নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ গাঁৱৰ বিকাশ

উত্তৰ–পূব অঞ্চলৰ গ্রাম্য সংযোগ শক্তিশালী আৰু অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ ভাৰতৰ গ্রামোন্নয়ন মন্ত্রালয়ে প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত গ্রামাঞ্চলৰ পথ আৰু দলং নির্মাণৰ বাবে অসম ৰাজ্যলৈ ৩৭৮.৬৮ কোটি টকা আগবঢ়াইছে৷ এই বিশাল বিনিয়োগেৰে ৰাস্তা–পদূলিৰ উন্নয়ন হ’ব আৰু ই সেই অঞ্চলৰ ৰাইজৰ সামূহিক জীৱনধাৰাত প্রভাৱ পেলাব৷ উচ্চমানৰ পথে স্বাস্থ্য সেৱা, শিক্ষা আৰু বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাত, গ্রাম্য অঞ্চলত সংযোগ বৃদ্ধি কৰাত আৰু দুর্গম গাঁও আৰু চহৰৰ কেন্দ্রৰ মাজৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্রত প্রথম দায়িত্ব পালন কৰে৷ বাণিজ্যিক কাম–কাজ, নিয়োগৰ সম্ভাৱনা সৃষ্টি আৰু বহিঃবিশ্বৰ লগত সম্বন্ধ স্থাপনৰ সুবিধা আগবঢ়াব পৰা কামবোৰৰ আৰম্ভণি হয় পথ সংযোগ ব্যৱস্থাৰ পৰা৷ গ্রামাঞ্চলৰ অর্থনৈতিক বিকাশেহে ৰাজ্যখনৰ সামগ্রিক বিকাশত অৰিহণা যোগাব পাৰিব৷ এইবোৰ সম্ভাৱনাক আগত ৰাখি অসমৰ গ্রাম্য পথৰ উন্নয়নৰ বাবে প্রায় তিনিশ আশী কোটি টকা কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে৷ এই অভিলাষী প্রকল্প সফল হ’ব লাগিলে ৰাজনৈতিক সদিচ্ছা থাকিবই লাগিব৷ অসমৰ গ্রামাঞ্চলত পথ সংযোগৰ ডন্নতি সাধন কৰাটো অর্থনৈতিক বিকাশৰ ক্ষেত্রত আৰু হয়াৰ বাসিন্দাসকলৰ জীৱনৰ মান বৃদ্ধিৰ বাবে মৌলিক প্রয়োজন৷ বানপানীয়ে বুৰাই যোৱা ভূখণ্ডবোৰ, নদীৰ পাৰৰ ঠাইবোৰ আৰু পাহাৰীয়া অঞ্চলবোৰত পথ নির্মাণ আৰু ৰক্ষণাবেক্ষণ যথেষ্ঠ আহুকলীয়া৷ কিন্তু এই গ্রাম্য অঞ্চলসমূহৰ সম্ভাৱনা মুকলি কৰি বহল অর্থনীতিৰ সৈতে একত্রিত কৰাৰ বাবে শক্তিশালী পথ আন্তঃগাঁথনিত বিনিয়োগ কৰাটো সকলো দিশৰ পৰাই গুৰুত্বপূর্ণ৷ পথসমূহে গ্রামাঞ্চলৰ মানুহৰ জীৱনৰেখা হিচাপে কাম কৰে, তেওঁলোকক অত্যাৱশ্যকীয় সেৱা আৰু সুযোগসমূহৰ সৈতে সংযোগ কৰে৷ উন্নত পথ সংযোগে বজাৰত সহজ আৰু দ্রুত প্রৱেশৰ সুবিধা প্রদান কৰে, যাৰ ফলত কৃষক আৰু ক্ষুদ্র উৎপাদকসকলে নিজৰ সামগ্রী অধিক কার্যক্ষম আৰু উন্নত মূল্যত বিক্রী কৰিব পাৰে৷ ইয়াৰ ফলত তেওঁলোকৰ ব্যক্তিগত আয় বৃদ্ধি হোৱাহ নহয়, ই গ্রাম্য সমৃদ্ধিত অৰিহণা যোগায়৷
পথ ব্যৱস্থাৰ লগত সাঙোৰ খাই থকা আৰু দুটি কথা হ’ল স্বাস্থ্য সেৱা আৰু শিক্ষাৰ সুবিধা৷ অসমৰ গ্রাম্য অঞ্চলৰ বহু ঠাহত নিকটতম স্বাস্থ্যকেন্দ্র বা বিদ্যালয়ত উপস্থিত হ’ব পৰাটো এটা কঠিন কাম হ’ব৷ বিশেষকৈ বাৰিষা কালত, ই কাম সাধ্যৰ অতীত হৈ পৰে৷ চিকিৎসালয়লৈ নিয়াৰ পথতে প্রসূতিৰ সন্তান প্রসৱৰ দৰে বাতৰি অসমত সুলভ৷ পথৰ আন্তঃগাঁথনি ডন্নত কৰি চৰকাৰে গ্রাম্য জনসাধাৰণে চিকিৎসা সেৱাৰ নির্ভৰযোগ্য সুবিধা লাভ কৰাটো নিশ্চিত কৰিব পাৰে, মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্রাস কৰিব পাৰে আৰু সামগ্রিক জনস্বাস্থ্য উন্নত কৰিব পাৰে৷ অকল পথ ব্যৱস্থাই নহয়, গ্রামাঞ্চলৰ মানুহৰ জীৱনধাৰাৰ মান উন্নীতকৰণৰ বাবে অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰাটো অতি জৰুৰী৷ অসমৰ বহু গ্রাম্য অঞ্চল এতিয়াও অসামঞ্জস্যপূর্ণ আৰু অপর্যাপ্ত বিদ্যুৎ যোগানৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত দৈনন্দিন কাম–কাজ আৰু অর্থনৈতিক ডন্নয়নত বাধাৰ সৃষ্টি হৈছে৷ কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে নির্ভৰযোগ্য বিদ্যুৎ অতি গুৰুত্বপূর্ণ৷ কৃষকসকলে জলসিঞ্চনৰ বাবে পানী পাম্পৰ দৰে বৈদ্যুতিকচালিত সঁজুলি ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত তেওঁলোকে শস্য অধিক কার্যক্ষমভাৱে খেতি কৰাত সহায় কৰে আৰু ডৎপাদন বৃদ্ধি পায়৷ বিশেষকৈ বতৰৰ অস্বাভাৱিকতা থকা অঞ্চলত এহটো গুৰুত্বপূর্ণ, য’ত জলসিঞ্চনে খৰাং বা অপর্যাপ্ত বৰষুণৰ প্রভাৱ কম কৰিব পাৰে৷ হয়াৰ উপৰি গ্রাম্য অঞ্চলৰ ক্ষুদ্র ব্যৱসায় আৰু উদ্যোগৰ বাবে নিৰন্তৰ বিদ্যুৎ যোগান অতি প্রয়োজনীয়৷ ই তেওঁলোকক অধিক কার্যক্ষমভাৱে কাম কৰিবলৈ অনুমতি দিয়ে, উৎপাদন ব্যয় হ্রাস কৰে আৰু প্রতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰে৷ বিদ্যুতৰ সুবিধাৰ অর্থ হ’ল উন্নত পোহৰ, যিয়ে সূর্যাস্তৰ পিছতো উৎপাদনশীল সময়ৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷ অসমৰ গ্রামাঞ্চলবোৰত দূৰসংযোগ আৰু ইণ্টাৰনেট সংযোগৰ সম্প্রসাৰণ অতি প্রয়োজনীয়৷ বহু গ্রাম্য অঞ্চলত নির্ভৰযোগ্য ম’বাহল নেটৱর্ক আৰু দ্রুতবেগী ইণ্টাৰনেটৰ সুবিধা সীমিত হৈয়েই আছে৷ অসমৰ গ্রামাঞ্চলৰ বিকাশৰ কথা ভবাসকলে চহৰৰ উদাহৰণেৰে নহয়, গ্রামাঞ্চলৰ প্রয়োজনীয়তাৰ সকলো দিশৰ কথা ভাবি আঁচনিবোৰ প্রস্তুত কৰিলেহে অসমৰ গ্রাম্য জীৱন সমৃদ্ধিৰ পথত আগবাঢ়িব পাৰিব৷

You might also like