নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্বাধীনতাৰ আনন্দ

যোৱা কেইবছৰমানৰ আগলৈকে অসমৰ আজিৰ প্রজন্মই স্বাধীনতা দিৱস মানে কেৱল বন্ধ বুলিহে বুজিছিল৷ সেই বন্ধ দিয়া হৈছিল আলফাৰ তৰফৰ পৰা৷ লাহে লাহে ৰাইজে স্বাভাৱিকভাৱে সেই বন্ধ মানিবলৈ অস্বীকাৰ কৰিলে আৰু স্বাধীনতা দিৱস উদ্যাপনৰ বাবে আগবাঢ়ি অহা হ’ল৷ আলফাৰ সেই ঘোষণাৰ আগলৈকে কিন্তু স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস একোটা সামাজিক উৎসৱ হিচাপে পালিত হৈছিল৷ সেই উদ্যাপনৰ মূল কাৰণ আছিল– যিকোনো এটা জাতিৰ বাবে স্বাধীনতা দিৱসে এক অনন্য আৰু গভীৰ তাৎপর্য বহন কৰে৷ হ এটা সংগ্রামৰ শীর্ষবিন্দুৰ ফল, আকাংক্ষা পূৰণৰ প্রতিশ্রুতি আৰু এটা সামূহিক সপোন বাস্তৱায়িত কৰাৰ প্রথম খোজ৷ স্বাধীনতা দিৱসৰ উদ্যাপন হৈছে ত্যাগৰ সোঁৱৰণী, আত্মশাসনৰ দিশত কৰা যাত্রাৰ প্রতিফলন আৰু জাতিটোৱে ৰক্ষা কৰা মূল্যবোধ আৰু আদর্শৰ প্রতিবিম্ব৷ স্বাধীনতাৰ বাবে যুঁজ কৰা ভাৰতীয় মানুহৰ মনত স্বাধীনতা দিৱসৰ উপলব্ধি গভীৰভাৱে শিপাহ আছে আৰু এই দিৱসৰ উদ্যাপনে সেই উপলব্ধিক পৰৱর্তী প্রজন্মলৈ বহন কৰি নিছে৷ ভাৰতে ঔপনিৱেশিক শাসন, অত্যাচাৰ বা বিদেশী আধিপত্যৰ পৰা মুক্ত হোৱা ঘটনাটোৱেও বহু তেজৰ আহুতি গ্রহণ কৰিছিল৷ এখন দেশ ভাগি দুটুকুৰা হৈছিল, হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈছিল, তেজৰ নদী বৈ গৈছিল৷ এই দুঃখজনক ঘটনাৰে পোৱা স্বাধীনতাকো কিছুমান ৰাজনৈতিক দলে মিছা স্বাধীনতা হিচাপে প্রচাৰ কৰিছিল৷ সেই মিছা স্বাধীনতাৰ অর্থ যিধৰণেই ব্যাখ্যা কৰা নহওক কিয়, সেই বাক্ধাৰাৰ প্রচাৰেৰে দেশৰ হকে আত্মবলিদান দিয়া হাজাৰ হাজাৰ লোকৰ জীৱন আৰু মৰণক একপ্রকাৰ ভেঙুচালি কৰিছিল৷ কিন্তু স্বাধীনতা দিৱস হ’ল স্বাধীনতাৰ বাবে চলি থকা এক দীঘলীয়া আৰু কষ্টকৰ সংগ্রামৰ সমাপ্তিৰ ঘোষণা, য’ত মিহলি হৈ থাকে এহ কামৰ বাবে যুঁজ দিয়া অগণন ব্যক্তিৰ প্রাণ, তেজ, ঘাম আৰু চকুলো৷
স্বাধীনতা দিৱসৰ ঐতিহাসিক তাৎপর্য নিহিত হৈ আছে বর্তমান প্রজন্মক অতীতৰ সৈতে সংযোগ কৰাৰ ধাৰণাৰ লগত৷ আজিৰ প্রজন্মই এতিয়া ডপভোগ কৰি থকা স্বাধীনতাৰ বাবে যে পূর্বপুৰুষে ত্যাগ কৰিছিল, সেই কথা এই দিৱসে সোঁৱৰাই দিয়ে৷ আমাৰ দেশে পোন্ধৰ আগষ্টত পালন কৰা স্বাধীনতা দিৱসে অকল ব্রিটিছক খেদি পঠিওৱা কাহিনীকেই মনত পেলাই নিদিয়ে, একেলগে মনত পেলাই দিয়ে হিংসাৰ বিৰুদ্ধে অহিংসাৰ প্রতিৰোধ শক্তিৰ কথাও৷ স্বাধীনতা দিৱসে মনলৈ আনন্দৰ বার্তা লৈ আহে ঠিকেই, কিন্তু যুগপৎ এক আতংকৰ স্মৃতিও বহন কৰি আনে৷ দেশ বিভাজনৰ আতংকৰ স্মৃতি৷ স্বাধীনতা যিমানেই গৌৰৱৰ প্রসংগ, দেশ বিভাজনৰ আতংকও তেনেদৰে ইতিহাস আৰু মানুহৰ মনৰ পৰা আঁতৰাই নিব নোৱৰা এক যন্ত্রণা আৰু সত্য৷ দেশ বিভাজনৰ ভয়ানক স্মৃতি দিৱস কেৱল অতীতৰ কথা মনত পেলোৱাই নহয় হ হ’ল বিভাজনে লাখ লাখ মানুহৰ ওপৰত পেলোৱা গভীৰ আঘাতক স্বীকৃতি দিয়া কথা৷ স্বাধীনতা দিৱসৰ প্রাক্–মুহূর্তত পালন কৰা বিভাজনৰ আতংকৰ স্মৰণ দিৱসটিয়ে বিভাজনৰ বলি হোৱা লোকসকলৰ বাবে আজিৰ প্রজন্মই কৰা চিন্তা, শোক আৰু স্মৃতিৰ মুহূর্ত হিচাপে কাম কৰে৷ প্রাণ হেৰুওৱা, ভয়ানক অভিজ্ঞতাৰ বলি হোৱা, ঘৰ, স্মৃতি, আপোনজনক এৰি যাবলৈ বাধ্য হোৱাসকলক আজিৰ স্বাধীন প্রজন্মই শ্রদ্ধাঞ্জলি জনোৱাৰ সুযোগ দিয়ে এই দিৱসটিয়ে৷ বিভাজনৰ ভয়ানকতাক মনত পেলাহ আমি কল্পনাতীত প্রতিকূলতাৰ সন্মুখীন হৈ নিজৰ জীৱন পুনৰ নির্মাণ কৰা জীৱিতসকলৰ শক্তিকো আজিৰ প্রজন্মই উপলব্ধি কৰিব পাৰে৷ সেই মানুহবোৰৰ সংগ্রাম কৰা, জীয়াহ থকা আৰু সাহসৰ কাহিনীবোৰ ডপমহাদেশখনৰ হতিহাস আৰু সামূহিক স্মৃতিৰ এক অবিচ্ছেদ্য অংগ৷ বিভাজন ভয়ানক স্মৃতি দিৱস, নিৰাময় আৰু মিলনৰ দিন৷ বিভাজনে অঞ্চলটোৰ সামাজিক তন্ত্রত গভীৰ দাগ পেলাহছিল, সম্প্রদায়সমূহৰ মাজত চিৰস্থায়ী শত্রুতাৰ সৃষ্টি কৰিছিল৷ এই বিভাজনে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পর্কত আজিও প্রভাৱ পেলাহছে৷ বিভাজনৰ আতংকৰ স্মৃতি দিৱস পুৰণি ঘাবোৰ পুনৰ খুঁচৰি দিয়া কথা নহয়, হতিহাসৰ অধ্যয়ন আৰু তাৰ পৰা শিকাৰহে কথা৷ দেশ বিভাজনৰ আতংকৰ স্মৃতিয়ে দেশবাসীক শিকাব শান্তি, সহনশীলতা আৰু বুজাবুজিৰ প্রতি নাগৰিকৰ দায়বদ্ধতাৰ কথা৷ বিভাজনৰ আতংকময় ইতিহাসে স্বাধীনতা দিৱসৰ আনন্দ আৰু দায়িত্বৰ গভীৰতা স্মৰণ কৰাই দি থাকিব৷

You might also like