নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ধ্বংসস্তূপত পৰিণত গাজা

পৃথিৱীৰ সকলো সভ্যতাৰ ধ্বংসৰ এক অন্যতম কাৰণ হৈছে যুদ্ধ৷ প্রাকৃতিক বিপর্যয়ৰ বাবেও বহু সভ্যতা ধ্বংস হৈছে৷ কিন্তু মানুহে নিজ হাতে গঢ়া সভ্যতাক যুদ্ধ নামৰ দানৱীয় প্রক্রিয়াৰে ধ্বংস কৰাৰ বেদনা অতি মর্মান্তিক৷ শেহতীয়াকৈ গাজাত ইজৰাইলে সৃষ্টি কৰা বিভীষিকাৰ ন ন তথ্য পোহৰলৈ আহিছে৷ ইজৰাইলী গোলা, বোমা, ক্ষেপণাস্ত্র তথা ৰকেটৰ আঘাতত ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে পেলেষ্টাইনী ভূ–খণ্ড গাজা৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে যোৱা বছৰ ৭ অক্টোবৰত ইজৰাইলত সৃষ্টি কৰা নৰসংহাৰৰ পিছৰে পৰা ইহুদী ৰাষ্ট্রখনৰ সেনাই গাজা ভূখণ্ডত ধাৰাবাহিক বোমাবর্ষণ কৰি আহিছে৷ ইতিমধ্যে হামাছ সন্ত্রাসবাদী যিমানসংখ্যক নিঃশেষ হৈছে, তাতকৈ কেইবাগুণো বেছি নিৰীহ পেলেষ্টাইনী লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে এই পাশৱিক যুদ্ধত৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত প্রকাশ পাইছে যে গাজাত এতিয়া কেউদিনে মাথোঁ ধ্বংসস্তূপ৷ পেলেষ্টাইনীৰ আৱাসভূমি এই গাজাত এতিয়া মজুত হৈছে চাৰি কোটি টন কংক্রিট আৰু তীখাৰ ধ্বংসস্তূপ৷ যদি যুদ্ধ দীর্ঘদিনলৈ অব্যাহত থাকে, তেন্তে এই ধ্বংসস্তূপৰ পৰিমাণ বৃদ্ধি পাব৷ এতিয়াই যদি যুদ্ধ বন্ধ হয়, তেন্তে এই ধ্বংসস্তূপ আঁতৰ কৰিবলৈ সময় লাগিব পোন্ধৰ বছৰ৷ অর্থাৎ পেলেষ্টাইনৰ সভ্যতাৰ অন্যতম প্রাণকেন্দ্র গাজা মানুহৰ দানৱীয় যুদ্ধত এতিয়া ক্ষত–বিক্ষত৷ ৰাষ্ট্রসংঘৰ পৰিৱেশ বিষয়ক কর্মসূচী (ইউএনইপি) আৰু পেলেষ্টাইনী শৰণার্থীসকলৰ সাহায্য তথা কর্মসংস্থান বিষয়ক সংস্থা (ইউএনআৰডব্রিউএ)ৰ তৰফৰ পৰা নমাহৰ যুদ্ধৰ পৰিস্থিতি পর্যালোচনা কৰি জনোৱা হৈছে যে চাৰি কোটি টনৰ এই ধ্বংসাৱশেষৰ তলত পৰি আছে অজস্র নুফুটা বোমা আৰু বিষাক্ত পদার্থ৷ গাজাৰ বিভিন্ন প্রান্তত মজুত হোৱা এই ধ্বংসাৱশেষে বিভিন্ন সময়ত সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলিও আশংকা প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ শেহতীয়া প্রতিবেদন অনুসৰি এই ধ্বংসাৱশেষেই প্রাণঘাতী হৈ পৰিব পাৰে দুর্গত পেলেষ্টাইনী লোকসকলৰ বাবে৷
ধ্বংসস্তূপৰ তলত পৰি থকা বহু মৃতদেহ গেলি–পচি এতিয়া বিভিন্ন সংক্রামক ৰোগৰ কাৰক হৈ পৰিব পাৰে বুলিও আশংকা প্রকাশ কৰিছে আন্তর্জাতিক সংস্থাটোৱে৷ লক্ষণীয় বিষয়টো হৈছে ইজৰাইলে চলোৱা দানৱীয় আক্রমণৰ বাবে ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা নিৰীহ লোকসকলৰ বহুতৰেই মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ এই দিশৰ পৰা চাবলৈ গ’লে গাজা এতিয়া মানৱতাৰ বধ্যভূমি৷ গাজাত এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে নিৰীহৰ মৃত্যু মিছিল৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি গাজাৰ কংক্রিট আৰু তীখাৰ আৱর্জনাবোৰ আঁতৰ কৰিবলৈ প্রয়োজন হ’ব ৫০ কোটি ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত চাৰি হাজাৰ দুশ কোটি টকা প্রয়োজন হ’ব গাজাক পুনৰ বসবাসৰ উপযোগী কৰি তুলিবলৈ৷ প্রসংগক্রমে উল্লেখ কৰা ভাল যে ২০১৪ চনত গাজাত ইজৰাইলী আক্রমণৰ পিছত প্রায় ২৪ লাখ টন ধ্বংসাৱশেষ মজুত হৈছিল৷ এই ধ্বংসাৱশেষ আঁতৰ কৰিবলৈ কেইবাবছৰৰো প্রয়োজন হৈছিল৷ লক্ষণীয় বিষয়টো হৈছে যুদ্ধই সমগ্র গাজা ভূখণ্ডক ধ্বংসস্তূপত পৰিণত কৰা সত্ত্বেও আন্তর্জাতিক সম্প্রদায়ে এই দানৱীয় যুদ্ধৰ অৱসান ঘটোৱাৰ ক্ষেত্রত কোনো বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিব পৰা নাই৷ ইজৰাইল আৰু হামাছক এনে ভয়ংকৰ ৰক্তপাত সত্ত্বেও যুদ্ধৰ পথ পৰিহাৰ কৰাৰ ক্ষেত্রত ৰাষ্ট্রসংঘই সৈমান কৰিব পৰা নাই৷ ইতিমধ্যে নমহীয়া যুদ্ধত ৩৮সহস্রাধিক লোকে প্রাণ হেৰুৱালে৷ প্রাণ হেৰুৱালে অসংখ্য নিৰীহ শিশু আৰু মহিলাই৷ চিৰদিনৰ বাবে পংগুত্বক আদৰি ল’বলগীয়া হ’ল কেইবালাখো লোকে৷ আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহৰ গৰিহণা–ধিক্কাৰক অগ্রাহ্য কৰি বাৰে বাৰে গাজাৰ গৃহহীন লোকৰ আশ্রয়স্থলীত ইজৰাইলে বোমা–ক্ষেপণাস্ত্রৰে আঘাত হানিছে৷ প্রতিমুহূর্ততে গাজাৰ ভূমি সিক্ত হৈছে নিৰীহ শিশু আৰু মহিলাৰ তেজেৰে৷ প্রাণটো হাতৰ মুঠিত লৈ পলায়ন কৰিব বিচৰা লোকসকলৰ ওপৰত প্রতিমুহূর্ততে চলোৱা হৈছে আক্রমণ৷ গাজাত যেন এতিয়া পাইকাৰী হাৰত চলি আছে মানৱতাৰ ধর্ষণ৷ তথাপি এই যুদ্ধ অন্ত পৰিব কেতিয়া, তাৰ কোনো উত্তৰ নাই কোনো পক্ষৰ হাতত৷

You might also like