সম্পাদকীয় : বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত চৰাইদেউ মৈদামে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে৷ এয়া অসমৰ বাবে নহয়, দেশবাসীৰ বাবেও গৌৰৱৰ বিষয়৷ চৰাইদেউ মৈদামৰ স’তে নিহিত হৈ আছে অসমীয়াৰ ইতিহাসৰ ৰাজহাড়৷ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি ছশ বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম সাক্ষী চৰাইদেউ মৈদামক ২৬ জুলাইত ইউনেস্ক’ই বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি প্রদান কৰাৰ লগে লগে চৌদিশে উছাহ সৃষ্টি হৈছে৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষ বিশাল ভি শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ অধিৱেশনত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অধিসূচনা জাৰি কৰা হৈছে৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি অর্জন কৰাটো ইমান সহজসাধ্য নহয়৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰিবলৈ হ’লে এক দীঘলীয়া প্রক্রিয়া আছে৷ বিশ্বত অসংখ্য ইতিহাসপ্রসিদ্ধ স্থান আৰু সাংস্কৃতিক ক্ষেত্র আছে যদিও এই স্থানসমূহৰ অধিকাংশই এনে স্বীকৃতি লাভ কৰা নাই৷ বিশ্বৰ ১৬৮খন দেশৰ ১,১৯৯টা সম্পদ অথবা ঐতিহাসিক–সাংস্কৃতিক্ ক্ষেত্রক ইউনেস্ক’ৱে বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি প্রদান কৰিছে৷ অসমকে ধৰি সমগ্র দেশত বহুসংখ্যক ঐতিহাসিক ক্ষেত্রই আজিও এনে স্বীকৃতি লাভ কৰা নাই৷ ভাৰতবর্ষত এতিয়ালৈ বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি লাভ কৰিছে ৪৩টা ক্ষেত্রইহে৷ চৰাইদেউ মৈদাম ক্ষেত্রৰ পূর্বে অসমৰ কাজিৰঙা আৰু মানাহ অভয়াৰণ্যই বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰিছিল৷ চৰাইদেউ মৈদামে দেশৰ সাংস্কৃতিক ক্ষেত্রৰূপে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত প্রথমবাৰৰ বাবে এনে বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব ঐতিহ্য সমিতিৰ আনুষ্ঠানিক ঘোষণাৰ পিছতেই কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি প্রদানক ঐতিহাসিক সিদ্ধান্তৰূপে ঘোষণা কৰিছে৷ চৰাইদেউ মৈদামক অসমৰ পিৰামিড ৰূপে অভিহিত কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে চৰাইদেউৰ ঐতিহ্যপূর্ণ অঞ্চলটোক পর্যটনৰ অন্যতম ক্ষেত্রৰূপে গঢ়ি তোলাৰ প্রতিশ্রুতি দিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়াৰ ঐতিহাসিক বীৰগাথাৰ স’তে সংযুক্ত হৈ আছে চৰাইদেউৰ মৈদাম৷ এই চৰাইদেউ মৈদামতে আহোম ৰাজত্বকালৰ ৰজা, ৰাজপৰিয়ালৰ সদস্য আৰু বীৰসকলৰ সমাধিস্থ কৰা হৈছে৷ চৰাইদেউ মৈদামত ইটা, শিল, মাটি আদিৰে নির্মাণ কৰা প্রায় ১০০টা মৈদাম এতিয়াও আছে৷
ছশ বছৰীয়া আহোম ৰাজত্বকালৰ জীৱন্ত চানেকি চৰাইদেউ মৈদামত বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি প্রদানৰ বাবে বিগত প্রায় ১০ বছৰ ধৰি চেষ্টা চলোৱা হৈছিল৷ ২০১৪ চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ সম্ভাৱ্য তালিকাত স্থান লাভ কৰিছিল যদিও আনুষ্ঠানিক স্বীকৃতি লাভ কৰিবলৈ অন্য এখন সংগ্রাম কৰিব লগা হৈছিল ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে৷ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি প্রদানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত তিনি বছৰত গ্রহণ কৰিছিল বিশেষ পদক্ষেপ৷ বিশ্ব ঐতিহ্যক্ষেত্রৰ আনুষ্ঠানিক স্বীকৃতিৰ বাবে চৰাইদেউ মৈদামৰ প্রয়োজনীয় ড’ছিয়াৰখন প্রস্তুত কৰি ইউনেস্ক’ৰ ওচৰত দাখিল কৰা হৈছিল তিনি বছৰ পূর্বে৷ ইয়াৰ লগে লগে চৰাইদেউ মৈদামৰ অনুমোদিত ৯৫.০২ হেক্টৰ আৰু বাফাৰ জ’নৰ ৭৫৪.৫১১ হেক্টৰ ভূমিত মৈদামৰ ঐতিহাসিক সমল উদ্ধাৰ আৰু ইয়াৰ আন্তঃগাঁথনিত অধিক গুৰুত্ব আৰোপ কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ চৰাইদেউ মৈদামৰ এনে বিৰল স্বীকৃতিৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে আনকি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সহায় বিচাৰিছিল৷ এইক্ষেত্রত প্রধানমন্ত্রী মোদীৰ ভূমিকাও আছিল অতিকৈ ইতিবাচক৷ চৰাইদেউ মৈদামৰ ঐতিহাসিক ক্ষেত্রখনক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিলৈ দেশৰ মাথোঁ একমাত্র চৰাইদেউ মৈদামৰ প্রস্তাৱটোহে প্রেৰণ কৰিছিল৷ ফলত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰি অসমৰ গৌৰৱোজ্জ্বল ইতিহাসক পুনৰ প্রতিষ্ঠা কৰিলে৷ অসমৰ ভাষা–সাহিত্য, সংস্কৃতিয়েই নহয়, এই অঞ্চলটোৰ জনগণৰ সংগ্রামৰ এক বিশেষ ইতিহাস আছে৷ দেশৰ বহু ৰাজ্যৰ তুলনাত অঞ্চলটোৰ ঐতিহাসিক ভেটি বহু শক্তিশালী৷ অসমৰ খিলঞ্জীয়া লোকসকলে কিদৰে বহিঃশক্তিৰ বিৰুদ্ধে যুঁজ দি আত্মনিয়ন্ত্রণৰ অধিকাৰ প্রতিষ্ঠা কৰিছে সেয়া অঞ্চলটোৰ ইতিহাসে প্রমাণ কৰে৷ ১৭শ শতিকাত লাচিত বৰফুকনে কিদৰে শৰাইঘাট ৰণত মোগলক পৰাজিত কৰিছিল সেয়া পুনৰ জীপাল হৈ উঠিছে মুখ্যমন্ত্রী ড০ শর্মাৰ কার্যকালত৷ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত অনুষ্ঠিত কৰি বীৰজনক ৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ পিছত যোৰহাটত বীৰগৰাকীৰ সুউচ্চ আবক্ষমূর্তি প্রধানমন্ত্রী মোদীয়ে চলিত বর্ষতে উন্মোচন কৰিছে৷ ২০২২ৰ ফেব্রুৱাৰীত তদানীন্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে আধাৰশিলা স্থাপন কৰা আবক্ষমূর্তিটো দুবছৰৰ ভিতৰতে নির্মাণকার্য সম্পূর্ণ কৰি উন্মোচন হোৱাটো গুৰুত্বপূর্ণ ঘটনা৷ ইয়াৰ পিছতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি অসমৰ বাবে গৌৰৱৰ বিষয়৷ চৰাইদেউ মৈদামৰ লেখীয়া ঐতিহাসিক সমলেৰে ভৰপূৰ ৰাজ্যখনৰ কেইবাটাও অঞ্চল আছে৷ ইয়াৰ ভিতৰত গোৱালপাৰাৰ সূর্যপাহাৰ আৰু কামৰূপৰ মদন কামদেৱ অন্যতম৷ এই ঐতিহাসিক ক্ষেত্রসমূহকো বিশ্ব দৰবাৰত প্রতিষ্ঠাৰ বাবে চৰকাৰখনে ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷