সম্পাদকীয় : বাণিজ্য যুদ্ধৰ আশংকা
আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শপতগ্রহণ কৰাৰ পিছৰে পৰা বিশ্বজুৰি এখন অঘোষিত বাণিজ্য যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ বিভিন্ন দেশৰ পৰা আমেৰিকালৈ সৰবৰাহ হোৱা বিভিন্ন সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে ট্রাম্পে৷ তাৎক্ষণিকভাৱে প্রতিৱেশী কানাডা আৰু মেক্সিকোৰ সামগ্রীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ট্রাম্পে ঘোষণা কৰে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এনে একপক্ষীয় সিদ্ধান্তক লৈ ক্ষোভ উজাৰি কানাডা আৰু মেক্সিকো চৰকাৰেও দুয়োখন দেশলৈ সৰবৰাহ হোৱা আমেৰিকান সামগ্রীৰ ওপৰত অনুৰূপ কৰ আৰোপ কৰাৰ হুংকাৰ দিয়ে৷ অকল সেয়াই নহয়, আমেৰিকান সামগ্রী বর্জন কৰাৰ হুংকাৰ দিয়ে কানাডাই৷ ইয়াৰ পিছতে ট্রাম্পে নিজৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ বাধ্য হয়৷ বিষয়টোক লৈ দুয়োখন দেশৰ সৈতে আলোচনা কৰিবলৈ সন্মত থকা বুলি ট্রাম্পে ঘোষণা কৰিছে৷ অর্থাৎ ট্রাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক কানাডা আৰু মেক্সিকোৰ সামগ্রীৰ ওপৰত বলৱৎ হোৱা নাই৷ কিন্তু চীনৰ পৰা সৰবৰাহ হোৱা ভিন্ন সামগ্রীৰ ওপৰত ট্রাম্পে অতিৰিক্ত ১০ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্তত অটল আছে মার্কিন ৰাষ্ট্রপতিগৰাকী৷ আমেৰিকাৰ শীর্ষ নেতাগৰাকীৰ এনে সিদ্ধান্তৰ সন্দর্ভত ক্ষোভ উজাৰিছে চীনে৷ ইতিমধ্যে বিশ্ব বাণিজ্য সংস্থাৰ নীতি উলংঘা কৰি ট্রাম্পে অতিৰিক্ত শুল্ক আৰোপ কৰা বুলি অভিযোগ দাখিল কৰিছে বেইজিং প্রশাসনে৷ অকল সেয়াই নহয়, আমেৰিকাৰ পৰা সৰবৰাহ হোৱা বিভিন্ন সামগ্রীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ কৰ আৰোপ কৰিছে চীনে৷ ইয়াৰ লগে লগে বিশ্বৰ দুই মহাশক্তিৰ মাজত বাণিজ্যিক যুদ্ধ আৰম্ভ হোৱা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ আমেৰিকাৰ পৰা চীনলৈ অহা কয়লা আৰু প্রাকৃতিক গেছৰ ওপৰত ১৫ শতাংশ কৰ বেইজিং প্রশাসনে আৰোপ কৰা বুলি ঘোষণা কৰিছে৷ ইয়াৰ উপৰি খাৰুৱা তেল, কৃষি সৰঞ্জাম আৰু বৃহৎ গাড়ীৰ ওপৰত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপৰ সিদ্ধান্ত লৈছে চীনে৷ ইফালে, মার্কিন প্রযুক্তি সংস্থা গুগলৰ বিৰুদ্ধে বিশ্বাস ভংগৰ অভিযোগ আনি সংস্থাটোৰ কাম–কাজৰ ওপৰত তীক্ষ্ণ নজৰ চলোৱাৰো সিদ্ধান্ত লোৱা হৈছে৷
যোৱা নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰাৰ পিছতে ট্রাম্পে ঘোষণা কৰিছিল যে কানাডা আৰু মেক্সিকো অতিৰিক্ত কৰৰ সন্মুখীন হ’ব৷ দুয়োখন দেশেই আমেৰিকাত অবৈধ প্রব্রজনৰ সমস্যা সৃষ্টি আৰু ড্রাগ্ছ সৰবৰাহত ইন্ধন যোগোৱা বুলি অভিযোগ কৰিছিল ট্রাম্পে৷ গতিকে, দুয়োখন দেশে আমেৰিকালৈ সৰবৰাহ কৰা সামগ্রীৰ ওপৰত অতিৰিক্ত কৰা বহুৱাব বুলি হুংকাৰ দিছিল ৰাষ্ট্রপতিগৰাকীয়ে৷ ইফালে, চীনত প্রস্তুত কৰা বিভিন্ন ঔষধ মেক্সিকোৰ সীমান্তৰে আমেৰিকাত অবৈধভাৱে সৰবৰাহ হ’লেও এইক্ষেত্রত কোনো পদক্ষেপ বেইজিং প্রশাসনে গ্রহণ নকৰা বুলি অভিযোগ তুলিছিল নেতাগৰাকীয়ে৷ গতিকে, তিনিওখন দেশৰ পৰা সৰবৰাহ হোৱা সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেতিয়াই ঘোষণা কৰিছিল ট্রাম্পে৷ কিন্তু ট্রাম্পৰ এই সিদ্ধান্ত বিশ্ব বাণিজ্য সংস্থাৰ নীতিৰ পৰিপন্থী বুলি বিভিন্ন দেশে অভিযোগ কৰি আহিছে৷ লক্ষণীয়ভাৱে ভাৰতৰ বিভিন্ন সামগ্রীৰ ওপৰতো অতিৰিক্ত কৰ বহুৱাব বুলি ট্রাম্পে ঘোষণা কৰি থৈছে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে যদি এনেদৰে বিভিন্ন ৰাষ্ট্রৰ পৰা সৰবৰাহ হোৱা সামগ্রীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰে, তেন্তে সমগ্র বিশ্বৰ বাণিজ্য ব্যৱস্থাটোলৈ নামি আহিব অস্থিৰতা৷ ইতিমধ্যে চীনে এই আশংকা প্রকাশ কৰিছে৷ ৰাছিয়া আৰু ইউক্রেইন যুদ্ধৰ বাবে ইতিপূর্বেই বিশ্ব বাণিজ্যত চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ বিশেষকৈ ৰাছিয়াৰ ওপৰত আৰোপ কৰা বিভিন্ন নিষেধাজ্ঞাৰ ফলত ইউৰোপলৈ সামগ্রী সৰবৰাহত সৃষ্টি হৈছে সমস্যা৷ এনে এক অস্থিৰ পৰিস্থিতি অব্যাহত থকাৰ সময়তে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে লোৱা সিদ্ধান্তই বিশ্ব বাণিজ্যত ভাৰসাম্যহীন এক অৱস্থাৰ সৃষ্টি কৰাৰ আশংকা আছে৷ অকল সেয়াই নহয়, আমেৰিকাত অভাৱনীয়ভাৱে বিভিন্ন নিত্য প্রয়োজনীয় সামগ্রীৰ দাম বৃদ্ধি পাব৷ গতিকে, ট্রাম্পৰ এই সিদ্ধান্তক চৰম অবিবেচকী বুলি অভিহিত কৰিছে বিশ্বৰ কেইবাগৰাকীও প্রসিদ্ধ অর্থনীতিবিদে৷