সম্পাদকীয় : গ্রাম্য অসমত ডিজিটেল শিক্ষা
সম্পাদকীয় : গ্রাম্য অসমত ডিজিটেল শিক্ষা
অসমৰ শিক্ষা জগতত এক নীৰৱ বিপ্লৱ চলি আছে৷ চকব’ৰ্ডৰ ঠাই গ্রহণ কৰিছে উজ্জ্বল ডিজিটেল পর্দাই, আনকি গ্রাম অঞ্চলৰ শ্রেণীকোঠাবোৰতো কম্পিউটাৰৰ শব্দ অনুৰণিত হৈছে৷
এটা সময় আছিল যে অকল নগৰ অঞ্চলৰ শিক্ষানুষ্ঠানবোৰেহে প্রযুক্তিগত সুবিধা ভালদৰে লাভ কৰিছিল৷ এতিয়া কিন্তু আমাৰ ৰাজ্যৰ ভিতৰুৱা অঞ্চলবোৰতো প্রযুক্তিয়ে নিজৰ স্থান দখল কৰিছে৷ অসম চৰকাৰে পৰীক্ষাত ভাল ফল প্রদর্শন কৰা ছাত্র–ছাত্রীক কম্পিউটাৰ উপহাৰ দিবলৈ আৰম্ভ কৰাৰ লগে লগেই এই দিশটোৰ বিকাশ আৰম্ভ হৈছিল৷
এজন ছাত্রৰ এটা কম্পিউটাৰ অকল তেওঁৰেই নহয়, সমগ্র পৰিয়ালৰে৷ একোটা কম্পিউটাৰে সমগ্র পৰিয়ালটোৰে ডিজিটেল সাক্ষৰতা বৃদ্ধি কৰিছিল৷ যোৱা দশকত অসমৰ চৰকাৰী বিদ্যালয়সমূহত এক ডল্লেখযোগ্য পৰিৱর্তন পৰিলক্ষিত হৈছে৷
প্রাপ্ত তথ্য অনুসৰি, কেইবাহাজাৰৰো অধিক চৰকাৰী বিদ্যালয়–উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ে স্মার্ট শ্রেণীকোঠা ব্যৱহাৰ কৰাৰ গৌৰৱ অর্জন কৰিছে৷ হয়াৰ ডপৰি প্রায় সাত হাজাৰ বিদ্যালয়ে তথ্য আৰু যোগাযোগ প্রযুক্তিৰ লেবৰেটৰী স্থাপন কৰিছে, যাৰ ফলত ছাত্র–ছাত্রীসকলে কম্পিডটাৰ আৰু হণ্টাৰনেটৰ সুবিধা লাভ কৰিছে৷ এহ ডিজিটেল সঁজুলিসমূহে ছাত্র–ছাত্রীসকলক মাল্টিমিডিয়া বিষয়বস্তু, ভার্চুৱেল পৰীক্ষা আৰু বিশ্বব্যাপী জ্ঞান নেটৱর্কৰ সৈতে পৰিচিত কৰি পাৰস্পৰিক শিক্ষাৰ জগতৰ এখন নতুন দুৱাৰ মুকলি কৰিছে৷
ক’ভিড মহামাৰীয়ে শিক্ষাৰ ক্ষেত্রত ডিজিটেল সঁজুলিৰ গ্রহণ আৰু অধিক খৰতকীয়া কৰি তুলিছিল৷ অসমৰ গ্রাম্য অঞ্চলৰ শিক্ষক আৰু ছাত্র–ছাত্রী অনলাহন ক্লাছ, হোৱাটছএপ পাঠ, ৰেডি’ সম্প্রচাৰৰ লগত খাপ খাই পৰিল৷ এই পৰিৱর্তন প্রত্যাহ্বানবিহীন নাছিল, তথাপিও এহ পৰিৱর্তনে শিক্ষা জগতৰ লগত জড়িত ব্যক্তিসকলৰ মানসিকতা সলনি কৰি দিছিল৷
ডিজিটেল শিক্ষা কেৱল কম্পিউটাৰ আৰু ছফটৱেৰৰ কথাৰ মাজতেই সীমাবদ্ধ নহয়৷ এই শিক্ষাৰ যোগে ছাত্র–ছাত্রীক বাস্তৱ জগতৰ সমস্যা সমাধানৰ বাবে প্রস্তুত কৰাটোহে লক্ষ্য হোৱা উচিত৷ নগৰীয়া সুবিধাৰ পৰা বঞ্চিত গ্রামাঞ্চলৰ ছাত্র–ছাত্রীসকলে প্রযুক্তিৰ ব্যৱহাৰেৰে ভার্চুৱেল বিজ্ঞান মেলাত অংশগ্রহণ কৰে অথবা দেশৰ বিশেষজ্ঞসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়, তেনে পৰিৱেশে তেওঁলোকৰ আত্মপ্রত্যয় বঢ়াই তোলে, সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ দক্ষতাই বিকাশ লাভ কৰে৷
শিক্ষা মন্ত্রালয়ে দুবছৰ আগতে কৰা এটা সমীক্ষা অনুসৰি অসমৰ ডিজিটেলভাৱে সক্ষম বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে পৰম্পৰাগত শ্রেণীকোঠাত পঢ়া ছাত্র–ছাত্রীতকৈ বিজ্ঞান আৰু গণিতত বিছ নম্বৰ বেছি লাভ কৰিছে৷ এহ ডিজিটেল পদ্ধতিয়ে শিক্ষণ প্রক্রিয়াক আকর্ষণীয় কৰি তোলে৷ তদুপৰি ডিজিটেল প্লেটফর্মৰ জৰিয়তে ছাত্র–ছাত্রীসকলে নিজৰ সুবিধামতে শিকিব পাৰে আৰু প্রয়োজন অনুসৰি পাঠসমূহ পুনৰ চাব পাৰে৷
ইমানবোৰ ধণাত্মক দিশৰ আলোচনাৰ পাছতো দেখা যায় যে স্কুলবোৰত কম্পিউটাৰৰ প্রয়োজনীয় শিক্ষক নাই৷ উপযুক্ত শিক্ষক অবিহনে এই ডিজিটেল বিপ্লৱ সঠিক দিশত সকলোকে স্পর্শ কৰিব পৰাকৈ আগবাঢ়িব নোৱাৰিব৷ ৰাষ্ট্রীয় নমুনা জৰীপ কার্যালয়ৰ তথ্য অনুসৰি অসমৰ মাত্র পোন্ধৰ শতাংশ গ্রাম্য পৰিয়ালতহে ইণ্টাৰনেটৰ সুবিধা আছে, চহৰ অঞ্চলত ইয়াৰ হাৰ বিয়াল্লিছ৷ বহু গ্রাম্য পৰিয়ালত এতিয়াও নির্ভৰযোগ্য হণ্টাৰনেট আৰু প্রয়োজনীয় ডিভাহচৰ সুবিধা নাই৷
অকল স্মার্টফোনেই এতিয়াও বহুতৰ বাবে একমাত্র ডিজিটেল মাধ্যম৷ ডিজিটেল সঁজুলিৰ বিকাশৰ হাৰ চমকপ্রদ৷ এনে পৰিৱেশত ডিজিটেল শিক্ষণ ব্যৱস্থাক সঠিকভাৱে লাভদায়ক কৰি তুলিবলৈ শিক্ষকসকলকো সঘন প্রশিক্ষণ দিয়াৰ প্রয়োজন৷ আন্তঃগাঁথনি আৰু সামর্থ্য বিকাশৰ ক্ষেত্রত স্থায়ী বিনিয়োগ অবিহনে ডিজিটেল শিক্ষাৰ প্রতিশ্রুতি বহুতৰে বাবে অপূর্ণ হৈ থাকিব৷ আন এক চিন্তাৰ বিষয় হ’ল অনিয়মীয়া বিদ্যুৎ যোগান৷
ডিজিটেল শিক্ষাৰ দীর্ঘম্যাদী সফলতাৰ বাবে এই আন্তঃগাঁথনিগত প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰাটো অতি প্রয়োজনীয়৷ ইণ্টাৰনেট সংযোগ সম্প্রসাৰণ, সুলভ মূল্যৰ ডিভাহচ প্রদান কৰা আৰু শিক্ষকৰ বিকাশত সহায় কৰা আদি গুৰুত্বপূর্ণ পদক্ষেপেৰে চৰকাৰে ডিজিটেল শিক্ষাক অধিক আগবঢ়াই নিব পাৰিব৷