নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : প্রাকৃতিক বিপর্যয়

জীৱশ্রেষ্ঠ মানৱৰ বাবে প্রাকৃতিক দুর্যোগ কিম্বা প্রাকৃতিক বিপর্যয় প্রত্যাহ্বান হিচাপে থিয় দিছে৷ বিগত বছৰবোৰত প্রতিবছৰে পৃথিৱীত প্রাকৃতিক বিপর্যয়ৰ পৰিমাণ বৃদ্ধি পাই আহিছে৷ প্রাকৃতিক বিপর্যয়ৰ কাৰণ সাধাৰণতে প্রকৃতিগত বুলি ধাৰণা কৰা হয় যদিও সম্প্রতি এই প্রকৃতিগত দুর্যোগসমূহৰ আঁৰত মানৱসৃষ্ট কাৰকো জড়িত হৈ পৰিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে সেউজ গৃহ গেছ, কার্বন নির্গমন বৃদ্ধি পোৱাত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু ইয়ে জলবায়ু পৰিৱর্তনৰ কাৰক হৈ উঠিছে৷ একবিংশ শতিকাৰ তৃতীয় দহকত মানৱসৃষ্ট কাৰণৰ বাবে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে চুক্তি সম্পন্ন কৰিছে যদিও এয়া কার্যকৰী নোহোৱাত ক্রমান্বয়ে পৃথিৱীৰ প্রতি ভাবুকি আহি পৰিছে৷ আনকি জলবায়ু পৰিৱর্তনৰ বাবে প্রাকৃতিক দুর্যোগৰ মাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা শেহতীয়াভাৱে প্রকাশিত প্রতিবেদন অনুসৰি যদি জলবায়ু পৰিৱর্তনক সঠিকভাৱে নিৰীক্ষণ কৰি ইয়াক নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নহয় তেতিয়া হ’লে বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতিয়ে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ সংখ্যা ৫৬০টাকৈ সংঘটিত হ’ব৷ এই প্রাকৃতিক দুর্যোগ অতি বিপর্যয়ৰ কাৰণ হৈ মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ প্রতি শংকা নমাই আনিব৷ বছৰে হ’বলগীয়া ৫৬০ প্রাকৃতিক দুর্যোগৰ ভিতৰত ভয়াৱহ বান, বনজুই, মহামাৰী, ৰাসায়নিক দুর্ঘটনা আদি প্রধান৷ মন কৰিবলগীয়া যে ২০১৫ চনলৈকে বছৰত ৪০০টা প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই সংখ্যা ২০৩০ চনলৈকে বছৰে ৫৬০লৈ বৃদ্ধি পাব৷ প্রতিবেদন মতে, জলবায়ু পৰিৱর্তনৰ বাবে জলবায়ু সম্বন্ধীয় বিপদ বৃদ্ধি পাইছে৷ জলবায়ু সম্পর্কীয় বিপদৰ ভয়াৱহতাৰ সময়সীমা আৰু গম্ভীৰতা বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে বছৰে পৃথিৱীত মজলীয়াৰ পৰা ভয়াৱহ হৈ উঠা মাত্র ৯০ৰ পৰা ১০০টাহে প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই প্রাকৃতিক দুর্যোগৰ মাত্রা ২০০১ চনৰ পৰা তিনিগুণ বৃদ্ধি পাইছে আৰু ২০৩০ চনলৈকে পাই থাকিব৷ পৃথিৱীত খৰাং ৩০ শতাংশ বর্ধিত হ’ব৷ বান, বনজুয়েই নহয়, মহামাৰীয়েও পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই আছে৷ ক’ভিড–১৯য়ে অর্থনৈতিক অৱস্থা দুর্বল কৰি তোলাৰ বিপৰীতে জলবায়ু পৰিৱর্তনৰ বাবে খাদ্যৰ নাটনিও হৈ আছে৷
প্রাকৃতিক দুর্যোগে মানৱ সম্পদ হানি কৰাৰ লগতে আন আন সম্পদৰো বিস্তৰ ক্ষতিসাধন কৰে৷ ১৯৯০ চনত প্রাকৃতিক দুর্যোগৰ ফলত বছৰটোত ৭০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হৈছিল৷ এই ক্ষতি এতিয়া বৃদ্ধি পাই বছৰত ১৭০ বিলিয়ন মার্কিন ডলাৰ হৈছে৷ এই ক্ষতিৰ পৰিমাণ মুদ্রাস্ফীতিৰ লগত তুলনা কৰি হিচাপ কৰা হৈছে৷ প্রাকৃতিক দুর্যোগে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনত ব্যাঘাত জন্মোৱাৰ লগতে বিশ্বৰো মুঠ ঘৰুৱা উৎপাদনত প্রভাৱ পেলায়৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রাকৃতিক দুর্যোগৰ বাবে বছৰে মুঠ ঘৰুৱা উৎপাদনৰ ১.৬ শতাংশ লোকচান হয়৷ দৰিদ্র দেশসমূহত প্রাকৃতিক দুর্যোগে অধিক অর্থনীতিৰ ওপৰত প্রভাৱ পেলোৱাৰ বিপৰীতে উন্নত দেশসমূহতো প্রাকৃতিক দুর্যোগে নেতিবাচক প্রভাৱ পেলায়৷ ভাৰতত স্বাধীনতাৰ পাছত কেইবাটাও ভয়াৱহ প্রাকৃতিক দুর্যোগে মানৱ সম্পদৰ হানি কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰিছে৷ ইয়াৰে ভিতৰত ১৯৭৯ চনত লাহোৱাল উপত্যকাত হিমস্খলনৰ ফলত ২০০তকৈ অধিক লোক জীৱন্তে ২০ ফুট বৰফৰ তলত পোত যোৱাৰ লগতে কেইবাজনো আহত হৈছিল৷ বিশ্বৰ ইতিহাসত হিমস্খলনৰ ভয়াৱহ ১০ৰ ভিতৰত অন্যতম এই লাহোৱাল উপত্যকাৰ হিমস্খলন৷ ইয়াৰ পাছতে ১৯৯৯ চনত ওড়িশাৰ ঘূর্ণিবতাহ৷ এই বতাহত ১৫ হাজাৰতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবা লক্ষাধিক কোটি টকাৰ ক্ষতি হৈছিল৷ ২০০২ চনত গুজৰাটৰ ভূমিকম্প, ২০০২ চনত প্রচণ্ড গ্রীষ্মপ্রৱাহ, ২০০৪ চনত ভাৰতীয় মহাসাগৰৰ ছুনামি, ২০০৫ চনত মুম্বাইত বিধ্বংসী বান, ২০১০ চনত ভাৰতৰ পূব প্রান্তৰ ৰাজ্যত ধুমুহা, ২০১৩ চনত মহাৰাষ্ট্রত খৰাং আৰু ২০১৩ চনত উত্তৰাখণ্ডত বিধ্বংসী বানত কেদাৰনাথ ধ্বংসলীলা উল্লেখ কৰিব পাৰি৷ মন কৰিবলগীয়া যে বিগত দুটা দশকত ভাৰতত ৩২১টা প্রাকৃতিক দুর্যোগে ধ্বংসলীলা চলাইছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, বিগত দুটা দশকত ভাৰতত প্রাকৃতিক দুর্যোগৰ ফলত ৮০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে আৰু ১০০ কোটিতকৈ অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ চলিত বর্ষতো ভাৰতত প্রবল বৰষুণ আৰু বান, ঘূর্ণিবতাহ, খৰাং, প্রচণ্ড গ্রীষ্মপ্রৱাহ আদিয়ে দেশৰ নাগৰিকৰ জনজীৱনত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে গ্রীষ্মপ্রৱাহে দেশৰ বিভিন্ন অঞ্চলত জনতাৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত দেশৰ ইতিহাসত সর্বাধিক তাপমাত্রাৰ অভিলেখ সৃষ্টি হৈছে৷ তাপমাত্রাই ৫০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ দেশৰ কেইবাটাও প্রান্তত তাপমাত্রা বিগত বর্ষকেইটাৰ তুলনাত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে বৃষ্টিপাতৰ মাত্রাও বৃদ্ধি পাইছে৷ উপকূলীয় অঞ্চলৰ ৰাজ্যসমূহৰ লগতে পাহাৰীয়া ৰাজ্যতো বৃষ্টিপাতৰ মাত্রা বৃদ্ধি পোৱাত বানৰ লগতে খহনীয়াই সংহাৰী ৰূপ লৈছে৷ দেশৰ উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিমলৈকে তাপমাত্রা আৰু বৰষুণৰ অস্বাভাৱিক ৰূপে প্রাকৃতিক দুর্যোগৰ সৃষ্টি কৰিছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ই ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ আনপিনে, জলবায়ু পৰিৱর্তনৰ বাবে বিশ্বৰ আন দেশৰ দৰে ভাৰতো প্রাকৃতিক দুর্যোগৰ ভয়াৱহতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাক লৈ ৰাষ্ট্রসংঘই সতর্কবাণী দিছে৷ সময় থাকোঁতে মানৱ জাতি সচেতন নহ’লে প্রাকৃতিক দুর্যোগে পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই আনিব৷

You might also like