সম্পাদকীয় : ছুডানৰ অস্থিৰতা
আফ্রিকান ৰাষ্ট্র ছুডানৰ গৃহযুদ্ধত এতিয়ালৈকে কেইবাহাজাৰো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ গৃহহীন হৈছে লাখ লাখ লোক৷ আটাইতকৈ ক্ষতিগ্রস্ত ডাৰফুৰ অঞ্চলৰ পৰা কেইবালাখো লোকে অন্য দেশলৈ পলায়ন কৰিছে৷ মূলতঃ দেশখনত সেনা আৰু অর্ধসেনা ৰেপিড ছাপোর্ট ফ’র্চেছ (আৰএছএফ)ৰ মাজত দীর্ঘদিন ধৰি চলি আছে ক্ষমতা দখলৰ যুঁজ৷ সেনাৰ হাতৰ পৰা অর্ধসেনাই দুবছৰ পূর্বে কাঢ়ি লৈছিল ৰাজধানী খার্তুমৰ গুৰুত্বপূর্ণ মন্ত্রী পৰিষদৰ প্রাসাদ আৰু ৰাষ্ট্রপতি প্রাসাদ৷ দুবছৰ ধৰি দেশখনৰ ক্ষমতাৰ আটাইতকৈ গুৰুত্বপূর্ণ অঞ্চল হিচাপে চিহ্ণিত ৰাষ্ট্রপতি প্রাসাদ আৰু চৰকাৰৰ গুৰুত্বপূর্ণ প্রাসাদসমূহ আৰএছএফে নিয়ন্ত্রণ কৰিছিল৷ কিন্তু শেহতীয়াকৈ সেনাই দখল কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্রপতি প্রাসাদ৷ শুকুৰবাৰে ৰাজধানী চহৰ খার্তুমৰ ৰিপাব্লিকান পেলেচ পুনৰ দখল কৰিছে সেনাই৷ ইতিমধ্যে উল্লসিত সেনাই বন্দুক দাঙি বিজয় চিহ্ণ প্রদর্শন কৰা ছবি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ দহ হাজাৰ লোকৰ প্রাণৰ বিনিময়ত পুনৰ ৰাজধানী দখল কৰা বুলি দাবী কৰিছে সেনাই৷ লগে লগে ছুডানৰ পৰিস্থিতি সন্দর্ভত আন্তর্জাতিক সংগঠনসমূহে উদ্বেগ প্রকাশ কৰিছে৷ দুবছৰীয়া গৃহযুদ্ধত নজিৰবিহীন পাশৱিকতাৰ সন্মুখীন হৈছে দেশখনৰ সাধাৰণ জনতা৷ নিৰীহ জনতাৰ ওপৰত সেনা আৰু অর্ধসেনাৰ পাশৱিক আতিশয্যৰ বিভিন্ন তথ্য ৰাষ্ট্রসংঘই প্রকাশ কৰিছে৷ আনকি গাঁও হিচাপত মহিলাসকলৰ ওপৰত অর্ধসেনাই দলবদ্ধ ধর্ষণ কৰা বুলি অভিযোগ তুলিছে ৰাষ্ট্রসংঘই৷ ইয়াৰ পাছতো দেশখনৰ পৰিস্থিতি সন্দর্ভত বিশ্বৰ কোনো দেশেই বিশেষ গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই৷ শেহতীয়াকৈ যুদ্ধৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰা বুলি দাবী কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রপতি প্রাসাদ আৰু ৰাজধানী খার্তুমৰ গুৰুত্বপূর্ণ অঞ্চল সেনাই দখল কৰাৰ পাছতে অর্ধসেনা আৰএছএফে প্রত্যন্ত অঞ্চলসমূহত নিৰীহ জনতাৰ ওপৰত পুনৰ পাশৱিক আতিশয্য চলোৱাৰ অভিযোগ অনা হৈছে৷ লক্ষণীয়ভাৱে অর্ধসেনাই গুৰুত্বপূর্ণ অঞ্চলসমূহত সেনাৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাৰ পাছতে ‘প্রতিশোধী’ যুদ্ধৰ বলি হ’বলগীয়া হৈছিল নিৰীহ লোকসকল৷ ইফালে, সম্পূর্ণ বিজয় সাব্যস্ত কৰিব নোৱাৰালৈকে যুদ্ধ চলি থাকিব বুলি দাবী কৰিছে সেনাই৷ কিন্তু নিৰীহ লোকৰ নিৰাপত্তাৰ বিষয়টোক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই সেনাৰ বিষয়াসকলে৷ অর্থাৎ সর্বসাধাৰণ জনতাৰ ওপৰত পাশৱিক আতিশয্য চলি থাকিলেও ছুডানত এই পাশৱিক গৃহযুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা ক্ষীণ৷
উত্তৰ–পূবৰ নৱপ্রজন্মৰ স্বপ্ন পূৰ্ণ কৰাৰ মঞ্চ আইপিএল
দুবছৰ ধৰি ৰক্তক্ষয়ী গৃহযুদ্ধত জর্জৰিত হৈ আছে দেশখন৷ আফ্রিকাৰ বিভিন্ন দেশৰ দৰে ছুডানতো নিৰাপত্তা বাহিনীৰ মতানৈক্যৰ ফলতেই এই যুদ্ধৰ সূত্রপাত ঘটিছে৷ ২০১৯ চনত ক্ষমতাচ্যুত হৈছিল ছুডানৰ প্রাক্তন ৰাষ্ট্রনায়ক অমৰ আল–বছিৰ৷ ইয়াৰ পাছতে দুই বাহিনীৰ মাজত ক্ষমতা দখলৰ বাবে আৰম্ভ হয় যুদ্ধ৷ এই যুদ্ধৰ ফলত অগ্ণিগর্ভ হৈ পৰে দেশখনৰ পৰিস্থিতি৷ আৰম্ভ হয় গৃহযুদ্ধ৷ বিভিন্ন মিলিছিয়া সংগঠনে এই যুদ্ধত সেনা নাইবা আৰএছএফক সহায় কৰিবলৈ লয়৷ পৰিণতিত নিৰীহ লোকসকল হৈ পৰে সকলো পক্ষৰ আক্রমণৰ টার্গেট৷ চৰকাৰী হিচাপ অনুসৰি দহ হাজাৰ লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে এই গৃহযুদ্ধত৷ কিন্তু আন্তর্জাতিক সংস্থাসমূহৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থাৰ তথ্য অনুসৰি দেশখনৰ গৃহযুদ্ধত প্রাণ হেৰুৱাইছে বিশ সহস্রাধিক নিৰীহ লোকে৷ নিহত লোকসকলৰ অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ লক্ষণীয় বিষয়টো হৈছে কেৱল ক্ষমতা দখলৰ বাবে যুঁজত নামিছিল দুই সশস্ত্র বাহিনীৰ মুৰব্বী জেনেৰেল সেনাপ্রধান আব্দেল আল–ফাটা আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালো৷ প্রথমজন ছুডানৰ সেনাপ্রধান আৰু ২০১৯ৰ পৰা দেশৰ সর্বোচ্চ শাসন ব্যৱস্থাৰ বাবে ভাৰপ্রাপ্ত কাউঞ্চিলৰ দায়িত্বত আছে৷ দ্বিতীয়জনে অর্ধসেনা আৰএছএফৰ মুৰব্বী তথা কাউঞ্চিলৰ অন্যতম সদস্য৷ দুয়োজনৰ ক্ষমতা দখলৰ যুঁজেই দুবছৰ ধৰি ৰক্তপ্লাৱন সৃষ্টি কৰি আছে ছুডানত৷ ৰাষ্ট্রসংঘই দুয়োজন জেনেৰেলৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগ, নৃশংসতা আৰু পাইকাৰী হাৰত ধর্ষণৰ অভিযোগ আনিছে যদিও আজিলৈকে কোনো বিচাৰ প্রক্রিয়াৰ সন্মুখীন হোৱা নাই দুয়োগৰাকী নেতা৷ ক’বলৈ গ’লে এক অভাৱনীয় অৰাজক পৰিস্থিতিৰ মাজত আছে ছুডান৷