নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গৃহযুদ্ধ বিধ্বস্ত ছুডানত দুর্ভিক্ষ

যুদ্ধ–সংঘর্ষই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰাইছে বিশ্বৰ লাখ লাখ শিশুক৷ যুদ্ধ–সংঘর্ষৰ বাবেই বহু শিশুৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷ শেহতীয়াকৈ আফ্রিকান ৰাষ্ট্র ছুডানত অসংখ্য শিশু দুর্যোগৰ কবলত পৰিছে৷ বিশ্বৰ ভিতৰতে শিশুৰ বাবে বসবাসৰ অনুপযোগী অঞ্চল হিচাপে চিহ্ণিত হৈ পৰিছে ছুডানৰ বিভিন্ন প্রান্ত৷ ৰাষ্ট্রসংঘৰ শিশু সংস্থা ইউনিচেফৰ শেহতীয়া প্রতিবেদনত দেশখনৰ অভ্যন্তৰত চলি থকা ভয়াৱহ ঘটনাৰ তথ্য পোহৰলৈ আহিছে৷ ইউনিচেফৰ বিষয়ববীয়া কেথেৰিন ৰাছেলে উল্লেখ কৰা অনুসৰি ছুডানত কেইবানিযুত শিশু এতিয়া গৃহহীন৷ এই শিশুসকলৰ গৰিষ্ঠসংখ্যকেই বিদ্যালয়ৰ মজিয়া গচকি পোৱা নাই৷ আটাইতকৈ পৰিতাপৰ কথাটো হৈছে– দেশখনৰ এই দুর্ভগীয়া শিশুসকল অপুষ্টিৰ সন্মুখীন হৈছে৷ এতিয়াই যদি এই শিশুসকলক ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা নহয়, তেন্তে দুর্ভিক্ষৰ কবলত পৰিব লাখ লাখ শিশু৷ যুদ্ধবিধ্বস্ত দেশখন ভ্রমণ কৰি কেথেৰিন ৰাছেলে এনে ভয়াৱহ পৰিস্থিতি অন্য কোনো দেশত হোৱা নাই বুলি দাবী কৰিছে৷ অৱশ্যে যুদ্ধবিধ্বস্ত পেলেষ্টাইনী ভূখণ্ড গাজাৰ কথাটোক ইয়াত সাঙুৰি লোৱা নাই কেথেৰিনে৷ কাৰণ গাজাত এক পূর্ণাংগ যুদ্ধ চলিছে ইজৰাইলী সেনা আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ মাজত৷ কিন্তু ছুডানত গৃহযুদ্ধই পৰিস্থিতি ভয়াৱহ কৰিছে৷ বিশ্বৰ কেইবাখনো দেশত চলি আছে গৃহযুদ্ধ৷ ইতিমধ্যে গৃহযুদ্ধই বিধ্বস্ত কৰিছে ছিৰিয়া, য়েমেনৰ দৰে দেশ৷ কিন্তু ছুডানৰ পৰিস্থিতি এই দেশসমূহতকৈও ভয়াৱহ৷ কাৰণ দেশখনত এই গৃহযুদ্ধৰ ফলত খাদ্য–র্থনীতি সম্পূর্ণৰূপে ভাগি পৰিছে৷ দুর্গত লোকসকললৈ খাদ্য যোগান সম্পূর্ণৰূপে বন্ধ হৈছে৷ ইয়াৰ উপৰি বিভিন্ন ৰোগত আক্রান্ত শিশুসকলে লাভ কৰা নাই প্রয়োজনীয় চিকিৎসা৷ দেশখনৰ সেনা আৰু অর্ধ সেনা ৰেপিড ছাপ’ট ফ’র্চেছ (আৰএছএফ)ৰ মাজত ক্ষমতা দখলৰ যুঁজ চলি আছে৷ সৈন্য বাহিনীয়ে এতিয়া দেশৰ প্রজাৰ বিৰুদ্ধে চলাই আছে হিংস্র নির্যাতন৷ আৰএছএফে দুর্গত লোকসকললৈ খাদ্যৰ যোগান বন্ধ কৰি দিছে৷ হাস্পতালসমূহত সঘনে চলাইছে আক্রমণ৷ ইয়াৰ ফলত আন্তর্জাতিক সাহায্যত চলি থকা চিকিৎসা ব্যৱস্থাৰ গাঁথনি সম্পূর্ণৰূপে ভাগি পৰিছে৷ সেয়ে দেশখনৰ লাখ লাখ শিশু এতিয়া মৃত্যুমুখত পৰিছে৷
সংবাদ সংস্থা বিবিচিৰ লগতে কেইবাটাও আন্তর্জাতিক সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ছুডানত খাদ্য সংকটে এনে ৰূপ ধাৰণ কৰিছে যে শিশুসকলে ২/৩ দিনলৈ অনাহাৰে কটাবলগীয়া হৈছে৷ কেথেৰিনৰ মতে দেশখনৰ ৯০ লাখ শিশুৱে এতিয়া নিয়মীয়াকৈ খাদ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এই ৯০ লাখৰ ভিতৰত ৪০ লাখ অপুষ্টিৰ কবলত পৰিছে৷ অর্থাৎ মাত্র এমাহৰ ভিতৰতে প্রয়োজনীয় খাদ্য যোগান ব্যৱস্থা আৰু চিকিৎসাৰ সুবিধা নাপালে এই শিশুসকলৰ মৃত্যু নিশ্চিত৷ লক্ষণীয়ভাৱে গৃহযুদ্ধ কবলিত দেশখনত আন্তর্জাতিক মানৱীয় সাহায্য আগবঢ়োৱা হৈছে যদিও সেই সাহায্য গৈ দুর্গত লোকসকলৰ ওচৰ পোৱা নাই৷ অভিযোগ অনুসৰি সেনা আৰু অর্ধসেনাই আদবাটতে হজম কৰিছে এই খাদ্য সাহায্য৷ পৰিণতিত দুর্গত লোকসকলৰ অৱস্থা অধিক ভয়াৱহ হৈছে৷ আটাইতকৈ ভয়ংকৰ দিশটো হৈছে– গৃহযুদ্ধ কবলিত দেশখনৰ বাসিন্দাসকলে কোনো এটা আশ্রয়স্থলতে নিৰাপদে থাকিব পৰা নাই৷ সঘনে যুদ্ধ–আক্রমণৰ ফলত ইখন চহৰৰ পৰা সিখন চহৰলৈ পলায়ন কৰিবলগীয়া হৈছে গৃহহীন লোকসকলে৷ কেথেৰিনৰ মতে, এনে পৰিস্থিতিৰ বাবে শিশুসকল অধিক সমস্যাৰ সন্মুখীন হৈছে৷ দেশখনত নিৰীহ লোকৰ বাবে নিৰাপদ স্থান নাই৷ পৰিণতিত দুর্গত শিশুসকলে অন্য স্থানলৈ যাত্রা কৰাৰ সময়তে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ পৰিতাপৰ বিষয়টো হৈছে– ৰাষ্ট্রসংঘৰ দৰে সংস্থাসমূহে এই ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো দেশক আহ্বান জনাইছে যদিও গৃহযুদ্ধ বিধ্বস্ত দেশখনৰ পৰিস্থিতি শুধৰোৱাৰ বাবে কোনো আন্তর্জাতিক শক্তি আগবাঢ়ি অহা নাই৷ গতিকে, দেশখনৰ ৭০ শতাংশ জনসংখ্যা ভয়াৱহ ক্ষুধাৰ কবলত পৰিছে৷ যদি পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়াই পদক্ষেপ গ্রহণ কৰা নহয়, তেন্তে আগন্তুক ছেপ্ঢেম্বৰ মাহৰ ভিতৰত দেশখনত খাদ্য সংকটৰ বাবেই মৃত্যুমুখত পৰিব পাৰে ২৫ লাখ লোক৷ ইয়াৰ গৰিষ্ঠসংখ্যকেই শিশু৷ কেথেৰিনৰ মতে, ছুডানত এতিয়া গৃহযুদ্ধ বন্ধ কৰাৰ লগতে দুর্গত লোকসকলক সাহায্য আগবঢ়াবলৈ আন্তর্জাতিক সম্প্রদায়ে হস্তক্ষেপ কৰিব লাগিব৷ প্রয়োজনত সেনা আৰু অর্ধসেনাৰ বিৰুদ্ধে শক্তি প্রয়োগ কৰি হ’লেও নিৰীহ লোকৰ প্রাণ ৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ অন্যথা একবিংশ শতিকাৰ ভয়াৱহ খাদ্য সংকটৰ কবলত মৃত্যু হোৱাৰ সংখ্যাই নজিৰ সৃষ্টি কৰিব আফ্রিকাৰ এই দেশখনত৷

You might also like