সম্পাদকীয় : এক দেশ এক নির্বাচন
বিশ্বৰ সর্ববৃহৎ গণতন্ত্রক শক্তিশালী কৰাৰ লক্ষ্যৰে ‘এক দেশ এক নির্বাচন’ৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ৷ যোৱা ১২ ডিচেম্বৰত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ কেবিনেট বৈঠকত এক দেশ এক নির্বাচনৰ প্রস্তাৱ গৃহীত হয়৷ সংসদৰ চলিত অধিৱেশনতে এই সম্পর্কত মোদী চৰকাৰে বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ যদিহে এক দেশ এক নির্বাচনৰ আধাৰিত বিধেয়কখন সংসদত গৃহীত হয় তেন্তে ২০২৯ৰ লোকসভা নির্বাচনৰ সময়তে দেশজুৰি বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ এয়া নিশ্চিতভাৱে দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ বাবে হ’ব এক নতুন অধ্যায়৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫১–৫২ চনত প্রথমবাৰৰ বাবে লোকসভা আৰু বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে৷ পৰৱর্তী ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ত এক দেশ এক নির্বাচন নীতিৰ আধাৰতে লোকসভা আৰু বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল৷ বিংশ শতাব্দীৰ শেষৰ দুটা দশকত দেশজুৰি সৃষ্টি হোৱা সঘন পৰিৱর্তনৰ বতাহ আৰু বহুধাবিভক্ত ৰাজনৈতিক শক্তিৰ উত্থানৰ বাবে দেশত চৰকাৰ পৰিৱর্তনৰ ধাৰাই নতুন গতি লাভ কৰিছিল৷ ফলত গণতান্ত্রিক চৰকাৰ এখনৰ নির্ধাৰিত কার্যকাল সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাছিল কেইবাগৰাকী প্রধানমন্ত্রীয়ে৷ এনে অস্থিৰতাৰ বাবেই এক দেশ এক নির্বাচনৰ সমীকৰণ সলনি হৈছিল৷ ইয়াৰ লগে লগে ৰাজ্য ভিত্তিত চৰকাৰ সলনিৰ ফলত লোকসভা আৰু বিধানসভাৰ নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ ব্যৱস্থা সম্পূর্ণ সলনি হৈছিল৷ দেশৰ ২০১৯ৰ লোকসভা নির্বাচনত ব্যয় হৈছিল প্রায় ৬০ হাজাৰ কোটি টকা৷ ২০২৪ৰ লোকসভা নির্বাচনত ৰাজকোষৰ নির্বাচনী ব্যয় ৭৫ হাজাৰ কোটি টকাৰ অধিক হৈছিল৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ অধীনত জনপ্রতিনিধি নির্বাচন প্রক্রিয়াত এইদৰে চৰকাৰী ধন ব্যয় হোৱাৰ ফলত দেশৰ উন্নয়ন বহু পৰিমাণে বাধাপ্রাপ্ত হৈছে৷ একে সময়তে লোকসভা আৰু বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’লে ৰাজকোষৰ পুঁজি বহু পৰিমাণে ৰাহি হোৱাৰ লগতে দেশবাসীয়ে এখন শক্তিশালী চৰকাৰ গঠনৰ বাবে জনাদেশ প্রদান কৰাৰ সুযোগ লাভ করিব৷ ২০১৪ চনত দেশজুৰি পৰিৱর্তনৰ এক ধুমুহাৰ সৃষ্টি কৰি দিল্লীৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূর্বে বিজেপিয়ে এক দেশ এক নির্বাচনৰ নির্বাচনী প্রতিশ্রুতি দিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতেই এক দেশ এক নির্বাচনৰ আধাৰত দেশৰ নির্বাচনী ব্যৱস্থা ন–ৰূপত গঢ়িবলৈ তৎপৰ হৈছিল৷ প্রধানমন্ত্রী মোদীৰ এনে পদক্ষেপক কংগ্রেছকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই প্রশ্ণ উত্থাপন কৰিছিল৷ এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে নির্বাচন আয়োগৰো পৰামর্শ বিচাৰিছিল৷ ২০১৮ত নির্বাচন আয়োগে কেন্দ্রীয় চৰকাৰক এই কথা স্পষ্টভাৱে জনাইছিল যে এক দেশ এক নির্বাচন কার্যকৰী কৰিবলৈ হ’লে কমেও পাঁচটা নতুন সাংবিধানিক প্রস্তাৱনাৰ প্রয়োজন হ’ব৷ নির্বাচন আয়োগৰ পৰামর্শৰ ভিত্তিত প্রধানমন্ত্রী মোদী চৰকাৰে দেশৰ ৰাজনৈতিক দলসমূহৰ স’তে বৈঠক অনুষ্ঠিত কৰে৷ অৱশ্যে কংগ্রেছ, তৃণমূল কংগ্রেছ, সমাজবাদী দল, বহুজন সমাজ পার্টী, ডি এম কে আদি দলে প্রধানমন্ত্রী মোদীৰ এনে বৈঠক বর্জন কৰে৷ অৱশ্যে আম আদমী পার্টী, তেলেগু দেশম, বি আৰ এছকে ধৰি কেইবাটাও ৰাজনৈতিক দলে কেন্দ্রীয় চৰকাৰৰ বৈঠকত অংশ লৈছিল৷
এক দেশ এক নির্বাচনৰ ব্যৱস্থা কার্যকৰীকৰণ সন্দর্ভত কেন্দ্রীয় চৰকাৰে প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে ইতিবাচক সংকেত দিছে৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ ওচৰত যোৱা মার্চত দাখিল কৰা প্রতিবেদনৰ ভিত্তিতেই প্রধানমন্ত্রী মোদী চৰকাৰে এক দেশ এক নির্বাচন ব্যৱস্থা কার্যকৰী কৰিবলৈ ওলাইছে৷ প্রধানমন্ত্রীগৰাকীৰ্ স্থিতিক দেশৰ বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীয়ে আদৰণি জনাইছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ, তৃণমূল কংগ্রেছ, চিপিএমকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে এক দেশ এক নির্বাচন ব্যৱস্থাৰ তীব্র বিৰোধিতা কৰিছে৷ সাম্প্রতিক সময়ত এক দেশ এক নির্বাচন ব্যৱস্থাই দেশৰ যুক্তৰাষ্ট্রীয় গাঁথনিৰ পৰিপন্থী বুলি বিৰোধী দলকেইটাই অভিযোগ কৰিছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশজুৰি কংগ্রেছ দল সর্বশক্তিমান আছিল৷ স্বাধীনতাৰ পিছত প্রায় আঢ়ৈ দশক ধৰি বিৰোধী দলসমূহে ক্ষমতা দখলৰ বাবে শক্তি আহৰণ কৰাৰ কোনো পৰিৱেশ নাছিল৷ বিগত ১০ বছৰৰ ভিতৰত দেশজুৰি বিজেপিৰ নেতৃত্বত নতুন ৰাজনৈতিক উত্থান চলি আছে৷ এনে সময়তে এক দেশ এক নির্বাচন ব্যৱস্থা কার্যকৰী হ’লে দেশৰ ক্ষমতাত বিজেপিৰ শক্তি আৰু অধিক বৃদ্ধি হ’ব বুলি কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে আশংকা কৰিছে৷ কিন্তু এক দেশ এক নির্বাচন ব্যৱস্থা কার্যকৰী কৰিবলৈ হ’লে সংবিধান সংশোধন কৰাটো অতিকৈ প্রয়োজন হ’ব৷ ইয়াৰ বাবে সংসদত প্রয়োজন হ’ব দুই–তৃতীয়াংশ সাংসদৰ সমর্থন৷ লোকসভাৰ মুঠ আসনৰ ৬১ শতাংশ বিজেপি আৰু এনডিএৰ সহযোগী দলৰ সাংসদ আছে৷ ৰাজ্যসভাত এতিয়াও প্রয়োজনীয় শক্তি এনডিএৰ নাই৷ ফলত সংসদত বিধেয়কখন গৃহীত কৰিবলৈ হ’লে এনডিএৰ বাহিৰেও অন্যান্য দলৰ সাংসদৰ সমর্থন প্রয়োজন হ’ব৷ এক দেশ এক নির্বাচন ব্যৱস্থাৰ সুবিধা–সুবিধাক লৈ বিতর্ক ৰাজনৈতিক পর্যায়ত বিতর্কৰ সৃষ্টি হোৱাটো সুস্থ গণতন্ত্রৰ বাবে শুভ লক্ষণ৷ এই সম্পর্কত দেশৰ সংবিধান বিশেষজ্ঞ তথা শিক্ষাবিদসকলেও তেওঁলোকৰ যুক্তি উত্থাপন কৰা উচিত৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাক ক্ষমতা দখলৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি সঘনে নির্বাচন অনুষ্ঠিত কৰাটো কাৰো বাবে মংগলজনক নহয়৷ ৰাজকোষৰ পুঁজি ব্যয় কৰি ৰাজনৈতিক স্বার্থত নির্ধাৰিত সময়ৰ পূর্বে নির্বাচন অনুষ্ঠিত কৰাটো সুস্থ গণতন্ত্রৰ পৰিচায়ক হ’ব নোৱাৰে৷ কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ দুই দশক ধৰি বর্তি থকা এক দেশ এক নির্বাচন ব্যৱস্থাক কোনোৱে সমালোচনা কৰা নাছিল৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ বাবে সেয়া আছিল জনমুখী চৰকাৰ গঠনৰ শক্তিশালী জনাদেশ৷ এতিয়া নতুন নির্বাচন প্রক্রিয়া আৰম্ভ কৰাৰ পূর্বে নিশ্চিতভাৱে কেইবাখনো ৰাজ্যই সমস্যাৰ সন্মুখীন হ’ব৷ যদিহে ২০২৯ৰ লোকসভা নির্বাচনৰ সময়তে দেশৰ ৰাজ্যসমূহৰ বিধানসভা নির্বাচন অনুষ্ঠিত হয় তেন্তে কেইবাখনো ৰাজ্যৰ নির্বাচিত চৰকাৰে পাঁচ বছৰীয়া কার্যকাল সম্পূর্ণ কৰিব নোৱাৰিব৷ এইক্ষেত্রত কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু সংস্কাৰমুখী এক পদক্ষেপ গ্রহণ কৰিবলৈ হ’লে দেশৰ সকলো শ্রেণীৰ লোকে ঐক্যবদ্ধ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ মাথোঁ বিৰোধীৰ বাবেই বিৰোধিতা কৰাৰ সহজাত পন্থা গ্রহণ কৰিলে দেশখনে ইপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে৷