সম্পাদকীয় : ইছলামিক মৌলবাদৰ ভাবুকি
ছাত্র আন্দোলনৰ নামত চুবুৰীয়া বাংলাদেশত চলি থকা বিভীষিকাৰ বিষবাষ্প অসম তথা ভাৰতবর্ষলৈ সম্প্রসাৰণ হৈছে৷ বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থা বিলোপৰ নামত ছাত্র আন্দোলন আৰু পৰৱর্তী সময়ত হিংসাজর্জৰ পৰিস্থিতিৰ মাজত প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই পলায়ন কৰা ঘটনাই বিশ্বজুৰি বিবেকৱান লোকক চিন্তিত কৰি তুলিছে৷ ডেৰ দশকৰো অধিক বাংলাদেশৰ ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা ৫ আগষ্টত বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰিছে৷ ভগ্ণী ৰেহেনা আৰু কেইজনমান বিশ্বস্ত বিষয়াৰ স’তে ত্রিপুৰা হৈ গাজিয়াবাদৰ হিণ্ডন এয়াৰবেছত শ্বেখ হাছিনাই অৱতৰণ কৰাৰ পিছতে প্রায় এসপ্তাহ ধৰি আমাৰ দেশত আশ্রয় লৈ আছে৷ বাংলাদেশত ছাত্র আন্দোলনৰ নামত সৃষ্টি হোৱা বিভীষিকাময় পৰিস্থিতি আৰু প্রধানমন্ত্রীগৰাকীয়ে পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰাৰ ঘটনাৰ অন্তৰালত আছে মৌলবাদীৰ এক ভয়াৱহ পৰিকল্পনা৷ ইছলামিক মৌলবাদৰ ষড়যন্ত্রৰ জালখন কিমান সম্প্রসাৰিত হৈ আছে সেয়া অনুমান কৰা সহজসাধ্য নহয়৷ বাংলাদেশৰ দৰে ইছলামিক ৰাষ্ট্রত মৌলবাদৰ ঘাটি দীর্ঘকাল চলি আছে৷ এনে পৰিস্থিতিৰ বাবেই দেশখনে আশাব্যঞ্জক বিকাশ লাভ কৰা নাই৷ শিক্ষা আৰু উন্নয়নৰ অভাৱত দেশখনৰ সাধাৰণ লোক আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷ প্রায় ৫ দশক পূর্বে বাংলাদেশৰ স্বাধীনতা লাভ কৰাৰ ক্ষেত্রত ভাৰতবর্ষৰ ভূমিকা আছিল সীমাহীন৷ কিন্তু দেশখনৰ স্বাধীনতাৰ ক্ষেত্রত এনে বিৰল সেৱা আগবঢ়োৱা সত্ত্বেও ভাৰতবর্ষৰ প্রতি বাংলাদেশৰ সিংহভাগ নাগৰিকসকলৰ মনোভাব সলনি হোৱা নাছিল৷ চুবুৰীয়া দেশখনৰ এনে দৃষ্টিভংগীৰ অন্তৰালত আছিল ইছলামিক মৌলবাদৰ বিশেষ প্রভাৱ৷ কিন্তু শ্বেখ হাছিনা ক্ষমতালৈ অহাৰ পিছত পৰিস্থিতি বহু পৰিমাণে সলনি হৈছিল৷ বেগম খালেদা জিয়া ক্ষমতাত থকাৰ সময়ছোৱাত ইছলামিক মৌলবাদৰ ঘাটিত পৰিণত হোৱা বাংলাদেশৰ পৰাই ভাৰতবিৰোধী অভিযান চলিছিল৷ আনকি অসমকে ধৰি দেশৰ বহুসংখ্যক কূটাঘাতৰ সৈতে বাংলাদেশৰ ইছলামিক মৌলবাদী সংগঠন জড়িত থকাৰ তথ্য উন্মোচন হৈছিল৷ কিন্তু বাংলাদেশৰ স্বাধীনতাৰ মধ্যমণি মজিবুৰ ৰহমানৰ জীয়ৰী শ্বেখ হাছিনাই বিগত ডেৰ দশকত ক্ষমতাত থকাৰ সময়ছোৱাত দেশখনত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ ভিতৰত অন্যতম আছিল চুবুৰীয়া দেশখনৰ ইছলামিক মৌলবাদ আৰু ইয়াৰ ছত্রছায়াত গঢ়ি উঠা উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনৰ ঘাটি উৎখাত কৰিছিল৷ ইয়াৰ লগে লগে চুবুৰীয়া দেশখনত চলি থকা অবৈধ মাৰণাস্ত্রৰ ঘাটিও পর্যায়ক্রমে উৎখাত হৈছিল৷ খালেদা জিয়াৰ কঠোৰ স্থিতিৰ বাবেই অসমৰ আলফা, এনডিএফবিকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহে বাংলাদেশৰ ঘাটি ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ বাংলাদেশৰ এনে দৃঢ় স্থিতিৰ বাবেই আলফা, এনডিএফবিৰ অধিকাংশ শীর্ষ নেতাই চুবুৰীয়া দেশখনৰ ঘাটি ত্যাগ কৰি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ বাধ্য হৈছিল৷
শ্বেখ হাছিনাই আমাৰ দেশৰ স’তে বৈদেশিক সম্পর্ক মধুৰ কৰিবলৈ চলোৱা প্রচেষ্টাৰ জৰিয়তে দুয়ো দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হৈছিল৷ ইয়াৰ সুযোগ শ্বেখ হাছিনায়ো লৈছিল৷ ভাৰতৰ পৰা বিভিন্ন শিতানত সাহায্য আদায় কৰাৰ উপৰি ভাৰতীয় উদ্যোগপতিৰ জৰিয়তে কেইবাটাও বৃহৎ উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ ক্রমে বাংলাদেশৰ ৰাজনীতিত শক্তিশালী হৈ উঠা শ্বেখ হাছিনাই শেহতীয়াকৈ পুলিচী ৰাষ্ট্র ব্যৱস্থা গঢ়াৰ ক্ষেত্রত অগ্রাধিকাৰ দিছিল৷ বাংলাদেশৰ শেহতীয়া নির্বাচনত চতুর্থবাৰৰ বাবে ক্ষমতা লাভ কৰাৰ অন্তৰালতো আছিল শ্বেখ হাছিনাৰ আক্রমণাত্মক ৰাজনীতি৷ উক্ত নির্বাচনত বিৰোধী দলসমূহক এঘৰীয়া কৰি শ্বেখ হাছিনাই নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু গণতান্ত্রিক প্রমূল্যবোধক এলাগী কৰি জনগণৰ পক্ষত নাথাকিলে ক্ষমতা যে দীর্ঘস্থায়ী হ’ব নোৱাৰে সেয়া বাংলাদেশৰ শেহতীয়া ঘটনাই পুনৰ প্রমাণ কৰিলে৷ শ্বেখ হাছিনাৰ পতন নিশ্চিতভাৱে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে শুভ নহয়৷ কিয়নো শ্বেখ হাছিনাই চতুর্থবাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰতে বাংলাদেশত অভূতপূর্ব ৰোষৰ সন্মুখীন হৈ পলায়ন কৰিব লগা হৈছে৷ ছাত্র আন্দোলনৰ নামত দেশখনত তথাকথিত গণ অভ্যুত্থানৰ সৃষ্টিৰ অন্তৰালত যে ইছলামিক মৌলবাদী সংগঠন জড়িত হৈ আছে সেয়া স্পষ্ট হৈছে৷ শ্বেখ হাছিনাৰ অজ্ঞাতে কিদৰে বাংলাদেশৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত কট্টৰপন্থী জামাতে–ই–ইছলামীয়ে ছাত্র সংগঠন গঢ়ি তুলিছিল সেয়াও স্পষ্ট হৈছে৷ বাংলাদেশৰ ছাত্র আন্দোলনক কোনো কাৰণতে গণ আন্দোলন নহয়৷ এয়া বেগম খালেদা জিয়া নেতৃত্বাধীন বি এন পি আৰু পাকিস্তানী মদতপুষ্ট জামাতে–ই–ইছলামীৰ ভাৰতবিৰোধী যুঁজহে৷ শ্বেখ হাছিনাক মৃত্যুভয়ৰ ভাবুকিৰে ক্ষমতাচ্যুত কৰি দেশখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ এই চক্রান্তত চুবুৰীয়া দেশখনৰ সেনাকে ধৰি শ্বেখ হাছিনাৰ স’তে ঘনিষ্ঠ একাংশ ৰাজনৈতিক নেতা আৰু আমোলাও আছে৷ চুবুৰীয়া দেশখনত এখন অন্তর্ৱর্তী চৰকাৰ গঠন হৈছে৷ যোৱা ৮ আগষ্টত ন’বেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে অনাগত দিনত বাংলাদেশৰ ভাগি পৰা আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰি কিদৰে বিকাশৰ ৰেখাডাল আগুৱাই নিয়ে সেয়া হ’ব নিশ্চিতভাৱে প্রত্যাহ্বানজনক৷ বিএনপি আৰু জামাতে–ই–ইছলামীৰ দৰে ইছলামিক মৌলবাদক পৃষ্ঠপোষকতা কৰা দল আৰু সংগঠনসমূহৰ ভূমিকাক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ ইতিমধ্যে কাৰাৰুদ্ধ বিএনপিৰ নেত্রী বেগম খালেদা জিয়াক তৎকালীনভাৱে মুক্তি দিয়া হৈছে৷ মহম্মদ ইউনুছৰ নেতৃত্বত অন্তর্ৱর্তী চৰকাৰখন গঠন হৈছে যদিও চুবুৰীয়া দেশখনত হিংসা, হত্যা আৰু লুটৰাজ অব্যাহত আছে৷ অন্তর্ৱর্তী চৰকাৰখন বর্তি থকাৰ সময়তে বাংলাদেশৰ ৫২খন জিলাত ধাৰাবাহিকভাৱে হিন্দুকে ধৰি সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ চলি আছে৷ হিন্দু লোকসকলৰ মন্দিৰ, উপসনাথলী, দোকান–পোহাৰ, বাসগৃহত অগ্ণিসংযোগ আৰু লুটপাতৰ ঘটনা বৃদ্ধি হৈছে৷ ২৩০জনৰো অধিক হত্যা কৰা হৈছে বুলি হিন্দু–খ্রীষ্টান–বৌদ্ধ ঐক্য পৰিষদ আৰু বাংলাদেশ পূজা উদযাপন পৰিষদে অন্তর্ৱর্তী চৰকাৰৰ মুৰব্বী ইউনুছৰ ওচৰত তথ্য দাখিল কৰিছে৷ প্রাণৰ মমতাত হাজাৰ হাজাৰ হিন্দু লোকে চুবুৰীয়া দেশখন ত্যাগ কৰি ভাৰতত আশ্রয় ল’বলৈ হেঁচা প্রয়োগ কৰিছে৷ বাংলাদেশত ইছলামিক মৌলবাদৰ আধিপত্য বৃদ্ধি পালে অসমকে ধৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্রতিও গভীৰ ভাবুকি অহাৰ আশংকা আছে৷