নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ

স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ
পৃথিৱীৰ বিভিন্ন প্রান্তলৈ ন ন ৰূপত সংঘাত বিয়পি পৰিছে৷ স্বাধীন কুর্দিস্তানৰ স্বপ্ন ভংগ। যুদ্ধ–সংঘাতৰ বলি হ’বলগীয়া হৈছে নিৰীহ লোক৷ ভয়াৱহ পৰিস্থিতিয়ে দশকৰ পাছত দশক ধৰি বিভিন্ন অঞ্চলত উন্নয়ন আৰু প্রগতি স্তব্ধ কৰি ৰাখিছে৷ গৃহযুদ্ধ আৰু ভাতৃঘাতী সংঘর্ষই প্রাণ কাঢ়িছে অসংখ্য শিশু আৰু মহিলাৰ৷ শেহতীয়াকৈ এই সংঘাত আৰু ৰক্তক্ষয়ী পৰিস্থিতিৰ মাজতে তুৰস্কত এক নতুন আশাৰ সম্ভাৱনাই দেখা দিছে৷

দেশখনত চাৰি দশক ধৰি সশস্ত্র সংগ্রাম চলাই থকা কুর্দিস্তান ৱর্কার্ছ পার্টী (পিকেকে)য়ে যুদ্ধবিৰতি আৰু আত্মসমর্পণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ স্বাধীন তথা সার্বভৌম কুর্দিস্তান ৰাষ্ট্র প্রতিষ্ঠাৰ বাবে বিগত চাৰি দশক ধৰি সশস্ত্র সংগ্রাম চলাইছিল তুৰস্কৰ এই কুর্দ সংগঠনটোৱে৷ কিন্তু তুৰস্কৰ ৰাষ্ট্রপতি ৰিচেপ টায়িপ এর্ডোগানে সংগঠনটোৰ এই স্বপ্ণত ইতি টানিলে৷ দীর্ঘদিন ধৰি এর্ডোগান বাহিনীৰ সৈতে যুদ্ধ কৰি বৃহৎ ক্ষয়–ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল পিকেকে৷শেহতীয়াকৈ এর্ডোগানৰ চাপৰ বাবেই পিকেকেৰ কেন্দ্রীয় কমিটীৰ সদস্যসকলে এক বৈঠক অনুষ্ঠিত কৰি যুদ্ধবিৰতি আৰু অস্ত্র সম্বৰণ ঘোষণা কৰে৷

ইয়াৰ লগতে চাৰি দশক পুৰণি কুর্দ সশস্ত্র সংগ্রামী সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ কৰাৰো সিদ্ধান্ত লয় ইয়াৰ নেতৃত্বই৷ উত্তৰ ইৰাকত সংগঠনটোৰ সর্বস্ব নীতি নির্ধাৰক কমিটী বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ তাৎক্ষণিকভাৱে মধ্যপ্রাচ্যৰ জনপ্রিয় সংবাদ মাধ্যম আল–জাজিৰাই সদৰী কৰিছে এই তথ্য৷ কিন্তু তুৰস্কৰ সংবাদ মাধ্যমে বিষয়টো সন্দর্ভত বিশেষ গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই৷ আনফালে পাশ্চাত্যৰ সংবাদ সংস্থাসমূহেও এই সন্দর্ভত নির্লিপ্ততা অৱলম্বন নকৰিলেও বিষয়টোক গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হোৱা নাই৷

প্রসংগক্রমে উল্লেখ কৰা ভাল যে পিকেকেৰ অন্যতম প্রতিষ্ঠাতা নেতা কাৰাবন্দী আব্দুল্লা ওছালানে শেহতীয়াকৈ সংগঠনটো ভাঙি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ যুদ্ধবিৰতি আৰু অস্ত্র সম্বৰণৰ বার্তাও দিছিল ওলালানে৷ ইয়াৰ পাছতে পিকেকেৰ কেন্দ্রীয় কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বিগত ডিচেম্বৰত ছিৰিয়াৰ গৃহযুদ্ধ আৰু দেশখনৰ ক্ষমতা পৰিৱর্তনৰ সময়ত কুর্দ সংখ্যাগৰিষ্ঠ ছিৰিয়ান ডেমক্রেটিক ফ’র্চেছ (এছডিএফ) আৰু পিপ্লছ প্রটেকচন গ্রুপৰ বিৰুদ্ধে সামৰিক অভিযান চলাই বিশেষ সফলতা লাভ কৰিছিল এর্ডোগানৰ বাহিনীয়ে৷ তেতিয়াৰে পৰা পিকেকেৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছিল সন্দেহ৷

১৯৯৯ চনত আব্দুল্লাক গ্রেপ্তাৰ কৰে তুৰস্কৰ সেনাই৷ ইয়াৰ পাছৰে পৰা পিকেকেৰ প্রতিষ্ঠাতাগৰাকী কাৰাবন্দী হৈ আছে৷ কিন্তু বিগত ২৬ বছৰ ধৰি আব্দুল্লা কাৰাবন্দী হৈ থকা সত্ত্বেও নেতাগৰাকীৰ জনপ্রিয়তা হ্রাস পোৱা নাছিল৷ কুর্দ জনজাতিৰ মাজত আব্দুল্লাৰ প্রভাৱ আজিও পূর্বৰ দৰে অক্ষত আছে৷ বিগত ২৬ বছৰত আব্দুল্লাই দেখুওৱা স্বাধীনতাৰ স্বপ্ণ বুকুত বান্ধি বহু তৰুণ কুর্দে হাতত অস্ত্র তুলি লৈছে৷ সশস্ত্র সংগঠনৰ পথ গ্রহণ কৰি এনে তৰুণ শক্তিয়ে তুৰস্কৰ সেনাৰ হাতত প্রাণ দিবলগীয়া হৈছে৷

চাৰিটা দশকত তুৰস্কৰ বাহিনীৰ সৈতে যুদ্ধত ৪০ সহস্রাধিক কুর্দ যোদ্ধা নিহত হৈছে৷ লক্ষণীয়ভাৱে পশ্চিম এছিয়াৰ চতুর্থ বৃহৎ জনগোষ্ঠী হ’লেও কুর্দসকলে দীর্ঘদিন ধৰি স্বাধীনতাৰ বাবে সংগ্রাম চলাই স্বাধীন কুর্দ ৰাষ্ট্র গঢ়ি তুলিব পৰা নাই৷ ইয়াৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে পশ্চিম এছিয়াৰ সঘন ৰাজনৈতিক পট পৰিৱর্তনৰ দিশটোক অন্যতম হিচাপে আঙুলিয়াই দিছে৷ বিশেষকৈ ইৰাক আৰু ছিৰিয়াত কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ উত্থানৰ সময়ত পিকেকেৰ অৱস্থানক লৈ বিভ্রান্ত হ’বলগীয়া হৈছিল সাধাৰণ জনতা৷ ছিৰিয়াৰ গৃহযুদ্ধই কুর্দসকলৰ অৱস্থানক লৈ ইউৰোপজুৰি সৃষ্টি কৰিছিল বিভ্রান্তি৷

গতিকে স্বাধীনতাৰ সপক্ষত বিশ্বৰ অন্য স্থানত জনসমর্থন আদায় কৰিবলৈ সক্ষম নহ’ল তুৰস্কৰ কুর্দসকলে৷ আন্তর্জাতিক মঞ্চতো কুর্দসকলৰ স্বাধীনতাৰ দাবীয়ে বিশেষ গুৰুত্ব লাভ কৰা দেখা নগ’ল৷ এনে পৰিস্থিতিৰ মাজত পিকেকেৰ নিৰস্ত্রীকৰণ আৰু বিলুপ্তিয়ে স্বাধীন কুর্দিস্তানৰ সম্ভাৱনাৰ চিৰদিনলৈ ইতি ঘটালে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ অৱশ্যে তুৰস্কৰ উন্নয়নৰ স্বার্থত দীর্ঘদিনীয়া ৰক্তপাতৰ অৱসান ঘটা বুলি পিকেকেৰ এই কার্যক প্রশংসা কৰিছে ৰাজনৈতিক পর্যালোচকসকলে৷

You might also like