নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিশ্ববিদ্যালয়ৰ কেলেংকাৰি

উচ্চ শিক্ষা আৰু প্রজ্ঞাৰ পোহৰেৰে বিগত সাত দশকৰো অধিক ৰাজ্যৰ লুইতৰ দুয়োপাৰ জিলিকাই তোলা গুৱাহাটী বিশ্ববিদ্যালয়ত শেহতীয়াকৈ সংঘটিত পৰীক্ষার্থীৰ নম্বৰ কেলেংকাৰিয়ে প্রতিজন বিবেকৱান লোক চিন্তিত হৈছে৷ দেশৰ স্বাধীনতাৰ পূর্বে উচ্চ শিক্ষাৰ পোহৰ বিলাবলৈ যিসমূহ শিক্ষানুষ্ঠান স্থাপন হৈছিল সেইসমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান উচ্চস্তৰত আছে৷ নির্ধাৰিত সময়ত পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণাৰ ক্ষেত্রত বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে অভিযোগ থাকিলেও শিক্ষাৰ মানক লৈ কোনো প্রশ্ণ উত্থাপিত হোৱা নাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রাণকেন্দ্র বিশ্ববিদ্যালয়খনক লৈ ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলৰ অপাৰ প্রত্যাশা আছে৷ ৰাজ্যখনত এখন এখনকৈ কুৰিখনৰ অধিক চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয় স্থাপন হৈছে যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ মর্যাদা বহু ওপৰত৷ এনটিএৰ অধীনত অনুষ্ঠিত নীটৰ কেলেংকাৰিয়ে দেশজুৰি সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ ক’লা অধ্যায় উন্মোচিত হৈছে৷ গুৱাহাটীত বিশ্ববিদ্যালয়ৰ অধীনত আছে ৰাজ্যখনৰ ৩৩০খন স্নাতক মহাবিদ্যালয়ৰ উপৰি কেইবাখনো আইন আৰু অন্যান্য পাঠ্যক্রমৰ মহাবিদ্যালয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে প্রতি বছৰে জড়িত হৈ আছে প্রায় আঠ লাখ ছাত্র–ছাত্রী৷ এখন বিশ্ববিদ্যালয়ৰ সুখ্যাতি নিৰূপণৰ সাফল্য ঘাইকৈ গুণগত শিক্ষাৰ ওপৰত নির্ভৰ কৰিলেও সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা আৰু নির্ধাৰিত সময়ত শুদ্ধ ৰূপত পৰীক্ষাৰ ফলাফল নিৰূপণ কৰাটো অতি জৰুৰী৷ প্রায় ২–৩ দশকৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বিশেষ উন্নয়ন সকলোৰে চকুত পৰিছে৷ নতুন নতুন ভৱন নির্মাণ হৈছে, অত্যাধুনিক শ্রেণীকোঠা, নতুন পাঠ্যক্রম আদিও হৈছে৷ কিন্তু বিশ্ববিদ্যালয়খনৰ পৰীক্ষা আৰু ফলাফল ঘোষণা বিশ্ববিদ্যালয়খনে নির্ধাৰিত সময়ত নিয়াৰিকৈ সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত, সর্বাধিক ক্ষতিগ্রস্ত হৈছে বিশ্ববিদ্যালয়খনৰ ছাত্র–ছাত্রীসকল৷ দেশৰ উচ্চ শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে বিগত সময়ছোৱাত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ সাফল্য উচ্চ শিক্ষাখণ্ডত প্রতিফলিত হৈছে৷ বিশেষকৈ শিক্ষকসকলৰ উপস্থিতি আৰু পাঠদান প্রক্রিয়াত ইয়াৰ ইতিবাচক প্রভাৱ দেখিবলৈ পোৱা গৈছে৷
পৰীক্ষা আৰু ফলাফল ব্যৱস্থাত সংস্কাৰৰ লক্ষ্যৰে ইউজিচিয়ে ইণ্টিগ্রেটেড ইউনিভার্ছিটী মেনেজমেণ্ট ছিষ্টেম (আইইউএমএছ) ব্যৱস্থাৰ অধীনত ছাত্র–ছাত্রীৰ পৰীক্ষাৰ মার্কশ্বীট অনলাইনযোগে লাভ কৰাৰ সুযোগ দিছে৷ এয়া নিশ্চিতভাৱে এক আশাপ্রদ পদক্ষেপ৷ ইউজিচিৰ এনে ব্যৱস্থাৰ অধীনত বিশ্ববিদ্যালয়ৰ পৰীক্ষার্থীসকলে লাভ কৰা নম্বৰ অনলাইনত উপলব্ধ কৰাৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ে অর্পণ কৰিছিল ‘এক্সপেণ্ডিচাৰ–ই–ছল্য্’ নামৰ বিহাৰৰ এটা ব্যক্তিগত প্রতিষ্ঠানক৷ এই ব্যক্তিগত প্রতিষ্ঠানটোৱে ধনৰ বিনিময়ত পৰীক্ষার্থীৰ নম্বৰ বৃদ্ধি কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বৰপেটা জিলাৰ দুখন মহাবিদ্যালয়ৰ শিক্ষার্থীয়ে এইদৰে অন্যায়ৰ সুবিধা আদায় কৰাৰ তথ্য জিলাখনৰ আৰক্ষী আৰু চিআইডিৰ তদন্তত পোহৰলৈ আহিছে৷ উল্লেখ্য যে বৰপেটাৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ আজিজুৰ হক নামৰ গণিত বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্র এজনৰ মার্কশ্বীটত জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে মহাবিদ্যালয় কর্তৃপক্ষই স্থানীয় থানাত গোচৰ তৰিছিল৷ এই গোচৰটোৰ তদন্তৰ ক্ষেত্রত স্থানীয় আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ এনে ভয়ংকৰ অভিযোগ লাভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র ঘটনাটো ভালদৰে তদন্ত কৰিবলৈ বৰপেটা আৰক্ষী আৰু চিআইডিক দায়িত্ব অর্পণ কৰে৷ আৰক্ষীৰ এই যুটীয়া তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মার্কশ্বীট কেলেংকাৰিৰ সৈতে জড়িত ৯জনক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত উক্ত কেলেংকাৰিৰ মুখ্য অভিযুক্ত তথা ‘এক্সপেণ্ডিচাৰ–ই–ছল্য্’ৰ কর্মচাৰী কৃষ্ণানন কৃষ্ণমূর্তিৰ উপৰি ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতো, বৰপেটা জিলাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, আলোমগীৰ খান, মইনুল হক, আবুল বাছেৰ, লাংলা মহাবিদ্যালয়ৰ গ্রন্থগাৰিক আমিনুল ইছলাম, নগাঁৱৰ কচুৱাৰ হামেজউদ্দিন আৰু দৰঙৰ দলগাঁৱৰ পৰা জাভেদ আখতাৰ নামৰ এজন অধিবক্তাক গ্রেপ্তাৰ কৰা হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষার্থীক ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰা ঘটনাত বিহাৰৰ ব্যক্তিগত প্রতিষ্ঠানটোৰ কর্মচাৰীয়েই নহয়, ৰাজ্যখনৰ একাংশ মহাবিদ্যালয়ৰ কর্মচাৰীকে ধৰি এটা বৃহৎ চক্র জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে৷ এই ঘটনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়া–কর্মচাৰী জড়িত নাই বুলি এতিয়াও ক’ব নোৱাৰি৷ চিআইডিৰ তদন্ত সঠিক দিশত অগ্রসৰ হ’লে পৰৱর্তী সময়ত চক্রটোত কোন জড়িত সেয়া স্পষ্ট হ’ব৷ কিন্তু অনলাইনত পৰীক্ষাৰ নম্বৰ প্রদানৰ দায়িত্ব লাভ কৰা বিহাৰৰ ব্যক্তিগত প্রতিষ্ঠানটোৰ প্রতি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ যে অহেতুক দৰদ আছে সেয়া স্পষ্ট৷ কেলেংকাৰিত অভিযুক্ত ‘এক্সপেণ্ডিচাৰ–ই–ছল্য্’ৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ হৈছিল ২০১৭ চনত৷ নিয়ম অনুসৰি, অভিযুক্ত প্রতিষ্ঠানটোৰ সৈতে চুক্তিৰ ম্যাদ ২০২২তে শেষ হৈছে৷ ইয়াৰ পিছত বিভাগীয় নিয়ম অনুসৰি নতুন প্রতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ অথবা অভিযুক্ত প্রতিষ্ঠানটোৰ ম্যাদ বৃদ্ধিৰ কোনো চুক্তি স্বাক্ষৰ কৰা নাই বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ পৰীক্ষার্থীৰ ভৱিষ্যতৰ সৈতে জড়িত এটি গুৰুতৰ বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই কিয় এইদৰে ব্যক্তিগত প্রতিষ্ঠানটোক নীতিবহির্ভূূতভাৱে কাম–কাজ চলোৱাৰ সুবিধা দিছিল তাক লৈ প্রশ্ন উত্থাপিত হ’বই৷ ধনৰ বিনিময়ত নম্বৰ দিয়াৰ ভয়ানক পন্থাত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ কোনো লোক জড়িত থকাৰ সন্দেহ এতিয়া অধিক ঘণীভূত হৈছে৷ এইক্ষেত্রত স্বচ্ছ আৰু নিকা তদন্তৰ জৰিয়তেহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক’লা অধ্যায়ৰ উপশমৰ পন্থা ওলাব৷

You might also like