নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : হালাল খাদ্যৰ এজেণ্ডা

যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্রদেশ চৰকাৰে যোৱা ১৮ নৱেম্বৰত জাৰি কৰা এক আদেশ অনুসৰি হালাল প্রমাণ–পত্র থকা খাদ্য–সামগ্রীৰ ডৎপাদন, সংৰক্ষণ, বিতৰণ আৰু বিক্রী তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছিল৷ এই আদেশে সমগ্র ভাৰততে একধৰণৰ হুলস্থূলৰ সৃষ্টি কৰিলে৷ কিন্তু এই আদেশৰ আগলৈকে খুব কম মানুহেহে জানিছিল যে ইছলাম ধর্মৰ প্রচলিত নিয়ম মতে প্রস্তুত কৰা খাদ্যৰ এখন বিশেষ বজাৰ যে ভাৰতত চলি আছে৷ ধর্মনিৰপেক্ষ বুলি ঘোষণা কৰা দেশ এখনত কেনেদৰে ধর্মীয় নিয়ম চৰকাৰী নিয়মৰ দতে চলি থাকিব পাৰে সেই কথাটিক কোনেও বিশেষ গুৰুত্বসহকাৰে গ্রহণ কৰা নাছিল৷ উত্তৰ প্রদেশ চৰকাৰৰ এহ নির্দেশৰ এসপ্তাহৰ পিছত ৰাজ্যখনৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্রশাসনে ২৫০০ কিলোগ্রাম ‘হালাল’ হিচাপে প্রমাণিত সামগ্রী জব্দ কৰিছে বুলি সংবাদ পত্রত প্রকাশ পাইছে৷ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা খাদ্য প্রস্তুতকাৰী প্রতিষ্ঠানত তদন্ত চলাইছে৷ অতি স্বাভাৱিকভাৱেই ৰাজ্যখনৰ কংগ্রেছ দলে এই আদেশৰ বিৰোধিতা কৰিছে৷ সমাজবাদী পার্টীৰ মুখপাত্র আমিক জামাহয়ে কৈছে যে এহ সিদ্ধান্তহ দেশৰ ৰাজহত প্রভাৱ পেলাব পাৰে৷ ভাৰত বিশ্বৰ সর্বাধিক মাংস ৰপ্তানিকাৰী দেশ আৰু এই ৰপ্তানিৰ অধিকাংশই হয় মুছলমান দেশলৈ৷ এহ ৰপ্তানি হয় বছৰি প্রায় ১.২৫ লাখ কোটি টকাৰ৷ মুছলমান দেশসমূহে কেৱল ‘হালাল’ হিচাপে প্রমাণিত মাংস বিচাৰে আৰু এনে প্রমাণ–পত্র ধর্মীয় সংস্থাহ প্রদান কৰে৷ ভাৰতৰ শীর্ষ ২০গৰাকী মাংস ৰপ্তানিকাৰকৰ ভিতৰত ১৮জন অমুছলমান৷ যদি হালাল প্রমাণ–পত্র নিষিদ্ধ কৰা হয়, তেন্তে হয়াৰ ফলত দেশৰ ৰাজহৰ ক্ষতি হ’ব বুলি তেওঁ ভাবে৷ আমিক জামাইৰ কথাৰ পৰা এটা কথাই স্পষ্ট হৈ উঠে যে যোগী আদিত্যনাথ চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰা সময়ত হিন্দু–মুছলমান আদি কথা বিবেচনা কৰা নাছিল৷

ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাহ ‘হালাল’ খাদ্যক হছলামিক আহন অনুসৰি অনুমোদিত খাদ্য বুলি সংজ্ঞায়িত কৰিছে৷ ইছলাম ধর্মৰ দৃষ্টিকোণেৰে জীৱ–জন্তুৰ মংগলসাধন বিষয়ত গৱেষণা কৰা হিচাপে বিখ্যাত ছিৰা আব্দুল ৰহমানে কয় যে ‘মুছলমানসকলে জীৱ–জন্তুৰ লগত নৈতিকতা ৰক্ষা কৰি কৰা ব্যৱহাৰত বিশ্বাস কৰে৷ দয়া, মমতা আৰু মানৱীয় ব্যৱহাৰক ভিত্তি কৰি কৰা ‘হালাল’ এহ দর্শনৰ সৈতে মিল খায়৷ দ্রুত আৰু বেদনাহীন বধৰ ওপৰত গুৰুত্ব দিয়াটোৱে জন্তুৰ মর্যাদাক সন্মান কৰে আৰু দুখ–কষ্ট কম কৰে৷’ এই কথাখিনি স্পষ্টভাৱে জীৱ–জন্তুক হত্যা কৰা প্রসংগৰ, ইয়াৰ লগত অইন খাদ্যৰ কোনো কথা নাই৷ ভাৰতত প্রধান হালাল প্রমাণীকৰণ সংস্থাসমূহৰ ভিতৰত হালাল হণ্ডিয়া প্রাহভেট লিমিটেড আৰু জমিয়ত ডলেমা–হ–হিন্দ হালাল ষ্ট্রাষ্ট অন্যতম৷ এই দুয়োটা সংগঠনেই চৰকাৰী সংগঠন নহয়৷ খাদ্যৰ গুণগত মানৰ মানপত্র দিবলৈ চৰকাৰৰ নিজস্ব প্রতিষ্ঠান আছে আৰু সেই প্রমাণ–পত্র সর্বত্র গৃহীত৷ ভাৰত চৰকাৰে হালাল প্রমাণ–পত্র দিয়াৰ কোনো নির্দেশনা নাহ৷ আমেৰিকাৰ কৃষি বিভাগে প্রকাশ কৰিছে যে ভাৰতীয় খাদ্যৰ ক্ষেত্রত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষৰ প্রমাণ–পত্রহে প্রযোজ্য৷ হয়াত কোৱা হৈছে যে ৰপ্তানি বা আমদানিৰ বাবেও বাণিজ্যিক অনুমতি লাভ কৰিবলৈ ‘আন্তঃৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত প্রমাণ–পত্র’ৰ ৰূপত হালাল প্রমাণ–পত্রৰ প্রয়োজন নাহ৷ এনেস্থলত হালাল মানপত্র সন্নিৱিষ্ট খাদ্যদ্রব্য প্রস্তুতকৰণৰ প্রয়োজনীয়তা কি আৰু ইয়াক লৈ বিতর্কৰ পাতনি মেলাৰ কাৰণ কি সেই বিষয়ে আলোচনা হোৱাটো স্বাভাৱিক৷ এহ বিতর্ক দুটা দিশক কেন্দ্র কৰিয়েহ হৈছে৷ এটা হৈছে প্রমাণ–পত্র প্রদানকাৰী কর্তৃপক্ষৰ বৈধতা আৰু আনটো হৈছে কোনো বিশেষ সম্প্রদায়ৰ লোকক লক্ষ্য কৰি লোৱাৰ অভিযোগ৷ দেশত এখন চৰকাৰ আছে, নীতি–নিয়ম বুলি কথা আছে, তেনেস্থলত এটা ধর্মীয় সম্প্রদায়ে নিজ ধর্ম প্রচাৰৰ স্বার্থত নিজা নীতি–নিয়মৰ সংযোগ ঘটাব সেই কথা কোনোপধ্যেই গ্রহণযোগ্য নহয়৷ এই হালাল প্রমাণ–পত্রক মাংসৰ পৰা নি অইন খাদ্যদ্রব্যবোৰতো ব্যৱহাৰ কৰা কৌশল আৰম্ভ হৈছে আৰু তাৰ আঁৰত আছে ধর্মৰ গইনা লৈ সমাজখনক ভাগ কৰাৰ কৌশল৷ উত্তৰ প্রদেশ চৰকাৰৰ এই দূৰদৃষ্টিসম্পন্ন সিদ্ধান্তক অইন ৰাজ্যসমূহেও গভীৰভাৱে বিবেচনা কৰা উচিত৷

You might also like