সম্পাদকীয় : ইউক্রেইন যুদ্ধত উত্তৰ কোৰিয়া
ৰাছিয়া–ইউক্রেইন যুদ্ধই ডেৰ বছৰকাল অতিক্রম কৰিছে৷ তথাপি যুদ্ধৰ অৱসানৰ কোনো পথ দেখা নাই বিশেষজ্ঞ মহলে৷ ইয়াৰ মাজতে মধ্যপ্রাচ্যত ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ ৰক্তক্ষয়ী যুদ্ধত বিধ্বস্ত হৈছে গাজা ভূখণ্ড৷ হামাছৰ প্রতি একতা প্রদর্শন কৰাৰ বাবেই হিজবুল্লা, ইৰান আৰু য়েমেনৰ সশস্ত্র সংগঠন হুঠী আক্রমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইলৰ৷ ৰাছিয়া–ইউক্রেইন যুদ্ধৰ ৰক্তক্ষয়ী পৰিস্থিতিতকৈ অধিক ভয়াৱহ হৈ পৰিছে মধ্যপ্রাচ্যৰ পৰিস্থিতি৷ কিন্তু ৰাছিয়া–ইউক্রেইন সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে বিশ্বৰ বিভিন্ন দেশে আহ্বান জনাই আহিছে৷ ভাৰতে সঘনে কূটনৈতিক আলোচনা আৰু শান্তিপূর্ণভাৱে সমস্যা সমাধানৰ বাবে ৰাছিয়া–ইউক্রেইনক আহ্বান জনাইছে৷ প্রয়োজনত ভাৰতে এইক্ষেত্রত অধিক তৎপৰতা আৰু নেতৃত্বদায়ী ভূমিকা গ্রহণ কৰিব বুলি প্রতিশ্রুতি দিছে৷ কিন্তু ইয়াৰ মাজতে ৰাছিয়াক ইউক্রেইন যুদ্ধত প্রত্যক্ষভাৱে উত্তৰ কোৰিয়াই সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে দক্ষিণ কোৰিয়া–আমেৰিকাই৷ লক্ষণীয়ভাৱে নাটো সামৰিক গোষ্ঠীৰ তৰফৰ পৰাও উত্তৰ কোৰিয়াই ৰাছিয়ালৈ সেনা প্রেৰণ কৰা বুলি ঘোষণা কৰিছে৷ ৰাছিয়াৰ কুর্স্ক অঞ্চলত ইতিমধ্যে উত্তৰ কোৰিয়াৰ ডেৰ সহস্রাধিক সৈনিক মোতায়েন কৰা বুলি দাবী কৰিছে নাটোৰ সচিবপ্রধান মার্ক ৰুটে৷ নাটোৰ সচিবপ্রধানগৰাকীয়্ উত্তৰ কোৰিয়াৰ সেনাই প্রত্যক্ষভাৱে ইউক্রেইন যুদ্ধত অংশগ্রহণ কৰা বুলি ঘোষণা কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ বিভিন্ন মহলে ধাৰণা কৰিছে যে উত্তৰ কোৰিয়াৰ সেনা ইউক্রেইন যুদ্ধত চামিল হোৱাৰ লগে লগে ৰাছিয়াৰ সম্প্রসাৰণ অধিক ভয়ংকৰ হৈ পৰিব৷ ইউক্রেইনত ৰাছিয়াৰ আগ্রাসন অধিক ভয়াৱহ হৈ পৰিব বুলি যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷
আটাইতকৈ আশংকাৰ বিষয়টো হৈছে উত্তৰ কোৰিয়াৰ সেনাই ৰাছিয়াৰ হৈ যুদ্ধত অংশগ্রহণ কৰাৰ লগে লগে পাশ্চাত্যৰ দেশসমূহত এই বিষয়টোক লৈ সৃষ্টি হৈছে উদ্বেগ৷ নাটোৰ সদস্যভুক্ত বিভিন্ন দেশে যুদ্ধত উত্তৰ কোৰিয়াৰ অংশগ্রহণক লৈ গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে এয়া সমগ্র ইউৰোপজুৰি যুদ্ধৰ সূচনা বুলি ধাৰণা কৰিছে৷ স্মর্তব্য যে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে ৰাছিয়া ভ্রমণ কৰাৰ সময়তে যুদ্ধত ইউক্রেইনৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিব বুলি ঘোষণা কৰিছিল৷ ৰাছিয়াক এই যুদ্ধত সর্বতোপ্রকাৰে সহায় কৰিব বুলিও প্রতিশ্রুতি দিছিল কিম জং–উনে৷ ইয়াৰ পাছতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে উত্তৰ কোৰিয়া ভ্রমণ কৰাৰ সময়ত দুয়োখন দেশৰ শীর্ষ নেতা দুগৰাকীৰ মাজত প্রতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ হোৱা বুলি দাবী কৰিছিল আমেৰিকা, দক্ষিণ কোৰিয়া আৰু পাশ্চাত্যৰ দেশসমূহে৷ আশংকাৰ কাৰণ নথকা নহয়৷ ইতিমধ্যে নিজৰ অস্ত্র শক্তি বৃদ্ধি কৰি আছে উত্তৰ কোৰিয়াই৷ বিগত সময়ছোৱাত বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই আহিছে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনে৷ ৰাছিয়াক যদি ক্ষেপণাস্ত্র আৰু অন্যান্য অস্ত্রৰে উত্তৰ কোৰিয়াই সহায় কৰে, তেন্তে ইউক্রেইন তথা ইউৰোপীয় দেশসমূহৰ বাবে এয়া আতংকৰ কাৰণ হৈ পৰিব৷ ইফালে বিভিন্ন সময়ত পৰমাণু যুদ্ধৰ ভাবুকিও দি আহিছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ উত্তৰ কোৰিয়াই ইতিমধ্যে গণবিধ্বংসী পৰমাণু অস্ত্র নির্মাণ কৰা বুলি দাবী কৰিছে৷ যদি এই অস্ত্র ৰাছিয়াৰ হাতত পৰে, তেন্তে পৰিস্থিতি অধিক জটিল হৈ পৰিব৷ ইয়াৰ উপৰি উত্তৰ কোৰিয়া, ৰাছিয়া আৰু চীনৰ মাজত মৈত্রীৰ সম্পর্ক সুদৃঢ় হৈছে৷ যদি নাটো সদস্য দেশসমূহে ৰাছিয়াক আক্রমণৰ লক্ষ্য হিচাপে বাছি লয়, তেন্তে চীন নীৰৱে থাকিব বুলি ক’ব নোৱাৰি৷ অর্থাৎ ৰাছিয়া–ইউক্রেইন যুদ্ধত উত্তৰ কোৰিয়াৰ সেনা চামিল হোৱা মানে ইউৰোপজুৰি এখন ভয়ংকৰ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ লক্ষণীয়ভাৱে উত্তৰ কোৰিয়া আৰু ৰাছিয়াই এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও পাশ্চাত্যত বিষয়টোৱে সৃষ্টি কৰিছে উত্তেজনা৷