নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আত্মহনন বৃদ্ধিৰ সমস্যা

প্রকৃতি আৰু পৰিৱেশৰ সৈতে সহবাস কৰিবলৈ মানৱ জাতিৰ এক প্রতিৰোধী ক্ষমতা থাকে৷ কিন্তু প্রকৃতি আৰু পৰিৱেশৰ তাৰতম্য ঘটিলে মানুহৰ এই প্রতিৰোধী ক্ষমতাতো ব্যাঘাত জন্মে৷ এই কথা প্রায় সকলোৰে জ্ঞাত বুলিয়েই ক’ব পাৰি৷ মানৱ জাতিয়ে নিজৰ সা–সুবিধা অকল্পনীয় হাৰত বৃদ্ধি কৰিবলৈ লোৱা অনেক পদক্ষেপৰ ফলত পৃথিৱীৰ প্রকৃতি আৰু পৰিৱেশৰ বৈশিষ্ট্যত আঘাত হানিছে৷ মানৱ সৃষ্ট কাৰণতে পৃথিৱীৰ অস্তিত্বলৈও ভাবুকি আহি পৰিছে৷ পৃথিৱীলৈ নামি অহা ভাবুকিৰ অন্যতম জলবায়ু পৰিৱর্তন৷ এই জলবায়ু পৰিৱর্তনৰ প্রধান কাৰক গোলকীয় উষ্ণতা৷ পৃথিৱীৰ তাপমাত্রা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱর্তনে আমি বাস কৰা গ্রহটোৰ জীৱ–উদ্ভিদ জগতলৈ প্রতি ক্ষণে ক্ষণে অশনি সংকেত কঢ়িয়াই আনিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনক লৈ বিশ্বৰ বিজ্ঞানী মহল উদ্বিগ্ণ হৈ পৰিছে আৰু ইয়াক লৈ গণ আন্দোলনৰ আৱশ্যকতাৰ চর্চা হৈছে৷ আৰম্ভ হৈছে বিশ্বব্যাপী জলবায়ু পৰিৱর্তনক লৈ আন্দোলন৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ দেশসমূহত তাপপ্রৱাহ অর্থাৎ তাপমাত্রা বৃদ্ধিয়ে মানৱীয় জীৱনলৈ নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে৷ বিজ্ঞানী গৱেষকৰ এটা দলে তাপমাত্রা বৃদ্ধিয়ে মানৱ জীৱনলৈ নমাই অনা দুটি শংকাৰ বিষয়ে ‘নেচাৰ ক্লাইমেট চেঞ্জ’ শীর্ষক পত্রিকাত এক প্রতিবেদন প্রকাশ কৰিছে৷ প্রতিবেদনত উল্লেখ কৰা বিষয় দুটিয়ে বিশ্ববাসীক হতবাক কৰি তুলিছে৷ ইয়াৰ পূর্বে কোনো গৱেষণাৰ প্রতিবেদনতে এনে ভয়াৱহ তথ্য প্রকাশ পোৱা নাছিল৷ ব্রিটিছ পত্রিকা ‘নেচাৰ ক্লাইমেট চেঞ্জ’ত প্রকাশিত প্রতিবেদন মতে তাপমাত্রা বৃদ্ধিৰ বাবে বিশ্বত আত্মহননৰ সংখ্যা বৃদ্ধি পাইছে৷ তদুপৰি ছ’চিয়েল মিডিয়াত হাতাশামূলক বার্তাৰ প্রচাৰ বৃদ্ধি পাইছে৷ বিশ্বৰ বিভিন্ন দেশত তাপমাত্রা বৃদ্ধিক লৈ চলোৱা অধ্যয়নত আত্মহনন বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াত হতাশামূলক বার্তাৰ প্রচাৰ বৃদ্ধিৰ তথ্য লাভ কৰিছে৷ প্রতিবেদনত আমেৰিকা যুক্তৰাষ্ট্র আৰু মেক্সিকোক উদাহৰণ হিচাপে দাঙি ধৰিছে৷ উষ্ণতা বৃদ্ধি তথা গ্রীষ্মপ্রৱাহৰ ফলত বিশ্বৰ বিভিন্ন দেশত গ্রীষ্মৰ সময়ত সংঘর্ষ আৰু হিংসা বৃদ্ধি পোৱাটো ইতিমধ্যে গৱেষণাত স্পষ্ট হৈ পৰিছে৷ এই অধ্যয়নৰ মাজতে তাপমাত্রাৰ ইতিহাস আৰু আত্মহননৰ তথ্যৰ তুলনামূলক বিশ্লেষণ কৰাত তাপমাত্রা বৃদ্ধিৰ ফলত ক্রমান্বয়ে আত্মহননৰ প্রৱণতা বৃদ্ধি পোৱাটো নিশ্চিত হৈছে৷ তেনেদৰে বিশ্বৰ প্রায় ৫০ কোটি ছ’চিয়েল মিডিয়াৰ বার্তা অধ্যয়নত এই কথা স্পষ্ট হৈ পৰিছে যে তাপমাত্রা বৃদ্ধি পোৱা অঞ্চলত ছ’চিয়েল মিডিয়াত হতাশামূলক বার্তাৰ প্রচাৰ বৃদ্ধি পাইছে৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বব্যাপী বার্ষিক ৮,০০,০০০ লোকে আত্মহননৰ পথ বাছি লয়৷ আমেৰিকা যুক্তৰাষ্ট্রত বার্ষিক ৪৫,০০০ লোকে আত্মহননৰ পথ বাছি লয়৷
বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্রত বার্ষিক ৪৫ হাজাৰ লোকে আত্মহত্যা কৰে৷ শেহতীয়া অধ্যয়নত তাপমাত্রা বৃদ্ধিৰ বাবেই আমেৰিকাত আত্মহননৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি বিগত পোন্ধৰ বছৰত আমেৰিকাত আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছে৷ গোলকীয় পর্যায়তো আত্মহননৰ হাৰ দ্রুতগতিত বৃদ্ধি পাই আছে৷ আমেৰিকাৰ চুবুৰীয়া দেশ মেক্সিকোতো আত্মহননৰ পৰিমাণ বৃদ্ধি পাইছে৷ মাহিলি গড়ে প্রতি ১.৮ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধিয়ে আমেৰিকাত ০.৭ শতাংশ আত্মহননৰ ঘটনা বৃদ্ধি কৰিছে৷ তাপমাত্রা বৃদ্ধিয়ে আমেৰিকা আৰু মেক্সিকোত মানসিক স্বাস্থ্যৰ ওপৰত প্রচণ্ড আঘাত হানিছে৷ তাপমাত্রা বৃদ্ধি প্রক্রিয়া এনেদৰে অব্যাহত থাকিলে ২০৫০ চনলৈকে আমেৰিকাত আত্মহননৰ পৰিমাণ ১.৪ শতাংশ আৰু মেক্সিকোত ২.৩ শতাংশ বৃদ্ধি পোৱাটো নিশ্চিত৷ অর্থাৎ তাপমাত্রা বৃদ্ধিয়ে আমেৰিকা আৰু মেক্সিকোত বছৰি অতিৰিক্তকৈ ৯,০০০ৰ পৰা ৪৪,০০০জনৰ আত্মহনন হ’ব৷ চেণ্টাৰছ ফ’ৰ ডিজিজ কণ্ড্র’ল এণ্ড প্রিভেণ্টচনৰ জুনৰ প্রতিবেদন মতে ১৯৯৯ চনৰ পৰা আমেৰিকাত আত্মহননৰ হাৰ প্রায় ৩০ শতাংশ বৃদ্ধি পাইছে৷ জলবায়ু পৰিৱর্তনে অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাৰ সমান্তৰালকৈ আত্মহননৰ হাৰো বৃদ্ধি কৰিছে৷ আনক আঘাত কৰাৰ বিপৰীতে কিছুসংখ্যক ব্যক্তিয়ে নিজক আঘাত কৰাৰ প্রৱণতাই আত্মহননৰ হাৰ বৃদ্ধি কৰিছে৷ তাপমাত্রা বৃদ্ধিয়ে মানৱীয় মনত প্রভাৱ পেলায় আৰু ইয়ে বিপজ্জনক পৰিৱেশৰ প্রতি উৎসাহিত কৰে৷ উল্লেখ্য যে নেচনেল অকাডেমী অৱ ছায়েঞ্চৰ তথ্য মতে বিগত তিনিটা দশকত তাপমাত্রা বৃদ্ধিৰ ফলত ভাৰতত ৫৯,০০০তকৈ অধিক লোকে আত্মহননৰ পথ বাছি লৈছিল৷ ইপিনে, তাপমাত্রা বৃদ্ধিয়ে আত্মহননৰ প্রৱণতা বৃদ্ধিৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত হতাশামূলক বক্তব্য প্রচাৰৰ মাত্রাই বর্ধিত কৰাৰ তথ্য প্রতিবেদনত প্রকাশ পাইছে৷ বিশ্বৰ টুইটাৰ ব্যৱহাৰকাৰীৰ ৫০ কোটিতকৈ অধিক বার্তা তথা বক্তব্যৰ অধ্যয়নত বর্ধিত তাপমাত্রাই মানসিক স্বাস্থ্যত বিৰূপ প্রভাৱ পেলোৱাটো স্পষ্ট ৰূপত ধৰা পৰিছে৷ উদাহৰণস্বৰূপে প্রতিবেদনখনত টুইটাৰৰ ভাষা তথা শব্দ লোনলী, ট্রেপড অথবা ছুইচাইডেলকে আদি কৰি উত্তেজনামূলক বার্তাৰ প্রসংগ উল্লেখ কৰিছে৷ গ্রীষ্মপ্রৱাহ বৃদ্ধিয়ে আত্মহননৰ প্রৱণতাৰ হাৰ বৃদ্ধি কৰাৰ প্রসংগত সঠিক নীতি গ্রহণ কৰিবলৈও প্রতিবেদনখনত পৰামর্শ আগবঢ়াইছে৷ ভৱিষ্যতে উষ্ণতা বৃদ্ধিৰ লগত মোকাবিলা কৰাৰ বাবে নীতি বলৱতত গুৰুত্ব দিয়া হৈছে৷ গ্রীষ্মপ্রৱাহে মানৱ জাতিৰ মাজত সংঘর্ষ আৰু হিংসাত্মক কার্যকলাপ বৃদ্ধি কৰাৰ সময়তে তাপমাত্রা বৃদ্ধিয়ে আত্মহননৰ হাৰ বৃদ্ধি কৰাটো সমগ্র মানৱ জাতিৰ বাবে নেতিবাচক দিশ৷ গৱেষক–বিজ্ঞানীসক পৰামর্শক মানি লৈ বিশ্ব সমুদায়ে গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ বাবে ঐক্যবদ্ধতাৰে আগবাঢ়ি অহাৰ সময় সমাগত৷ অন্যথা আমি মানৱ জাতিয়েই নিজৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন কৰাৰ বাবে জগৰীয়া হ’ব লাগিব৷

You might also like