নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গাজা-ইউক্রেইনক লৈ ট্রাম্পৰ সিদ্ধান্ত

আমেৰিকাত ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰাৰ পিছত মধ্যপ্রাচ্যৰ সংকট আৰু ইউক্রেইন–ৰাছিয়া যুদ্ধই নতুন মোৰ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ক্ষমতাত আৰোহণ কৰিয়েই ট্রাম্পে ঘোষণা কৰিছে যে গাজাৰ পৰা পেলেস্তাইনী লোকসকলক স্থানান্তৰ কৰি সমগ্র অঞ্চলটো আমেৰিকাৰ জিম্মাত ল’ব৷ ট্রাম্পৰ এই ঘোষণাৰ প্রতি ইজৰাইলে সমর্থন জনাইছে যদিও আৰব বিশ্বত লগে লগে বৃদ্ধি পাইছে অসন্তুষ্টি৷ ট্রাম্পৰ এই ঘোষণাই পেলেস্তাইনৰ স্বাধীনতাৰ প্রসংগটোকেই অসাৰ কৰিছে৷ আৰব বিশ্বত পেলেস্তাইন বুলি এখন দেশৰ যি অস্তিত্ব আছিল তাক মচি পেলাব বিচাৰিছে ড’নাল্ড ট্রাম্পে৷ লগে লগে ক্ষোভৰ উদ্গীৰণ ঘটিছে ইৰানসহ বিভিন্ন দেশত৷ পূর্বৰে পৰা ইহুদী ৰাষ্ট্র ইজৰাইলৰ আগ্রাসী চৰিত্রক লৈ ক্ষোভ উজাৰি আহিছে আৰব দেশসমূহে৷ পাৰচ্য উপসাগৰীয় দেশসমূহত ইজৰাইলৰ বিৰুদ্ধে সঘনে বিক্ষোভ সংগঠিত হৈ আহিছে৷ ইয়াৰ মাজতে ট্রাম্পৰ ঘোষণাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ মধ্যপ্রাচ্যলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি অহাৰ পৰিৱর্তে ট্রাম্পৰ এনে ঘোষণাই সংঘাতক দীর্ঘস্থায়ী ৰূপ দিয়াৰ আশংকা কঢ়িয়াই আনিছে৷ ইফালে ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ ট্রাম্পে ৰুছ ৰাষ্ট্রপতি পুটিনৰ সৈতে একপক্ষীয়ভাৱে আলোচনা আৰম্ভ কৰিছে৷ ইতিমধ্যে চৌদি আৰবৰ ৰাজধানী ৰিয়াধত মার্কিন বিদেশ সচিব ৰুবি’ আৰু ৰাছিয়াৰ বিদেশ মন্ত্রী ছেৰগেই লেভৰভৰ মাজত প্রথম পর্যায়ৰ আলোচনাও হৈছে৷ অতি আশ্চর্যজনক বিষয়টো হৈছে এই আলোচনাত ইউক্রেইনক চামিল কৰা নাই ট্রাম্পে৷ নাইবা দীর্ঘদিন ধৰি ৰাছিয়াৰ সৈতে যুদ্ধ ইউক্রেইনক বিভিন্ন ধৰণে সহায় কৰি অহা নাটো সামৰিক গোষ্ঠীৰ ইউৰোপীয় সদস্য দেশসমূহকো কোনো গুৰুত্ব দিয়া নাই মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ইউক্রেইনত চলি থকা যুদ্ধৰ অৱসান ঘটাবলৈ আলোচনাত ইউক্রেইনক চামিল নকৰা বিষয়টোৱে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ অদূৰদর্শিতাকে প্রতিফলন কৰিছে৷ ইতিমধ্যে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে ইউক্রেইন অবিহনে কোনো শান্তি চুক্তি সম্ভৱ নহয় বুলি ঘোষণা কৰিছে৷ আলোচনাত ইউক্রেইনৰ অংশগ্রহণ অবিহনে কোনোধৰণৰ যুদ্ধবিৰতিক মানি লোৱা নহ’ব বুলিও ৰাষ্ট্রপতিগৰাকীয়ে হুংকাৰ দিছে৷ ট্রাম্পে জেলেনস্কিৰ দৃষ্টিভংগীক উপলব্ধি কৰাৰ পৰিৱর্তে জেলেনস্কিক এগৰাকী ‘একনায়ক’ আখ্যা দিছে৷ ইয়াৰ মাজতে ইউৰোপীয় দেশসমূহেও ট্রাম্পৰ এনে একপক্ষীয় সিদ্ধান্তৰ প্রতিবাদ জনাই ইউক্রেইনক সুৰক্ষিত কৰাৰ বাবে সংকল্প গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে ট্রাম্পৰ আঁকোৰগোজ স্থিতিৰ বাবেই নাটো বাহিনীক ভাঙোনৰ আশংকাই দেখা দিছে৷ নাটোৰ ইউৰোপীয় সদস্যদেশসমূহে ইতিমধ্যে ইউক্রেইনৰ সুৰক্ষাৰ বাবে প্রয়োজন হ’লে দেশখনলৈ সেনা প্রেৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷

সম্প্রতি পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে ৰাছিয়াৰ সৈতে যদি ট্রাম্পে মিত্রতা স্থাপন কৰি যুদ্ধৰ অৱসান ঘটায়, তেন্তে নাটোৰ ইউৰোপীয় সদস্যদেশসমূহে এখন পূর্ণাংগ যুদ্ধ আৰম্ভ কৰিব পাৰে ৰাছিয়াৰ বিৰুদ্ধে৷ ইতিমধ্যে এই হুংকাৰ দি ৰোমানিয়াত নাটো সদস্য নখন দেশৰ দহ সহস্রাধিক সৈনিকৰ যুদ্ধ অনুশীলন আৰম্ভ কৰা হৈছে৷ এই অনুশীলনত পূব ইউৰোপৰ অতি গুৰুত্বপূর্ণ অৱস্থানত থকা দেশ বুলগেৰিয়াকো চামিল কৰা হৈছে৷ লক্ষণীয়ভাৱে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্রণ আৰু ব্রিটিছ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰে ট্রাম্পৰ একপক্ষীয় কোনো সিদ্ধান্ত ইউক্রেইন প্রসংগত মানি লোৱা নহ’ব বুলি ঘোষণা কৰিছে৷ আমেৰিকাই ইউক্রেইনক লৈ যি অৱস্থানেই গ্রহণ নকৰক কিয়, ইউক্রেইনক ৰাছিয়াৰ বিৰুদ্ধে প্রত্যাক্রমণ তীব্রতৰ কৰাৰ বাবে ইউৰোপীয় দেশসমূহে সহায় কৰি যাব বুলি দুয়োগৰাকী নেতাই ঘোষণা কৰিছে৷ ইতিমধ্যে ইউক্রেইন প্রসংগত স্পষ্ট হৈ পৰিছে নাটোত আমেৰিকা আৰু ইউৰোপৰ মতানৈক্য৷ একেই ছবি দেখিবলৈ পোৱা গৈছে মধ্যপ্রাচ্যত৷ অর্থাৎ ট্রাম্পে হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰাৰ পিছতে বিশ্বৰ দুটা প্রান্তত পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছে৷ মধ্যপ্রাচ্য আৰু ইউক্রেইনৰ পৰিস্থিতি শান্ত কৰিবলৈ হ’লে সকলো পক্ষৰ স’তে আলোচনাত বহাৰ গত্যন্তৰ নাই৷ পৰাক্রমী দেশৰ শীর্ষ নেতা বুলিয়েই ট্রাম্পে যদি এনে স্পর্শকাতৰ আন্তর্জাতিক বিষয়সমূহত একপক্ষীয় সিদ্ধান্ত গ্রহণ কৰে তেন্তে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে৷ অকল সেয়াই নহয়, ট্রাম্পৰ এনে সিদ্ধান্তৰ ফলত মধ্যপ্রাচ্য আৰু ইউক্রেইন দীর্ঘদিনলৈ যুদ্ধৰ জুইত জ্বলিব পাৰে৷ গতিকে মার্কিন ৰাষ্ট্রপতিগৰাকীক নিজৰ অৱস্থানৰ পৰা আঁতৰি আহিবলৈ আন্তর্জাতিক সংস্থাসমূহে আহ্বান জনোৱা উচিত৷

You might also like