নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৃথিৱীৰ ঘূর্ণন গতি হ্রাস

পৃথিৱী গ্রহলৈ আহি পৰিছে বিভিন্ন পৰিৱর্তন৷ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পোৱা বুলি ইতিমধ্যে বিজ্ঞানীসকলে দাবী কৰিছে৷ ইয়াৰ ফলতেই দিন–ৰাতিৰ সময়সীমাতো প্রভাৱ পৰা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ কেইবাগৰাকীও জ্যোতির্বিজ্ঞানীয়ে দাবী কৰা অনুসৰি পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পোৱাৰ লগে লগে গ্রহটোৰ চৌম্বকীয় ক্ষেত্রৰ স্থিতাৱস্থাতো বৃহৎ প্রভাৱ পৰিছে৷ ইয়াৰ ফলতেই দিন–ৰাতিৰ ম্যাদ বৃদ্ধি বা হ্রাস পাবলৈ লৈছে বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷ লক্ষণীয় বিষয়টো হৈছে– এই প্রক্রিয়াৰ আৰম্ভণি ১৪ বছৰ পূর্বে৷ কিন্তু তাৰ প্রভাৱ শেহতীয়াকৈহে বিজ্ঞানীসকলৰ নজৰলৈ আহিছে৷ ইউনিভার্ছিটী অৱ ছার্ডান কেলিফ’র্নিয়াৰ গৱেষক তথা বিজ্ঞানীৰ দল এটিয়ে দাবী কৰা অনুসৰি পৃথিৱী গ্রহৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি দীর্ঘদিনৰ পৰাই হ্রাস পাই আহিছে৷ গ্রহটোৰ পৃষ্ঠ তলত একেই পৰিস্থিতি চলি থকা হ’লে বিষয়টোৱে গুৰুত্ব লাভ নকৰিলেহেঁতেন৷ পৃষ্ঠ তলত গতি মন্থৰ হৈ পৰিছে৷ কেলিফ’র্নিয়াৰ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি পৃথিৱী গ্রহৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পোৱাৰ ফলত গ্রহটোৰ বিভিন্ন বৈশিষ্ট্যলৈও আহিব পাৰে পৰিৱর্তন৷ উল্লেখনীয় যে কেলিফ’র্নিয়াৰ গৱেষকসকলৰ প্রথম পৃথিৱীৰ চৌম্বকীয় ক্ষেত্রত স্থিতাৱস্থাত তাৰতম্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ মূল কাৰণ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি বুলি দাবী কৰিছিল বিজ্ঞানীসকলে৷ শেহতীয়াকৈ গৱেষকসকলে দাবী কৰিছে যে ঘূর্ণন গতি ভৱিষ্যতলৈও এনেদৰেই চলি থাকিলে চুম্বকীয় ক্ষেত্রৰ স্থিতাৱস্থাত আহি পৰিব পৰিৱর্তন৷ অকল সেয়াই নহয়, দিন–ৰাতিৰ ম্যাদৰ ওপৰত বিশেষ প্রভাৱ পেলাব এই প্রক্রিয়াই৷ বিশেষকৈ দিনৰ ক্ষেত্রত এই প্রভাৱ স্পষ্ট হৈ পৰিব৷ শেহতীয়াকৈ বিজ্ঞান জার্নাল ‘নেচাৰ’ত এই গৱেষণাৰ বিষয়বস্তু প্রকাশ পাইছে৷ বিষয়টো প্রকাশ পোৱাৰ লগে লগে বিজ্ঞান মহলত বিশেষ গুৰুত্ব লাভ কৰিছে ই৷ অৱশ্যে এই সন্দর্ভত বিশেষ বিশ্লেষণ আগবঢ়োৱা নাই জ্যোতিৰ পদার্থবিদসকলে৷
পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পাবলৈ আৰম্ভ কৰে ২০১০ চনৰ পৰা৷ অর্থাৎ ১৪ বছৰ পূর্বৰে পৰা এই ঘূর্ণন গতি কমি অহাটো নজৰত পৰিছে বিজ্ঞানীসকলৰ৷ ২০১০ চনত গ্রহটোৰ ‘মেণ্টল’ অংশৰ তুলনাত আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি ক্রমশঃ কমি অহা বুলি নিশ্চিত কৰে বিজ্ঞানীসকলে৷ স্মর্তব্য যে ৪০ বছৰ পিছত প্রথমবাৰলৈ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্র সন্দর্ভত বিজ্ঞানীসকলে নতুন আৱিষ্কাৰ সম্ভৱ কৰি তোলে৷ পৃথিৱীৰ এই আভ্যন্তৰীণ অংশটো ভূপৃষ্ঠৰ পৰা ৪,৮০০ কিলোমিটাৰতকৈও বেছি তলত অৱস্থিত৷ এই অংশত প্রাধান্য আছে লৌহ আৰু নিকেল ধাতুৰ৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে– এই অংশটো অকল্পনীয়ভাৱে উষ্ণ৷ অর্থাৎ এই অংশটোৰ বৈশিষ্ট্য পৃথিৱীৰ অন্য অংশৰ সৈতে নিমিলে৷ এই তথ্যৰ ওপৰত গৱেষণাৰ বাবে বিজ্ঞানী জন ভিডাল আৰু তেওঁৰ সহকর্মীসকলে ১৯৯১ চনৰ পৰা ২০২৩ চনলৈকে পৃথিৱীত হোৱা ১২১টা ভূমিকম্পৰ তথ্য সংগ্রহ কৰি পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে৷ সেই কম্পনবোৰৰ উৎপত্তিস্থল আছিল দক্ষিণ আটলাণ্টিক মহাসাগৰৰ ছাউথ ছেণ্ডুইছ দ্বীপপুঞ্জ৷ এই দ্বীপপুঞ্জত বাৰে বাৰে অনুভূত হৈছিল ভূমিকম্প৷ সেই ভূমিকম্পৰ তথ্য লৈয়েই বিজ্ঞানীসকলে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি সন্দর্ভত পৰীক্ষা চলাবলৈ ধৰে৷ ইয়াৰ উপৰি বিজ্ঞানীসকলে ১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈকে ছোভিয়েট ইউনিয়নৰ লগতে ফৰাচী আৰু মার্কিন পৰমাণু পৰীক্ষাৰ ফলাফলবোৰ পর্যালোচনা কৰে৷ তিনিওখন দেশৰ পৰমাণু পৰীক্ষাৰ ফলাফলৰ তথ্য লৈ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতিৰ ওপৰত ইয়াৰ প্রভাৱ সন্দর্ভত এক স্পষ্ট ধাৰণা দিবলৈ চেষ্টা কৰে বিজ্ঞানীসকলে৷ লক্ষণীয়ভাৱে ভূমিকম্প আৰু পৰমাণু পৰীক্ষাৰ ফলাফলৰ তথ্যই বিজ্ঞানীসকলক এক সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্রত সহায় কৰে৷ বিজ্ঞানী ভিডালৰ মতে ছিছম’গ্রাফ দেখাৰ পিছতে বিজ্ঞানীসকলে এক নিশ্চিত সিদ্ধান্তত উপনীত হোৱাৰ আশাৰ ৰেঙনি দেখিবলৈ পাইছিল৷ কম্পনৰ এই ফলাফল বাৰে বাৰে লক্ষ্য কৰাৰ পিছত বিজ্ঞানীসকল নিশ্চিত হ’বলৈ সক্ষম হয়৷ ভিডালৰ মতে ঘূর্ণন গতি হ্রাস পোৱাৰ কাৰণ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ অংশক আগুৰি থকা তৰল পদার্থৰ অশান্ত তথা অনিয়ন্ত্রিত গতি৷ এই অনিয়িন্ত্রত গতিয়ে ভূ–চৌম্বকীয় ক্ষেত্রক প্রভাৱিত কৰে৷ ইয়াৰ উপৰি আছে মাধ্যাকর্ষণিক শক্তিৰ প্রভাৱ৷ লক্ষণীয়ভাৱে এই বিষয়টোৰ অধ্যয়নে পৃথিৱী সন্দর্ভত নতুন তথ্য উন্মোচনত সহায় কৰিলে৷

You might also like