নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পেৰিছ অলিম্পিক

বিশ্বৰ ক্রীড়াক্ষেত্রৰ সর্বোচ্চ প্রতিযোগিতা পেৰিছ অলিম্পিক ২০২৪ৰ ২৬ জুলাইত আনুষ্ঠানিকভাৱে উদ্বোধনৰ পূর্বে ২৪ জুলাইৰ পৰা বিভিন্ন খেলৰ প্রতিযোগিতা আৰম্ভ হৈছে৷ ফ্রান্সত ৰাজনৈতিক অস্থিৰতাৰ মাজতে পেৰিছ অলিম্পিক আৰম্ভ হৈছে৷ ২০২৪ গ্রীষ্মকালীন অলিম্পিক যাক গেমছ অৱ ৩৩ অলিম্পিয়ান বুলি কোৱা হয়৷ অৱশ্যে ইয়াৰ ব্রেণ্ড নেম হৈছে পেৰিছ ২০২৪৷ ইতিমধ্যে এই প্রতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দেশখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ কার্যতঃ নিৰাপত্তা দুর্গত পৰিণত হৈছে ফ্রান্স৷ দেশখনৰ পেৰিছত মূল প্রতিযোগিতাৰ লগতে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই প্রতিযোগিতাত ২০৬খন দেশে অংশগ্রহণ কৰিছে৷ ৩২বিধ খেলৰ ৩২৯ ইভেণ্টত ১০,৭১৪ এথলীটে অংশ লৈছে৷ ২৬ জুলাইত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই প্রতিযোগিতাখন অহা ১১ আগষ্টত সামৰণি পৰিব৷ পেৰিছৰ লগতে দেশখনৰ ১৬খন চহৰত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব৷ ২০১৭ চনৰ ১৩ ছেপ্ঢেম্বৰত পেৰুৰ লিমাত অনুষ্ঠিত ১৩১সংখ্যক আই’চিৰ বৈঠক পেৰিছত ২০২৪ গ্রীষ্মকালীন অলিম্পিক অনুষ্ঠিত কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হয়৷ এই প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন দেশে ইচ্ছা প্রকাশ কৰিছিল যদিও পৰৱর্তী সময়ত বহুকেইখন দেশে অলিম্পিক আয়োজনৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰাত কেৱল পেৰিছ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছ প্রতিদ্বন্দ্বিতাত থাকে৷ আন্তর্জাতিক অলিম্পিক কমিটীয়ে অৱশেষত পেৰিছক ২০২৪ অলিম্পিক প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ চূড়ান্ত অনুমোদন দিয়ে আৰু সম্প্রতি পেৰিছ অলিম্পিক চলি আছে৷ পেৰিছ হৈছে অলিম্পিক প্রতিযোগিতা তৃতীয়বাৰৰ বাবে আয়োজন কৰা দ্বিতীয়খন চহৰ৷ ইয়াৰ পূর্বে পেৰিছত ১৯০০ আৰু ১৯২৪ চনত অলিম্পিক অনুষ্ঠিত হৈছিল৷ পেৰিছৰ পূর্বে অলিম্পিক তৃতীয়বাৰৰ বাবে আয়োজন কৰা চহৰ হৈছে লণ্ডন৷ লণ্ডনত ১৯০৮, ১৯৪৮ আৰু ২০১২ চনত অলিম্পিক আয়োজন কৰা হৈছিল৷ প্রতিযোগিতাখনৰ অধিকাংশ খেলেই পেৰিছ চহৰত আয়োজিত হ’ব৷ বাকী খেলসমূহৰ ভিতৰত পেৰিছ মহানগৰী অঞ্চলৰ ছেইণ্ট ডেনিছ, লে বার্গেট, নাণ্টেৰে, ভার্ছেলিছ আৰু ভাইৰেছ সুৰ মাৰনেত আয়োজিত হ’ব৷ বাস্কেটবলৰ প্রাৰম্ভিক আৰু হেণ্ডবলৰ চূড়ান্ত খেল লিলেত অনুষ্ঠিত হ’ব৷ পেৰিছৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২২৫ কিলোমিটাৰ৷ নৌকা আৰু কিছুসংখ্যক ফুটবল মেচ মার্ছেইলিত অনুষ্ঠিত হ’ব৷ পেৰিছৰ পৰা ইয়াৰ দূৰত্ব ৭৭৭ কিলোমিটাৰ৷ কেইবাবিধো খেল ফ্রান্সৰ পলিনেছিয়াৰ স্থানত অনুষ্ঠিত হ’ব৷ পেৰিছৰ পৰা ১৫,৭১৬ কিলোমিটাৰ নিলগত এই খেলসমূহ অনুষ্ঠিত হ’ব৷ পেৰিছ ২০২৪ অলিম্পিক আনুষ্ঠানিকভাৱে উদ্বোধনৰ পূর্বে দেশখনত ৰাজনৈতিক অস্থিৰতাই গ্রাস কৰি উঠিছে৷ নির্বাচনত শাসকীয় দলে ভাল ফলাফল কৰিব নোৱাৰাত দেশখনত ৰাজনৈতিক অস্থিৰতাই দেখা দিয়ে যদিও বিশ্বৰ বৃহত্তম প্রতিযোগিতাখনৰ প্রতি লক্ষ্য ৰাখি চৰকাৰখনে এই প্রতিযোগিতাখন সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্রত দৃঢ় প্রতিজ্ঞ হয় আৰু সম্প্রতি প্রতিযোগিতাখন আৰম্ভ হৈছে৷
পেৰিছ অলিম্পিকত নিৰাপত্তাৰ বিষয়টো অধিক চর্চাৰ অন্যতম৷ সেয়েহে নিৰাপত্তা আৰু সুৰক্ষাৰ প্রতি গুৰুত্ব দি দেশখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে৷ চর্চা মতে, দ্বিতীয় বিশ্বযুদ্ধৰ লেখীয়াকৈ দেশখনত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ পেৰিছৰ পৰা খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে৷ ভাৰতৰ পৰাও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ ডগ স্কোৱাড মোতায়েন কৰা হৈছে৷ প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বেই ফ্রান্সত ৰাজনৈতিক অস্থিৰতাৰ লগতে পৰিৱেশমূলক আৰু নিৰাপত্তাজনিত উদ্বিগ্ণতা চর্চিত হৈ পৰে৷ মানৱ অধিকাৰ, সন্ত্রাসবাদ আৰু বিভিন্ন বিষয়ক লৈ দেশখনত উদ্বিগ্ণতা বৃদ্ধি পায়৷ আনহাতে ইজৰাইল–হামাছৰ যুদ্ধৰ মাজতে প্রতিযোগিতাত ইজৰাইলক অংশগ্রহণ কৰিবলগীয়া বিষয়টো বিতর্কৰ মাজত সোমাই পৰে৷ লক্ষণীয় যে বিশ্বৰ বৃহত্তম প্রতিযোগিতাখনত ২০৬খন দেশৰ ১০,৭১৪গৰাকী এথলীটে অংশগ্রহণ কৰাৰ বাবেই নিৰাপত্তা বিষয়টো অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷ সেয়েহে চৰকাৰে প্রতিখন ষ্টেডিয়ামতে তুলনামূলকভাৱে নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰিছে৷ প্রতিযোগিতাখনৰ নিৰাপত্তাৰ বাবে ফ্রান্স চৰকাৰে ইউৰোপ আৰু গ্রেট ব্রিটেইনৰ গৃহ বিভাগৰ সহায় বিচাৰিছে৷ ইউৰোপ আৰু গ্রেট ব্রিটেইনৰ গৃহ বিভাগে চুক্তি কৰি নিৰাপত্তা ব্যৱস্থাটো অধিক শক্তিশালী কৰি তুলিছে৷ প্রতিযোগিতাৰ সময়ত আন্তর্জাতিক আইন বলৱৎকাৰী সমন্বয় আৰু তথ্য সলনিৰ বিষয়টোত গুৰুত্ব দিয়া হৈছে৷ প্রতিযোগিতাৰ পূর্বে দেশখনৰ আৰক্ষীয়ে পেৰিছত পৰিদর্শন আৰু বোমা নিষ্ক্রিয় কৰাৰ অনুশীলন চলাইছে৷ আনপিনে ব্রিটিছ সেনাই স্থলৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ষ্টাৰষ্টিটিক মিছাইল মোতায়েন কৰিছে৷ বিশ্বৰ সর্ববৃহৎ প্রতিযোগিতাখন সুচাৰুৰূপে আয়োজন আৰু সমাপন কৰাৰ লক্ষ্যৰে ফ্রান্স চৰকাৰে নিৰাপত্তাৰ পৰা সকলো দিশত অধিক গুৰুত্ব দিয়াই নহয়, এই প্রতিযোগিতাই যাতে ফ্রান্সৰ ঐতিহ্য গৰিমাৰ ওপৰত কোনোধৰণৰ প্রভাৱ পেলাব নোৱাৰে, তাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে৷ ক্রীড়াই শান্তি আৰু সম্প্রীতিৰ প্রতীক হিচাপে বিশ্বত সদায়ে চর্চিত হৈ থাকে৷ সেয়া নির্ভৰ কৰিব ফ্রান্সে আয়োজন কৰা পেৰিছ অলিম্পিকৰ সফলতাত৷

You might also like