নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : খেল মহাৰণ ২.০ 

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তত্বাৱধানত বিগত বর্ষৰ পৰা ক্রীড়াক্ষেত্রত জাগৰণ সৃষ্টি কৰা খেল মহাৰণ আৰম্ভ হৈছে৷ অসমৰ ক্রীড়াক্ষেত্রৰ উন্নয়নৰ বাবে আৰম্ভণিৰে পৰা মুখ্যমন্ত্রীগৰাকীয়ে বিভিন্ন সুদূৰপ্রসাৰী পদক্ষেপ গ্রহণ কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে আৰম্ভ কৰা খেল মহাৰণে ক্রীড়া ক্ষেত্রত এক যুগান্তকাৰী পৰিৱর্তনৰ সূচনা কৰিবলৈ আগবাঢ়িছে৷ উল্লেখ্য যে অসমৰ গ্রামাঞ্চলৰ বিভিন্ন প্রান্তত অজস্র প্রতিভাধৰ ল’ৰা–ছোৱালী আছে৷ কিন্তু এই প্রতিভাসমূহ বিচাৰি উলিওৱাৰ উপযুক্ত মঞ্চ নাই৷ এতিয়াৰ পৰা খেল মহাৰণে এখন মঞ্চ দিব, যাৰ জৰিয়তে দক্ষতাসম্পন্ন ল’ৰা–ছোৱালীবোৰক বিচাৰি উলিয়াব পৰা যাব৷ খেল মহাৰণে কেৱল অসমৰ যুৱক–যুৱতীসকলক্ যে কেৱল খেলুৱৈৰূপেহে গঢ়ি তুলিব তেনে নহয়, ইয়াৰ জৰিয়তে যুৱপ্রজন্মৰ শাৰীৰিক সুস্থতাকো নিৰূপণ কৰিব৷ খেল মহাৰণৰ মূল লক্ষ্যসমূহ হৈছে– তৰুণসকলৰ মাজত ক্রীড়া দক্ষতা প্রদানৰ সুযোগ সৃষ্টি কৰা, ৰাজ্যৰ স্থানীয় খেলাধূলাৰ প্রচাৰ আৰু শাৰীৰিক সুস্থতাক উৎসাহিত কৰা, সকলো সম্প্রদায়ৰ লোকক যুক্ত কৰি খেলাধূলাৰ মাজেদি অসমৰ সংস্কৃতিৰ বিকাশ ঘটোৱা ইত্যাদি৷ খেল মহাৰণ ২.০ত অন্তর্ভুক্ত কৰা খেলসমূহ হ’ল– এথলেটিক্ছ, ফুটবল, কাবাদী, ভলীবল, দবা, সাঁতোৰ আৰু চাইক্লিং৷ খেল মহাৰণৰ প্রতি যোৱা বছৰতকৈ এইবাৰ খেলুৱৈৰ লগতে অভিভাৱকসকলৰ আগ্রহ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যাৰ পৰিণতিত বিগত বর্ষৰ তুলনাত এইবাৰ অংশগ্রহণকাৰী খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র ৰাজ্যবাসীক এটি প্রাণময় ক্রীড়া সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷ ইতিমধ্যে খেল মহাৰণ ২.০ত নাম পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা ৫৫ লাখলৈ বৃদ্ধি পাইছে৷ যোৱা ১ নৱেম্বৰলৈ খেল মহাৰণ ২.০ৰ অধীনত মুঠ ৫৩,৫৮,৬৬১গৰাকী খেলুৱৈয়ে নাম পঞ্জীভুক্ত কৰিছে৷ যোৱা বছৰতকৈ অংশগ্রহণকাৰী খেলুৱৈৰ সংখ্যা এইবাৰ বহু পৰিমাণে বৃদ্ধি পাইছে৷ এখন প্রতিযোগিতাত ৫৫লাখ খেলুৱৈৰ অংশগ্রহণ নিঃসন্দেহে আশাৰ বতৰা৷ লক্ষণীয়ভাৱে মহিলা অংশগ্রহণকাৰী খেলুৱৈৰ সংখ্যা অধিক পৰিমাণে বৃদ্ধি পাইছে৷ যোৱা বছৰ অংশগ্রহণ কৰা মহিলা খেলুৱৈৰ তুলনাত প্রায় দুই লাখ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– পুৰুষ–খেলুৱৈৰ তুলনাত মহিলা খেলুৱৈৰ সংখ্যা প্রায় অর্ধেক৷

মন কৰিবলগীয়া যে ২০২৩ চনৰ পৰা অসম চৰকাৰে খেল মহাৰণৰ আয়োজন কৰিবলৈ লয়৷ ক্রীড়া প্রতিভা উলিয়াই অনা আৰু সেই প্রতিভাসমূহ উপযুক্তভাৱে বিকাশ কৰাৰ বাবে খেল মহাৰণ হৈছে অসমৰ আটাইতকৈ বৃহৎ এথলেটিক প্রতিযোগিতা৷ যোৱা বছৰ প্রতিযোগিতাখনত অসমৰ ২৭,০০০ গাঁৱৰ ল’ৰা–ছোৱালীয়ে প্রতিদ্বন্দ্বিতাত নামে৷ মুঠ চাৰিটা স্তৰত অনুষ্ঠিত খেল মহাৰণত এই গাঁওসমূহৰ ৫০ লক্ষাধিক খেলুৱৈয়ে ৫টা ইভেণ্টত অংশগ্রহণ কৰে৷ গাঁও পঞ্চায়ত পর্যায়ৰ পৰা সমষ্টি, জিলা আৰু ৰাজ্যিক পর্যায়লৈ প্রতিযোগিতাসমূহ আয়োজন কৰি প্রতিভাসমূহ আৱিষ্কাৰ কৰা হয়৷ ইয়াৰ পিছত উপযুক্ত প্রশিক্ষকৰ দ্বাৰা তেওঁলোকক প্রশিক্ষণ প্রদান কৰি ৰাষ্ট্রীয় পর্যায়লৈ আগুৱাই দিয়াই খেল মহাৰণৰ মূল লক্ষ্য৷ গ্রামাঞ্চলৰ খেলুৱৈসকলৰ সম্ভাৱনা চিহ্ণিত কৰি তেওঁলোকক সহায় কৰাৰ বাবে গুজৰাটত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ কৰা ‘খেল মহাকুম্ভ’ অনুকৰণত অসমত খেল মহাৰণ আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে অসমত বৃদ্ধি পোৱা ক্রীড়া আন্তঃগাঁথনিৰ বাবে ৰাজ্যৰ খেলুৱৈসকলে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত উজলি উঠিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰি পদক অর্জন কৰা খেলুৱৈসকলক চৰকাৰী চাকৰি প্রদানৰো ব্যৱস্থা হাতত লৈছে৷ ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীয়ে কৰা ঘোষণা কার্যকৰী হোৱাত বহু ক্রীড়াবিদে বিভিন্ন বিভাগত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ ক্রীড়াৰ উন্নয়নৰ বাবে আগন্তুক ৫ বছৰত কেইবাশ কোটি টকা বিনিয়োগ কৰাৰ বিষয়েও ঘোষণা কৰিছে৷ সেই ধন উপযুক্তভাৱে বিনিয়োগ কৰিব পাৰিলে নিশ্চিতভাৱে অসমৰ ক্রীড়া জগতৰ ব্যাপক উন্নতি হ’ব৷

You might also like