সম্পাদকীয় : প্রাণঘাতী প্রাকৃতিক দুর্যোগ
দক্ষিণৰ ৰাজ্য কেৰালাৰ ৱায়ানাড়ত জনবসতিপূর্ণ পাহাৰ খহি ভয়াৱহ দুর্যোগৰ সৃষ্টি হৈছে৷ অতিবৃষ্টিৰ ফলত ভূমিস্খলনৰ সৃষ্টি হ’ব পাৰে বুলি পূর্বেই আশংকা কৰা হৈছিল৷ কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কালি ৱায়ানাড়ৰ জনবসতিপূর্ণ পাহাৰত ধাৰাবাহিক স্খলন আৰম্ভ হয়৷ ইয়াৰ ফলত প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ সেউজীয়া পাহাৰ মুহূর্ততে হৈ পৰে বধ্যভূমি৷ এই ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে ১৫০ অতিক্রম কৰিছে৷ আহত হৈছে শতাধিক লোক৷ আনফালে সন্ধানহীন হৈ আছে দুই শতাধিক বাসিন্দা৷ যুদ্ধকালীন তৎপৰতাৰে আজিও উদ্ধাৰ কার্য চলাই থকা হৈছে এই পাহাৰ অঞ্চলত৷ ইয়াৰ মাজতেই অতিবৃষ্টিৰ সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ গতিকে, উদ্ধাৰ কার্যত এই বৃষ্টিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে উদ্ধাৰকাৰীসকলে৷ ৱায়ানাড়ৰ মেপ্পাড়ি অঞ্চলত আজি পুৱালৈকে মুঠ ১৫১টা মৃতদেহ উদ্ধাৰ হৈছে৷ ইফালে, আহত শতাধিক লোকক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ এই ভয়াৱহ বিপর্যয়ৰ মাজতে পুনৰ বিপদৰ আশংকা কৰিছে কেৰালা চৰকাৰে৷ আজি ৱায়ানাড় আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত মুষলধাৰ বৰষুণৰ সতর্কবার্তা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ইতিমধ্যে জাৰি কৰা হৈছে কমলা সতর্কতা৷ ইয়াৰ লগতে ৩০–৪০ কিলোমিটাৰ বেগত প্রতিঘণ্টাত ৱায়ানাড়ত ধুুমুহায়ো আঘাত কৰিব বুলি সতর্কবাণী কৰা হৈছে৷ গতিকে, পৰিস্থিতি অতি জটিল হোৱাৰ আশংকাই দেখা দিছে৷ দুর্যোগ আৰু অতিবৃষ্টিৰ সতর্কতাৰ বাবে কেৰালাৰ বিভিন্ন জিলাত আজি বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠানসমূহ৷ পৰিস্থিতি স্বাভাৱিক নহ’লে কাইলৈও শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব৷ ইফালে, ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ পাছত দুদিনীয়া ৰাজ্যিক শোক পালন কৰিছে কেৰালাই৷ ইফালে, ভূমিস্খলনৰ বাবে ৰাস্তা–ঘাটৰ পৰিস্থিতিও শোচনীয় হৈ পৰিছে৷ বেছিভাগ অঞ্চলতে ভূমিস্খলনৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা৷ এনে পৰিস্থিতিত উদ্ধাৰ অভিযানত আৰক্ষী–প্রশাসনৰ লগতে দুর্যোগ ব্যৱস্থাপনা বাহিনী আৰু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে৷
মঙলবাৰে পুৱতিনিশা দুই বজাৰ পৰা পুৱা চাৰি বজালৈ ৱায়ানাড়ৰ মেপ্পাড়ি অঞ্চলত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ ভূমিস্খলন বুলি ক’লেই ভুল কৰা হ’ব৷ আচলতে ইয়াৰ জনবসতিপূর্ণ পাহাৰৰ কেইবাটাও খণ্ড খহি পৰে৷ মুহূর্ততৰ ভিতৰতে সেউজীয়া পাহাৰ অঞ্চল বোকা–পানীৰে ঢ়াকি পেলোৱা বধ্যভূমিত পৰিণত হ’ল৷ বহু শ শ বাসগৃহ আৰু দোকান ধ্বংস হৈছে এই ভূমিস্খলনত৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে শেহতীয়াকৈ ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে বিশ্বৰ বিভিন্ন দেশ৷ বিশেষকৈ বান আৰু ভূমিস্খলনে প্রতিবছৰে বিশ্বত হাজাৰ হাজাৰ লোকৰ প্রাণ কাঢ়িছে৷ ইয়াৰ মূল কাৰণ হৈছে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰা অৰণ্য আৰু পাহাৰ অঞ্চললৈ বিস্তাৰ ঘটিছে মানুহৰ৷ অৰণ্য আৰু পাহাৰ অঞ্চলত মানুহে বসতি স্থাপন কৰিবলৈ লোৱাৰ লগে লগে প্রাকৃতিক ভাৰসাম্যহীন এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অকল কেৰালাই নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত পাহাৰ অঞ্চলত জনসাধাৰণৰ বসতি বিগত কেইটামান দশকৰ ভিতৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনৰ বাবে অতিবৃষ্টি আৰু খৰাং পৰিস্থিতিৰ ঘটনা বৃদ্ধি পাইছে বিশ্বজুৰি৷ ইয়াৰ পৰিণতিতেই বিভিন্ন প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে মানৱ জাতি৷ কেৰালাত মুষলধাৰ বৰষুণৰ সময়ত ভূমিস্খলনৰ ঘটনা নতুন নহয়৷ ইয়াৰ পূর্বেও ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যখন৷ কেৰালাৰ দৰে উত্তৰাখণ্ডত সঘনে বান–ভূমিস্খলনে দুর্যোগ সৃষ্টি কৰি আহিছে৷ বিভিন্ন সময়ত এই দুর্যোগ হৈ পৰিছে প্রাণঘাতী৷ কিন্তু কেৰালাৰ এই ভয়াৱহ প্রাকৃতিক দুর্যোগে যি মহাকালৰ ঘণ্টা বজাই অশনি সংকেত দেশজুৰি দিছে, তাক কিমান গুৰুত্ব দিয়া হ’ব আৰু এই ক্ষেত্রত কেনে ব্যৱস্থা গ্রহণ কৰা হ’ব সেয়া হ’ব ভৱিষ্যৎ দিনত লক্ষণীয়৷ এই ভয়াৱহ বিপর্যয়ে ভৱিষ্যতলৈ অধিক বিপদৰ বার্তা কঢ়িয়াই আনিছে যে তাক চৰকাৰে উপলব্ধি কৰিব লাগিব৷