নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বন্দীৰ বলিশাল ছৌদি আৰব

মানৱাধিকাৰ উলংঘনৰ ক্ষেত্রত বিশ্বজুৰি ছৌদি আৰবৰ কুখ্যাতি আছে৷ ইৰান তথা আৰব ৰাষ্ট্রসমূহত পাইকাৰী হাৰত মানৱাধিকাৰ উলংঘন হোৱা বুলি অভিযোগ তুলি আহিছে বিশ্বৰ বিভিন্ন সংস্থাই৷ বিশেষকৈ আন্তর্জাতিক মানৱাধিকাৰ সংস্থাসমূহে এই দেশসমূহত সঘনে মানৱাধিকাৰ উলংঘা হোৱা বিষয়ক লৈ ক্ষোভ উজাৰি আহিছে৷ শেহতীয়াকৈ আফগানিস্তানত নাৰীৰ অধিকাৰ লুণ্ঠনৰ ক্ষেত্রত নতুন নজিৰ সৃষ্টি কৰি আন্তর্জাতিক সম্প্রদায়ৰ সমালোচনাৰ সন্মুখীন হৈছে তালিবান প্রশাসন৷ ইয়াৰ মাজতে আফগানিস্তানত বন্দীক মৃত্যুদণ্ড বিহা বিষয়টোক লৈ পুনৰ সৰৱ হৈছে বিভিন্ন ৰাষ্ট্র তথা মানৱাধিকাৰ সংস্থাসমূহ৷ চলিত বর্ষত ছৌদি আৰবত অভিলেখসংখ্যক বন্দীৰ মৃত্যুদণ্ড কার্যকৰী কৰা হৈছে৷ মাত্র দহ দিন পূর্বেও চাৰিগৰাকী বন্দীক মৃত্যুদণ্ড বিহিছে ছৌদি প্রশাসনে৷ আন্তর্জাতিক মানৱাধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলৰ প্রতিবেদন অনুসৰি চলিত বর্ষত এতিয়ালৈকে তিনি শতাধিক আচামীক মৃত্যুদণ্ড দিছে ছৌদি আৰবে৷ মানৱাধিকাৰ সংগঠনটোৰ হিচাপ অনুসৰি বর্ষটোত ৩০৩জন বন্দীৰ মৃত্যুদণ্ড কার্যকৰী কৰা হৈছে৷ ইয়াৰ বাবে বিশ্ব সম্প্রদায়ে গৰিহণা দিছে ছৌদি আৰবক৷আধুনিক বিশ্বত চৰম শাস্তিৰ বিষয়টোক লৈ বিভিন্ন মহলে বিতর্ক চলাই আহিছে৷ বিভিন্ন দেশে মৃত্যুদণ্ডক চৰম শাস্তি হিচাপে বিবেচনা নকৰে বুলি ইতিমধ্যে সিদ্ধান্তও লৈছে৷ ইয়াৰ মাজতে কেইবাখনো দেশত বন্দীক মৃত্যুদণ্ড বিহি থকা হৈছে৷ মৃত্যুদণ্ডক ভয়াৱহ মানৱাধিকাৰ উলংঘন বুলি বিভিন্ন আন্তর্জাতিক সংস্থাই যুক্তি দর্শাই আহিছে৷ এমনেষ্টিৰ প্রতিবেদন অনুসৰি ২০২৩ চনত চীন আৰু ইৰানৰ পাছত আটাইতকৈ বেছিসংখ্যক বন্দীক মৃত্যুদণ্ড বিহিছিল ছৌদি আৰবে৷ বর্ষটোত ছৌদি আৰবত ১৭০গৰাকী বন্দীক মৃত্যুদণ্ড বিহা হৈছিল৷

এমনেষ্টিৰ মতে চলিত বর্ষৰ পূর্বে ২০২২ত আটাইতকৈ বেছিসংখ্যক ১৯৬জন বন্দীক মৃত্যুদণ্ড বিহিছিল ছৌদি আৰবে৷ বিভিন্ন মানৱাধিকাৰ সংস্থাই অভিযোগ কৰা অনুসৰি ছৌদি আৰবত প্রতিদিনে গড়ে এজনকৈ বন্দীৰ মৃত্যুদণ্ড কার্যকৰী কৰা হয়৷ এই অনুসৰি বর্ষটোত ছৌদি আৰবত তিনি শতাধিক লোকক ইতিমধ্যে মৃত্যুদণ্ড বিহাটো তেনে সাধাৰণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ আটাইতকৈ ভয়ংকৰ বিষয়টো হৈছে ছৌদি আৰবসহ মধ্যপ্রাচ্যৰ কেইবাখনো দেশত লঘু অপৰাধতেই চৰম শাস্তি বিহাৰ নিয়ম চলি আহিছে৷ লঘু শাস্তিৰ বাবে কঠোৰ আইনৰ অধীনত বিচাৰ প্রক্রিয়া চলোৱাটো এই দেশবোৰত এক পৰম্পৰা হিচাপে চিহ্ণিত হৈ আহিছে৷ আন্তর্জাতিক মানৱাধিকাৰ সংস্থা এমনেষ্টিৰ মতে ছৌদি আৰবত মৃত্যুদণ্ডও পাশৱিক৷ ইউৰোপীয় দেশসমূহৰ কেইবাখনতো বিহ ইনজেকচন পুছ কৰি বন্দীক মৃত্যুদণ্ড দিয়া হয়৷ ভাৰত–চীনসহ বিভিন্ন দেশত চৰম শাস্তি হিচাপে বন্দীক ফাঁচি দিয়া হয়৷ কিন্তু ছৌদি আৰবত মৃত্যুদণ্ড মানে বন্দীৰ শিৰশ্ছেদ৷ অর্থাৎ মৃত্যুদণ্ড লাভ কৰা বন্দীসকলক শিৰশ্ছেদ কৰি আহিছে ছৌদি প্রশাসনে৷ অন্য এক গুৰুত্বপূর্ণ দিশ হৈছে ছৌদি আৰবত চৰম শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ নজিৰ খুবেই কম৷ বন্দীক মৃত্যুদণ্ড বিহাৰ পাছত সাধাৰণতে ছৌদি প্রশাসনে কোনো তথ্য সদৰী নকৰে৷ আনফালে, আন্তর্জাতিক সম্প্রদায়ে এই বিষয়টোক লৈ ক্ষোভ উজাৰিলে ছৌদি আৰবে এয়া দেশখনৰ আভ্যন্তৰীণ বিষয় বুলি কৈ ইয়াক এৰাই চলে৷ এইবাৰো অনুৰূপ ঘটনা সংঘটিত হৈছে৷ এমনেষ্টিসহ কেইবাটাও সংগঠনে দেশখনত ক্রমবর্ধমান হাৰত চলি থকা চৰম শাস্তিৰ বিষয়টোক লৈ প্রতিবাদ কৰাৰ সময়তে এয়া আভ্যন্তৰীণ বিষয় বুলি প্রশাসনে যুক্তি দাঙি ধৰিছে৷ মধ্যপ্রাচ্যৰ এই দেশখনত শেহতীয়াকৈ নাৰীৰ বিৰুদ্ধে আৰোপ হৈ থকা কিছু ফতোৱা শিথিল কৰি দিয়া হৈছে যদিও বন্দীক চৰম শাস্তি প্রদানৰ ক্ষেত্রত পূর্বৰ কট্টৰ নীতি পৰিহাৰ কৰা নাই দেশখনৰ চৰকাৰে৷

You might also like