সম্পাদকীয় : আকৌ গেৰাণ্টী
দেশৰ সাধাৰণ নির্বাচন এতিয়া দুৱাৰডলিত আহি উপস্থিত হোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়৷ নির্বাচনৰ দিন–তাৰিখহে ঘোষণা হ’বলৈ বাকী৷ চর্চা চলিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেহতীয়া অসমসহ দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চল ভ্রমণৰ লগতে কেন্দ্রীয় নির্বাচন আয়োগৰ প্রতিনিধিয়ে ৰাজ্যই ৰাজ্যই গৈ চলাই থকা নির্বাচনী প্রস্তুতিৰ পর্যালোচনামূলক বৈঠকলানি অন্ত পৰাৰ পাছতেই নির্বাচনী অধিসূচনা জাৰি হ’ব৷ সেই অনুসৰি ১৩ মার্চৰ পাছত যিকোনা মুহূর্তত নির্বাচন আয়োগে সাধাৰণ নির্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে৷ ১২ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ১০দিনীয়া ভ্রমণৰ পৰিসমাপ্তি ঘটিব৷ ১৩ মার্চত ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে তেওঁ গুজৰাট আৰু অসমত তিনিটা ছেমিকণ্ডাক্টৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ দিনটোতে নির্বাচন আয়োগৰ নির্বাচনী প্রস্তুতিৰ বৈঠকলানিৰো সমাপ্তি ঘটিব৷ ইয়াৰ পাছতে সাধাৰণ নির্বাচনৰ অধিসূচনা জাৰি কৰিব পাৰে আয়োগে৷ অর্থাৎ ১৩ মার্চৰ পাছত যিকোনো মুহূর্ততে সাধাৰণ নির্বাচনৰ অধিসূচনা জাৰি হ’ব পাৰে৷ ১৩ মার্চৰ বিয়লিও অধিসূচনা জাৰি হ’ব পাৰে৷ অধিসূচনা যেতিয়াই জাৰি নহওক কিয়, দেশখন ইতিমধ্যে সাধাৰণ নির্বাচনৰ বাবে সাজু হৈ উঠিছে৷ চৰকাৰো সাজু, ৰাজনৈতিক দলো সাজু৷ জনসাধাৰণো মানসিকভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈ পৰিছে৷ ৰাজনৈতিক দলবিশেষে ইতিমধ্যে আংশিকভাৱে হ’লেও প্রার্থী তালিকা ঘোষণা কৰিছে৷ বিষয়টোত সবাৰে আগত আছে শাসক দল বিজেপি৷ দলটোৱে ইতিমধ্যে দেশৰ ১৯৫টা লোকসভা সমষ্টিৰ বাবে প্রার্থী তালিকা এখন ঘোষণা কৰিছে৷ তালিকাখনত দলটোৱে অসমত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া কেউখন আসনৰে প্রার্থীৰো নাম আছে৷ এইবাৰৰ লোকসভা নির্বাচনত এটা শব্দই বিশেষ গুৰুত্ব লাভ কৰিছে– গেৰাণ্টী৷ শব্দটোৰ সৈতে নৰেন্দ্র মোদীৰ নামটো সংযুক্ত কৰি বিজেপি তথা শাসকীয় মর্চাই (এনডিএ) একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলাভৰ গেৰাণ্টী অর্জন কৰিবলৈ মন বান্ধিছে৷ ‘মোদী গেৰাণ্টী’ক লৈ ইতিমধ্যে দেশজুৰি বিজেপিৰ আগ্রাসী প্রচাৰাভিযান আৰম্ভ হৈছে৷ ইয়ে জনসাধাৰণৰ মনোযোগ আকর্ষণ কৰিবলৈও সক্ষম হৈছে৷ অৱশ্যে জনসাধাৰণৰ মনযোগ কাঢ়ি লোৱাৰ কাৰণ মাথোঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঈর্ষণীয় জনপ্রিয়তা আৰু তেওঁৰ ওপৰত থকা আস্থা একমাত্র কাৰণ নহয়৷
গেৰাণ্টী শব্দটোৱে জনগণৰ চিত্ত আকর্ষণ কৰাৰ আন এটা কাৰণ আছে৷ সেইটোৰে কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পোনপটীয়া সম্পর্ক নাই৷ সম্পর্ক আছে বিৰোধী শিবিৰৰ সৈতেহে৷ আজিৰ তাৰিখত বিৰোধী শিবিৰৰ বাবে বিজেপি এটা মহাশক্তিত পৰিণত হোৱাত ‘গেৰাণ্টী’য়ে ইণ্ডি এলায়েঞ্চত সমৱেত হোৱা ৰাজনৈতিক দলসমূহৰ লগতে বাকী বিজেপি–এনডিএবিৰোধী ৰাজনৈতিক দলৰ বাবে এটা দুঃস্বপ্ণত পৰিণত হৈ পৰিছে৷ কোনে কেতিয়া বিৰোধী শিবিৰ এৰি বিজেপি আৰু এনডিএৰ কোনো দললৈ জাঁপ মাৰে, তাৰ গেৰাণ্টী নোহোৱা হৈছে৷ আনকি ‘এনডিএলৈ নাযাওঁ’ বুলি গেৰাণ্টী পত্রত ইণ্ডি এলায়েঞ্চৰ অংশীদাৰ দলৰ পৰা স্বাক্ষৰ ল’বলগীয়া হৈছে৷ কিন্তু সেই গেৰাণ্টীতো গেৰাণ্টীসহকাৰে সন্মতি দিবলৈও ৰাজনৈতিক দলৰ অভাৱ ঘটিছে৷ ঘটনাটো মহাৰাষ্ট্রৰ৷ ৰাজ্যখনত বর্তমান এনডিএ চৰকাৰৰ শাসন চলি আছে৷ কেইমাহমান পূর্বলৈকে শিৱসেনা–এনচিপি–কং মর্চা মহাবিকাশ আঘাডী (এমভিএ)ৰ শাসন চলিছিল৷ শিৱসেনাৰ এটা ফৈদে বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰাত এমভিএৰ হাতৰ পৰা ক্ষমতা ওলাই যায়৷ তাৰ পাছতো ৰাজ্যখনত মহাবিকাশ আঘাডীৰ মিত্রজোঁট অব্যাহত থাকে৷ দলকেইটাই মিলি আসন্ন লোকসভা নির্বাচনত ভাগ লোৱাৰ সংকল্পতেই এক হৈ থাকে৷ কিন্তু সমস্যাৰ সৃষ্টি কৰে বি আৰ আম্বেদকাৰৰ নাতি প্রকাশ আম্বেদকাৰে৷ তেওঁ আসন বুজাবুজিৰ বাবে চলি থকা আলোচনাৰ মাজতে এটা চর্ত আৰোপ কৰি প্রদেশখনত ইণ্ডি এলায়েঞ্চৰ মাজত বিৰাজমান গেৰাণ্টীহীনতাক উদঙাই দিয়ে৷ ইমানদিনে মূলতঃ ৰাজনৈতিক নেতাৰ গেৰাণ্টীহীনতাহে বিৰোধী শিবিৰৰ বাবে সংকটৰ কাৰণ হৈ আছিল৷ কিন্তু প্রকাশ আম্বেদকাৰৰ পদক্ষেপটোৱে নেতা নহয়, ৰাজনৈতিক দলো গেৰাণ্টীহীনতাৰ গ্রাসত পৰিছে৷ অৱশ্যে উত্তৰ প্রদেশত জয়ন্ত চৌধুৰীৰ আৰএলডিয়ে কিছুদিন পূর্বে নজিৰটো দাঙি ধৰিছিল৷ কিন্তু আৰএলডিৰ পৰা কোনেও কোনো গেৰাণ্টী বিচৰা নাছিল৷ কিন্তু প্রকাশ আন্বেদকাৰে উদ্ধৱ থাক্ৰে নেতৃত্বাধীন শিৱসেনাৰ পৰা লোকসভা নির্বাচনৰ পাছত এনডিএত যোগ নিদিয়াৰ গেৰাণ্টী বিচাৰিছিল৷ আন দলৰ সৈতে শিৱসেনাৰ পৰা শ্বেতপত্রত গেৰাণ্টীৰ স্বাক্ষৰ বিচাৰিছিল৷ কিন্তু থাক্ৰেৰ দলটোৰ নেতৃত্বই তেনে গেৰাণ্টী দিবলৈ অস্বীকাৰ কৰে৷ ইয়াৰ দ্বাৰা উদ্ধৱ থাক্ৰেয়ে বিজেপিলৈ বার্তা এটাও কৌশলেৰে প্রেৰণ কৰে৷ এই গেৰাণ্টীহীনতাৰ বাবে বিৰোধী শিবিৰ এতিয়া দেশৰ জনসাধাৰণৰ বিশ্বাস–আস্থাৰ তুলাচনীত উঠিবলগীয়া হৈছে৷ নির্বাচনত জয়ী হোৱাৰ পাছত জনপ্রতিনিধিজন যে বিজেপিলৈ নাযাব, তাৰ গেৰাণ্টী ক’ত?