সম্পাদকীয় : ডিজিটেল যুগ-ত নতুন লেখক
র্তমান সময়ত ছপা মাধ্যমৰ জনপ্রিয়তা কমি গৈছে, আলোচনী, বাতৰিকাকত আদিৰ ছপা সংখ্যা কমি গৈছে, কিতাপৰ বিক্রী কমি গৈছে৷ সকলোৱে অতীতৰ দিনৰ সুখস্মৃতি ৰোমন্থন কৰিছে আৰু বর্তমান সময়ৰ অধ্যয়ন স্পৃহাহীনতাৰ বাবে ইংৰাজী মাধ্যমৰ স্কুলবোৰক দোষ দি স্বস্তি লাভ কৰিছে
সম্পাদকীয় : ডিজিটেল যুগ-ত নতুন লেখক
নতুন লেখকসকলক উৎসাহ আৰু তাতকৈ অধিক পৰিমাণে উপদেশ দিয়া লোক আৰু সংগঠনৰ সংখ্যা তেনেই কম নহয়৷ এই উপদেশ আৰু পৰামর্শ দিয়া লোকসকলৰ অধিকাংশই পুৰণি দিন বা যুগৰ মানুহ আৰু নতুন জগতখনৰ বিষয়ে তেওঁলোকৰ ধাৰণা কম৷
বর্তমান সময়ত ছপা মাধ্যমৰ জনপ্রিয়তা কমি গৈছে, আলোচনী, বাতৰিকাকত আদিৰ ছপা সংখ্যা কমি গৈছে, কিতাপৰ বিক্রী কমি গৈছে৷ সকলোৱে অতীতৰ দিনৰ সুখস্মৃতি ৰোমন্থন কৰিছে আৰু বর্তমান সময়ৰ অধ্যয়ন স্পৃহাহীনতাৰ বাবে ইংৰাজী মাধ্যমৰ স্কুলবোৰক দোষ দি স্বস্তি লাভ কৰিছে৷
কিন্তু দৰাচলতে মুদ্রণ মাধ্যম আৰু মুদ্রিত কিতাপৰ জনপ্রিয়তা কমি যোৱাৰ মূল কাৰণ হৈছে ডিজিটেল মাধ্যমৰ দ্রুত ডত্থান৷ হণ্টাৰনেটৰ জৰিয়তে বাতৰি, প্রবন্ধ আৰু বিভিন্ন বিষয়ৰ হ–কিতাপ তৎক্ষণাৎ পাব পৰা সুবিধা হাতৰ মুঠিলৈ অহাৰ লগে লগে পাঠকে এহ সুবিধাজনক বিকল্পৰ সুবিধা গ্রহণ কৰিছে৷ ছপা কিতাপৰ তুলনাত হ–কিতাপ কম খৰচী আৰু সহজে কঢ়িয়াব পৰা বিধৰ৷ আনহাতে কিতাপৰ বর্ধিত দামেও পাঠকক ডিজিটেল বিকল্পৰ পিনে ঠেলি দিছে৷
ডিজিটেল প্লেটফর্মত পঠন সামগ্রী মুহূর্ততে পোৱাৰ সুবিধা থাকে, লগতে মাল্টিমিডিয়াৰ সুবিধাৰ সংযোজনেও পাঠকক ডিজিটেল মাধ্যমৰ প্রতি আকর্ষিত কৰিছে৷ বিশেষকৈ নতুন প্রজন্মৰ পাঠক যিসকল এই ডিজিটেল যুগত ডাঙৰ–দীঘল হৈছে, তেওঁলোকে ডিজিটেল মিডিয়াক সহজেই গ্রহণ কৰিছে৷ নতুন প্রজন্মৰ লেখকসকল এই ডিজিটেল পদ্ধতিৰ লগত সংযুক্ত নোহোৱাকৈ থাকিব নোৱাৰে৷
বিশেষকৈ ছপা মাধ্যমৰ জনপ্রিয়তা কমি যোৱাৰ লগে লগে নতুন প্রজন্মৰ লেখকসকলে বিকল্প মাধ্যমৰ সন্ধান কৰিবই লাগিব আৰু এই মুহূর্তত ডিজিটেল মাধ্যমেই একমাত্র ভৰসা৷ নতুন প্রজন্মৰ লেখকসকলে ডিজিটেল যুগৰ সুবিধা গ্রহণ কৰি তেওঁলোকৰ লেখা প্রকাশ কৰিবলৈ ব্লগ, ছ’চিয়েল মিডিয়া, আৰু ডিজিটেল প্রকাশন প্লেটফর্মৰ পৰা লাভ কৰা আটাইবোৰ সুবিধা সর্বোচ্চ পৰিমাণত ব্যৱহাৰ কৰিব লাগে৷
এই প্লেটফর্মসমূহে লেখকসকলক তেওঁলোকৰ কাম বিশ্বৰ পাঠকৰ ওচৰলৈ সহজেই লৈ যোৱাৰ সুবিধা কৰি দিয়ে৷ ডিজিটেল প্লেটফর্মবোৰে নতুন প্রজন্মক দিয়া সুবিধাবোৰৰ এটা হ’ল প্রকাশৰ ক্ষেত্রত লাভ কৰা স্বাধীনতা৷ এহ প্লেটফর্মসমূহৰ সহায়ত লেখকসকলে পৰম্পৰাগত প্রকাশকৰ প্রয়োজন নোহোৱাকৈয়ে নিজৰ কামৰ প্রচাৰ কৰিব পাৰে আৰু পাঠকৰ পৰা তৎক্ষণাৎ প্রতিক্রিয়া লাভ কৰি নিজৰ লেখাৰ মান ডন্নত কৰিব পাৰে আৰু ডিজিটেল যুগৰ প্রত্যাহ্বানৰ মাজতো নিজৰ স্থান সুৰক্ষিত কৰি সফলতা লাভ কৰিব পাৰে৷
এই ডিজিটেল জগতখনত থকা অগণন লেখকৰ মাজত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ এজন লেখকৰ বাবে প্রয়োজনীয় এক বিশেষ দক্ষতা হ’ল লেখাৰ স্বকীয় শৈলী৷ কিন্তু অসমত তৰুণ লেখকসকলক সঠিক ধৰণে পথ নির্দেশনা দিব পৰা কোনো যুক্তিপূর্ণ আৰু সহজলভ্য ব্যৱস্থা নাই৷
ফলত তৰুণ প্রজন্মৰ অধিকাংশই নিজৰ প্রিয় লেখককে আদর্শ হিচাপে মানি লয় আৰু তেওঁকে অনুকৰণ কৰে৷ আলোচনী বা বাতৰিকাকতৰ সাহিত্য পৃষ্ঠাই বহু তৰুণ লেখকৰ ৰচনা প্রকাশৰ মূল ঠাই৷ এই আলোচনী বা পৃষ্ঠাবোৰৰ দ্বাৰাও বহু লেখক অনুপ্রাণিত হয় আৰু সেই পৃষ্ঠাবোৰত প্রকাশিত দর্শন আৰু শৈলীৰ ভক্ত হৈ পৰে৷
লেখা এটা সোনকালে প্রকাশ হোৱাৰ কামনাতো বহু তৰুণ লেখকে এইখন ফান্দত ভৰি দিয়ে৷ ফলত লেখকজনৰ স্বকীয় ৰূপ এটি গঢ় লৈ উঠাত অসুবিধা হয়৷ স্বকীয় ৰূপ মানে হ’ল লেখকৰ নিজস্ব দৃষ্টিভংগী, ভাষাৰ ব্যৱহাৰ আৰু কাহিনী কোৱাৰ ধৰণ, যিয়ে তেওঁৰ লেখাক অইনৰ পৰা পৃথক কৰি তোলে৷ এই স্বকীয় ৰূপ নির্মাণত ক্ষেত্রত ডিজিটেল প্লেটফর্মৰ পৰা ভালেখিনি সহায় লাভ কৰিব পাৰি৷ ডিজিটেল যুগত কাহিনী কোৱাৰ ধৰণ কেৱল লিখিত শব্দৰ মাজত সীমাবদ্ধ নহয়৷
ডিজিটেল যুগৰ লেখকসকলে ভিডি’, পডকাষ্ট, হনফ’গ্রাফিক আৰু অন্যান্য হণ্টাৰেক্টিভ মাধ্যমৰ যোগেৰে তেওঁলোকৰ ক’বলগীয়াখিনি পাঠক–দর্শকৰ ওচৰলৈ নিয়াৰ সুযোগ গ্রহণ কৰিব লাগিব৷ ছ’চিয়েল মিডিয়া, লেখকৰ গোট, বা অনলাহন সন্মিলনৰ জৰিয়তে একোটা নেটৱর্ক গঢ়ি তুলিলে ডিজিটেল জগতত লেখকৰ জনপ্রিয়তা আৰু প্রভাৱ বৃদ্ধি পায়৷ এহ সহযোগিতাহ লেখকক নতুন দিশ আৰু সফলতাৰ পথ প্রদান কৰে৷
লেখক আৰু সাহিত্যক লৈ আলোচনা কৰা ভালেমান সক্রিয় সংগঠন অসমত আছে৷ তেনে সংগঠনবোৰে ডিজিটেল যুগৰ লেখকসকলক পথ প্রদর্শন কৰিব পৰা আলোচনা–কর্মশালা আদি আয়োজন কৰাটো সময়ৰ দাবী৷ কিতাপৰ জগতখন এতিয়া এটা ৰূপান্তৰৰ মাজেৰে গৈ আছে৷ এই ৰূপান্তৰক ধণাত্মক ৰূপত গ্রহণ কৰিবলৈ সকলোৰে মনৰ জগতখন সাজু হ’ব লাগিব৷