নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চৰকাৰী বঁটা-বাহন-ৰ কথা

কিন্তু কংগ্রেছ, বিজেপি, অসম গণ পৰিষদ আদিৰ দৰে বিভিন্ন আদর্শৰ দলে চৰকাৰ চলোৱাৰ সময়তো এই বঁটা–সন্মান–পেন্সন আদিৰ ধাৰাবাহিকতাত যতি পৰা নাছিল

সম্পাদকীয় : চৰকাৰী বঁটা-বাহন-ৰ কথা

সমাজৰ বিভিন্ন ক্ষেত্রলৈ বৰঙণি আগবঢ়োৱা নাগৰিকক অসম চৰকাৰে বিভিন্ন ধৰণে সন্মানিত কৰি আহিছে৷ শিল্পী পেন্সন, সাহিত্যিক পেন্সন আদিৰ লগতে বিভিন্ন প্রসিদ্ধ ব্যক্তিৰ সন্মানত বিভিন্ন কৃতী ব্যক্তিক বঁটা দি অহা হৈছে৷ এই কাম বহু বছৰ আগৰ পৰাই চলি আহিছে৷ চৰকাৰ সলনি হোৱাৰ লগে লগে কিছুমান কথা আৰু কাম সলনি হয় আৰু তাক স্বাভাৱিক হিচাপেই গ্রহণ কৰা হয়৷

কিন্তু কংগ্রেছ, বিজেপি, অসম গণ পৰিষদ আদিৰ দৰে বিভিন্ন আদর্শৰ দলে চৰকাৰ চলোৱাৰ সময়তো এই বঁটা–সন্মান–পেন্সন আদিৰ ধাৰাবাহিকতাত যতি পৰা নাছিল৷ এই কথাই এটা কথাকে প্রমাণ কৰে যে চৰকাৰে দি অহা বঁটা–সন্মানৰ এই ব্যৱস্থাটিয়ে ৰাজনৈতিক মতাদর্শৰ ওপৰত স্থান লাভ কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাৰ পাছত এই বঁটা আৰু সন্মান প্রদান কৰা প্রক্রিয়াটিত হোৱা আমূল পৰিৱর্তনে সচেতন নাগৰিকৰ দৃষ্টি আকর্ষণ কৰিছে৷

পূর্বতে সাহিত্যিক পেন্সন বা শিল্পী পেন্সন পোৱা সকলৰ নাম বাতৰিকাকতত প্রচাৰ হৈছিল আৰু এটা সময়ত পেন্সন পাইছিল৷ কিন্তু হিমন্ত বিশ্ব শর্মাই উপলব্ধি কৰিছিল যে এই পেন্সনটি ব্যক্তিগৰাকীৰ অৱদানৰ প্রতি এটা সন্মান আৰু তাক চৰকাৰে প্রদান কৰে৷ গতিকে একোখন চিঠিৰে পেন্সনৰ কথাটি জনোৱাৰ পৰিৱর্তে একোখন সভাৰ আয়োজন কৰি ব্যক্তিগৰাকীৰ কামক ৰাজহুৱাভাৱে সন্মান প্রদর্শন কৰা ব্যৱস্থাৰ আৰম্ভণি হ’ল৷

ঠিক তেনেদৰে অইন বঁটাবোৰকো উদ্যাপনৰ যোগেৰে আগবঢ়োৱা প্রক্রিয়া এটি আৰম্ভ কৰা হ’ল৷ ইমান দিনে চলি অহা বঁটাকেইটাৰ লগত সংযোগ কৰা হ’ল অসম গৌৰৱ বঁটা৷ পদ্ম বঁটাৰ আর্হিত বঁটাপ্রাপক নির্বাচন কৰা আৰু একেধৰণৰ গাম্ভীর্যৰে প্রদান কৰা এই বঁটা সন্দেহাতীতভাৱে এক আদর্শ বঁটা৷ অৱশ্যে, এই বঁটা প্রদান অনুষ্ঠানৰ লগত প্রদর্শন কৰা সাংস্কৃতিক অনুষ্ঠানৰ মান আৰু অধিক উচ্চস্তৰলৈ যোৱাটো বাঞ্ছনীয়৷ ঠিক তেনেদৰে অসম প্রকাশন পৰিষদে শ্রেষ্ঠ গ্রন্থ আৰু গ্রন্থ প্রকাশকক দিয়া বঁটাও চৰকাৰৰ সদ্ ইচ্ছাৰ প্রকাশ৷ এটা কথা ঠিক যে এটা পক্ষৰ পৰা এনেকুৱা বঁটা–বাহনক চৰকাৰী পক্ষৰ প্রলোভন বুলিও বহুতে প্রচাৰ কৰে আৰু বঁটাপ্রাপকসকলক অসন্মান কৰে৷ এই দিশটোৰ প্রতিও চৰকাৰে মনযোগ দি এই বাকধাৰাটি মূল উৎসতে বন্ধ কৰা উচিত৷

বিভিন্ন পক্ষৰ পৰা যিমানেই ঋণাত্মক প্রচাৰ চলোৱা নহওক কিয় চৰকাৰী বঁটা আৰু সন্মানৰ এক বিশেষ মূল্য আছে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে সেই কথাক গুৰুত্ব দি যথাযোগ্য সন্মান প্রদর্শনেৰে বঁটাকেইটিক উচিত মর্যাদা প্রদান কৰিছে৷ কিন্তু চৰকাৰে আৰু কেইটিমান কথাত মনযোগ দিয়া উচিত আছিল৷ যিহেতু এই বঁটাবোৰ সম্পূর্ণ চৰকাৰী বঁটা, তেনে স্থলত চৰকাৰৰ ৱেবছাইটবোৰত এই বঁটাবোৰ আৰু প্রাপকসকলৰ নামৰ উপস্থিতি অতি জৰুৰী৷ বহু প্রতিষ্ঠানে সকলো ক্ষেত্রতে কেৱল ৱেব লিংকহে বিচাৰে৷

বর্তমানৰ এই ডিজিটেল যুগত প্রমাণ–পত্রৰ পৰিৱর্তে ৱেব লিংকহে অধিক জৰুৰী৷ সেই ৱেব লিংকৰ বাবে দায়িত্ব গ্রহণ কৰিব লাগিব বিভাগবোৰেই৷ সাহিত্যিক আৰু শিল্পী পেন্সনাৰসকল, বিভিন্ন বর্ষৰ বিভিন্ন বঁটাপ্রাপকসকলৰ নাম সেই বিভাগবোৰৰ ৱেবছাইটবোৰত থকাটো প্রয়োজনীয়৷ চৰকাৰী বঁটাৰ প্রমাণ–পত্রখনো প্রাপকগৰাকীৰ বাবে মূল্যৱান সম্পদ৷ বঁটা প্রদানৰ সময়ত দিয়া মানপত্রখন ইমান সুন্দৰকৈ বন্ধাই দিয়া হয় যে তাৰ পৰা দৰকাৰ হ’লে প্রতিলিপি কৰি উলিওৱা কষ্টকৰ কাম আৰু এই কামটো সকলোৰে বাবে সম্ভৱো নহয়৷ এই দিশটোলৈ চাই মানপত্রখনৰ একোটা ব্যৱহাৰযোগ্য কপী দিয়াৰ কথাটো বিবেচনা কৰিব লাগে৷ চৰকাৰে ইমানবোৰ বঁটা ইমান নিয়মীয়াভাৱে প্রদান কৰি আহিছে, কিন্তু চিনেমাৰ বাবে দিয়া ৰাজ্যিক বঁটাসমূহ কিন্তু নিয়মীয়াকৈ দিয়া হোৱা নাই৷

যোৱা কেইবাবছৰৰো প্রতিযোগিতা অনুষ্ঠিত হোৱা নাই আৰু বঁটাও দিয়া হোৱা নাই৷ চলচ্চিত্র উদ্যোগৰ লগত জডিতসকলে আশা কৰে যে ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ আর্হিতেই এই বঁটা নির্বাচন আৰু প্রদান সম্পাদিত হ’ব লাগে৷ বর্তমান সময়ত চুটি ছবিৰ নির্মাণ আৰু চর্চা বাঢ়িছে৷ নতুন চিত্রপৰিচালকসকল্ বাবে চুটি ছবি হৈ পৰিছে চলচ্চিত্র সাধনাৰ এটা অংগ৷ এই দিশতো পুৰস্কাৰৰ সংখ্যা বৃদ্ধি কৰাটো এই সময়ৰ দাবী৷ শিল্পী–সাহিত্যিকক সন্মান প্রদর্শন কৰাত কার্পণ্য নকৰা এই চৰকাৰে চলচ্চিত্র বঁটাটোকো একেই গুৰুত্বৰে গ্রহণ কৰিব লাগে ৷

You might also like