নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিশ্বজুৰি অসহনীয় তাপমাত্রা

দেশৰ বিভিন্ন প্রান্তত মৌচুমীৰ প্রভাৱত বৃষ্টিপাত আৰম্ভ হৈছে যদিও ভয়াৱহ তাপদহনত জ্বলি আছে বেছিভাগ অঞ্চল৷ উত্তৰ–পশ্চিম ভাৰতৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতলৈ এইবাৰ তাপদহনে সৃষ্টি কৰিছে অভিলেখ৷ দেশৰ ৰাজধানী দিল্লীত এইবাৰ পাৰাস্তম্ভই ৫২ ডিগ্রী চেলছিয়াছ অতিক্রম কৰি উষ্ণতাৰ নতুন অভিলেখ গঢ়িছে৷ সেইদৰে উত্তৰ–পূব ভাৰততো তাপদহনৰ মাত্রা বৃদ্ধি পাইছে৷ অসমসহ বিভিন্ন ৰাজ্যত এইবাৰ উষ্ণতা ৪০ ডিগ্রীৰ ঊর্ধ্বলৈ উঠিছে৷ এয়া নিঃসন্দেহে গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি জলবায়ু পৰিৱর্তনৰ প্রভাৱতেই তাপমাত্রাই অস্বাভাৱিক ৰূপ ধাৰণ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে চলিত বর্ষৰ এপ্রিল মাহত ভাৰতত তাপপ্রৱাহ পূর্বৰ তুলনাত ৪৫ গুণ বৃদ্ধি পায়৷ জলবায়ু পৰিৱর্তনৰ ফলত বিশ্বজুৰি তাপমাত্রা বৃদ্ধি পাইছে ১.২ ডিগ্রীৰ পৰা ২ ডিগ্রী চেলছিয়াছলৈ৷ ৱর্ল্ড ৱেডাৰ এট্রিবিউচনৰ প্রতিবেদন অনুসৰি এই তাপদহনে মানৱ জাতিৰ বাবে ভয়াৱহ পৰিস্থিতি কঢ়িয়াই আনিছে৷ আনকি প্রাণঘাতী তাপপ্রৱাহৰ চিকাৰ হৈছে বহু মানুহ৷ হর্ন অৱ আফ্রিকাখ্যাত ছোমালিয়া, ইথি’পিয়া আদি দেশত ভয়ংকৰ তাপদহনৰ ফলত অৰণ্য অঞ্চল পুৰি ছাই হৈছে৷ নিধন হৈছে লাখ লাখ বন্য পশু তথা পক্ষী৷ অকল সেয়াই নহয়, দীর্ঘদিন ধৰি চলি থকা খৰাং পৰিস্থিতিয়েও আফ্রিকাৰ বিস্তীর্ণ অঞ্চলত মৰুভূমিৰ আশংকা বৃদ্ধি কৰিছে৷ ছাহাৰাৰ উপকণ্ঠীয় অঞ্চলত মৰুভূমিৰ পৰিসীমা পূর্বৰ তুলনাত দুগুণ হাৰত বৃদ্ধি পাবলৈ লৈছে৷ চলিত বর্ষত মালয়েছিয়া, ব্রিটেইন, ছুইডেন, নেদাৰলেণ্ডছ আদিত কেইবাজনো বিজ্ঞানীয়ে গৱেষণা চলাই এটা সিদ্ধান্তলৈ আহিছে যে উদ্যোগ বিপ্লৱৰ পূর্বৱর্তী সময়ৰ তুলনাত বর্তমান তাপমাত্রা পৃথিৱীজুৰি বৃদ্ধি পাইছে ১ ডিগ্রী চেলছিয়াছতকৈ অধিক হাৰত৷ এই নতুন প্রতিবেদনত এছিয়াৰ বিভিন্ন অঞ্চল বিশ্লেষণৰ বাবে পৃথক মাপকাঠী নির্ধাৰণ কৰিছিল বিজ্ঞানীৰ দলটোৱে৷ পশ্চিম এছিয়াৰ য়েমেন, ছিৰিয়া, লেবানন, জর্ডান, পেলেষ্টাইন আদিত মার্চ–এপ্রিল মাহত পূর্বৰ বর্ষটোৰ তুলনাত তাপমাত্রা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ভাৰত, ম্যানমাৰ, লাওছসহ দক্ষিণ তথা দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ তাপমাত্রা বৃদ্ধিৰ ওপৰতো বিজ্ঞানীসকলে পর্যালোচনা চলাইছে৷ দেখা গৈছে যে গড় সর্বোচ্চ তাপমাত্রা বৃদ্ধি পাইছে ১ ডিগ্রী৷
ভাৰতত জলবায়ু পৰিৱর্তনৰ ভয়াৱহ প্রভাৱৰ ইংগিত পোৱা গৈছে৷ দেশখনত তাপমাত্রা বৃদ্ধি পাইছে ০.৮৫ ডিগ্রী চেলছিয়াছ৷ তাপপ্রৱাহৰ আশংকা বৃদ্ধি পাইছে ৪৫ গুণ৷ ভৱিষ্যতে পশ্চিম এছিয়াৰ তাপমাত্রা আৰু বৃদ্ধি পাব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে৷ ২০৪০ বা ২০৫০ চনত ভাৰতসহ বিভিন্ন দেশৰ তাপমাত্রা বৃদ্ধিৰ হাৰ হ’ব ২ ডিগ্রী চেলছিয়াছ৷ এই ভয়াৱহ তাপদহনৰ সময়ত ভাৰতত ইতিমধ্যে শতাধিক লোকে প্রাণ হেৰুওৱা বুলি নিশ্চিত কৰিছে হাস্পতালৰ সূত্রই৷ অৱশ্যে তাপদহনৰ লগতে আনুষংগিক কিছু কাৰণতো বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে এই সময়ছোৱাত৷ প্রত্যক্ষভাৱে এয়া তাপদহনৰ প্রভাৱ বুলি গণ্য কৰা নাই চিকিৎসা বিজ্ঞানীসকলে৷ কাৰণ পূর্বৰে পৰা বিভিন্ন ৰোগত আক্রান্ত লোক এই তাপপ্রৱাহৰ সময়ত অধিক অসুস্থ হৈ মৃত্যুৰ সন্মুখীন হৈছে৷ ভাৰতৰ কেইবাখনো চহৰত এইবাৰ তাপপ্রৱাহে ৫০ ডিগ্রী চেলছিয়াছ স্পর্শ কৰাৰ পিছতে বহু বিজ্ঞানীয়ে এই বিষয়টোত গুৰুত্ব প্রদান কৰাৰ আহ্বান জনাইছে৷ অত্যধিক তাপপ্রৱাহে বিভিন্ন প্রজাতিৰ প্রাণীক সম্পূর্ণৰূপে বিলুপ্ত কৰি দিব পাৰে বুলি আশংকা কৰিছে কেইবাগৰাকী বিজ্ঞানীয়ে৷ গ্রান্থা ইনষ্টিটিউটৰ গৱেষক মৰিয়ম জাকাৰিয়াই উল্লেখ কৰিছে যে বিশ্বজুৰি যদি অবিলম্বে তাপ নিঃসৰণৰ হাৰ নিয়ন্ত্রণ কৰা নহয়, তেন্তে ই সকলো প্রাণীৰ বাবে ঘাতক স্বৰূপ হৈ পৰিব৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত সংঘর্ষজর্জৰ তথা যুদ্ধবিধ্বস্ত অঞ্চলসমূহৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷ যুদ্ধবিধ্বস্ত গাজাত ১৭ লাখ জীৱন দুর্বিসহ হৈ পৰিছে৷ যুদ্ধই সর্বস্বান্ত কৰা এই লোকসকলে এতিয়া তাপদহনৰ বাবে বিভিন্ন ৰোগক আঁকোৱালি ল’বলগীয়া হৈছে৷ ইয়াৰ মাজতো কিন্তু চলি আছে পাশৱিক যুদ্ধ৷ স্মর্তব্য যে বিভিন্ন মহাসাগৰীয় পৰিঘটনায়ো এইবাৰ তাপদহনত অৰিহণা যোগাইছে৷ বিশেষকৈ লেটিন আমেৰিকাৰ পৰা প্রশান্ত মহাসাগৰত আৰম্ভ হোৱা উষ্ণ জলস্রোত এল নিনোৰ প্রভাৱতো এইবাৰ পৃথিৱীৰ বিভিন্ন দেশত তাপপ্রৱাহৰ মাত্রা বৃদ্ধি পাইছে৷ এনে পৰিঘটনা তথা কাৰকবোৰ সন্দর্ভত সজাগ হৈ ইয়াৰ মোকাবিলা কৰাৰ বাবে সকলো দেশে পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷

You might also like