সম্পাদকীয় : শ্রীশ্রী দেওবাঁহগুৰি দেৱালয়
কামৰূপ জিলাৰ পূব প্রান্তত অসংখ্য ঐতিহাসিক মন্দিৰ আৰু দেৱালয়ে অঞ্চলটোৰ ঐতিহ্য বহন কৰি আহিছে৷ এই ঐতিহাসিক স্থানসমূহৰ ভিতৰত অন্যতম পীঠস্থান এখন হ’ল শ্রীশ্রী দেওবাঁহগুৰি দেৱালয়৷ কামৰূপ আৰু দৰং জিলাৰ সীমাত বৰনদীৰ পশ্চিম দিশত বাইহাটা চাৰিআলিৰ পৰা পূব প্রান্তত প্রায় ১২ কিলোমিটাৰ দূৰত্বত কমলপুৰ সমষ্টিৰ অন্তর্গত ঔতলা গাঁৱত এই দেওবাঁহগুৰি দেৱালয়খন অৱস্থিত৷ দেৱালয়খনৰ প্রসংগত বিশিষ্ট প্রাচ্যতত্ত্ববিদ প্রয়াত ড০ মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘পৱিত্র অসম’ নামৰ গ্রন্থত উল্লেখ কৰা অনুসৰি কামৰূপ জিলাৰ পিংগলেশ্বৰ দেৱালয়ৰ উত্তৰে দেওবাঁহগুৰি দেৱালয়খন অৱস্থিত৷ গ্রন্থখনত আৰু উল্লেখ কৰা মতে, এই দেৱালয়খন আনুমানিক ১৭৯৫ চনত কমলেশ্বৰ সিংহৰ দিনত প্রতিষ্ঠা কৰা হৈছিল৷ সেয়া হ’লে দেৱালয়খন প্রায় আঢ়ৈশ বছৰ পুৰণি৷ দেওবাঁহগুৰি দেৱালয় সম্পর্কত প্রয়াত মুক্তিযোদ্ধা কৃষ্ণকান্ত শর্মাই লিখা ‘দেওবাঁহগুৰি দেৱালয়ৰ ইতিবৃত্ত’ শীর্ষক প্রবন্ধত সুন্দৰভাৱে বিৱৰণ আগবঢ়াইছে৷ তেওঁ উল্লেখ কৰা মতে, বর্তমানেও যিখন ঠাইত এই দেৱালয়খন অৱস্থিত তাত অর্জুন গছেৰে আৱৰি ধৰি এখন ৰভা দিয়াৰ দৰে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ পূর্বতে সেই স্থান গৰু চৰণীয়া পথাৰ আছিল৷ ওচৰত কোনো মানুহৰ বসতি নাছিল৷ দেৱালয়খনক লৈ কেইবাটাও জনশ্রুতি শুনা যায়৷ সেই অনুসৰি চৰণীয়া পথাৰৰ মাজত কিছু আহল–বহল ঠাইৰ মাজতে থকা এটা সৰু হোলাৰ মাজত এজোপা বিৰিণা আছিল৷ প্রত্যেকদিনা ভৰ–দুপৰীয়া এটা কাজলী গাই বিৰিণাজোপাৰ ওপৰত থিয় হোৱাৰ লগে লগে ওহাৰৰ পৰা গাখীৰ পৰিবলৈ ধৰে আৰু হোলাটো ভর্তি হ’লে গাইটোৱে লাহে লাহে আঁতৰি যায়৷ গাইটোৰ গৃহস্থ নাই যদিও প্রতিদিনে তাত আৱির্ভাৱ ঘটে৷ কাজলী গাইৰ ওহাৰৰ পৰা বিৰিণাজোপাৰ ওপৰত গাখীৰ পৰা কথাটো চাৰিওফালে প্রচাৰ হোৱাৰ লগে লগে পূজা–র্চনা আৰম্ভ হয়৷ এদিন এজন গৰখীয়াই গাইটোৰ নেজত ধৰি বিৰিণাজোপাৰ কাষলৈ যাবলৈ চেষ্টা কৰে যদিও সম্ভেদ উলিয়াব নোৱাৰিলে৷ উল্লেখ্য যে গৰখীয়াবোৰে সেই স্থানত গৰু চৰাওঁতে সদায় এযোৰকৈ ফৰিং বলি দিয়াৰ নিয়ম কৰি লৈছিল৷ কিন্তু গাইটো ক’লৈ যায় সেই সন্ধানত চেষ্টা কৰা গৰখীয়াজনে ফৰিং বিচাৰি নোপোৱাত নিজকে বলি দিবলৈ আগবাঢ়ে৷ গৰখীয়াবোৰে বিৰিণা পাতেৰে সেইজন গৰখীয়াক বলি দিয়ে৷ বলিশালত ওলোটাকৈ পুতি থোৱা লৰু (এছাৰি)ৰ পৰা ওলোটা আখিৰে এজোপা ভলুকা বাঁহৰ জন্ম হয়৷
তেতিয়াৰ পৰাই সেই ঠাইৰ নাম দেওবাঁহগুৰি হোৱা বুলি এটা জনশ্রুতি আছে৷ ইপিনে, নৰবলিৰ পিছত কেন্দুৱা নিৱাসী চতুর্ভুজ শর্মা আৰু বনগাঁও নিৱাসী পানীশলীয়া বৈদ্যই নৰবলি দিয়া ঠাইখিনিত শিৱলিংগ উদ্ধাৰ হোৱাৰ স্বপ্ণৰ ওপৰত ভিত্তি কৰি গাঁৱত দুই–চাৰিজনৰ লগত তালৈ গৈ খননকার্য চলায়৷ কিছু খন্দাৰ পিছতে শিৱলিংগ আৱিষ্কাৰ হয়৷ নৈৰ পৰা পানী আনি শিৱলিংগত স্নানৰ ব্যৱস্থা কৰা হয়৷ ফুল, বেলপাতেৰে পূজা–র্চনা কৰা হ’ল৷ লাহে লাহে সেই শিৱলিংগ থকা ঠাইখনৰ ওপৰত দিয়া হয় খেৰৰ চালি৷ শিৱলিংগ উদ্ধাৰৰ কথা প্রচাৰ হোৱাৰ পিছতে মানুহৰ সোঁত ব’বলৈ ধৰে৷ খেৰৰ চালিৰে কিছুদিন চলাৰ পিছত টিনপাতৰ ব্যৱস্থা কৰা হয়৷ লাহে লাহে বিভিন্নজনৰ অভীষ্ট সিদ্ধিৰ বাবে দূৰ–দূৰণিৰ পৰা মানুহৰ আহ–যাহ আৰম্ভ হয়৷ এতিয়া স্থানীয় ৰাইজৰ লগতে বহু ধর্মপ্রাণ লোকে আগবঢ়োৱা বৰঙণিৰে সুন্দৰকৈ নির্মাণ কৰা হৈছে দেৱালয়খন৷ কাষতে থকা বিশাল পুখুৰীটোৱেও দেৱালয়খনৰ সৌন্দর্য বৃদ্ধি কৰিছে৷ কিন্তু শিৱলিংগ উদ্ধাৰৰ পিছত কোনোধৰণৰ খননকার্য চলোৱা নহ’ল৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঐতিহ্যমণ্ডিত পীঠখনৰ প্রতি বিশেষ সঁহাৰি দেখুওৱা নাই৷ আঢ়ৈশ বছৰ প্রাচীন দেৱালয়খনে পর্যাপ্ত প্রচাৰো লাভ কৰা নাই৷ এসময়ত ঔতলা, কেন্দুৱা, বাৰেদলা, শৌলমাৰী, সাহান, শিঙাৰপাৰা, পাত্রপুৰ, খৰিকটা, খালৈদল, জয়ন্তীপুৰ আদি গাঁৱৰ গৰু চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ হোৱা এই দেৱালয়খনৰ আশে–পাশে ঘন বসতি গঢ়ি উঠিছে৷ এতিয়া দেৱালয়খনত নিয়মীয়াভাৱে শিৱৰাত্রি, দুর্গাপূজা, দেউল উৎসৱ, ভাগৱত পাঠ আদি অনুষ্ঠিত হয়৷ এই উৎসৱ–নুষ্ঠানসমূ শতবর্ষ অতিক্রম কৰিছে৷ এই দেৱালয়খনে এতিয়া কেৱল পূব কামৰূপ আৰু দৰঙৰে নহয়, ৰাজ্যখনৰ ভিতৰতে এখন ঐতিহাসিক আহোমৰ দিনৰ পীঠস্থান৷ দেশৰ প্রাচীন সভ্যতা–সংস্কৃতিৰ অনন্য ধাৰাবহনকাৰী উক্ত দেৱালয়খনৰ সামূহিক বিকাশৰ ক্ষেত্রত চৰকাৰে শীঘ্রে ব্যৱস্থা গ্রহণ কৰা প্রয়োজন৷