সম্পাদকীয় : ডিজিটেল জগতত নতুন প্রজন্ম
ডিজিটেল যুগৰ এই সময়ছোৱাত অসমৰ বহু যুৱক–যুৱতী এই জগতখনৰ লগত জডিত হৈ পৰিছে৷ এচামে ডিজিটেল কণ্টেণ্ট সৃষ্টিৰে অর্থ উপার্জনৰ পথ উলিয়াই লৈছে আৰু এচামে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাজনৈতিক প্রশ্ণ উত্থাপন কৰিছে, সামাজিক ন্যায়ৰ দাবীৰ এক নতুন ঢ়ৌ আৰম্ভ কৰিছে আৰু ৰাজনৈতিক মতবাদ প্রচাৰ কৰিছে৷ কিছুদিনৰ আগতে মিঞা কবিতা নামেৰে সমাজজীৱন অস্থিৰ কৰিব পৰা এক বাক্ধাৰা নির্মাণৰ যি প্রয়াস চলিছিল সেই কথা বহুতৰে মনত আছে৷ কবিতাৰ দৰে সৃষ্টিশীল কাম এটাৰ নতুন ৰূপৰ প্রকাশৰ ছদ্মবেশী ৰূপেৰে আত্মপ্রকাশ কৰা সেই চেষ্টাৰ মূল লক্ষ্য সন্দেহজনক আছিল, কিন্তু সম্পূর্ণ প্রক্রিয়াটোৱে সামাজিক মাধ্যমৰ শক্তি আৰু প্রভাৱৰ কথাকে প্রকাশ কৰিছিল৷ কিন্তু ডিজিটেল পৃথিৱী আৰু যুৱ শক্তিৰ নতুন কিবা এটা কৰাৰ সম্ভাৱনা কেৱল প্রতিবাদ আৰু ৰাজনৈতিক প্রচাৰ অভিযানতে সীমাবদ্ধ হৈ থাকিব নালাগে৷ ডিজিটেল মাধ্যমত এহ সৃষ্টিশীল শক্তিক ৰাজনীতি, নীতি নির্ধাৰণ আৰু মূলসুঁতিৰ সংবাদ মাধ্যমৰ মূল প্রক্রিয়াৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি সেহ সম্পর্কে গভীৰভাৱে আলোচনা কৰাটো এই সময়ৰ প্রয়োজন৷ যুৱক–যুৱতীসকলক্ কোনো ৰাজনৈতিক নেতাৰ কণ্ঠৰ প্রতিধ্বনি সৃষ্টিৰ আহিলা হ’বলৈ দিয়াৰ পৰিৱর্তে তেওঁলোকৰ কণ্ঠৰ নিজস্ব শব্দ শুনিব লাগিব আৰু তেওঁলোকৰ কণ্ঠ আৰু ধাৰণাক সিদ্ধান্ত গ্রহণ, শাসন আৰু ৰাজহুৱা আলোচনাত একত্রিত কৰাৰ ডপায় বিচাৰি ডলিয়াব৷ তেওঁলোকক অকল ৰাজনৈতিক দলৰ সমর্থক বা প্রচাৰকৰ ৰূপত চোৱাৰ পৰিৱর্তে তেওঁলোকক চাব লাগিব সক্রিয় অংশগ্রহণকাৰী আৰু যুৱনেতা হিচাপে৷ এই যুৱচামটোৰ বাবে এনেকুৱা এখন মঞ্চ তৈয়াৰ কৰিব লাগিব, য’ত যুৱ লেখক, শিল্পী, সামাজিক কর্মী আৰু ডিজিটেল কণ্টেণ্ট সৃষ্টিকর্তাসকলে নীতি–নির্ধাৰক সংস্থা আৰু সংবাদ মাধ্যমৰ সৈতে জডিত হ’ব পাৰে৷ তেওঁলোকৰ সৃষ্টিশীল চিন্তা আৰু কামে যাতে জনমত গঠন কৰা আৰু নীতিক প্রভাৱিত কৰিব পাৰে তেনে পৰিৱশো সৃষ্টি কৰিব লাগিব৷
অসম চৰকাৰে লাচিত বৰফুকনৰ বিষয়ে এটা ৰচনা প্রতিযোগিতা পাতি এই ডিজিটেল মাধ্যমৰ শক্তিক কামত প্রয়োগ কৰিছিল আৰু আশা কৰা মতে সফলতা লাভ কৰিছিল৷ যোৱা এটা নির্বাচনৰ সময়ত এটা ৰাজনৈতিক দলে তেওঁলোকৰ কামত অহা ভিডি’ৰ প্রতিযোগিতা পাতিছিল৷ অসম চৰকাৰৰ পর্যটন বিভাগেও ৰীলৰ প্রতিযোগিতা পাতিছিল৷ এইবোৰ প্রতিযোগিতা অকল প্রতিযোগিতাই নহয়, এইবো হ’ল ডিজিটেল জগতখনত নতুন প্রজন্মৰ সৃষ্টিশীল কামৰ অনুশীলন৷ ডিজিটেল জগতৰ এই নতুন সংযোজকবোৰক সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ তৰুণ প্রজন্মক উৎসাহ দিয়া এই প্রচেষ্টাবোৰৰ ধাৰাবাহিকতা ৰক্ষা কৰা নহ’ল৷ ৰাজনৈতিক দলটোৰ প্রয়োজন আছিল তাৎক্ষণিক আৰু সেই ধৰণে কাম কৰিছিল, তেওঁলোকৰ পৰা বিশেষ একো আশাও কৰা উচিত নহয়৷ কিন্তু চৰকাৰে হাতত লোৱা এই উদ্ভাৱনী চিন্তাৰ স্পর্শ থকা প্রয়াসবোৰে যাতে ডিজিটেল মাধ্যমৰ স’তে ব্যস্ত থকা নতুন প্রজন্মক চিন্তাশীল আৰু সৃজনীমূলক কামৰ বাবে উদ্যমী কৰি ৰাখে সেই কথা চৰকাৰে চিন্তা কৰা উচিত আছিল৷ অসম চৰকাৰে এটা সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল প্রদর্শন কৰা ছাত্র–ছাত্রীক কম্পিউটাৰ দিছিল আৰু সেই প্রয়াসে অসমখনক কম্পিউটাৰ স্বাক্ষৰ হোৱাত বহুত সহায় কৰিছিল, এই দিশত অসমখন ভাৰতৰ আন বহু ৰাজ্যৰ তুলনাত আগবাঢ়ি গৈছিল৷ এই একেধৰণৰ চিন্তাৰে অসমৰ নতুন প্রজন্মক ডিজিটেল মাধ্যমত প্রয়োজনীয় দৃশ্য–শ্রাব্য সামগ্রী প্রস্তুতকৰণৰ বাবে উদ্যমী কৰি তুলিব নোৱৰাৰ কোনো কাৰণ নাই৷ ভালেমান কোম্পানীয়ে ডিজিটেল মাধ্যমৰ জনপ্রিয় দৃশ্য সামগ্রীৰ বাবে অর্থনৈতিক উৎসাহ দিয়ে৷ এই উৎসাহৰ ফলত ডিজিটেল মাধ্যম অলেখ অশালীন আৰু ৰুচিহীন সামগ্রীৰে ভৰি পৰিছে৷ ডিজিটেল মাধ্যমত চৰকাৰী নিয়ন্ত্রণ নাখাটে, চৰকাৰে আইন প্রণয়ন কৰি এনে অশালীন সামগ্রী বন্ধ কৰিব নোৱাৰে৷ কিন্তু তাৰ বিপৰীতে ভাল আৰু প্রয়োজনীয় সামগ্রীৰ বাবে তৰুণ প্রজন্মৰ স্রষ্টাসকলক উৎসাহ যোগাব পাৰে অথবা ভাল কামৰ বাবে একোটা প্রতিযোগিতাৰো আয়োজন কৰিব পাৰে৷ এই সকলোবোৰ নির্ভৰ কৰে ৰাজনৈতিক সদিচ্ছাৰ ওপৰত৷ তৰুণ প্রজন্মৰ বহুতে অশালীন সামগ্রী প্রস্তুত কৰাৰ বিপৰীতে বহুতে প্রয়োজনীয় কামো কৰি আছে৷ ভাল কাম কৰা সকলক উৎসাহ দি এনে লোকৰ সংখ্যা বৃদ্ধিত সহায় কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব হোৱা উচিত৷