সম্পাদকীয় : নাৰীৰ আত্মৰক্ষা
মানৱতাক ভূলুণ্ঠিত কৰা কলকাতাৰ আৰ জি কৰ হাস্পতালৰ চিকিৎসকক ধর্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ পিছত মহিলাসকলৰ নিৰাপত্তাৰ বিষয়টো পুনৰ দেশজুৰি উদ্বিগ্ণতাৰ কাৰণ হিচাপে দেখা দিছে৷ এই অমানৱীয় কাণ্ডই সমগ্র দেশত আলোড়ন সৃষ্টি কৰি থকাৰ সময়তে অসমৰ ধিঙত এগৰাকী ছাত্রীক বলাৎকাৰ কৰা ঘটনাই আমাৰ ৰাজ্যখনতো জোকাৰণিৰ সৃষ্টি কৰিছে৷ এই ঘটনাৰ পিছতে সমগ্র অসম একপ্রকাৰ অশান্ত হৈ পৰিছে৷ এনে নৃশংস কার্য বন্ধ কৰাৰ বাবে চৰকাৰ তথা প্রশাসনে বিভিন্ন ধৰণে চেষ্টা কৰিলেও সেয়া সম্ভৱপৰ হৈ উঠা নাই৷ আনকি এনে ঘটনাত অভিযুক্ত বহু অপৰাধীয়ে আৰক্ষীৰ গুলীত প্রাণ হেৰুৱালেও অপৰাধ অলপো হ্রাস পোৱা নাই৷ আনকি দেশজুৰি প্রতিবাদ হোৱাৰ পিছতো কলকাতাৰ আৰ জি কৰ আৰু ধিং কাণ্ডৰ সমান্তৰালভাৱে অসংখ্য ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ এগৰাকী তৃণমূল সাংসদে সদৰী কৰা অনুসৰি আৰ জি কৰ কাণ্ডৰ পিছতে সমগ্র দেশত প্রায় ৯০০ এনে নাৰকীয় ঘটনা ঘটিছে৷ গতিকে কেৱল এনকাউণ্টাৰ অথবা দৃষ্টান্তমূলক শাস্তিয়ে এই ঘটনাবোৰ নাইকিয়া কৰিব নোৱাৰে অথবা এনে সমস্যাৰ সমাধানৰ পথ নহয়৷ কাৰণ ধর্ষণৰ দৰে ঘটনাত অভিযুক্ত অপৰাধীসকলৰ বাবে ৰাজপথৰ প্রতিবাদ অথবা এনকাউণ্টাৰ আদিৰ দৰে কার্য হয়তো অজ্ঞাত হৈ ৰয়৷ সেইবাবে নাৰী নির্যাতন, ধর্ষণ তথা ইভটিজিং আদিৰ দৰে ঘটনাসমূহ ৰোধৰ বাবে গ্রহণ কৰিবলগীয়া মূল বিষয়টো হ’ল আত্মৰক্ষাৰ প্রশিক্ষণ৷ স্কুলীয়া দিনতে ল’ৰা–ছোৱালীক বিশেষকৈ ছাত্রীসকলক আত্মৰক্ষাৰ প্রশিক্ষণ দিয়া প্রয়োজন৷ যিকোনো পৰিৱেশ–পৰিস্থিতিত আহিব পৰা সম্ভাব্য বিপদৰ পৰা নিজক ৰক্ষা কৰাৰ কৌশল আহৰণ কৰিব পাৰিলে মহিলাসকলে বহু পৰিমাণে সুৰক্ষা অনুভৱ কৰে৷ ইয়াৰ বাবে মহিলাসকল চৌপাশৰ পৰিৱেশ সম্পর্কে সদায় সচেতন হৈ থাকিব লাগে৷ সাধাৰণতে দেখা যায় সমাজত সংঘটিত যিকোনো ঘটনাত আটাইতকৈ বেছি চিকাৰ হয় নাৰী–শিশুসকল৷ এতিয়ালৈ বিশ্বৰ যিকোনো প্রান্তত সংঘটিত ঘটনাসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যুদ্ধ–বিগ্রহ তথা অন্য যিকোনো ঘটনাৰ সময়ত ক্ষতিগ্রস্ত হৈছে কেৱল নাৰীসকল৷ আনকি ঘৰুৱা হিংসাৰো বলি হয় এইসকল নাৰী৷ মহিলাসকলে দৈনন্দিন জীৱনৰো প্রতিটো মুহূর্ত এক ভীতিগ্রস্ততাৰ মাজেৰে সময় অতিবাহিত কৰে৷ প্রতিদিনে নিজৰ কর্মস্থলী, স্কুল, ক্লাব, মল আনকি নিজৰ বাহনেৰে যাত্রা কৰিলেও তেওঁলোকে এক অনামী, অনিশ্চয়তাৰ মাজেৰে যাবলগীয়া হয়৷ কর্মৰত মহিলাসকলে নিজৰ প্রতিষ্ঠানতে যৌন নির্যাতনৰ বলি হোৱাৰ বিষয়ে সংবাদ–পত্রত পঢ়িবলৈ পোৱা যায়৷ এইক্ষেত্রত চৰকাৰ, প্রশাসন, আনকি সহকর্মীসকলৰ পৰাও তেওঁলোক সুৰক্ষিত নহয়৷ সেইবাবে মহিলাসকলে আত্মৰক্ষাৰ জৰিয়তে নিজৰ আত্মবিশ্বাস সুদৃঢ় কৰিব লাগিব৷ এনে আত্মবিশ্বাসে তেওঁলোকৰ জীৱন স্বাচ্ছন্দ্যময় কৰি তুলিব পাৰে৷
বহু সন্তানক পিতৃ–মাতৃয়ে সৰুৰে পৰা বিভিন্ন সমৰকলাৰ প্রশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ অনুশীলন কৰায়৷ এতিয়া এনে প্রশিক্ষণৰ প্রতিগৰাকী কন্যা সন্তানৰ বাবে বাধ্যতামূলক কৰিব লাগিব৷ আত্মৰক্ষাৰ প্রশিক্ষণে নাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু কঠিন পৰিস্থিতিত নিৰাপত্তা প্রদান কৰে৷ আত্মৰক্ষাৰ প্রশিক্ষণে যে বিভিন্ন প্রকাৰে প্রতিগৰাকী ব্যক্তিক সহায় কৰে, বিশেষকৈ নাৰীসকলৰ বাবে যে সেয়া অতিশয় অপৰিহার্য সেই কথা সকলোৱে উপলব্ধি কৰা উচিত৷ আত্মৰক্ষাৰ প্রশিক্ষণে মহিলাসকলক কেৱল শাৰীৰিকভাৱে আত্মবিশ্বাসী কৰি তোলাই নহয়, জীৱনৰ প্রতিটো ক্ষেত্রতে নিজক ৰক্ষা কৰাৰ বাবে আগ্রহী কৰি তুলিব৷ মহিলাই কর্মক্ষেত্রত, শ্রেণীকোঠাত আৰু বিভিন্ন স্থানত পুৰুষৰ পৰা কিছুমান নক’ব বা নুশুনিবলগীয়া মন্তব্যৰ সন্মুখীন হয়৷ আত্মৰক্ষাৰ প্রশিক্ষণে এনে পৰিস্থিতিত প্রত্যুত্তৰ দিবলৈ সাহস যোগায়৷ এগৰাকী ছাত্রীয়ে আত্মৰক্ষাৰ প্রশিক্ষণ গ্রহণ কৰাৰ আটাইতকৈ সুবিধাজনক দিশটো হ’ল এই যে তেওঁলোকে শাৰীৰিকভাৱে নিজকে ৰক্ষা কৰিবলৈ শিকে৷ এবাৰ নিজকে ৰক্ষা কৰাৰ বাবে কৌশলসমূহ শিকি পেলালে সমগ্র জীৱনৰ বাবে সেয়া লাগতিয়াল অংগ হৈ পৰে৷ তদুপৰি আত্মৰক্ষা মানে সাধাৰণতে প্রাথমিকভাৱে নিজৰ নিৰাপত্তা বুলি ভবা হয় যদিও প্রকৃততে এই কৌশলসমূহে তেওঁলোকৰ স্বাস্থ্য আৰু আত্মবিশ্বাসো বৃদ্ধি কৰে৷ শিক্ষানুষ্ঠানসমূহত শাৰীৰিক নির্দেশক নিযুক্তি দিয়া হৈছে যদিও বর্তমান সময়ত এইসকল শিক্ষকক ক্রীড়াৰ অনুশীলন প্রদানৰ পৰিৱর্তে শিক্ষাদানতহে নিয়োজিত কৰা হয়৷ ছাত্র–ছাত্রীসকলক ক্রীড়া প্রশিক্ষণ প্রদান কৰিলে তেওঁলোক শাৰীৰিকভাৱে শক্তিশালী হয় আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈ উঠে৷ এনে মহান উদ্দেশ্য আগত ৰাখিয়ে বিদ্যালয়সমূহত শাৰীৰিক নির্দেশক নিযুক্তি দিয়া হৈছে৷ দেখা গৈছে এগৰাকী খেলুৱৈৰ ওপৰত নির্যাতন চলোৱা সিমান সহজ নহয়৷ ইয়াৰ বিপৰীতে খেলা–ধূলা নকৰা এগৰাকী ছাত্রীক সহজে আক্রমণ কৰাৰ সুবিধা থাকে৷ এগৰাকী দৌৰবিদ বা এথলীটে প্রতিকূল পৰিস্থিতিৰ বাবে শীঘ্রে দৌৰি আঁতৰি যাব পাৰে৷ সেই বাবে প্রতিগৰাকী স্কুলীয়া ছাত্র–ছাত্রীক শাৰীৰিক প্রশিক্ষণ, সমৰকলাৰ প্রশিক্ষণ আৰু ক্রীড়াৰ প্রশিক্ষণ প্রদান কৰা অপৰিহার্য৷ ইয়াৰ বাবে চৰকাৰে কার্যকৰী ব্যৱস্থা গ্রহণ কৰা উচিত৷ অৱশ্যে এটা কথা স্বীকাৰ কৰিবই লাগিব যে মানুহৰ মানসিকতাৰ উন্নতি নহ’লে কোনো ব্যৱস্থাই হত্যা, ধর্ষণ আদিৰ দৰে ঘটনাসমূহৰ বিলোপ সাধন কৰিব নোৱাৰে৷