নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আকৌ ছেইণ্ট মার্টিন

দ্বীপটোৰ দৈর্ঘ্য ৯ কিলোমিটাৰ আৰু প্রস্থ সর্বোচ্চ আধা কিলোমিটাৰ

পুনৰ চর্চালৈ আহিছে ছেইণ্ট মার্টিন ৷ বাংলাদেশৰ অধীনৰ বংগোপসাগৰৰ এটি ক্ষুদ্র দ্বীপ ছেইণ্ট মার্টিন৷ বাংলাদেশৰ কক্স বজাৰৰ পৰা ৯ কিলোমিটাৰ নিলগত অৱস্থিত ৮ বর্গকিলোমিটাৰ আয়তনৰ এইটো এটা ক্ষুদ্র দ্বীপ৷ দ্বীপটোৰ দৈর্ঘ্য ৯ কিলোমিটাৰ আৰু প্রস্থ সর্বোচ্চ আধা কিলোমিটাৰ৷ ৮ হাজাৰ লোকে বসবাস কৰা এইটো তেনেই এটা ক্ষুদ্র দ্বীপ৷

সমুদ্র পৃষ্ঠৰ পৰা ছেইণ্ট মার্টিনৰ উচ্চতা ৩.৬ মিটাৰ৷ দ্বীপটোৰ আৱাসীসকলৰ প্রধান জীৱিকা হ’ল মৎস্য চিকাৰ৷ দ্বীপটোৰ আশে–পাশে প্রচুৰ পৰিমাণে সাগৰীয় মাছ পোৱা যায় আৰু এই মাছেই বাসিন্দাসকলৰ আয়ৰ প্রধান উৎস৷ মাছ চিকাৰক লৈ দ্বীপটোত এক সৰু পৰিসৰৰ উদ্যোগ গঢ়ি উঠিছে৷ মাছৰ উপৰি ছেইণ্ট মার্টিনৰ আয়ৰ আন এক প্রধান উৎস হৈছে পর্যটন উদ্যোগ৷ বছৰি হাজাৰ হাজাৰ পর্যটকে এই দ্বীপ ভ্রমণ কৰে৷ কিছু পৰিমাণে পাচলিৰ খেতিও বাসিন্দাসকলে কৰি আহিছে৷

সম্প্রতি এই দ্বীপটোত পর্যটক তথা বাহিৰা মানুহৰ ভ্রমণ নিষিদ্ধ হৈ আছে৷ চলিত বর্ষৰ ১ ফেব্রুৱাৰীৰ পৰা বাংলাদেশ চৰকাৰে পর্যটকৰ ভ্রমণ প্রতিবন্ধকতাৰ নির্দেশ জাৰি কৰি থৈছে৷ বাংলাদেশৰ দক্ষিণ প্রান্তত অৱস্থিত এই তেনেই নিমাষিত ক্ষুদ্র দ্বীপটোত কিন্তু ভৌগলিক দিশত যথেষ্ট গুৰুত্ব আছে৷ এই দ্বীপৰ পৰা ম্যানমাৰ তেনেই সমীপত৷ তদুপৰি ভাৰত, চীন আৰু মালাকাণ্ড ওচৰত৷ সহজ অর্থত এই দ্বীপৰ পৰা তিনিখন গুৰুত্বপূর্ণ ৰাষ্ট্রৰ ওপৰত নজৰ ৰখা সহজ৷ আৰু সেই কাৰণেই শেহতীয়াকৈ দক্ষিণ–পূব এছিয়াত কণমানি ছেইণ্ট মার্টিনৰ গুৰুত্ব সাংঘাতিক ধৰণে বৃদ্ধি পাইছে৷

আৰু মাত্র ৮ বর্গকিলোমিটাৰ আয়তনৰ এই ক্ষুদ্র দ্বীপটোৰ বাবেই প্রায় ১৫ বছৰ শাসনত থকা বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই ক্ষমতা হেৰুৱাবলগীয়া হৈছে৷ ষ্টেটেজিকেল পইণ্টৰ পৰা এই ক্ষুদ্র দ্বীপটোৰ নিয়ন্ত্রণ দক্ষিণ–পূব এছিয়াৰ সামৰিক আৰু ব্যৱসায়িক নিয়ন্ত্রণৰ দিশত যথেষ্ট গুৰুত্বপূর্ণ৷ সেয়ে ছেইণ্ট মার্টিনৰ ওপৰত বহুদিনৰ পৰা আমেৰিকাৰ চকু৷ সমান্তৰালভাৱে চীনেও ছেইণ্ট মার্টিনত নিয়ন্ত্রণ সাব্যস্ত কৰিব বিচাৰে৷ ছেইণ্ট মার্টিনত আমেৰিকাৰ এই প্রভুত্ব বিস্তাৰ কৰাৰ এক পৰিকল্পিত অংকতে বাংলাদেশৰ শাসনৰ পৰা গাদীচ্যুত হৈ দেশ এৰিবলগীয়া হৈছিল হাছিনা৷ আমেৰিকাৰ মদতপুষ্ট ছাত্র আন্দোলনত ক্ষমতাচ্যুত হৈ হাছিনাই দেশ এৰাৰ পিছতেই ৱাশ্বিংটন প্রক্ষেপিত মহম্মদ ইউনুছে বাংলাদেশৰ শাসনত বহে৷

এইখিনিলৈ সকলো পৰিকল্পনামাফিক চলি থকাৰ পিছত এতিয়া পুনৰ এই ক্ষুদ্র দ্বীপটো চর্চালৈ আহিছে৷ এই চর্চাৰ অন্যতম কাৰণ হৈছে ছেইণ্ট মার্টিনত আমেৰিকাই এক সামৰিক যুদ্ধ অনুশীলন চলোৱাৰ বাবে প্রস্তুতি লৈছে৷ স্বাভাৱিকতে আমেৰিকাৰ এই পদক্ষেপক ইউনুছ চৰকাৰে সেউজ সংকেত দিছে আৰু ইয়াৰ ফলতে তীব্র বিতর্কৰ সৃষ্টি হৈছে৷

বাংলাদেশৰ আমেৰিকা আৰু ইউনুছ চৰকাৰ বিৰোধী গোটসমূহে প্রস্তাৱিত যুদ্ধ অনুশীলনক তীব্র বিৰোধিতা কৰিছে আৰু আমেৰিকাৰ এই যুদ্ধ অনুশীলন আওপকীয়াকৈ ছেইণ্ট মার্টিনত প্রভুত্ব বিস্তাৰৰ কৌশল বুলি কৈছে৷ এই বিতর্ক চলি থকাৰ সময়তে সুযোগৰ অপেক্ষাত থকা শ্বেখ হাছিনাৰ শেহতীয়া এক সামাজিক বার্তাই বিতর্কত পূর্ণ ইন্ধন যোগাইছে৷

সামাজিক মাধ্যম ফেচবুকযোগে হাছিনাই দিয়া পোষ্টত ইউনুছ চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰি কৈছে যে মহম্মদ ইউনুছে আমেৰিকাৰ ওচৰত ছেইণ্ট মার্টিনক ‘বিক্রী’ কৰি দিলে৷ দীঘলীয়া পোষ্টটোত আৱামী দলৰ নেত্রীগৰাকীয়ে প্রকাশ কৰিছে যে তেওঁৰ পিতৃ মুজিবৰ ৰহমানে আমেৰিকাৰ ওচৰত শিৰনত নকৰাৰ বাবেই প্রাণ দিবলগীয়া হৈছিল আৰু তেৱোঁ আমেৰিকাৰ কূট–কৌশলৰ বাবেই ক্ষমতাচ্যুত হ’বলগীয়া হৈছিল৷

ছেইণ্ট মার্টিনৰ ওপৰত আমেৰিকাৰ প্রভুত্ব বিস্তাৰৰ অভিসন্ধিৰ বাবেই পিতৃয়ে প্রাণ হেৰুৱাব লগাৰ বিপৰীতে কন্যাই দেশান্তৰিত হ’বলগীয়া হোৱাটো অত্যন্ত দুর্ভাগ্যজনক বুলি আখ্যা দিয়া হৈছে৷ যি সময়ত মহম্মদ ইউনুছ চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিৰুদ্ধে বাংলাদেশত প্রতিবাদৰ জোৱাৰ উঠিছে, যি সময়ত বাংলাদেশৰ সেনা বাহিনীৰ মুৰব্বীৰ সৈতে প্রত্যক্ষ সংঘাতত মহম্মদ ইউনুছে অৱতীর্ণ হৈছে, যি সময়ত স্বয়ং ইউনুছে পদত্যাগ কৰাৰ হুমকি দিছে, সেই সময়ত হাছিনাৰ এই ফেচবুক পোষ্টে ইউনুছক তীব্র অস্বস্তিত পেলাইছে৷ আকৌ এবাৰ ক্ষুদ্র ছেইণ্ট মার্টিনে বাংলাদেশৰ ৰাজনীতিত এক বৃহৎ ধুমুহাৰ সৃষ্টি কৰাৰ প্রবল সম্ভাৱনাৰ উকমুকনিৰ সৃষ্টি কৰিছে৷

You might also like