সম্পাদকীয় : বিশ্ব দবাত ভাৰত
বিশ্ব দবা প্রতিযোগিতাত ভাৰতীয় দবাৰুৱে সময়ে সময়ে নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি আহিছে৷ ভাৰতৰ বিশ্বনাথন আনন্দে দীর্ঘসময় বিশ্ব দবাত আধিপত্য বিস্তাৰ কৰাৰ পিছত বিগত সময়ছোৱাত কেইবাগৰাকী প্রতিভাৱান দবাৰুৱে বিশ্বৰ দবা অনুৰাগীৰ দৃষ্টি আকর্ষণ কৰি আহিছে৷ এইবাৰ বিশ্ব দবাৰ মানচিত্রত ভাৰতৰ এগৰাকী যুৱ খেলুৱৈয়ে দেশখনৰ শিৰ উন্নত কৰিবলৈ সক্ষম হৈছে৷ দবা প্রতিভা ডি গুকেশে বিশ্ব দবা চেম্পিয়নশ্বিপত শ্রেষ্ঠত্ব অর্জনেৰে পুনৰ ভাৰতীয়সকলক গর্বিত কৰিলে৷ ১৮ বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে ছিংগাপুৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপত শ্রেষ্ঠত্ব অর্জনেৰে পুনৰ ভাৰতীয়সকলক গর্বিত কৰিলে৷ ১৮ বছৰীয়া খেলুৱৈগৰাকীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে ছিংগাপুৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত চীনৰ ডিং লিৰেনক পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিলে৷ ফাইনেলৰ অন্তিম ৰাউণ্ডত গুকেশে বিপক্ষ খেলুৱৈগৰাকীক পৰাজিত কৰি খিতাপ দখল কৰে৷ উল্লেখ্য যে ৫বাৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা বিশ্বনাথন আনন্দৰ পিছত এই সন্মানজনক খিতাপ অর্জন কৰা গুকেশেই হ’ল দ্বিতীয়গৰাকী ভাৰতীয়৷ গুকেশৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল তেৱেঁই হৈছে বিশ্ব খিতাপ অর্জন কৰা বিশ্বৰ সর্বকনিষ্ঠ দবাৰু৷ মাত্র ১২ বছৰ বয়সতে গ্রেণ্ড মাষ্টাৰৰ খিতাপ অর্জন কৰা গুকেশ হৈছে বিশ্ব দবাৰ ইতিহাসত তৃতীয় কনিষ্ঠ গ্রেণ্ড মাষ্টাৰ৷ মাত্র ৭ বছৰ বয়সতে দবাৰ আদিপাঠ গ্রহণ কৰা গুকেশে ২০১৮ চনত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত ১২ বছৰ অনূর্ধ্ব খিতাপ অর্জন কৰিছিল৷ ২০১৭ চনৰ ৩ মার্চত আন্তর্জাতিক মাষ্টাৰ খিতাপৰ বাবে প্রয়োজনীয়তাখিনি পূৰণ কৰি তেওঁ বিশ্ব দবাত নিজৰ সবল উপস্থিতি ঘোষণা কৰিছিল৷ ২০২২ চনত গুকেশে ৪৪সংখ্যক দবা অলিম্পিয়াডত দলীয় ব্রঞ্জ আৰু ব্যক্তিগত স্বর্ণ পদক দখল কৰে৷ যোৱা বছৰ ৰেটিং তালিকাত তেওঁ ভাৰতৰ কিংবদন্তি দবাৰু বিশ্বনাথন আনন্দৰ ৩৭ বছৰীয়া অভিলেখ ভংগ কৰি শীর্ষ ৰেটেড ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হয়৷ ২০২৪ চনৰ ৪৫সংখ্যক দবা অলিম্পিয়াডতো গুকেশে দলগত আৰু ব্যক্তিগত উভয় বিভাগতে স্বর্ণপদক দখল কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল৷ এইবাৰ তেওঁ বিশ্ব দবা চেম্পিয়নশ্বিপত যোৱাবাৰৰ চেম্পিয়ন ডিং লিৰেনৰ দৰে চীনৰ শক্তিশালী প্রতিদ্বন্দ্বীক পৰাভূত কৰি ইতিহাস সৃষ্টি কৰে৷ গুকেশে এই খিতাপ অর্জন কৰে ১৮ বছৰ আৰু ১৯৫ দিন বয়সত৷ এইগৰাকী যুৱ তাৰকাৰ জন্ম হৈছিল ২০০৬ চনৰ ২৯ মে’ত অন্ধ্রপ্রদেশৰ এটা তেলেগু পৰিয়ালত৷ তেওঁৰ মাতৃ পদ্মাৱতী এগৰাকী মাইক্র’বায়’লজিষ্ট আৰু পিতৃ ৰজনীকান্ত এগৰাকী ই এন টি ছার্জন৷ কর্মসূত্রে তেওঁৰ পিতৃ চেন্নাইহৈ আহে আৰু গুকেশে তাতেই পঢ়া–শুনা কৰে৷
২০১৩ চনত তেওঁ দবা খেলিবলৈ আৰম্ভ কৰে৷ গুকেশৰ উত্থানত পিতৃৰ ভূমিকা অপৰিসীম৷ পুত্রক সময় দিয়াৰ বাবে ২০১৭ চনত পিতৃয়ে চাকৰিৰ পৰা অব্যাহতি লয়৷ সেই সময়ত কিছু আর্থিক সংকটৰ সন্মুখীন হৈছিল আৰু গুকেশক সহায় কৰিছিল পিতৃ–মাতৃৰ বন্ধুসকলে৷ অৱশ্যে এইসকল লোকক তেওঁ সদায় স্বীকৃতি প্রদান কৰি আহিছে৷ আজি গুকেশ আৰু পিতৃ–মাতৃৰ অপৰিসীম পৰিশ্রম আৰু ত্যাগ সার্থক হৈছে৷ অৱশ্যে দবাৰ আদিপাঠ গ্রহণ কৰাৰ সময়ৰে পৰা তেওঁৰ প্রতিভাৰ উমান পোৱা গৈছিল৷ ২০১৫ চনত গুকেশে এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপৰ ৯ বছৰ অনূর্ধ্ব বিভাগত খিতাপ অর্জন কৰি দক্ষতাৰ পৰিচয় দিছিল৷ ২০১৮ চনত তেওঁ ১২ বছৰ অনূর্ধ্ব বিভাগত যুৱ দবা চেম্পিয়নশ্বিপত ৫টা স্বর্ণপদক জয় কৰি অভিলেখ সৃষ্টি কৰিছিল৷ ২০১৯ চনত গুকেশে দবাৰ ইতিহাসত দ্বিতীয় কনিষ্ঠ গ্রেণ্ড মাষ্টাৰৰ সন্মান অর্জন কৰে৷ তেওঁ ছের্গেই কার্জাকিনৰ ১২ বছৰ ৭ মাহ আৰু ১৭ দিন বয়সত এই সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত পিছলৈ উভতি চাবলগীয়া নোহোৱা গুকেশে চলিত বর্ষত কেইবাখনো আগশাৰীৰ আন্তর্জাতিক প্রতিযোগিতাত খিতাপ দখল কৰি বিশ্বৰ দবা ক্ষেত্রখনত সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ অবিশ্বাস্য গণনা কৰাৰ ক্ষমতাৰ বাবেই গুকেশে সদায় প্রতিপক্ষ দবাৰুক শ’লঠেকত পেলাবলৈ সক্ষম হয়৷ শেহতীয়াভাৱে বিশ্ব চেম্পিয়ন হোৱাৰ পিছত তেওঁ এই কৃতিত্ব দিব বিচাৰিছে প্রশিক্ষক পেডি এপটনক, এইগৰাকী মানসিক কণ্ডিছনিং প্রশিক্ষক ফুটবল আৰু হকীৰ সৈতেও জড়িত৷ তেওঁ এগৰাকী প্রখ্যাত মানসিক কণ্ডিছনিং প্রশিক্ষক৷ ছিংগাপুৰত অনুষ্ঠিত দবা বিশ্ব চেম্পিয়নশ্বিপৰ মাৰাথন ইভেণ্টৰ পূর্বে আৰু সেই সময়ছোৱাত তেওঁ গুকেশৰ লগত আছিল৷ উল্লেখ্য যে এইগৰাকী মানসিক কণ্ডিছনিং প্রশিক্ষকে ২০১১ চনত বিশ্ববিজয়ী ভাৰতীয় ক্রিকেট দল আৰু পেৰিছ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী ভাৰতীয় দলৰ সৈতে কাম কৰিছিল৷ বিশ্ব চেম্পিয়ন হোৱাৰ পিছত সংবাদ মাধ্যমক গুকেশে কৈছে– ‘পেডি মোৰ দলৰ এক গুৰুত্বপূর্ণ অংশ৷ মোৰ স্পনছ’ৰ ৱেষ্টব্রিজে তাৎক্ষণিকভাৱে পেডিৰ সৈতে যোগাযোগ কৰিছিল৷ ইয়াৰ পাছতে মই তেওঁৰ স’তে মানসিক প্রশিক্ষণৰ কাম আৰম্ভ কৰিছিলোঁ৷ মই তেওঁৰ পৰা যথেষ্ট শিকিছিলোঁ আৰু তেওঁৰ স’তে হোৱা কথোপকথন উপভোগ কৰিছিলোঁ৷ গুকেশে প্রথম আৰু ১২ নম্বৰ গেমত পৰাজিত হোৱাৰ পিছত দক্ষিণ আফ্রিকাৰ এইগৰাকী মানসিক প্রশিক্ষকৰ পৰা যথেষ্ট সহায় পাইছিল আৰু তেওঁৰ সাহায্যৰ বাবেই সেই অৱস্থাৰ পৰা ওলাই আহিব পাৰিছিল৷ যি হওক, গুকেশৰ এই শেহতীয়া সাফল্যই ভাৰতক দবা মানচিত্রত অধিক পৰিচিত প্রদান কৰিলে৷ এতিয়াৰে পৰা নিজৰ ল’ৰা–ছোৱালীৰ মানসিক বিকাশৰ বাবে দবাক অধিক গুৰুত্ব প্রদান কৰিব৷ লাহে লাহে দক্ষিণ ভাৰতৰ পৰা দেশৰ অন্য স্থানলৈও অধিক পৰিমাণে সম্প্রসাৰিত হ’ব দবাৰ আধিপত্য৷