সম্পাদকীয় : প্রাকৃতিক বিপর্যয়
মানৱসৃষ্ট কাৰণৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তন ঘটাই আছে৷ জলবায়ু পৰিৱর্তনৰ বাবেই পৃথিৱীৰ প্রান্তে প্রান্তে প্রাকৃতিক বিপর্যয়ৰ ভয়াৱহ ঘটনা সংঘটিত হৈ আহিছে৷ অস্বাভাৱিক ধৰণে পৃথিৱীৰ বিভিন্ন প্রান্তত প্রাকৃতিক দুর্যোগ কিম্বা বিপর্যয়ৰ ঘটনা বৃদ্ধি পাইছে৷ এনে হৈছে যে প্রতি বছৰে প্রাকৃতিক দুর্যোগৰ পৰিমাণ বর্ধিত হৈ আছে৷ জলবায়ু পৰিৱর্তনৰ বাবে গ্রীষ্মপ্রধান অঞ্চলত পূর্বতকৈ অধিক তাপমাত্রা বৃদ্ধি পাইছে৷ আনপিনে শীত অঞ্চলতো পূর্বতকৈ অধিক শীতৰ প্রকোপ বৃদ্ধি পাইছে৷ পৃথিৱীৰ কিছু অঞ্চলত গৰমৰ প্রভাৱ হ্রাস পাই শীতৰ পৰিমাণ বাঢ়িছে৷ কাহানিও নেদেখা অঞ্চলত শীতৰ প্রকোপৰ ফলত তুষাৰ পাত হৈছে৷ অনাকাংশিতভাৱে প্রচণ্ড তুষাৰপাত, প্রচণ্ড শীত প্রৱাহ, প্রচণ্ড গ্রীষ্ম প্রৱাহৰ কবলত পৰিছে বিশ্বৰ কিছু কিছু অঞ্চল৷ এইক্ষেত্রত প্রাকৃতিক কাৰণৰ উপৰি মানৱসৃষ্ট কাৰকৰ বাবেই প্রধানতঃ প্রাকৃতিক বিপর্যয় সংঘটিত হৈ আহিছে৷ ২০২৪ বর্ষৰ সামৰণিত ইংৰাজী ২০২৫ বর্ষ আৰম্ভ হৈছে৷ এই বর্ষটোত প্রাকৃতিক দুর্যোগৰ মাত্রা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ আগজাননী প্রকাশ কৰা হৈছে৷ পৃথিৱীজুৰি অনাকাংশিত প্রাকৃতিক বিপর্যয়ে মানৱ জাতিৰ বাবে প্রত্যাহ্বান আনিব৷ একবিংশ শতিকাৰ তৃতীয় দহকত মানৱসৃষ্ট কাৰণৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে চুক্তি সম্পন্ন কৰিছে যদিও এয়া কার্যকৰী নোহোৱাত ক্রমান্বয়ে পৃথিৱীৰ প্রতি ভাবুকি আহি পৰিছে৷ আনকি জলবায়ু পৰিৱর্তনৰ বাবে প্রাকৃতিক দুর্যোগৰ মাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা প্রকাশিত প্রতিবেদন অনুসৰি যদি জলবায়ু পৰিৱর্তনক সঠিকভাৱে নিৰীক্ষণ কৰি ইয়াক নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নহয়, তেতিয়াহ’লে বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷
প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতিয়ে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ সংখ্যা ৫৬০টাকৈ সংঘটিত হ’ব৷ এই প্রাকৃতিক দুর্যোগ অতি বিপর্যয়ৰ কাৰণ হৈ মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ প্রতি শংকা নমাই আনিব৷ বছৰে হ’বলগীয়া ৫৬০ প্রাকৃতিক দুর্যোগৰ ভিতৰত ভয়াৱহ বান, বনজুই, মহামাৰী, ৰাসায়নিক দুর্ঘটনা আদি প্রধান৷ মন কৰিবলগীয়া যে ২০১৫ চনলৈকে বছৰত ৪০০টা প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই সংখ্যা ২০৩০ চনলৈকে বছৰে ৫৬০লৈ বৃদ্ধি পাব৷ প্রতিবেদন মতে, জলবায়ু পৰিৱর্তনৰ বাবে জলবায়ু সম্বন্ধীয় বিপদ বৃদ্ধি পাইছে৷ জলবায়ু সম্পর্কীয় বিপদৰ ভয়াৱহ সময়সীমা আৰু গম্ভীৰতা বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে বছৰে পৃথিৱীত মজলীয়াৰ পৰা ভয়াৱহ হৈ উঠা মাত্র ৯০ৰ পৰা ১০০টাহে প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই প্রাকৃতিক দুর্যোগৰ মাত্রা ২০০১ চনৰ পৰা ২০৩০ চনলৈকে তিনিগুণ বৃদ্ধি পাইছে আৰু পাই থাকিব৷ পৃথিৱীত খৰাং ৩০ শতাংশ বর্ধিত হ’ব৷ বান, বনজুয়ে নহয় মহামাৰীও পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই আছে৷ প্রাকৃতিক দুর্যোগে মানৱ সম্পদ হানি কৰাৰ লগতে আন আন সম্পদৰো বিস্তৰ ক্ষতিসাধন কৰে৷ ১৯৯০ চনত প্রাকৃতিক দুর্যোগৰ ফলত বছৰটোত ৭০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হৈছিল৷ এই ক্ষতি এতিয়া বৃদ্ধি পাই বছৰত ১৭০ বিলিয়ন মার্কিন ডলাৰ হৈছে৷ এই ক্ষতিৰ পৰিমাণ মুদ্রাস্ফীতিৰ লগত তুলনা কৰি হিচাপ কৰা হৈছে৷ প্রাকৃতিক দুর্যোগে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনত ব্যাঘাত জন্মোৱাৰ লগতে বিশ্বৰো মুঠ ঘৰুৱা উৎপাদনত প্রভাৱ পেলায়৷ দৰিদ্র দেশসমূহত প্রাকৃতিক দুর্যোগে অধিক অর্থনীতিৰ ওপৰত প্রভাৱ পেলোৱাৰ বিপৰীতে উন্নত দেশসমূহতো প্রাকৃতিক দুর্যোগে নেতিবাচক প্রভাৱ পেলায়৷ ভাৰতত স্বাধীনতাৰ পাছত কেইবাটাও ভয়াৱহ প্রাকৃতিক দুর্যোগে মানৱ সম্পদৰ হানি কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰিছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, বিগত দুটা দশকত ভাৰতত প্রাকৃতিক দুর্যোগৰ ফলত ৮০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে আৰু ১০০ কোটিতকৈ অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ ২০২৪ৰ অন্তিম সময়খিনিৰ পৰা দেশৰ বিভিন্ন প্রান্তত শীত প্রৱাহে স্বাভাৱিক জীৱন ব্যাহত কৰিছে৷ শীতৰ প্রকোপে পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷