সম্পাদকীয় : বিদ্যালয়ত নৈতিকতাৰ শিক্ষা
বিগত কেইটামান দিনত হাইস্কুলীয়া ছাত্রই কৰা কেইবাটিও হত্যাৰ দৰে অকল্পনীয় অপৰাধৰ ঘটনাই সমাজখনক চিন্তান্বিত কৰি তুলিছে৷ কেইবছৰমান আগতে গুৱাহাটীৰ এখন বিখ্যাত শিক্ষানুষ্ঠানতো তেনে এক হত্যাকাণ্ড সংঘটিত হৈছিল যদিও প্রভাৱশালী পিতৃ–মাতৃৰ ক্ষমতাৰ কাৰণে সেই কাণ্ডই বিশেষ সামাজিক আলোচনাৰ সৃষ্টি কৰিব পৰা নাছিল৷ কিন্তু শেহতীয়াভাৱে ঘটা ঘটনাকেইটিৰ স্বৰূপে আমাৰ সমাজখনক কিছু পৰিমাণে হ’লেও বিচলিত আৰু ভৱিষ্যতৰ ছবিখনৰ কল্পনাৰে শংকিত কৰি তুলিছে৷ এটা কথা সকলোৱে মানি ল’ব যে কোনো শিক্ষানুষ্ঠানত অথবা ঘৰত এনে ধৰণৰ অপৰাধৰ কথা কেতিয়াও শিকোৱা নহয়, উৎসাহিত কৰাটো দূৰৰ কথা৷ সমাজৰ কোনো এটা পৰিয়ালেও নাভাবে যে তেওঁৰ ঘৰত হত্যাকাৰী এজনৰ জন্ম হওক আৰু সকলোকে শংকিত–আতংকিত কৰি তোলক৷ কিন্তু বহু পৰিয়ালৰ কিশোৰ সদস্যই হত্যাকাৰীৰ ৰূপ ধাৰণ কৰিছে৷ এই কাম যে অক্ষমণীয় অপৰাধ, সেই কথা তেওঁলোকে বিচাৰ কৰিব পৰা অৱস্থাৰ বাহিৰলৈ গুচি গৈছে৷ কিয় এনে হৈছে এই কথা ভালদৰে চিন্তা কৰি অতি সোনকালে তাৰ নিৰাময়ৰ পথ উলিওৱাটো সমাজৰ কর্তব্য৷ এটা কথা সকলোৱে স্বীকাৰ কৰে যে আজিকালি খুব দ্রুতগতিত সামাজিক, প্রযুক্তিগত আৰু সাংস্কৃতিক পৰিৱর্তন সংঘটিত হৈছে৷ শিশু–কিশোৰসকলে নতুন প্রযুক্তি, বিশ্বায়ন আৰু বিভিন্ন সংস্কৃতিৰ দ্বাৰা প্রভাৱিত হৈ থকাৰ লগতে ভাল আৰু বেয়া দুয়ো প্রভাৱৰ সন্মুখীন হৈ আহিছে৷ এনে পৰিৱেশত স্কুল পর্যায়ত নৈতিক শিক্ষা দিয়াটো প্রয়োজনীয় হৈ পৰিছে, যাতে ছাত্র–ছাত্রীয়ে ভাল কথাবোৰৰ একো একোটা ধাৰণা মনত লৈ সৎপথত আগবাঢ়ি যাব পাৰে৷ নৈতিক শিক্ষাৰ দ্বাৰা ছাত্র–ছাত্রীসকল সততা, নৈতিকতা আৰু সমবেদনাৰ ধাৰণাৰে শিক্ষিত হয়৷ ভাৰতৰ পৰিপ্রেক্ষিতত ‘ধর্মপালন’ আৰু ‘সঠিক কর্মৰ প্রয়োজনীয়তা’ সকলো শাস্ত্রতেই ডল্লেখ আছে৷ পশ্চিমীয়া দেশসমূহতো ‘চৰিত্র শিক্ষা’ৰ ক্ষেত্রত নীতি–পাঠ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ ভাৰতীয় সুকলসমূহেও এটা সময়ত ছাত্র–ছাত্রীক নৈতিক শিক্ষাদানত গুৰুত্ব আৰোপ কৰিছিল৷
ভাৰতৰ সংস্কৃতি বহু পুৰণি আৰু সমৃদ্ধ৷ কিন্তু এতিয়া দেশখন আধুনিকতাৰ পথত অগ্রসৰ হৈছে আৰু বিভিন্ন ধৰণৰ দ্বন্দ্বৰ সন্মুখীন হৈছে৷ এপিনে ভাৰতীয় সংস্কৃতিৰে পৰম্পৰাগত মূল্যবোধ, আনহাতে আধুনিক সমাজে ব্যক্তিগত সফলতা, বিজ্ঞান আৰু প্রযুক্তিগত ডদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে৷ নৈতিক শিক্ষাহ এহ দুহ পৰিসৰৰ মিশ্রণ ঘটাহ, পৰম্পৰাগত মূল্যবোধক সন্মান প্রদর্শন কৰি আধুনিক সমস্যাৰ সমাধানৰ ওপৰত মনোনিৱেশ কৰে৷ ভাৰতৰ দৰে এখন বহুমুখী সংস্কৃতিৰ দেশত বহু ধর্ম, ভাষা আৰু জাতিয়ে একেলগে বাস কৰে৷ এনে সমাজত ছাত্র–ছাত্রীক শৈশৱৰ পৰাহ সহিষুতা আৰু সমবেদনাৰ পাঠ শিকাব লাগিব৷ এহ মূল্যবোধবোৰ শিক্ষার্থীৰ মাজত সহজকৈ প্রতিষ্ঠা কৰিব পাৰিব লাগিব, যাতে তেওঁলোকে বিভিন্ন জাতি–ধর্মৰ প্রতি সন্মান আৰু সমবেদনা প্রদর্শনক জীৱনৰ অংগ হিচাপে বিবেচনা কৰিব পাৰে৷ ভাৰতৰ বাবে এহ শিক্ষা বিশেষ প্রাসংগিক, কাৰণ ‘সর্বধর্ম সমভাব’, ‘সকলো ধর্মৰ প্রতি সমান সন্মান’ ভাৰতীয় সংস্কৃতিৰ মূল স্তম্ভৰ ভিতৰত এটা৷ আন এটা কথা হ’ল বর্তমান সময়ত সমাজখনে ভোগবাদ আৰু ব্যক্তিগত সাফল্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ ধন–সম্পদ, ক্ষমতা আৰু ব্যক্তিগত সফলতাহ মুখ্যভাৱে গুৰুত্ব লাভ কৰা এই দৃষ্টিভংগীয়ে শিশু–কিশোৰসকলক সহজেই প্রভাৱিত কৰিব পাৰে৷ নৈতিক শিক্ষাই এহ প্রভাৱক বাধা দি বুজাব পাৰে যে ব্যক্তিগত কর্মৰ ওপৰত নহয়, বৰঞ্চ সামাজিক সেবা, কর্তব্যবোধ আৰু অহংকাৰহীনতাইহে সমাজত ব্যক্তি এজনক প্রতিষ্ঠা দিয়ে, মানুহ এজনক সমাজৰ একোটা অপৰিহার্য অংগ হিচাপে গঢ়ি তোলে৷ ভাৰতীয় সংস্কৃতিৰ ‘কর্মযোগ’ আৰু ‘ধর্মপালন’ৰ আদর্শৰে নির্মিত নৈতিক শিক্ষাহ ব্যক্তিগত ভোগবাদক প্রত্যাহ্বান জনাব পাৰে৷ নৈতিক শিক্ষাই সুনিশ্চিত কৰে যে শিক্ষার্থীসকল সমাজৰ প্রতি সজাগ আৰু কর্তব্যনিষ্ঠ হৈ উঠিব৷ এনে পৰিপ্রেক্ষিতত অসমৰ বিদ্যালয়বোৰত নীতি শিক্ষাৰ পাঠ পুনৰ প্রৱর্তন কৰাটো এটা গুৰুত্বপূর্ণ পদক্ষেপ৷ কিন্তু কথা হ’ল অকল কিতাপ অধ্যয়নেৰে নীতি শিক্ষাক প্রভাৱশীল কৰি তুলিব পৰা নাযাব৷ তাৰ বাবে প্রয়োজন হ’ব সমাজৰ সকলো দিশৰ সম্পূর্ণ সহযোগ৷ ছাত্র–ছাত্রীয়ে কিতাপৰ পাঠৰ লগতে সামাজিক উদাহৰণৰ অভিজ্ঞতা লাভ কৰাটো অতি জৰুৰী৷ সমাজৰ সকলো স্তৰৰ লোকেই ভাবি চাব লাগিব কেনেদৰে নতুন প্রজন্মৰ সন্মুখত আদর্শৰ উদাহৰণ প্রদর্শন কৰিব পৰা যায়৷