নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কিশোৰ–যুৱকৰ মানসিক স্বাস্থ্য

বিভিন্ন বয়সৰ ছাত্র–ছাত্রীয়ে আত্মহত্যা কৰা বাতৰি আহিয়েই থাকে আৰু এনে সংবাদে সকলোকে স্পর্শ কৰি যায়৷ তেওঁলোকৰ মানসিক স্বাস্থ্যৰ সংকটকেই এই কৰুণ বিপর্যয়ৰ মূল কাৰণ বুলি ঠিৰাং কৰা হৈছে৷ শেহতীয়া পৰিসংখ্যাহ হংগিত দিছে যে প্রায় ৬০ শতাংশ কিশোৰ–কিশোৰীয়েই ডদ্বেগ আৰু হতাশাকে ধৰি কোনো একধৰণৰ মানসিক স্বাস্থ্যৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে আৰু এই হাৰ দিনক দিনে বৃদ্ধি পাইছে৷ ডিজিটেল পৃথিৱীখনৰ প্রভাৱ, বিদ্যায়তনিক দিশত মুখামুখি হ’বলগীয়া তীব্র প্রতিযোগিতামূলক পৰিৱেশ আৰু সমগ্র বিশ্বতেই বিৰাজ কৰা একধৰণৰ অনিশ্চয়তাৰ ফলত সৃষ্টি হোৱা আধুনিক জীৱনৰ হেঁচাসমূহে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছে, য’ত মানসিক সুস্থতা বজাহ ৰখাটো ক্রমান্বয়ে কঠিন হৈ পৰিছে৷ ডিজিটেল ভাব বিনিময়ৰ আধিপত্য থকা এই যুগটোত কিশোৰ আৰু যুৱ মন গঢ় দিয়াত ছ’চিয়েল মিডিয়াহ ডল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ এই ছ’চিয়েল মিডিয়াই কল্পনাতীত দ্রুততাৰে সংযোগ আৰু তথ্য প্রদান কৰাৰ দৰে একে সময়তে অপর্যাপ্ত, আধৰুৱা আৰু নিঃসংগতাৰ অনুভৱকো সৃষ্টি আৰু বৃদ্ধি কৰাত সহায় কৰে৷ নিজে বিচাৰি লোৱা বা অনুৰোধৰ পাছত সম্বন্ধ স্থাপন কৰা অনলাহন ব্যক্তিত্বৰ সৈতে থকা অহৰহ সংস্পর্শই কিশোৰ–কিশোৰী, যুৱক–যুৱতীসকলৰ্ মনত অবাস্তৱিক আশাৰ সৃষ্টি কৰে৷ ইয়াৰ ফলত আত্মসন্মানৰ ক্ষেত্রত দ্বিধা থকা আৰু মানসিক স্বাস্থ্যত দুর্বলীসকলৰ বাবে সহজতে সমস্যাৰ সৃষ্টি হয়৷ চাইবাৰ বুলিং, স্ক্রিনৰ বাবে খৰচ কৰা অত্যধিক সময় আৰু অনলাহনত নিজৰ এখন আদর্শ ছবি জীয়াই ৰখাৰ হেঁচাহ মানসিক দুখ আৰু অধিক বৃদ্ধি কৰে৷ বহল আর্থ–ৰাজনৈতিক আৰু পৰিৱেশগত পৰিৱেশেও যুৱক–যুৱতীসকলৰ্ মানসিক স্বাস্থ্যৰ ক্ষেত্রত প্রত্যাহ্বান সৃষ্টি কৰাত অৰিহণা যোগায়৷ জলবায়ু পৰিৱর্তন, ৰাজনৈতিক অস্থিৰতা, অর্থনৈতিক অনিশ্চয়তাৰ দৰে বিষয়বোৰে যুৱক–যুৱতীসকলৰ্ মাজত ভয় আৰু অসহায়তাৰ ভাব সৃষ্টি কৰে, ভৱিষ্যতৰ প্রতি ডদ্বেগ বৃদ্ধি পায়, যাৰ ফলত মানসিক স্বাস্থ্যৰ দিশটো অধিক ভয়াৱহ হৈ পৰে৷ এহ সংকটত অৰিহণা যোগোৱা কাৰকসমূহ বিশ্লেষণ কৰি তাৰ ফলপ্রসূ সমাধান আৰু সমর্থন ব্যৱস্থা গঢ়ি তোলাটো অকল ভুক্তভোগীসকলৰ বাবেই নহয়, সমগ্র সমাজখনৰ বাবেইতি প্রয়োজনীয়৷

সকলো সম্পাদকীয় পঢ়িবৰ বাবে ক্লিক কৰক
এহ প্রত্যাহ্বানসমূহ চিনাক্ত কৰাটোৱেহ হৈছে সমাধান বিচাৰি ডলিওৱাৰ প্রথম পদক্ষেপ৷ মানসিক স্বাস্থ্যৰ সজাগতা বৃদ্ধি, মুকলি কথা–বতৰাক ডৎসাহিত কৰা আদি প্রচেষ্টাবোৰে কিশোৰ–যুৱসকলক যাতে সহজেই স্পর্শ কৰিব পাৰে তাৰ সহজ পথ নির্বাচন কৰিব লাগে৷ বিদ্যালয়, অভিভাৱক আৰু নীতি নির্ধাৰকসকলে সহযোগিতা কৰি শৈক্ষিক চাপ হ্রাস কৰিব লাগিব, ছ’চিয়েল মিডিয়াৰ প্রভাৱ নিয়ন্ত্রণ কৰিব লাগিব আৰু যুৱক–যুৱতীসকলে বিচাৰৰ ভয় নোহোৱাকৈ নিজৰ আৱেগ প্রকাশ কৰিব পৰাকৈ নিৰাপদ স্থান সৃষ্টি কৰিব লাগিব৷ মানসিক স্বাস্থ্যজনিত সমস্যাৰ কথা আলোচনা কৰাটো আমাৰ সমাজত এতিয়াও একধৰণৰ নিষিদ্ধ বিষয় হৈয়ে আছে৷ এই সামাজিক ধাৰণাই সমস্যাটিৰ মুকলি আলোচনাত বাধা দি আহিছে৷ কিশোৰ–যুৱকসকলে নিজৰ সমস্যা আৰু সংগ্রামৰ বিষয়ে আলোচনা কৰি নিৰাপদ অনুভৱ কৰিব পৰা সহায়ক পৰিৱেশ গঢ়ি তোলাটো অতি প্রয়োজনীয়৷ এইক্ষেত্রত বিদ্যালয়সমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ মানসিক স্বাস্থ্য বিষয়ক শিক্ষাক পাঠ্যক্রমত বাধ্যতামূলক হিচাপে সংযুক্ত কৰিলে ছাত্র–ছাত্রীসকলে জীৱনৰ প্রত্যাহ্বানসমূহৰ সৈতে মুখামুখি হোৱাৰ প্রয়োজনীয় কৌশল আৰু আৱেগিক বুদ্ধিমত্তাৰে নিজকে সজ্জিত কৰিব পাৰিব৷ আন এটা কথা হ’ল সাধাৰণতে এই মানসিক সমস্যাসমূহে গৈ জটিল ৰূপ ধাৰণ কৰিলেহে মানুহে এই দিশৰ চিকিৎসাৰ কথা ভাবে৷ প্রাথমিক অৱস্থাতে চিকিৎসা কৰিব পাৰিলে এনে সমস্যাবোৰৰ নিৰাময়ৰ বাবে সময়ৰ প্রয়োজন হয় কম৷ যিকোনো দুর্ঘটনাত প্রাথমিক চিকিৎসা দিব পৰা সামগ্রীৰ সহজলভ্য ব্যৱস্থা থকাৰ দৰে মানসিক স্বাস্থ্যৰো প্রাথমিক চিকিৎসা সামগ্রীৰ ব্যৱস্থা কৰাটো বর্তমান সময়ৰ দাবী৷

You might also like