নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নিয়োগ আৰু বিনিয়োগৰ নতুন পথ

সম্পাদকীয় : নিয়োগ আৰু বিনিয়োগৰ নতুন পথ

বিনিয়োগ আৰু আন্তঃগাঁথনিৰ দিশত নতুন পথ উন্মোচন কৰিব পৰা এডভাণ্টেজ আছাম ২.০ অলপতে বিশাল আয়োজনেৰে অনুষ্ঠিত হৈ গ’ল৷ এই সন্মিলনখন ৰাজ্যখনৰ অর্থনৈতিক উন্নতিৰ আকাংক্ষাৰ এক পৰিৱর্তনশীল মুহূর্ত হিচাপে স্বীকৃত হৈছে৷

মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতিৰে সমাপ্ত হোৱা এই সন্মিলনে পূর্বৰ অভিলেখ অতিক্রম কৰাই নহয়, ভাৰতৰ ঔদ্যোগিক আৰু অর্থনৈতিক সম্ভাৱনা চিহ্ণিত কৰা মানচিত্রখনতো অসমক দৃঢ়ভাৱে স্থান দিছে৷ এই সঁহাৰিয়ে অসমৰ সম্ভাৱনাৰ ওপৰত বিনিয়োগকাৰীৰ ক্রমবর্ধমান আস্থাকেই প্রমাণ কৰে আৰু ৰাজ্য চৰকাৰৰ সর্বাংগীণ উন্নয়নৰ কৌশলগত দৃষ্টিভংগীক প্রতিফলিত কৰে৷

এডভাণ্টেজ আছাম ২.০ৰ চকুত পৰা বৈশিষ্ট্য আছিল বিনিয়োগৰ প্রস্তাৱ নির্মাণ৷ সাধাৰণতে দেখা যায় পৰিকল্পনাৰ সময়ত বহুত উচ্চপর্যায়ৰ আঁচনি কৰা হয়, কিন্তু বাস্তৱত সেইটো হৈ নুঠে৷ এনে পৰিকল্পনাৰ বিপৰীতে এইবাৰচৰকাৰে অধিক ফলদায়ক পদ্ধতি গ্রহণ কৰিছে৷ এই পদ্ধতিটো হ’ল তিনিৰ পৰা চাৰি বছৰৰ সময়সীমাৰ ভিতৰত কার্যকৰী হ’ব পৰা প্রস্তাৱসমূহক অগ্রাধিকাৰ দিয়া হৈছে৷ ফলত অতি কম সময়ৰ ভিতৰতে এই প্রস্তাৱসমূহৰ ফল প্রত্যক্ষ কৰিব পৰা যাব আৰু সেই ফলে সকলোকে উৎসাহিত কৰিব৷

এডভাণ্টেজ আছাম ২.০ৰ আৰু এটি বৈশিষ্ট্য হ’ল নিয়োগ সৃষ্টিৰ ওপৰত দিয়া গুৰুত্ব৷ ৰিলায়েঞ্চ, আদানি, টাটা, জিন্দাল আদিৰ দৰে আগশাৰীৰ ঔদ্যোগিক প্রতিষ্ঠানসমূহে অসমত বিনিয়োগৰ যি প্রতিশ্রুতি দিছে সেয়া অকল মূলধনৰ মাজতেই সীমাবদ্ধ নহয়৷ তেওঁলোকে অসমৰ নিয়োগৰ পৰিৱেশ পুনৰ গঢ় দিয়াৰো প্রতিশ্রুতি দিছে আৰু অসমৰ নতুন প্রজন্মৰ বাবে এয়া এটা ভাল খবৰ৷ নতুনকৈ স্থাপন হ’বলগীয়া উদ্যোগবোৰৰ ভিতৰত আছে ডৎপাদন, কৃষি–প্রচেছিং, তথ্য–প্রযুক্তি, শক্তিৰ নৱীকৰণৰ দৰে বিষয়ক যিবোৰে প্রত্যক্ষ আৰু পৰোক্ষভাৱে বিস্তৃত চাকৰিৰ সুযোগ সৃষ্টি কৰিব৷

এডভাণ্টেজ আছামৰ পৰিকল্পনা কার্যকৰী হ’লে অসমৰ চহৰ আৰু গ্রামাঞ্চলৰ হাজাৰ হাজাৰ যুৱক–যুৱতী ডপকৃত হ’ব৷ অসম চৰকাৰৰ সন্মুখত থকা নিবনুৱা সমস্যা সমাধানৰ দৰে এটা প্রত্যাহ্বানমূলক কাম ভালেখিনি সম্পূর্ণ হ’ব৷ অকল ইমানেই নহয়, এই উদ্যোগবোৰৰ লগে লগে স্বনিয়োজনৰ বহুতো পথ মুকলি হ’ব৷

উদ্যোগনির্ভৰ এই স্বনিয়োজনৰ পথবোৰত কাম কৰিবলৈ উপযুক্ত কাৰিকৰী শিক্ষা আৰু অর্থনৈতিক পৃষ্ঠপোষকতাৰো প্রয়োজন হ’ব৷ এনেকুৱা কাৰিকৰী শিক্ষাৰ হ্রস্বকালীন পাঠ্যক্রম চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ দায়বদ্ধ শিক্ষানুষ্ঠানৰ বাবেহে সম্ভৱ৷ এই দিশত চৰকাৰে নিজে কাম কৰাটো উচিত আৰু যিবোৰ ব্যক্তিগত প্রতিষ্ঠানে এনেকুৱা শিক্ষা প্রদান কৰাৰ যোগ্যতা আছে তেওঁলোককো উৎসাহিত কৰাৰ দায়িত্ব গ্রহণ কৰিব লাগে৷

যোৱা কিছুদিনত ৰাজ্যখনৰ সংযোগ ব্যৱস্থাৰ আন্তঃগাঁথনিৰ ক্ষেত্রখনত ভালেখিনি উন্নতি হৈছে৷ এই ডন্নয়ন এডভাণ্টেজ আছাম ২.০ৰ এক মূল স্তম্ভ৷ ২০১৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত অসমৰ স্থলপথৰ নেটৱর্ক প্রায় দুগুণ বৃদ্ধি পাহছে ২৭,৭৮২ কিলোমিটাৰৰ পৰা ৫১,৪৮১ কিলোমিটাৰলৈকে৷

ইয়াৰ ফলত সমগ্র ৰাজ্যখনতে গতিশীলতা বৃদ্ধি পাহছে আৰু এই গতিশীলতাই উদ্যোগৰ ৰক্তসঞ্চাৰী ধমনী৷ চৰকাৰে পৰিকল্পনা কৰা অন্যতম ফ্লেগশ্বিপ প্রকল্প এটা হৈছে যোগীঘোপাৰ মাল্টি–মডেল লজিষ্টিক পার্ক, যিয়ে পথ, ৰে’ল আৰু আভ্যন্তৰীণ জলপথসমূহক নিৰৱচ্ছিন্নভাৱে একত্রিত কৰি সামগ্রী পৰিবহণত এক বৈপ্লৱিক পৰিৱর্তন আনিবলৈ সাজু হৈছে৷ পৰিবহণ ব্যয় হ্রাস, যোগান শৃংখলৰ উন্নতি আৰু অসমক সমগ্র ডত্তৰ–পূব অঞ্চল এক গুৰুত্বপূর্ণ বাণিজ্যিক দুৱাৰমুখলৈ ৰূপান্তৰিত কৰিবলৈ এনে আন্তঃগাঁথনি অতি গুৰুত্বপূর্ণ৷

এডভাণ্টেজ আছাম ২.০ কেৱল বিনিয়োগ সন্মিলন নহয়, হ ৰাজ্যখনৰ অর্থনৈতিক পৰিৱর্তনৰ এক ব্যাপক ব্লু–প্রিণ্ট৷বৃহৎ বিনিয়োগৰ প্রতিশ্রুতি, আন্তঃগাঁথনি সম্প্রসাৰণ, নীতি সংস্কাৰ আৰু আন্তঃৰাষ্ট্রীয় সহযোগিতাই অসমলৈ এক অভূতপূর্ব সুযোগ লৈ আহিছে৷ ফলপ্রসূভাৱে কার্যকৰী হ’লে এই পদক্ষেপসমূহে কেৱল কর্মসংস্থাপন সৃষ্টি কৰাহ নহয়, ঔদ্যোগিক বিকাশৰ ক্ষেত্রতো প্রেৰণা যোগোৱাহ নহয়, ভাৰতৰ আঞ্চলিক ডন্নয়নৰ বাবে অসমক আদর্শ হিচাপে প্রতিষ্ঠা কৰিব৷

You might also like