নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিৰোধী মর্চাত বিভাজন

অষ্টাদশ লোকসভা নির্বাচনৰ ষষ্ঠ পর্যায়ৰ ভোটদান শনিবাৰে শেষ হৈছে৷ দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ষষ্ঠ পর্যায়ৰ নির্বাচনত ৬৮ লোকসভা সমষ্টিৰ ৮৮৯গৰাকী প্রার্থীৰ ভাগ্য ইভিএমত আবদ্ধ হোৱাৰ পিছত অহা ১ জুনত অনুষ্ঠিত হ’ব শেষ পর্যায়ৰ নির্বাচন৷ ৪ জুনৰ ভোটগণনাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা–কর্মীৰ লগতে সমাজ সচেতন লোকৰ মাজত উৎকণ্ঠা বৃদ্ধি হৈছে৷ চৰকাৰ গঠনক লৈ বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলৰ নেতাসকল অধিক আত্মবিশ্বাসী হৈ উঠাৰ সমান্তৰালভাৱে কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চাৰ অংশীদাৰ দলসমূহেও চৰকাৰ গঠনৰ সপোন দেখিছে৷ নতুন চৰকাৰ গঠনক লৈ শাসক আৰু বিৰোধী দলসমূহৰ এনে দাবীৰ বিপৰীতে বাস্তৱত কি জনাদেশ লাভ কৰে সেয়া ৪ জুনৰ ভোটগণনাত স্পষ্ট হ’ব৷ কিন্তু ভোটগণনাৰ পূর্বে কংগ্রেছ নেতৃত্বাধীন বিৰোধী মর্চাত মুকলি বিভাজন ঘটিছে৷ এই বিভাজন ভোটদানৰ পূর্বেও হৈছে আৰু ভোটগ্রহণৰ পিছতো হৈছে৷ বিজেপি নেতৃত্বাধীন এনডিএক ক্ষমতাচ্যুত কৰি দিল্লীৰ ৰাজপাট দখল কৰা যে সহজ নহয় সেয়া বিৰোধী দলসমূহে ভালদৰে বুজিছে৷ সেয়ে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণৰ বাবে লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছ নেতত্বাধীন ইণ্ডি মর্চা গঠন হৈছিল৷ এই মর্চাৰ অংশীদাৰ হৈছিল দেশৰ বিজেপিবিৰোধী শিবিৰত থকা ৰাজনৈতিক দল, কেইবাজনো মুখ্যমন্ত্রী, বুদ্ধিজীৱী, লেখক–সাংবাদিক আদি৷ কিন্তু নির্বাচন চমু চাপি অহাৰ লগে লগে ইণ্ডি মর্চাত বিভাজন হ’বলৈ ধৰে৷ নিজ নিজ ৰাজ্যৰ ৰাজনৈতিক অংকত অধিকাংশ অংশীদাৰী দলে ইণ্ডি মর্চাৰ সংগ ত্যাগ কৰি নিজাববীয়াকৈ নির্বাচনী যুঁজত নামিছে৷ যিকেইটা ৰাজনৈতিক দলে কংগ্রেছৰ স’তে লগ লাগি নির্বাচনী যুঁজ দিছে সেই দলকেইটাৰ মাজতো ভোটদানৰ পিছতো সংঘাত আৰম্ভ হৈছে৷ অসমতো কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চাৰ অংশীদাৰ আছিল ৰাইজৰ দল, তৃণমূল কংগ্রেছ, আপ, অসম জাতীয় পৰিষদ আদি৷ নির্বাচনত আসন বিতৰণক লৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে ইণ্ডি মর্চা ত্যাগ কৰি তৃণমূল কংগ্রেছ আৰু আপে সুকীয়াকৈ নির্বাচনী যুঁজ দিছে৷ এইবাৰ লোকসভা নির্বাচনত কংগ্রেছক সংগ দিছে মাথোঁ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে৷ নির্বাচনত ৰাইজৰ দলে কোনো প্রার্থীক থিয় কৰোৱা নাই যদিও অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে ডিব্রুগড় লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে৷ নির্বাচনৰ ভোটগণনাৰ পূর্বে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সোণাপুৰৰ এখন ৰিজ’টত ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ, অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈ, সাংসদ অজিত কুমাৰ ভূঞা আদিৰ স’তে মিলিত হৈছে৷ অহা ৪ জুনৰ নির্বাচনী ফলাফলক লৈ সন্দিহান হ’লেও কংগ্রেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ স’তে নির্বাচনী মিত্রতা ২০২৬ চনৰ বিধানসভা নির্বাচনলৈ বর্তাই ৰখাটো বিচাৰিছে৷
অসমত আঞ্চলিক তথা জাতীয়তাবাদী শিবিৰক এলাগী কৰি ৰাজ্যৰ ৰাজনীতিত ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাটো সর্বভাৰতীয় ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ ছবছৰীয়া অসম আন্দোলনৰ সময়ৰে পৰা অসমত জাতীয়তাবাদী ৰাজনীতিৰ বিশেষ উত্থান হৈছিল৷ অসম গণ পৰিষদৰ নেতৃত্বত দুবাৰ চৰকাৰ গঠন হৈছিল৷ দীর্ঘসময় নেতৃত্বকেন্দ্রিক অন্তর্কন্দল আৰু ক্ষমতাত থকাৰ সময়ছোৱাত দলটোৰ একাংশ শীর্ষ নেতাৰ অপকর্মৰ বাবে অসম গণ পৰিষদ দলটোৱে বিপর্যয়ৰ সন্মুখীন হ’লেও সেয়া এতিয়া বহু পৰিমাণে অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ বহু বছৰৰ মূৰত চলিত লোকসভা নির্বাচনত অগপ দলে এগৰাকী সাংসদ লাভ কৰাৰ সম্ভাৱনা আছে৷ একেদৰে বিটিআৰৰ আঞ্চলিক দল ইউপিপিএল দলেও প্রথমবাৰৰ বাবে লোকসভাৰ মজিয়াত এজন সাংসদ লাভ কৰাৰ সম্ভাৱনাৰ আশা আছে৷ অসম গণ পৰিষদ আৰু ইউপিপিএলৰ স’তে জোঁটবন্ধন ৰাজনীতিৰ জৰিয়তে বিজেপিয়ে যিদৰে লাভৱান হৈছে একেদৰে আঞ্চলিক দল দুটাও উপকৃত হৈছে৷ অগপ আৰু ইউপিপিএলৰ জৰিয়তে বিজেপিয়ে অসমত আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিকো সমানে গুৰুত্ব দিয়াৰ বার্তা দিবলৈ চেষ্টা চলাইছে৷ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ নিজস্ব দল–সংগঠনসমূহে বিজেপিক মুকলিভাৱে সহায় কৰিছে৷ বিজেপিৰ এনে ৰাজনীতিৰ বাবেই ২০২৬ৰ বিধানসভা নির্বাচনলৈকে কংগ্রেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ স’তে নির্বাচনী মিত্রতা বর্তাই ৰাখিবলৈ চেষ্টা চলাইছে৷ ‘কা’ আন্দোলনৰ অচিলা লৈ আছু নেতা লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদ দল গঠনেৰে অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনীতিৰ জন্ম দিয়াৰ চেষ্টা চলাইছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত লুৰিণজ্যোতি গগৈৰ ৰাজনীতিক অসমবাসীয়ে আঁকোৱালি নল’লে৷ চলিত লোকসভা নির্বাচনত কংগ্রেছৰ সংগ লৈ অসম জাতীয় পৰিষদৰ ৰাজনীতি কি পর্যায়ত আছে সেয়া চাৰি জুনৰ ভোটগণনাত স্পষ্ট হ’ব৷ এইবাৰ নির্বাচনৰ নিজস্ব দলৰ প্রার্থী নাথাকিলেও ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে সক্রিয়তাৰে বিজেপিবিৰোধী অভিযান চলাইছে৷ অখিল গগৈয়ে শেহতীয়া নির্বাচনত কংগ্রেছ দলৰ একাংশ নেতা–কর্মীৰ ভূমিকাক লৈও প্রশ্ণ উত্থাপন কৰিছে৷ অখিল গগৈৰ এনে ভূমিকাত ক্ষুণ্ণ হৈ প্রদেশ কংগ্রেছৰ সভাপতিয়ে ৰাইজৰ দলৰ মুৰব্বীগৰাকীক চোকা ভাষাৰে সমালোচনা কৰিছে৷ অখিল গগৈৰ দৰে নেতাৰ স’তে ৰাজনৈতিক মিত্রতা দীর্ঘকাল বর্তাই ৰখাটো নিশ্চিতভাৱে কংগ্রেছৰ বাবে এক প্রত্যাহ্বান৷ ইফালে বহুসংখ্যক নেতাই দল ত্যাগ কৰাৰ ঘটনাই শতিকাপুৰণি দলটোৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰিছে৷ এনে অৱস্থাত দলটোৱে আগন্তুক দিনবোৰত ৰাইজৰ গ্রহণযোগ্য মিত্রতাৰ ৰাজনীতি কিদৰে আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব৷

You might also like