সম্পাদকীয় : চিনেমা আৰু ৰাজনীতি
বিগত কিছুদিনত মুক্তি লাভ কৰা দুখন হিন্দী চিনেমাই বক্স অফিচত ব্যৱসায় কৰাই নহয়, বক্তব্যৰ দিশৰ পৰাও বিভিন্ন মহলত নানা ধৰণৰ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই প্রতিক্রিয়া প্রদর্শনে এটা কথাকে স্পষ্ট কৰে যে চিনেমা মূলতঃ মনোৰঞ্জনৰ সামগ্রী হ’লেও ইয়াৰ বক্তব্যয়ো দর্শকক প্রভাৱিত কৰে৷ ভাৰতৰ দৰে এখন বিশাল আৰু বৈচিত্র্যপূর্ণ দেশত ৰাজনৈতিক বক্তব্যই দেশৰ ভৱিষ্যৎ গঢ় দিয়াত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, তাত ৰাজনৈতিক বক্তব্যৰ চিনেমাৰ ডত্থানৰ তাৎপর্য মন কৰিবলগীয়া৷ বক্তব্য প্রকাশৰ এক শক্তিশালী মাধ্যম হিচাপে চিনেমাই জনসাধাৰণক মুগ্ধ আৰু প্রভাৱিত কৰিব পৰা অনন্য শক্তি ধাৰণ কৰে আৰু সেইবাবেই হ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্রখনৰ পৰিৱর্তনৰ বাবে এক অপৰিহার্য আহিলা হিচাপে পৰিগণিত হয়৷ ভাৰতৰ চলচ্চিত্র ডদ্যোগে ঠন ধৰি উঠা সময়ৰে পৰাই বিভিন্ন ধৰণে ৰাজনৈতিক বক্তব্য প্রকাশ কৰি আহিছে৷ ‘মাদাৰ হণ্ডিয়া’, ‘দো বিঘা জমিন’ আদি ছবিয়ে দৰিদ্রতা, কৃষি সংকট আদিৰ দৰে সামাজিক বিষয়সমূহত গুৰুত্ব আৰোপ কৰিছিল৷ ‘মাদাৰ ইণ্ডিয়া’ত এই সংকটৰ প্রকাশ আছিল সূক্ষ্ম, কিন্তু ‘দো বিঘা জমিন’ৰ কাহিনীকাৰ কমিউনিষ্ট আদর্শত বিশ্বাসী আছিল বাবেই ছবিখনৰ বক্তব্যত সেই আদর্শৰ প্রকাশ ঘটিছিল৷ এটা সময়ত পশ্চিমবংগৰ কমিউনিষ্ট চৰকাৰেও নিজৰ ৰাজনৈতিক আদর্শ প্রকাশ কৰা চিনেমাক উৎসাহ যোগাইছিল৷ জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ লগে লগেই ‘কিচ্ছা কুর্ছী কা’ নামৰ ছবি এখনে জৰুৰীকালীন অৱস্থাৰ কিছু ঘটনাৰ কথা প্রকাশ কৰি আলোডনৰ সৃষ্টি কৰিছিল৷ কিন্তু সেই ছবিত কোনো ৰাজনৈতিক আদর্শৰ কথা নাছিল, আছিল সময়ৰ প্রতিচ্ছবি৷ ৰাজনৈতিক চিনেমাৰ অন্যতম প্রাথমিক ভূমিকা হ’ল এটা ৰাজনৈতিক চিন্তাধাৰা আৰু আদর্শ সন্মুখত ৰাখি সেই আদর্শৰে প্রান্তীয় কণ্ঠক আগস্থানলৈ অনা৷ ভাৰতৰ চহকী সাংস্কৃতিক আভৰণে বহুতো ভাষা, ধর্ম, জাতি আৰু জাতি–জনগোষ্ঠীক সামৰি লৈছে আৰু এই প্রতিটো সম্প্রদায়ৰে প্রত্যাহ্বান আৰু আকাংক্ষাৰ নিজা নিজা চৰিত্র আছে৷ ৰাজনৈতিক ছবিয়ে বিভিন্ন সম্প্রদায়ে সন্মুখীন হোৱা সংগ্রামৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্রত শক্তিশালী আহিলা হিচাপে কাম কৰি আহিছে, যাৰ ফলত দর্শকৰ মাজত সহানুভূতি আৰু বুজাবুজিৰ সৃষ্টি হৈছে৷ প্রান্তীয় ব্যক্তি আৰু সম্প্রদায়ৰ অভিজ্ঞতাক চিত্রিত কৰি ভাৰতৰ ৰাজনৈতিক চিনেমাহ জাতিগত বৈষম্য, লিংগ বৈষম্য, ধর্মীয় অসহিষুতা, মানৱ অধিকাৰ ডলংঘাৰ বিষয়ে আলোচনা আৰম্ভ কৰাত ডল্লেখযোগ্য ভূমিকা পালন কৰিছে৷
ভাৰতত ৰাজনৈতিক চিনেমা আৰু সামাজিক সমস্যাৰ কথা থকা চিনেমাৰ আলোচনাৰ ক্ষেত্রত ৰাজনৈতিক আদর্শ প্রশাসনৰ অংশগ্রহণ প্রায় সমার্থক হৈ পৰিছে৷ ‘ইন্দু চৰকাৰ’ নামৰ ছবিখনৰ প্রধান অংশ আছিল জৰুৰীকালীন অৱস্থাৰ সময়ত ইন্দিৰা গান্ধীয়ে প্রশাসনক ব্যৱহাৰ কৰা কাহিনী৷ তাত কংগ্রেছৰ ৰাজনৈতিক আদর্শৰ কথা নাছিল অথবা ছবিখনৰ কাহিনীভাগক বিজেপিৰ ৰাজনৈতিক আদর্শৰ দ্বাৰাও বিশ্লেষণ কৰা হোৱা নাছিল৷ একেই কথা প্রযোজ্য ‘দ্য কাশ্মীৰ ফাইলছ’ অথবা ‘কেৰালা ষ্ট’ৰী’ৰ ক্ষেত্রত৷ কিন্তু দুয়োখন ছবিৰ বক্তব্য বিজেপিৰ ৰাজনৈতিক আদর্শৰ লগত খাপ খোৱা, কিন্তু ছবি দুখনত কাহিনীৰ বক্তব্য সেই ৰাজনৈতিক আদর্শৰ দৃষ্টিকোণেৰে বিচাৰ কৰা নাই৷ এই দুয়োখন ছবিয়েই ভাৰতৰ দুটা প্রান্তৰ কাহিনী প্রকাশ কৰিছে৷ কিন্তু কেৰালাৰ পৰা নির্মিত ‘দ্য গ্রেট ইণ্ডিয়ান কিচেন’ ছবিখন এখন পৰিয়ালকেন্দ্রিক ছবি হ’লেও তাক ভাৰতীয় সমাজৰ প্রতিফলন হিচাপে প্রকাশ কৰা হৈছে আৰু ভাৰতৰ হিন্দুত্ব ভাবধাৰাক কৌশলেৰে উপলুঙা আৰু সামাজিক অৱক্ষয়ৰ কাৰণ হিচাপে প্রদর্শন কৰা হৈছে আৰু ইয়াতেই কমিউনিষ্ট আদর্শৰ প্রতিফলন ঘটিছে৷ ছবিখনত ৰাজনৈতিক কাহিনী নাই, কিন্তু বক্তব্যক পৰিচালনা কৰা হৈছে ৰাজনৈতিক আদর্শৰ প্রচাৰেৰে৷ ‘আন্ধী’ নামৰ চিনেমাখনত একো ৰাজনৈতিক আদর্শৰ কথা নাছিল, কিন্তু নায়িকাগৰাকী দেখাত ইন্দিৰা গান্ধীৰ দৰে আছিল কাৰণেই ছবিখনক কংগ্রেছ চৰকাৰে নানা ধৰণে অসুবিধা দিছিল৷ ‘ৰং দে বসন্তী’ ছবিত ৰাজনৈতিক আদর্শ একো নাছিল, কিন্তু ছবিখনে সামাজিক সমস্যাৰ প্রতিবাদ কৰাৰ এটি ৰোমাণ্টিক ধাৰণাৰ পথ প্রদর্শন কৰিছিল আৰু সি জনপ্রিয় হৈ পৰিছিল৷ ভাৰতৰ ৰাইজ এতিয়া ৰাজনৈতিকভাৱে পূর্বৰ তুলনাত বহুত সচেতন, কিন্তু সেই অনুপাতে চিনেমাত ৰাজনৈতিক সচেতনতা বৃদ্ধি পোৱা নাই৷ ৰূপালী পর্দাত যেতিয়া কাহিনী এটাক জীৱন্ত কৰি তোলা হয়, তেতিয়া হ আঞ্চলিক, ভাষিক, সাংস্কৃতিক বাধাসমূহ অতিক্রম কৰি সমগ্র দেশৰ লাখ লাখ লোকৰ মাজলৈ যোৱাৰ সম্ভাৱনা থাকে৷ এই সম্ভাৱনাক সঠিক দিশত আগবঢ়াই নিয়াটো বর্তমান সময়ৰ দাবী৷