নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভুৱা সংবাদ

কেইদিনমানৰ আগতে এখন ফটো ডিজিটেল মাধ্যমবোৰত খুব প্রচাৰ হোৱাৰ লগতে বিভিন্ন সংবাদ পত্রতো গুৰুত্ব সহকাৰে প্রকাশ পাইছিল আৰু সেই ফটোখনৰ আলমতে একাংশ উৎসাহী লোকে বিভিন্ন ৰাজনৈতিক বিশ্লেষণো আগবঢ়াইছিল৷ এই বিশ্লেষণৰ মূল লক্ষ্য আছিল ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিপক্ষে প্রচাৰ৷ ফটোখন আছিল সামৰিক বাহিনীৰ বিমানত বহি থকা কিছু লোক, যিসকলৰ ভৰিত শিকলি লগোৱা আছিল৷ প্রচাৰ কৰা হৈছিল যে সেই লোকসকলক আমেৰিকাৰ পৰা ভাৰতৰ অমৃতসৰলৈ পঠিয়াই দিয়া হৈছিল৷ এই ফটোখন প্রচাৰ হোৱাৰ পিছতেই ৰাজনৈতিক বতাহ উত্তপ্ত কৰি দিয়া হৈছিল৷ তথ্য নিৰীক্ষণ কৰি পিছত গম পোৱা গৈছিল যে সেই মানুহবোৰক ভাৰতলৈ নহয়, গুৱেটেমালালৈ পঠিয়াই দিয়া হৈছিল৷ কিন্তু সঠিক তথ্য প্রকাশ হোৱাৰ আগতেই ফটোখনক কেন্দ্র কৰি ৰাজনৈতিক বাক্ধাৰা এটা ৰচনা আৰু প্রচাৰ কৰা হৈ গৈছিল৷ এনে ধৰণৰ ভুৱা ফটো আজি ডিজিটেল যুগত এটা ডাঙৰ সমস্যা হিচাপে থিয় দিছে৷ বিভিন্ন ধৰণে সম্পাদনা কৰা ফটো বা কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত সজোৱা এনেকুৱা ফটোই সমাজত বিভ্রান্তিৰ সৃষ্টি কৰে আৰু পৰিকল্পিত প্রচাৰেৰে সাধাৰণ লোকক মিছা তথ্য বিশ্বাস কৰিবলৈ বাধ্য কৰোৱা হয়৷ কিছুদিন আগতে সামাজিক মাধ্যমত আৰু এখন ফটো ভাইৰেল হৈছিল, য’ত দেখুওৱা হৈছিল যে ভাৰতৰ এজন জনপ্রিয় ৰাজনৈতিক নেতাই বিদেশী ৰাষ্ট্রৰ নেতাসকলৰ সৈতে গোপনে বৈঠক কৰিছে৷ কিন্তু পিছত ফেক্ট–চেক সংস্থাবোৰে এই ফটোখন সম্পাদনা কৰা বুলি প্রমাণ কৰিলে৷ মূল ফটোখনত অন্য এজন ব্যক্তি আছিল, ফটোখন সম্পাদনা কৰি মানুহজনক বদলোৱা হৈছিল৷ এইধৰণৰ অপপ্রচাৰ আৰু বিভাজন সৃষ্টি কৰিব পৰা কিছুমান ফটো প্রচাৰ বা শ্বেয়াৰ কৰাৰ আগতে সেয়া সঁচা নে ভুৱা, তাক নিশ্চিত কৰা ডচিত৷ অকল ফটোৱেই নহয়, এনেকুৱা মিছা সংবাদো উদ্দেশ্যগত কাৰণত প্রচাৰ কৰা হয়৷ শেহতীয়াভাৱে কিছুমান ভিডিঅ’ৰ প্রচাৰো দেখা গৈছে, যিবোৰত বিখ্যাত বিখ্যাত লোকৰ কণ্ঠেৰে মিছা তথ্য প্রচাৰ কৰা হৈছে৷

ডিজিটেল মিডিয়াৰ এই প্রভাৱশালী যুগতো ভুৱা সংবাদৰ দ্রুত বিস্তাৰ বর্তমান সময়ৰ অন্যতম গুৰুত্বপূর্ণ সমস্যা হৈ পৰিছে৷ এই ধৰণৰ মিছা বা বিভ্রান্তিকৰ তথ্যবোৰক প্রায়ে বৈধ সংবাদ হিচাপে উপস্থাপন কৰা হয়৷ ফলত ই জনমত গঠন প্রক্রিয়াক প্রভাৱিত কৰে, সামাজিক অস্থিৰতা বৃদ্ধি কৰে আৰু গণতান্ত্রিক প্রতিষ্ঠানসমূহ দুর্বল কৰি তোলে৷ ভুৱা সংবাদ এটা নতুন ঘটনা নহয়৷ ইতিহাসৰ পাতত দেখা যায় যে বহু বিভ্রান্তিকৰ তথ্য বহু সময়ত জনমত গঠনৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ উত্থানৰ লগে লগে বিভ্রান্তিকৰ তথ্যৰ বিস্তাৰৰ গতি আৰু পৰিমাণ অকল্পনীয়ভাৱে বৃদ্ধি পাইছে৷ আজিকালি, এটা মিছা তথ্য মাত্র কেইমিনিটমানৰ ভিতৰত ভাইৰেল হৈ পৰে আৰু ই লক্ষ লক্ষ লোকক প্রভাৱিত কৰে৷ ক’ভিড মহামাৰীৰ সময়ত ভুল তথ্যৰ প্রচাৰ প্রচুৰ পৰিমাণে বৃদ্ধি পাহছিল৷ একাধিক সামাজিক মাধ্যম প্লেটফর্মত ভিটামিন চি বা গৰম পানীৰে ভাইৰাছৰ চিকিৎসা সম্ভৱ বুলি প্রচাৰ কৰা হৈছিল৷ চিকিৎসকসকলৰ মতে এই কথাটো সম্পূর্ণ অযৌক্তিক৷ ভুৱা সংবাদৰ বিস্তাৰৰ এটা প্রধান কাৰণ হৈছে জনসাধাৰণৰ মাজত মিডিয়া সাক্ষৰতাৰ অভাৱ৷ ছপা মাধ্যমৰ কথা এতিয়াও বহু মানুহে সহজে বিশ্বাস কৰে৷ প্রতিটো সন্দেহজনক সংবাদ বা ফটো পৰীক্ষা কৰাটো সকলোৰে বাবে সম্ভৱ নহয়৷ এই পৰিৱেশত ছপা সংবাদ মাধ্যমেই যদি এনেকুৱা কথা প্রচাৰ কৰাত আগভাগ লয়, তেনে কামে ছপা মাধ্যমৰ বিশ্বাসযোগ্যতা হ্রাস কৰাত সহায় কৰিব৷ সামাজিক মাধ্যমৰ এলগ’ৰিডমে ব্যৱহাৰকাৰীৰ বিশ্বাসৰ লগত মিল থকা সামগ্রী পৰিৱেশন কৰাৰ ফলত ভুল তথ্যৰ প্রচাৰ হয় আৰু ই অধিক গ্রহণযোগ্য হৈ উঠে৷ ভুৱা সংবাদৰ পৰিণাম বহুদূৰলৈকে যাব পাৰে৷ ৰাজনৈতিকভাৱে এইধৰণৰ তথ্যৰ প্রভাৱত ভোটাৰসকল প্রভাৱিত হ’ব পাৰে, ৰাজনৈতিক ব্যক্তি অপমানিত হ’ব পাৰে আৰু তাতকৈও ডাঙৰ কথা সামাজিকভাৱে এইবোৰে আতংক, হিংসা আৰু সাম্প্রদায়িক বিভেদৰ সৃষ্টি কৰিব পাৰে৷ ভুৱা সংবাদৰ বিৰুদ্ধে যুঁজিবলৈ বহুমুখী দৃষ্টিভংগীৰ প্রয়োজন৷ ভুৱা তথ্য প্রচাৰ কৰোঁতাসকলৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ সামাজিক মাধ্যম প্লেটফর্মসমূহে সত্য পৰীক্ষণ ব্যৱস্থা অধিক মজবুত কৰিব লাগিব আৰু বিশ্বাসযোগ্য সংবাদ উৎসসমূহৰ প্রচাৰ কৰিব লাগিব৷ শিক্ষানুষ্ঠান আৰু কার্যক্ষেত্রত মিডিয়া সাক্ষৰতা কর্মসূচী অন্তর্ভুক্ত কৰা উচিত যাতে মানুহে সহজেই এনে ভুৱা সংবাদ চিনাক্ত কৰিব পাৰে৷

You might also like