স্বাভিমান৷ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি চন্দ্রধৰ বৰুৱা, কালিৰাম মেধি, হেমচন্দ্র গোস্বামী, ৰজনীকান্ত বৰদলৈ, মফিজুদ্দিন হাজৰিকা, জ্ঞানদাভিৰাম বৰুৱা, ৰঘুনাথ চৌধাৰী, নীলমণি ফুকন, কৃষ্ণকান্ত সন্দিকৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, সূর্য কুমাৰ ভূঞা, নলিনীবালা দেৱী, মহেশ্বৰ নেওগ আদিৰ নিচিনা মহান সাহিত্যিক, চিন্তাবিদ, পণ্ডিতপ্রবৰ লোকে অসম সাহিত্য সভাত সভাপতিৰ দৰে সন্মানজনক পদ অলংকৃত কৰি থৈ গৈছে৷ এইসকল ব্যক্তিৰ পাণ্ডিত্য, ব্যক্তিত্ব আৰু তেওঁলোকৰ সাহিত্য কর্মক লৈ কাৰো দ্বিমত নাছিল৷ অসমীয়া ভাষা সাহিত্যলৈ তেওঁলোকৰ বৰঙণি আছিল অপৰিসীম৷ কিন্তু আজি কিছু বছৰৰ পৰা অসম সাহিত্য সভাই পূর্বৰ ঐতিহ্য হেৰুৱাই পেলাইছে৷ এচাম অসাহিত্যিকেৰে ভৰি পৰিছে সাহিত্য সভাৰ ভিতৰ চ’ৰা৷ তাতোকৈ ডাঙৰ কথাটো হৈছে সভাপতিৰ দৰে সন্মানীয় পদটোক লৈ একাংশ অযোগ্য ব্যক্তিৰ মাজত আৰম্ভ হৈছে টনা–আঁজোৰা৷ তেওঁলোকৰ স্বার্থপৰতা আৰু ক্ষমতাৰ যুঁজে অসমৰ বিদ্বৎ লোকক স্তম্ভিত কৰি তুলিছে৷ এতিয়া সাহিত্য সভাৰ সভাপতি নির্বাচনৰ সময় আহিলেই এই জাতীয় অনুষ্ঠানটো বিতর্কৰ মাজত সোমাই পৰে৷ অসম সাহিত্য সভাত ভিৰ কৰা অসাহিত্যিকসকলে ৰাজনৈতিক নির্বাচনৰ দৰে জিলা আৰু শাখাসমূহক প্রতিনিধিত্ব কৰা লোকক বিপথে পৰিচালনা কৰি এক অশোভনীয় কার্যত লিপ্ত হৈ পৰা পৰিলক্ষিত হয়৷
এইবাৰ সভাপতি নির্বাচনক লৈ সভাৰ একাংশ বিষয়ববীয়াই যি নির্লজ্জ কার্যত লিপ্ত হ’ল তাকে দেখি সকলো বিবেকৱান লোক লজ্জিত হৈ পৰিছে৷ ২০২৫–২৭ চনৰ কার্যকালৰ বাবে সভাপতিৰ যিখন পেনেল প্রস্তুত কৰা হ’ল, সেই পেনেলত অন্তর্ভুক্ত হোৱা দুগৰাকী ব্যক্তিৰ নাম পোহৰলৈ অহাৰ পিছতে অসমৰ সাহিত্য জগতখনত আলোড়ন সৃষ্টি হৈছে৷ কাৰণ অসম সাহিত্য সভাৰ সভাপতিৰ পদত অধিষ্ঠিত হ’ব পৰা বহু সাহিত্যিক তথা পণ্ডিতপ্রবৰ লোক অসমত এতিয়াও আছে৷ সাহিত্য সভাৰ একাংশ বিষয়ববীয়াৰ কু–চক্রান্তৰ বাবে ইতিমধ্যে বহু যোগ্য ব্যক্তি এই সন্মানীয় পদ লাভৰ পৰা বঞ্চিত হৈছে৷ তদুপৰি প্রকৃতার্থত অসমীয়া ভাষা–সাহিত্যৰ চর্চা অব্যাহত ৰখা বহু সাহিত্যিকে ইতিমধ্যে সাহিত্য সভাৰ মঞ্চ ত্যাগ কৰিছে৷ সাহিত্য সভা ভাষা সাহিত্য চর্চাৰ বিপৰীতে কুটিল ৰাজনীতিৰ চর্চাস্থলী হৈ পৰা বুলিহে অভিযোগ উত্থাপন হৈছে৷ প্রতিটো কার্যকালতে অসম সাহিত্য সভাৰ সংবিধান সংশোধন কৰি কিদৰে মনে বিচৰা লোকক সংগঠনটোৰ মুৰব্বী পদত অথবা বিষয়বাবত অধিষ্ঠিত কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছে৷ শেহতীয়াভাৱে আগন্তুক কার্যকালৰ বাবে প্রস্তুত কৰা পেনেল পোহৰলৈ অহাৰ পিছতে কর্ণধাৰ সমিতিৰ বিষয়ববীয়াই পদত্যাগ কৰা বিষয়টো তাৎপর্যপূর্ণ হৈ পৰিছে৷ প্রকৃততে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিবলৈ হ’লে ব্যক্তিগৰাকী দীর্ঘদিন সাহিত্য সৃষ্টিকর্মত জড়িত হৈ থাকিব লাগে আৰু তেওঁলোকৰ এক সুকীয়া ব্যক্তিত্ব থকা প্রয়োজন৷ নীৰৱে সাহিত্য সাধনাত ব্যস্ত থকা অসমত বহু ব্যক্তি আছে যদিও সাহিত্য সভাই তেওঁলোকক সদায় এলাগি কৰি আহিছে৷ সভাপতি হ’বলৈ কমেও পাঁচখন গ্রন্থ থকা প্রয়োজন বুলি সংবিধানত উল্লেখ কৰা হৈছে৷ তেনেদৰে জিলা সভাসমূহতো এই পদবী লাভৰ বাবে কমেও তিনিখন মৌলিক গ্রন্থ থকাটো অতি প্রয়োজনীয় বুলি কোৱা হৈছে৷ এই চর্ত পূৰণ কৰিবলৈ বহু সাহিত্যিকে আনৰ হতুৱাই নিশাৰ ভিতৰতে গ্রন্থ প্রণয়ন কৰি সাহিত্য সভাৰ জিলা সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷ সেইবাবে সাহিত্য সভাৰ প্রতি আন্তৰিকতা থকা লোকসকলে নির্বাচন পদ্ধতি বাতিল কৰিবলৈও আহ্বান জনাই আহিছে৷ নির্বাচন খেলিবলৈ অস্বীকাৰ কৰা বাবেই প্রসিদ্ধ সাহিত্যিক মামণি ৰয়ছম গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পৰা বঞ্চিত হৈ থকাটো অসমৰ সাহিত্য জগতৰ বাবে অতিশয় দুর্ভাগ্যজনক৷ হয়তো একেই কাৰণতে এইবাৰ সাহিত্য সভাত সভাপতিৰ পেনেলত নাম অন্তর্ভুক্ত হোৱা বিশিষ্ট ভাষাবিদ ড০ লীলাৱতী শইকীয়া বৰাই লিখিতভাৱে সভাত জনাইছে যে তেওঁ নির্বাচন খেলিবলৈ প্রস্তুত নহয়৷ প্রকৃততে প্রধান সম্পাদকসকলে অসম সাহিত্য সভাৰ সাংগঠনিক দিশবোৰ চোৱাচিতা কৰাটো নিয়ম৷ কিন্তু এতিয়া প্রধান সম্পাদক, উপ–সভাপতিসকলে দৃষ্টিকটুভাৱে পৰৱর্তী সময়ত সভাপতি হোৱাৰ বাবে ক্ষমতাৰ যুঁজ আৰম্ভ কৰে৷ এনে কার্যই ব্যথিত কৰিছে অসমৰ ভাষা–সাহিত্য অনুৰাগীসকলক৷ সময় থাকোঁতেই এইসকল লোকৰ শুভবুদ্ধিৰ উদয় নহ’লে হয়তো অসম সাহিত্য সভাৰ মর্যাদা একেবাৰে নাইকিয়া হৈ পৰিব৷