নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সামাজিক মাধ্যম

ডিজিটেল বিশ্বত সামাজিক মাধ্যম মঞ্চ মানৱ জীৱনৰ বাবে অংগাংগী স্বৰূপ হৈ উঠিছে৷ সামাজিক মাধ্যম অবিহনে যেন মানৱ জীৱনৰ গতিয়েই ৰুদ্ধ হৈ পৰিব৷ এনে এক পৰিৱেশৰ সৃষ্টি হৈছে৷ কিশোৰৰ পৰা বৃদ্ধলৈকে সকলো শ্রেণীৰ লোকে এতিয়া সামাজিক মাধ্যমত সাঙোৰ খাই পৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্তিয়ে নিজৰ পছন্দ–অপছন্দৰ বিষয়ে প্রকাশ কৰাৰ লগতে সমাজ জীৱনত সংঘটিত ভাল–বেয়া বিষয়সমূহো প্রচাৰ কৰি আহিছে৷ কার্যতঃ ইতিবাচক চিন্তাৰেই সামাজিক মাধ্যমে সমাজ জীৱনত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাটো জৰুৰী যদিও একাংশই সামাজিক মাধ্যমক অপব্যৱহাৰ কৰি সমাজ জীৱন কলুষিত কৰি আছে৷ সামাজিক মাধ্যম (ছ’চিয়েল মিডিয়া)ত একাউণ্ট খুলি নৱপ্রজন্মৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাৰো লক্ষ্য লৈছে সমাজবিৰোধী চক্রই৷ আনকি অশালীন বার্তা প্রেৰণ কৰি নৱপ্রজন্মৰ মানসিকতাৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাৰ লগতে প্রমূল্যবোধৰ ওপৰত আঘাত হানিছে৷ এনে ঘটনা বিশ্বত চলি আহিছে যে জেহাদী সংগঠনসমূহে সামাজিক মাধ্যমত একাউণ্ট খুলি কিশোৰ–কিশোৰীক প্রলোভনেৰে জেহাদীৰ পথ লোৱাৰ প্রচেষ্টা চলাই আছে৷ কিছু কিছু ক্ষেত্রত সফলো হৈছে৷ কিশোৰ–কিশোৰীৰ মানসিকতা সলনি কৰাৰ বাবে সামাজিক মাধ্যমৰ একাউণ্টটোক ধর্মীয় গোড়ামিৰ পৰা অসামাজিক কার্যকলাপ প্রচাৰ কৰি আছে অসাধু চক্রই৷ কোমল মনৰ কিশোৰ–কিশোৰীয়ে এনে অসাধু চক্রৰ জালত পৰিছে৷ একাংশ কিশোৰ–কিশোৰী সামাজিক মাধ্যমৰ একাউণ্টটোক লক্ষ্য কৰি লৈ অসাধু চক্রই বিপথে পৰিচালিত কৰাৰ প্রক্রিয়া চলাই আহিছে৷ এনে কাৰণতে ১৮ বছৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীয়ে সামাজিক মাধ্যমৰ একাউণ্ট খোলাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে কঠোৰ সিদ্ধান্ত লৈ আইনৰ খচৰা প্রস্তুত কৰিছে৷ কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্রালয়ে ইতিমধ্যে ১৮ বছৰৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীয়ে যাতে সামাজিক মাধ্যমৰ একাউণ্ট খুলি বিপথগামী হ’ব নোৱাৰে, তাৰ বাবে নতুন আইনৰ খচৰা প্রস্তুত কৰিছে আৰু দেশৰ নাগৰিকৰ পৰা এই সন্দর্ভত মতামত বিচাৰিছে৷
দেশৰ নাগৰিকৰ মতামতৰ ভিত্তিতেই আইনৰ খচৰাৰ পূর্ণ ৰূপ পাব আৰু এনে হ’লে ১৮ বছৰৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীয়ে সামাজিক মাধ্যমৰ একাউণ্ট খুলিব লাগিলে পিতৃ–মাতৃ বা অভিভাৱকৰ অনুমতি ল’ব লাগিব৷ ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন ২০২৩ৰ খচৰা অনুসৰি অপ্রাপ্তবয়স্ক অর্থাৎ ১৮ বছৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীয়ে সামাজিক মাধ্যমত একাউণ্ট খোলাৰ ক্ষেত্রত প্রতিবন্ধকতা ৰখা হৈছে৷ এই খচৰা অনুসৰিয়ে ১৮ বছৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ গুৰুত্ব আৰোপ কৰিয়েই সামাজিক মাধ্যমত একাউণ্ট খুলিব লাগিলে কিশোৰ–কিশোৰীয়ে পিতৃ–মাতৃ অথবা অভিভাৱকৰ অনুমতি ল’ব লাগিব৷ চৰকাৰৰ এই সিদ্ধান্ত অর্থাৎ আইনৰ খচৰাত নাগৰিকক এনে কৰিলে কি সুবিধা, কি অসুবিধা হ’ব তাৰ মতামত বিচাৰিছে৷ চৰকাৰী ৱেবছাইট মাইগভ.ইনত অহা ১৮ ফেব্রুৱাৰীলৈকে নাগৰিকে এই সন্দর্ভত মতামত ব্যক্ত কৰিব পাৰিব৷ সামাজিক মাধ্যমত কিশোৰ–কিশোৰীয়ে একাউণ্ট খোলাৰ পূর্বে পিতৃ–মাতৃৰ অনুমতি লোৱা হৈছেনে নাই তাৰ নিশ্চিত কৰা হ’ব৷ খচৰা আইনত এই কথাও উল্লেখ কৰা হৈছে৷ খচৰাত সন্নিৱিষ্ট কৰা মতে, সামাজিক মাধ্যমত কাৰোবাৰ ব্যক্তিগত তথ্য প্রচাৰ হ’লে ব্যৱহাৰকাৰী সংস্থাৰ ওচৰত এই তথ্য আঁতৰাই দিয়াৰ বাবে দাবী কৰিব পাৰিব নতুবা ইয়াৰ কৈফিয়ৎ বিচাৰিব পাৰিব৷ তথ্য আদান–প্রদানৰ ক্ষেত্রত স্বচ্ছতা বৃদ্ধিৰ প্রস্তাৱো খচৰা আইনখনত উল্লেখ কৰা আছে৷ খচৰা আইনখনৰ নিয়মাৱলী বলৱৎ হ’লে ইয়াৰ ওপৰত নিৰীক্ষণ কৰিবলৈ এখন সুৰক্ষা ব’ড গঠনৰো পৰিকল্পনা গ্রহণ কৰিছে চৰকাৰে৷ তথ্য ফাদিল হোৱা ঘটনাৰ তদন্ত কৰাৰ লগতে সুৰক্ষা ব’র্ডে জৰিমনা নির্ধাৰণ কৰিব৷ সাধাৰণ নাগৰিকৰ মতামতৰ ভিত্তিত এই খচৰা আইন সম্পর্কে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব কেন্দ্রীয় চৰকাৰে৷ উল্লেখ্য যে সামাজিক মাধ্যমত একাউণ্ট খুলি কিশোৰ–কিশোৰীৰ একাংশই অসামাজিক কার্যকলাপত অজানিতে প্রৱেশ কৰাৰ ঘটনা অনেক সংঘটিত হৈ আহিছে৷ দুষ্টচক্রই ১৮ বছৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীৰ সামাজিক মাধ্যমৰ একাউণ্টত উচটনিমূলক, প্রলোভনমূলক বার্তাৰ আদান –প্রদান কৰি তেনে কিশোৰ–কিশোৰীক বিপথে পৰিচালিত কৰি আহিছে৷ এনে কাৰণতে কেন্দ্রীয় চৰকাৰে প্রস্তুত কৰা খচৰা আইনৰ প্রাসংগিকতা আছে৷

You might also like