নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নাইজেৰিয়াত নৰসংহাৰ

পুনৰ জেহাদীৰ আক্রমণত ৰক্তাক্ত হৈছে আফ্রিকান ৰাষ্ট্র নাইজেৰিয়া৷ দীর্ঘদিনৰে পৰা আফ্রিকাৰ এই দেশখনত ইছলামিক ষ্টেট আৰু আল–কায়দা সমর্থিত সন্ত্রাসবাদীয়ে খ্রীষ্টান তথা আদিবাসী গঞাৰ ওপৰত নৃশংস আক্রমণ চলাই আহিছে৷ দেশখনৰ কেইবাখনো প্রদেশত সুদীর্ঘ এক দশকতকৈ অধিককাল ধৰি চলি আহিছে নৰমেধ৷ শেহতীয়াকৈ মধ্য নাইজেৰিয়াৰ প্লাটিউ প্রদেশত ধাৰাবাহিকভাৱে নির্বিচাৰ আক্রমণ আৰম্ভ কৰিছে ইছলামিষ্ট জেহাদীয়ে৷ বৰদিনৰ দিনাখনেই প্রদেশখনৰ কেইবাখনো গাঁও জ্বলাই দিয়ে জেহাদীয়ে৷ তিনি দিন ধৰি জেহাদীয়ে চলোৱা নৃশংস আক্রমণত কম পক্ষেও ১৬০গৰাকী লোক নিহত হৈছে৷ এই লোকসকলৰ ভিতৰত বহু শিশু আৰু মহিলাও থকা বুলি নাইজেৰিয়াৰ প্রশাসনে দাবী কৰিছে৷ এই ভয়াৱহ নৰসংহাৰত জড়িত হৈ আছে কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী সংগঠন বকো হাৰাম আৰু ইয়াৰ সহযোগী কেইবাটাও সৰু সৰু জেহাদী গোট৷ পাশ্চাত্যৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, দেওবাৰৰ পৰা মূলতঃ বাছি বাছি খ্রীষ্টান লোকসকলক হত্যা কৰা হৈছে৷ বহু গাঁও জ্বলাই দিছে ইছলামিষ্ট জেহাদীয়ে৷ খ্রীষ্টান আৰু স্থানীয় আদিবাসী লোকসকলৰ মাজত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি কৰিবলৈ এনেদৰে জেহাদীয়ে পৰিকল্পিত আক্রমণ চলোৱা বুলি দেশখনৰ প্রশাসনে সংবাদ সংস্থা বিবিচিক জনাইছে৷ লক্ষণীয়ভাৱে খ্রীষ্টান ধর্মাৱলম্বী লোকসকল আৰু ক্ষুদ্র ক্ষুদ্র আদিবাসী সম্প্রদায়ৰ লোকসকলৰ বসতি থকা অঞ্চলসমূহত চলোৱা হৈছে এই আক্রমণ৷ মুঠ ২০টা আদিবাদী জনগোষ্ঠীৰ ওপৰত আক্রমণ চলোৱা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ধর্ষণ আৰু অবাধ লুটপাতো চলৱো হৈছে গাঁওসমূহত৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নাইজেৰিয়াৰ সেনাই চেষ্টা চলাই আছে যদিও দীর্ঘদিনৰে পৰা এইক্ষেত্রত ব্যর্থ হৈ আহিছে সেনাই৷ শেহতীয়া আক্রমণৰ ঘটনাত অকল প্লাটিউ প্রদেশৰ বোক্কোছ অঞ্চলতে নিহত হৈছে ১১৩গৰাকী লোক৷ কেইবাটাও স্থানীয় দুষৃকতিকাৰী চক্রও এই অপৰাধত জড়িত হৈ আছে৷

বিগত দুটা দশকতকৈ অধিককাল ধৰি আফ্রিকাত আল–কায়দা সমর্থিত বিভিন্ন জেহাদী গোটে চলাই আহিছে তাণ্ডৱ৷ নাইজেৰিয়া, নাইজাৰ, ছাদ, ইথি’পিয়া, ছোমালিয়া, কেনিয়া আদি দেশ এই কুখ্যাত সন্ত্রাসবাদী গোটসমূহৰ ৰক্তক্ষয়ী আক্রমণৰ সাক্ষী হ’বলগীয়া হৈছে৷ এক বিশ্বজুৰি নেটৱর্ক গঢ়ি উঠিছে আফ্রিকাৰ ইছলামিষ্ট জেহাদী গোটসমূহৰ৷ শেহতীয়াকৈ ইজৰাইল আৰু হামাছৰ আক্রমণৰ পাছতে এই জেহাদী গোটসমূহে খ্রীষ্টান তথা অন্যান্য ধর্মাৱলম্বী লোকসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷ ইয়াৰ মূল কাৰণ হৈছে ইহুদী ৰাষ্ট্র ইজৰাইলক গাজা ভূখণ্ডত আক্রমণৰ ক্ষেত্রত কৌশলেৰে সমর্থন জনাই আহিছে পাশ্চত্যৰ খ্রীষ্টান সংখ্যাগৰিষ্ঠ দেশসমূহে৷ এই দেশসমূহে গাজাত যুদ্ধবিৰতিৰ কথা কৈ আহিছে যদিও ইজৰাইলক হামাছবিৰোধী অভিযান চলাই থাকিবলৈ কৌশলেৰে আহ্বান জনাই আহিছে৷ আমেৰিকাই এইক্ষেত্রত দ্বৈত স্থিতি গ্রহণ কৰি আহিছে৷ পেলেষ্টাইনী আৰব লোকসকলৰ ওপৰত ইজৰাইলৰ আতিশয্য যিমানেই বৃদ্ধি পাইছে বিশ্বজুৰি জেহাদী গোটসমূহৰ নৰসংহাৰ তথা কূটাঘাত সিমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইফালে, ইৰান সমর্থিত য়েমেনৰ বিদ্রোহী সংগঠন হুথীয়ে লোহিত সাগৰত বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ ওপৰত ড্রোনেৰে আক্রমণ আৰম্ভ কৰিছে৷ লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে৷ মধ্যপ্রাচ্যৰ গাজা ভূখণ্ডত চলি থকা যুদ্ধ এতিয়া বিভিন্ন প্রান্তলৈ বিয়পি পৰিছে৷ ইয়াৰ মাজতে বৰদিনৰ উৎসৱত এইবাৰ বিভিন্ন অঞ্চলত ক্ষোভৰ উদ্গীৰণ ঘটা দেখা গ’ল একমাত্র হামাছ আৰু ইজৰাইলৰ যুদ্ধক কেন্দ্র কৰিয়েই৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ পক্ষত শ্ল’গান দি বৰদিনৰ দিনাখনেই নিউয়র্কত বিশাল প্রতিবাদী সমদল উলিওৱা হ’ল৷ নিউয়র্ক চহৰত বৰদিনৰ উৎসৱ ম্লান পৰিল৷ আনকি যীশুৰ জন্মস্থান খ্যাত ইজৰাইল অধিকৃত ৱেষ্ট বেংকৰ বেথেলহেমত এইবাৰ বৰদিনত কোনোধৰণৰ উৎসৱৰ আয়োজন কৰা নহ’ল৷ এই সকলোবোৰ ঘটনা ইজৰাইল আৰু হামাছৰ যুদ্ধৰ প্রতিফল বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ আফ্রিকান ৰাষ্ট্রসমূহত জেহাদীৰ কূটাঘাতো ইয়াৰেই প্রভাৱ বুলি ধাৰণা কৰা হৈছে৷

You might also like