নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গোলকীয় উষ্ণতাৰ ভয়াৱহতা

বিশ্ববাসীয়ে গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ বিষয়ে অবিদিত নহয়৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনে আমি বাস কৰা পৃথিৱীৰ পাৰিপার্শ্বিক ভাৰসাম্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ এই ভাবুকি ক্রমান্বয়ে ভয়াৱহ ৰূপ লৈছে৷ পৃথিৱীৰ প্রান্তে প্রান্তে জলবায়ু পৰিৱর্তনৰ ভয়াৱহ ৰূপ প্রাকৃতিক বিপর্যয়ৰ ৰূপত প্রত্যক্ষ কৰিছে৷ অভাৱনীয় বান, অভাৱনীয় খৰাং, কল্পনাহীন বনজুইকে ধৰি প্রাকৃতিক দুর্যোগে বিশ্বক প্রত্যাহ্বানৰ সন্মুখীন কৰি তুলিছে৷ মানৱ জাতিৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন বিৰাট প্রত্যাহ্বান হৈ উঠিছে৷ ৰাষ্ট্রসংঘই পেৰিছ চুক্তিৰ জৰিয়তে গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ মাজত নিয়ন্ত্রণ কৰি ৰখাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ প্রতিশ্রুতিবদ্ধ হৈছিল যদিও উন্নত দেশসমূহৰ বাবে পেৰিছ চুক্তি প্রহসনত পৰিণত হয়৷ বিগত বর্ষটো গোলকীয় উষ্ণতাৰ বাবে অতি ভয়াৱহ৷ কিয়নো প্রথমবাৰৰ বাবে ৰাষ্ট্রসংঘৰ পেৰিছ চুক্তিৰ জৰিয়তে গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছ নিয়ন্ত্রণত ৰখাৰ বিপৰীতে এই উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছ স্পর্শ কৰে৷ আনকি তথ্যমতে ১.৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰাৰ পর্যায় পায়৷ ইউৰোপীয় সংঘৰ জলবায়ু সেৱাৰ তথ্য মতে বিগত বর্ষটোত গোলকীয় উষ্ণতা প্রথমবাৰৰ বাবে ১.৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে৷ বিশ্বৰ নেতাসকলে ২০১৫ চনত গোলকীয় উষ্ণতা যাতে ১.৫ ডিগ্রী চেলছিয়াছতকৈ বৃদ্ধি নহয়, তাৰ বাবে লোৱা সিদ্ধান্ত প্রহসনত পৰিণত হয়৷ ৰাষ্ট্রসংঘৰ জলবায়ু সংস্থাৰ প্রাক্তন অধ্যক্ষ অধ্যাপক ছাৰ বব ৱাটছনে প্রকাশ কৰা মতে চলিত বর্ষটোত মাত্র ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পোৱাৰ পিছতেই আমি বান, অনাবৃষ্টি, গ্রীষ্মপ্রৱাহ আৰু বনজুই বিশ্বজুৰি দেখিছোঁ৷ যদি ইয়াৰ পৰিমাণ অধিক বৃদ্ধি হয়, তেতিয়াহ’লে বিশ্বজুৰি এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হ’ব৷

ইউৰোপীয় সংঘৰ কপাৰনিকাছ জলবায়ু পৰিৱর্তন সেৱাৰ তথ্য মতে ২০২৩ ফেব্রুৱাৰীৰ পৰা ২০২৪ জানুৱাৰীৰ সময়ত গোলকীয় উষ্ণতা ১.৫২ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে৷ ই এক সকীয়নিমূলক বার্তা৷ বিগত বর্ষৰ তুলনাত গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিমাণ দ্রুতগতিত বর্ধিত হৈ আছে৷ লক্ষণীয় যে ১৯৪০ চনৰ পিছৰে পৰা তাপমাত্রা বৃদ্ধি প্রক্রিয়া আৰম্ভ হৈছিল৷ উক্ত সময়ৰে পৰা তাপমাত্রা ০.২ ডিগ্রী ছেণ্টিগ্রেডতকৈ বর্ধিত হৈছিল৷ আনহাতে সাগৰৰ জলপৃষ্ঠৰ তাপমাত্রাও প্রতিদিনে বৃদ্ধি হৈ আছে৷ ১৯৭৯ চনৰ পৰা ২০২৪ চনলৈকে তাপমাত্রা প্রতিবছৰে বর্ধিত হৈছে৷ ২০২৩ চনৰ শেষৰপিনে সাগৰৰ জলপৃষ্ঠৰ তাপমাত্রা পূর্বতকৈ অধিক বৃদ্ধি হৈ ২০২৪ চনলৈকে ই অব্যাহত আছে৷ নতুন তথ্য অনুসৰি ৩ ফেব্রুৱাৰী, ২০২৪ত সাগৰৰ জলপৃষ্ঠৰ তাপমাত্রা অভিলেখসংখ্যক ২১.০৫ ডিগ্রী চেলছিয়াছ হৈছে৷ তাৎপর্যপূর্ণ যে মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে৷ জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লা, পেট্র’ল–ডিজেল আদিৰ ব্যৱহাৰে বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ্ পৰিমাণ বর্ধিত কৰাত গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ প্রধানতঃ কয়লাৰ ব্যৱহাৰ হ্রাস কৰাৰ ওপৰত মাত্রাধিক গুৰুত্ব দিয়া হয় যদিও উন্নত দেশসমূহে এইক্ষেত্রত দুমুখীয়া নীতি গ্রহণ কৰি আহিছে৷ এনে পৰিপ্রেক্ষিততে ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনৰ চুক্তিসমূহ ৰূপায়ণত বিলম্ব হয়৷ একপ্রকাৰ উন্নত দেশৰ দুমুখীয়া নীতিৰ বাবে পৃথিৱীয়ে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ কবলত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ প্রথমবাৰৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰাটোৱে পৃথিৱীৰ লগতে মানৱ জাতিৰ বাবেও অশনি সংকেত কঢ়িয়াই আনিছে৷ যদি সময় থাকোঁতে মানৱ জাতিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰকসমূহ নিয়ন্ত্রণ নকৰে, তেতিয়াহ’লে মানৱ জাতিৰ ভৱিষ্যৎ কোন দিশে আগবাঢ়িব, সেয়া অনুমান কৰিব নোৱাৰি৷ গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা অধিক বঢ়াই তুলিব, যিটো মানৱ জাতিৰ বাবে অতি প্রত্যাহ্বানমূলক হ’ব৷

You might also like