নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিৰোধী ৰাজনীতিৰ ভৱিষ্যৎ

ৰাজ্যৰ ৰাজনীতিত বিজেপি মিত্রজোঁট এতিয়াও শক্তিশালী৷ বিজেপি নেতৃত্বাধীন অগপ আৰু ইউপিপিএল শাসকীয় মিত্রজোঁটৰ তুলনাত কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ সাংগঠনিক ভেটি বহু পৰিমাণে দুর্বল হৈ আছে৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে বিগত ১০ বছৰত প্রতিটো নির্বাচনতে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ২০০১ৰ পৰা সুদীর্ঘ ১৫ বছৰে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত কংগ্রেছ দলে প্রতিটো নির্বাচনতে আশাপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যখনৰ সদ্যসমাপ্ত পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত আটাইকেইটা সমষ্টিতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলকেইটাই এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে৷ ২০২৬ত হ’ব লগা ৰাজ্যৰ বিধানসভা নির্বাচনলৈ ডেৰ বছৰো নাই৷ বিধানসভাৰ পাঁচটা সমষ্টিত বিজেপি মিত্রজোঁটৰ সাফল্যই শাসকীয় দলকেইটাৰ নেতা–কর্মীসকলক উৎসাহিত কৰি তুলিছে৷ এই উৎসাহে আগন্তুক বিধানসভা নির্বাচনৰ লগতে পঞ্চায়ত নির্বাচনত শাসকীয় মিত্রজোঁটক সাৰ–পানী যোগাব৷ সদ্যসমাপ্ত পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ বিশেষত্ব এয়ে যে শাসকীয় পক্ষৰ দখলত থকা বিহালী, ধলাই, বঙাইগাঁও আৰু চিদলী সমষ্টিৰ উপৰি কংগ্রেছৰ দখলত থকা চামগুৰি সমষ্টি নতুনকৈ শাসকীয় পক্ষই দখল কৰিবলৈ সক্ষম হৈছে৷ অসম আন্দোলনৰ সময়ছোৱাৰ পৰা চামগুৰি সমষ্টিত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী আছিল৷ সমষ্টিটোৰ পৰা দুটা কার্যকাল অগপৰ প্রার্থী জয়ী হৈছিল৷ ১৯৯১ চনৰ বিধানসভা নির্বাচনত সমষ্টিটোৰ পৰা জয়ী হৈছিল কংগ্রেছৰ নুৰুল হুছেইন৷ ২০০১ৰ বিধানসভা নির্বাচনত প্রথমবাৰৰ বাবে সমষ্টিটোৰ পৰা জয়ী হৈছিল নুৰুল হুছেইনৰ পুত্র ৰকিবুল হুছেইন৷ সুদীর্ঘ ২৪ বছৰে সমষ্টিটোক প্রতিনিধিত্ব কৰি আছিল ৰকিবুল হুছেইনে৷ ১৯৯১ৰ পৰা এটা কার্যকাল বাদ দিলে সুদীর্ঘ ২৯ বছৰে ৰকিবুল হুছেইনৰ পৰিয়ালৰ দখলত আছে চামগুৰি সমষ্টি৷ যোৱা লোকসভা নির্বাচনত ধুবুৰী সংসদীয় সমষ্টিৰ পৰা নির্বাচিত ৰকিবুল হুছেইনে এইবাৰ উপ–নির্বাচনত তেওঁৰ পুত্র তানজিল হুছেইনক নির্বাচনী যুঁজত নমাইছিল৷ কিন্তু চামগুৰিবাসীয়ে পৰিয়ালকেন্দ্রিক বাহুবলী ৰাজনীতিক নস্যাৎ কৰাৰ ফলত সমষ্টিটোত প্রথমবাৰৰ বাবে জয়ী হৈছে বিজেপি প্রার্থী দিপ্লুৰঞ্জন শর্মা৷ চামগুৰিত বিজেপি প্রার্থীৰ জয়ে ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে৷ চামগুৰি সমষ্টিৰ ৬৫ শতাংশই মুছলমান ভোটদাতা৷ বিজেপিৰ নির্বাচনী প্রচাৰত যিমানেই মুছলমান লোক সমৱেত নহওক কিয় সেয়া ভোটলৈ পৰিণত হোৱা নাছিল৷ যোৱা লোকসভা নির্বাচনৰ ফলাফলে এই কথা স্পষ্ট কৰিছিল৷ কিন্তু চামগুৰি সমষ্টিৰ উপ–নির্বাচনত বিজেপিৰ দিপ্লুৰঞ্জন শর্মাই ২৪,৫০১টা ভোটৰ ব্যৱধানত ৰকিবুল হুছেইনৰ পুত্রক পৰাজিত কৰিছে৷ মুছলমান ভোটদাতাৰ সমর্থন অবিহনে বিজেপি প্রার্থীজনে কংগ্রেছ প্রার্থীজনক এনে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাজিত কৰাটো সম্ভৱ নহয়৷ যদিহে চামগুৰিবাসী মুছলমান ভোটদাতাই গ্রহণ কৰা স্থিতি আগন্তুক বিধানসভা নির্বাচনলৈ অব্যাহত থাকে তেন্তে অসমৰ আগন্তুক ৰাজনীতিত কংগ্রেছ দলে আৰু অধিক বিপর্যয়ৰ সন্মুখীন হ’ব লাগিব৷
সুদীর্ঘ ১০ বছৰে অসমত ক্ষমতা লাভৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ সক্ষম নহ’লেও ৰাজ্যৰ ৰাজনীতিত কংগ্রেছ দলৰ সমান কোনো এটা বিৰোধী ৰাজনৈতিক দলৰ শক্তি নাই৷ কংগ্রেছৰ তৃণমূল পর্যায়ত এতিয়াও সাংগঠনিক ভেটি আছে৷ কিন্তু নির্বাচন জিকাৰ বাবে প্রয়োজনীয় শক্তি এতিয়া অধিকাংশ সমষ্টিতে দলটোৱে হেৰুৱাইছে৷ বিগত প্রায় দুই দশকৰ ভিতৰত কংগ্রেছ দলে ৰাজ্যখনৰ জনজাতি আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত খোপনি হেৰুৱাইছে৷ ফলত জনজাতি অধ্যুষিত বিটিআৰ, কার্বি আংলং, ডিমা হাছাওৰ উপৰি মিচিং, তিৱা, ৰাভা অধ্যুষিত অঞ্চলত বিৰোধী দলটোৰ তৃণমূল পর্যায়ৰ ভেটি বহু পৰিমাণে দুর্বল হৈছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত খোপনি হেৰুৱাই দলটোৱে বিগত সময়ছোৱাত পূর্বৰ মুছলমান ভোটবেংক ঘূৰাই অনাৰ বাবে তোষামোদৰ ৰাজনীতি আৰম্ভ কৰিছে৷ বিগত প্রায় দুই দশক ধৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সংখ্যালঘু ৰাজনীতিত আঘাত হানি কংগ্রেছে কিছু পৰিমাণে সফলতাও লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়া লোকসভা নির্বাচনত ধুবুৰী সমষ্টিত কংগ্রেছে লাভ কৰা অভূতপূর্ব ভোটৰ পৰিমাণে এই কথা স্পষ্ট কৰিছিল৷ কিন্তু চামগুৰিৰ উপ–নির্বাচনৰ ফলাফলে ৰাজ্যৰ মুছলমান ভোটৰ ৰাজনীতিৰ নতুন সমীকৰণৰ ইংগিত দিছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থন অবিহনে ৰাজ্যৰ ক্ষমতাৰ গুৰিব’ঠা ধৰাটো সম্ভৱ নহয়৷ এই কথা বিৰোধী দলটোৱে এতিয়ালৈ উপলব্ধি কৰা পৰিলক্ষিত হোৱা নাই৷ বিজেপি নেতৃত্বাধীন শক্তিশালী মিত্রজোঁটক প্রতিহত কৰাৰ বাবে কংগ্রেছে অন্যান্য বিৰোধী দলৰ স’তে মিত্রতা কৰক দূৰৰ কথা, নিজ দলৰ নেতাসকলৰ মাজতেই চলি থকা মতবিৰোধ দূৰ কৰিবলৈ সক্ষম হোৱা নাই৷ শেহতীয়া উপ–নির্বাচনত কংগ্রেছে নিজে মিত্রজোঁট ভংগ কৰিবলীয়া পৰিস্থিতি কেনেকৈ উদ্ভৱ হ’ল সেয়া অসমবাসীয়ে দেখিছে৷ শেষ মুহূর্তত মিত্রজোঁটৰ প্রার্থীজনক বঞ্চিত কৰি সাংসদ গৌৰৱ গগৈয়ে বিহালীৰ উপ–নির্বাচনত প্রার্থী ৰূপে বিতর্কিত জয়ন্ত বৰাক যুঁজত নমাইছিল৷ কংগ্রেছত যোগদান নকৰাকৈয়ে জয়ন্ত বৰাক দলীয় প্রার্থিত্ব ঘোষণা শতিকাপুৰণি দলটোত এক বিৰল ঘটনা৷ বিহালীত কংগ্রেছৰ প্রার্থীজনে ৯,০৫১টা ভোটৰ ব্যৱধানত পৰাজিত হোৱাটো সাংসদ গৌৰৱ গগৈৰ বাবে হতাশজনক ঘটনা৷ কংগ্রেছত শিবিৰকেন্দ্রিক ৰাজনীতি নতুন নহয়৷ কিন্তু দীর্ঘসময় ক্ষমতাৰ বাহিৰত থকা বিৰোধী দলটোৰ ভিতৰচ’ৰা যিদৰে শিবিৰকেন্দ্রিক ৰাজনীতিত বিধ্বস্ত হৈছে তাৰ পৰা সহজে উদ্ধাৰ হোৱাৰ আশা নাই৷ উপ– নির্বাচনকেন্দ্রিক ৰাজনীতিৰ সময়ছোৱাৰ পৰাই কংগ্রেছ দলটোৰ নেতৃত্ব তীব্র সমালোচনাৰ সন্মুখীন হৈছে৷ বিৰোধী দলটোক শাসকীয় দলকেইটাই যিমান সমালোচনা কৰিছে তাতোকৈ অধিক ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম, চিপিআই (এম এল)কে ধৰি এসময়ৰ বিৰোধী মর্চাৰ অংশীদাৰ দলসমূহৰ নেতাসকলৰ দ্বাৰা সমালোচিত হৈছে৷ বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰিবলৈ কংগ্রেছ দলে ত্যাগ আৰু সমন্বয়ৰ বার্তা বহন কৰিবই লাগিব৷ কিন্তু এনে ৰাজনৈতিক ত্যাগৰ উদাহৰণ কংগ্রেছে দাঙি ধৰিব পাৰিব বুলি বিশ্বাস নহয়৷

You might also like