নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পেৰিছ অলিম্পিকলৈ ভাৰত

ক্রীড়া হৈছে শান্তি আৰু ভাতৃত্ববোধৰ আটাইতকৈ প্রধান মাধ্যম৷ এইক্ষেত্রত অলিম্পিক ক্রীড়া সমাৰোহ আছে আটাইতকৈ শীর্ষত৷ অলিম্পিকত বিশ্বৰ সর্বশক্তিমান দেশসমূহৰ উপৰি সর্বাধিক দেশৰ তাৰকা খেলুৱৈসকলে এক অঘোষিত ৰণত অৱতীর্ণ হয়৷ সেইবাবেই অলিম্পিক গেছমক কোৱা ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ’৷ এইবাৰ বিশ্বৰ এই সর্ববৃহৎ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব পেৰিছত৷ প্রতিযোগিতাখনত ভাৰতীয় খেলুৱৈয়ে দেশৰ স্বাধীনতাৰ পূর্বৰে পৰা অংশগ্রহণ কৰি আহিছে৷ ১৯২০ চনৰ পৰা ভাৰতে অলিম্পিকত ধাৰাবাহিকভাৱে অংশগ্রহণ কৰিছে৷ অৱশ্যে ইয়াৰ পূর্বে ১৯০০ চনত অনুষ্ঠিত পেৰিছ অলিম্পিকতো ভাৰতৰ এটা ক্রীড়াবিদৰ দলে অংশগ্রহণ কৰিছিল৷ অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত ভাৰতৰ ১১১গৰাকী খেলুৱৈয়ে ১৬বিধ খেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ভাৰতীয় ক্রীড়াবিদে অংশগ্রহণ কৰিবলগীয়া খেলসমূহ হ’ল– আর্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, অশ্বাৰোহণ, হকী, গ’ল্ফ, জুডো, ৰ’য়িং, শ্বুটিং, সাঁতোৰ, টেবুল টেনিছ, টেনিছ, ভাৰোত্তোলন, ৰেষ্টলিং ইত্যাদি৷ প্রতিযোগিতাখনত ভাৰতৰ এটি ছজনীয়া দলে যুঁজত নামিব৷ তেওঁলোক হ’ল– ধীৰাজ বোমাদেভাৰা, ভজন কৌৰ, তৰুণদীপ ৰায়, প্রবীণ ৰমেশ যাদৱ, অংকিতা ভকত আৰু দীপিকা কুমাৰী৷ এই দলটো এইবাৰ যথেষ্ট শক্তিশালী৷ ভাৰতীয় এথলীটে এইপর্যন্ত এথলেটিকছত পদক অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ এইবাৰ পেৰিছত ভাৰতৰ এথলীটসকলে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ মহিলাৰ ১০০ মিটাৰ হাউলছত জ্যোতি ইয়াৰাজি, মহিলাৰ ৪০০ মিটাৰ দৌৰত কিৰণ পাহাল, পুৰুষৰ ৩০০০ মিটাৰ ষ্ট্রিপলচেজত অবিনাশ ছাবলে, মহিলাৰ ৩০০০ মিটাৰ ষ্ট্রিপলচেজত পাৰুল চৌধুৰী, পুৰুষৰ ১৬০০ মিটাৰ ৰীলেত মহম্মদ আনাছ, মহম্মদ আজমল ভাৰিয়াথেদি, আমোজ জেকব, সন্তোষ কুমাৰ তামিলৰাছান আৰু ৰাজেশ কুমাৰৰ লগতে কেইবাগৰাকী প্রতিযোগীয়ে পেৰিছ এথলেটিকছৰ বিভিন্ন ইভেণ্টত নামিব৷
বি ডব্লিউ এফৰ সর্বোচ্চ ৰেংকিঙৰ ওপৰত নির্ভৰ কৰি এইবাৰ বেডমিণ্টনত ভাৰতৰ হৈ ৭গৰাকী শ্বাটলাৰে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছে৷ এই দলটো এইবাৰ পদকৰ অন্যতম দাবীদাৰৰূপে অৱতীর্ণ হ’ব৷ দলটোত আছে অলিম্পিকৰ পদক বিজয়ী পিভি সিন্ধু, বিশ্বৰ অন্যতম শ্রেষ্ঠ বেডমিণ্টন খেলুৱৈ প্রণয় এইচ এছ, লক্ষ্য সেন, চিৰাগ ছেট্টী, সাত্বিক ছিৰাজ ৰণকীৰেড্ডী, অশ্বিনী প’নাপ্পা আৰু তানিছা ক্রেষ্টো৷ ভাৰতৰ বক্সিং দলটোও অতিশয় শক্তিশালী৷ এই দলটোত আছে অসমকন্যা লাভলীনা বৰগোহাঁই৷ বিগত অলিম্পিকত অলিম্পিক পদক বিজয়েৰে ইতিহাস সৃষ্টি কৰাৰ পিছত এইবাৰো পদক অর্জনৰ লক্ষ্যৰে পেৰিছত উপস্থিত হৈছে লাভলীনা৷ এই দলটোত আছে অমিত পাংঘল, নিখাত জাৰিণৰ নিচিনা বিশ্বমানৰ বক্সাৰ৷ বক্সিঙৰ জৰিয়তে এইবাৰো পদক অহাৰ আশা কৰিছে ভাৰতীয় অলিম্পিক সংস্থাই৷ অলিম্পিকত ভাৰতীয় হকীৰ এক বর্ণিল ইতিহাস আছে৷ এইবাৰ সেই সোণালী দিন ওভতাই অনাৰ বাবে ভাৰতে এটি শক্তিশালী দল প্রেৰণ কৰিছে হৰমনপ্রীত কৌৰৰ নেতৃত্বত৷ উল্লেখ্য যে বিগত টকি’ অলিম্পিকত ভাৰতীয় হকী দলে ব্রঞ্জক পদক অর্জন কৰিছিল৷ ১৯৮০ চনত মস্কো অলিম্পিকত ভাৰতে হকীত সোণৰ পদক অর্জন কৰাৰ সুদীর্ষ ৪১ বছৰ পিছত পুনৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে , এইবাৰ অলিম্পিকত পদকৰ অন্যতম দাবীদাৰ ৰূপে নামিব জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রা৷ টকি’ত নীৰজে স্বর্ণপদক অর্জনেৰে উজলি উঠিছিল৷ অভিনৱ বিন্দ্রাৰ পিছত ভাৰতৰ এইটোৱে আছিল ব্যক্তিগত ইভেণ্টৰ স্বর্ণ পদক৷ নীৰজে ৮৭.৫৮ মিটাৰ জেভলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল৷ এইবাৰো তেওঁৰ পৰা স্বর্ণ আশা কৰিছে ১৪০ কোটি ভাৰতীয়ই৷ টকি’ত নীৰজৰ উপৰি মীৰাবাঈ চানুৱে মহিলাৰ ভাৰোত্তোলনত ৰূপ, লাভলীনাই মহিলাৰ ৱেল্টাৰৱেইট বক্সিঙত ব্রঞ্জ, পিভি সিন্ধুৱে মহিলাৰ একক বেডমিণ্টনত ব্রঞ্জ, ৰবি কুমাৰ দাহিয়াই পুৰুষৰ ৰেষ্টলিঙত ৰূপ, বজৰং পুনিয়াই পুৰুষৰ ৰেষ্টলিঙত ব্রঞ্জ আৰু ভাৰতীয় পুৰুষ হকী দলে ব্রঞ্জক পদক অর্জনেৰে ইতিহাস সৃষ্টি কৰিছিল৷ টকি’অত ভাৰতীয় খেলুৱৈয়ে মুঠ ৭টা পদক অর্জন কৰিছিল৷ এয়াই ভাৰতৰ অলিম্পিকত সর্বাধিক পদক৷ যোৱাবাৰৰ অলিম্পিকত ভাৰতে ১টা স্বর্ণ, দুটা ৰূপ আৰু ৪টা ব্রঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়৷ অৱশ্যে ইয়াৰ পিছতো টকি’ত ভাৰতৰ স্থান আছিল ৪৮৷ আসন্ন পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পাব বুলি সকলো ভাৰতীয় অনুৰাগী আশাবাদী৷

You might also like