নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কাজিৰঙাৰ কাহিনী

প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চাৰিদলীয় মিত্রজোঁট চৰকাৰৰ শাসনৰ কালছোৱাক অন্ততঃ এটা বিষয়ৰ বাবে অসমে কেতিয়া পাহৰিব নোৱাৰে৷ সময়ছোৱাই অনেকৰ মনলৈ মানৰ অত্যাচাৰৰ ক’লা তথা ভয়ংকৰ দিনবোৰৰ সজীৱ কৰি তোলে৷ যদিও মানৰ অত্যাচাৰ কুৰি অথবা একবিংশ শতিকাৰ কথা নহয়৷ আখ্যান আৰু মানুহৰ মুখে মুখে বাগৰি অহা লোমহর্ষক অত্যাচাৰৰ কাহিনীয়ে অসমীয়াৰ আজিও বুকু কঁপাই তোলে৷ চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যখনৰ ব্রহ্মপুত্র উপত্যকাত দীর্ঘকালৰ চলা শিহৰণকাৰী অত্যাচাৰৰ দিনবোৰ প্রায় মানৰ অত্যাচাৰৰ সমপর্যায়ৰে আছিল৷ পার্থক্য আছিল মানৰ সেনাই সকলোবোৰ মুকলিমূৰীয়াকৈ কৰিছিল৷ প্রফুল্ল কুমাৰ মহন্তৰ কার্যকালত পৰিচয় গোপনে থকা কিছুমানে সেইবোৰ গোপনে কৰিছিল৷ গুপ্তহত্যাৰ দিনবোৰত মূলতঃ নিশা নিশা ৰাজ্যখনত কি ঘটিছিল, তাৰে বর্ণনা দিবলৈ আজিও বহুজন জীয়াই আছে৷ দিছপুৰত চৰকাৰ সলনি হোৱাৰ লগে লগে অসমৰ ৰাজপথৰ পৰা নম্বৰপ্লেটবিহীন বিশেষ বাহনবোৰ অন্তর্ধান হৈ পৰে৷ ৰাজ্যখনৰ অগণিত লোক এই পৰিৱর্তনৰ সাক্ষী৷ কিন্তু তদানীন্তন চৰকাৰখনৰ যদি নেতৃত্বক গুপ্তহত্যাত মিত্রজোঁট চৰকাৰখনৰ হাত আছিলনে নাই বুলি সোধা হয় পোনছাটেই চৰকাৰখন সেই বিষয়ে অজ্ঞ বুলি মূৰ পোলোকা মাৰিব৷ কথাটো যদি দুর্নীতিৰ প্রসংগৰে ড০ মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰৰ নেতৃত্বক সোধা যায়, উত্তৰটো নহয় বুলিয়েই পোৱা যাব৷ অর্থাৎ কয়লা কেলংকাৰি, টু–জি কেলেংকাৰি আদিৰ কথা কোনো কাৰণতে সংঘটিত হোৱা বুলি মানি নল’ব৷ কিন্তু চৰকাৰখনৰ পতনৰ লগে লগে তেনেধৰণৰ বিয়াগোম বিয়াগোম কেলংকাৰি, দুর্নীতিৰ বাতৰিবোৰ সংবাদ মাধ্যমৰ পৰা নাইকিয়া হৈ পৰিল৷ ৰাজনৈতিক নেতৃত্বৰ মুখতো প্রত্যয়জনকভাৱে অভিযোগ উচ্চাৰণ নোহোৱা হৈ পৰিল৷ গুপ্তহত্যাৰ দৰে চৰকাৰ এখনৰ পতনৰ লগে লগে অসমৰ বুকুৰ পৰা গঁড নিধনৰ খবৰো নাইকিয়া প্রায় হৈ পৰে৷ অথচ এসময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা প্রায় প্রতিদিনে চোৰাং চিকাৰীয়ে গঁড নিধন কৰাৰ বাতৰি আহিছিল৷ লাহে লাহে ই এটা পৰিসংখ্যাত পৰিণত হৈ পৰিছিল৷ চৰকাৰ সলনিৰ লগে লগে গঁড নিধনৰ খবৰ নোহোৱা হৈ পৰে৷ চৰকাৰ এখন প্রত্যক্ষভাৱে গঁড নিধনত জডিত হৈ পৰিছিল বা সামগ্রিকভাৱে এখন চৰকাৰ গুপ্তহত্যাৰ পৃষ্ঠপোষক, কথাটো ইমান সৰলভাৱে কৈ দিব নোৱাৰি৷ কিন্তু ঘটনাবোৰ যিমান বেপৰোৱা আৰু আইনক ভেঙুচালি কৰি সংঘটিত হৈছিল, তাৰ আঁৰত চৰকাৰৰ অতিকৈ প্রভাৱশালী অংশ যে জডিত হৈ আছিল, সেয়া নিঃসন্দেহে ক’ব পৰা যায়৷ চৰকাৰ এখন সলনি হোৱাৰ লগে লগে যিধৰণে নাটকীয়ভাৱে ঘটনাবোৰ নঘটা হৈ পৰে, তাৰ আঁৰতো পূর্বৰ চৰকাৰখনৰ ভূমিকা আৰু ঘটনাবোৰৰ সৈতে চৰকাৰী যন্ত্রৰ সম্পর্কক দিনৰ পোহৰৰ দৰে উজ্জ্বল কৰি তোলে৷ নতুনকৈ ক্ষমতালৈ অহা চৰকাৰখনে চৰকাৰী যন্ত্র কোনো নহয় কোনো অংশক সংযমী নতুবা কঠোৰ হ’বলৈ নির্দেশ নিদিলে গুপ্তহত্যাৰো যতি নপৰে নাইবা গঁড নিধনৰো ধাৰাটো স্তব্ধ নহয়৷ চৰকাৰ এখনৰ আন্তৰিকতা, নিষ্ঠা. সততা নাথাকিলে টু–জি অথবা তেনেধৰণৰ শ শ কোটিটকীয়া কেলেংকাৰিৰো ধাৰাবাহিকতা শেষ হৈ নপৰে৷ অর্থাৎ সৰলভাৱে ক’বলৈ গ’লে চৰকাৰ এখনে বিচাৰিলে দুর্নীতিমুক্ত শাসন সম্ভৱ, অত্যাচাৰমুক্ত শাসনো সম্ভৱ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ক্ষেত্রত বর্তমানৰ ৰাজ্যখনৰো আন্তৰিকতাও মসৃণভাৱে পৰিস্ফূট হৈছে৷ ৰাষ্ট্রীয় উদ্যানখন অসম তথা অসমীয়াৰ অহংকাৰ৷ বিহু যদি এই ভূ–খণ্ডটোৰ শৰীৰ হয়, এশিঙীয়া গঁডেৰে সমৃদ্ধ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখন শৰীৰটোৰ প্রাণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সম্ভৱতঃ এই কথাষাৰকে মর্মে মর্মে উপলব্ধি কৰি বিগত কার্যকালত দুটা উল্লেখনীয় কাম কৰিছিল৷ তাৰে এটা বিহুনৃত্যই গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছৰ পৃষ্ঠাত স্থান পোৱা ঐতিহাসিক দিনটোৰ সাক্ষী হোৱা৷ আনটো হৈছে – কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত নৈশ যাপন কৰা৷
বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদাৰে বিভূষিত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নৈশযাপন ৰাষ্ট্রীয় উদ্যানখনৰ বাবে এটা ঐতিহাসিক দিন৷ তেওঁৰ নৈশযাপনে বিশ্ব ঐতিহ্য ক্ষেত্রখনৰ চিনাকি আৰু প্রতিষ্ঠাৰ ভেটিটোক নতুন ৰূপ দিব৷ ইয়াৰ প্রতিফলন ইতিমধ্যে ঘটিছে৷ ৰাষ্ট্রীয় উদ্যানখনলৈ পর্যটকৰ স্রোঁতটোৱে নতুনকৈ প্রাণ পাই উঠিছে বুলি চৰকাৰী দাবীত প্রকাশ৷ নৰেন্দ্র মোদীৰ তেনেধৰণৰ এটা ভ্রমণে পর্যটন ক্ষেত্রখনলৈ কি ধৰণৰ পৰিৱর্তন তথা উত্তৰণ আনিব পাৰে, লাক্ষাদ্বীপ ভ্রমণ ইয়াৰ উজ্জ্বল উদাহৰণ৷ সমুদ্রৰ মাজত মনোৰম ভূ–খণ্ডটোৰ কথা ভ্রমণবিলাসী ভাৰতীয়ই একপ্রকাৰ মনলৈ আনিবলৈ পাহৰিয়েই গৈছিল৷ মানুহৰ হূদয় দখল কৰি লৈছিল মালদ্বীপে৷ কিন্তু প্রধানমন্ত্রী মোদীৰ লাক্ষাদ্বীপ নামৰ ভূখণ্ডটোক ভ্রমণবিলাসী মানুহৰ মনত নতুনকৈ তুলি ধৰিলে৷ যেন দ্বীপপুঞ্জটো নতুনকৈহে আৱিষ্কাৰ হ’ল৷ পর্যটক হেৰুওৱাৰ আশংকাত মালদ্বীপৰ ৰাজনৈতিক নেতৃত্ব অস্থিৰ হৈ পৰিল৷ ক’বলৈ গ’লে তেতিয়াৰে পৰা দ্বীপৰাষ্ট্রখনৰ স’তে ভাৰতবর্ষৰ সহজ সম্পর্কে আজিও সহজ হৈ পৰা নাই৷ নৰেন্দ্র মোদীৰ কাজিৰঙাত নৈশযাপনে ৰাষ্ট্রীয় উদ্যানখনৰ পর্যটন ক্ষেত্রখনলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰি দিলে৷ ইয়াৰ অর্থ এইটোও নহয় যে ইমানদিনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান অনচ্চাৰিত হৈ আছিল৷ কিন্তু যিটো কাম চৰকাৰে অভিনেত্রী প্রিয়ংকা চোপ্রাৰ জৰিয়তে ৰাজকোষৰ ধন খৰচ কৰি কৰিব বিচাৰিছিল, তাৰে হাজাৰ গুণ অধিক কাম প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নৈশযাপনে কৰি দিলে অথবা কৰি দিব৷ সেয়ে দিছপুৰৰ দায়িত্ব অধিক বাঢ়িল৷ ৰাষ্ট্রীয় উদ্যানখনৰ সমস্যা আৰু সম্ভাৱনাক সঠিক ৰূপত অধ্যয়ন কৰি তাৰ পৰা প্রাপ্ত নির্যাসক কামত খটুৱাব লাগিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ জুনত উদ্যানখনৰ বিভিন্ন অংশীদাৰৰ সৈতে আলোচনাত বহি চৰকাৰখনৰ নিষ্ঠা আৰু আন্তৰিকতাকে প্রকাশ কৰিছে৷ অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখন সদায়েই দিছপুৰৰ অগ্রাধিকাৰৰ তালিকাত থাকিব লাগিব৷ ৰকিবুল হুছেইন বনমন্ত্রী হৈ থকা সময়ছোৱাৰ দৰে ধ্বংসৰ লক্ষ্য হৈ থাকিব নোৱাৰিব৷ ৰাষ্ট্রীয় উদ্যানখনৰ সমস্যা কেইবাটাও৷ ভূমিৰ সমস্যাটো তাৰে এটা অন্যতম৷ ৰষ্ট্রীয় উদ্যানখনক বেদখলকাৰীয়ে সংকুচিত কৰিবলৈ ধৰিছে৷ পূর্বৰ চৰকাৰসমূহে ৰাজনৈতিক মুনাফাৰ প্রতি লক্ষ্য ৰাখি বেদখল উচ্ছেদৰ পৰা আঁতৰি থাকিছিল৷ ন্যায়ালয়ৰ নির্দেশ পালেহে কেতিয়াবা কেতিয়াবা উচ্ছেদ চলাইছিল৷ অর্থাৎ আন্তৰিকতাৰ ঘৰটোত আছিল এটা প্রকাণ্ড শূন্য৷ কিন্তু বর্তমানৰ চৰকাৰখনে উচ্ছেদৰ ক্ষেত্রত আন্তৰিকতা প্রদর্শন কৰাত সফল হৈছে৷ ইয়ে ৰাষ্ট্রীয় উদ্যানখনৰ জীৱ–জন্তুৰ বিচৰণভূমিৰ সম্প্রসাৰণ ঘটাব৷ খহনীয়া প্রতিৰোধৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনে দৃঢ়তা দেখুৱাইছে৷ বিশেষজ্ঞৰ দল গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ লগে অৰণ্য ধ্বংস ৰোধ আৰু বেদখল যাতে পুনৰ হ’ব নোৱাৰে, বৈঠকখনত তালৈকেও জোৰ দিয়া হৈছে৷ বৈঠকখনে সবাতকৈ গুৰুত্ব সহকাৰে লোৱা বিষয়টো হৈছে সুৰক্ষা ব্যৱস্থাটোক কটকটীয়া কৰা৷ ৰাষ্ট্রীয় উদ্যানখনলৈ স্থলভাগৰ লগতে জলপৃষ্ঠৰ মানে লুইতৰ বুকুৰেও বিপদ আহে৷ সুৰক্ষা ব্যৱস্থাটো পানী নসৰকা কৰিবলৈ হ’লে সেই দিশটোলৈও চকু দিব লাগিব৷ মেৰাইন ইঞ্জিনযুক্ত নাও চলাচলৰ দিহা কৰা হৈছে৷ তদুপৰি ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষা ব্যৱস্থাটো শক্তিশালী কৰি তুলিবলৈ বৈঠকখনে আনএটা লক্ষণীয় সিদ্ধান্ত লৈছে৷ সেই অনুসৰি তাত তিনিটা কমাণ্ডো বেটেলিয়ন আৰু ফৰেষ্ট বেটেলিয়নৰ ৬৬ জোৱান নিযুক্ত দিয়া হ’ব৷ এনে ব্যৱস্থাৱলীয়ে চৰকাৰ এখনৰ সততা আৰু নিষ্ঠাৰ লগতে দায়বদ্ধতাক প্রকাশ কৰে৷ যিখন চৰকাৰে কাজিৰঙাত চলি থকা অসমৰ গৌৰৱৰ লুণ্ঠনক দেখিও নেদেখাৰ ভাও ধৰি থাকে, কোনোৱে তালৈ আঙুলিয়াই দিলে তাক চালে–বেৰে কোবাই ঢ়াকি ৰখাৰ অপচেষ্টা চলায় সেইখন চৰকাৰ আৰু চৰকাৰত থকা ৰাজনৈতিক দল বা মঞ্চখন অসমৰেই শত্রু৷ কথাষাৰ সকলো ৰাজনৈতিক দলে মনত ৰখা দৰকাৰ৷

You might also like